July 26, 2024

Ajan Pir Dargah History Essay in Assamese | আজান পীৰ দৰগাহ

Ajan Pir Dargah History Essay in Assamese

আজান পীৰ দৰগাহৰ অৱস্থান

অসমৰ শিৱসাগৰ জিলাৰ প্রায় ২২ কিলােমিটাৰ দূৰত থকা সৰাগুৰি চাপৰিত আজান পীৰ দৰগাহ অৱস্থিত। ইছলাম পীৰ শ্বাহ মিলান বা আজান ফকীৰৰ স্মৃতিত এই দৰগাহ স্থাপন কৰা হৈছিল। এই ইছলাম চুফী সন্তজন খ্রীঃ সপ্তদশ শতিকাত বাগদাদৰ পৰা আহিছিল। তেওঁ উত্তৰ-পূর্বাঞ্চললৈ আহি ব্ৰহ্মপুত্র উপত্যকাত শিৱসাগৰ অঞ্চলত বসতি আৰম্ভ কৰিছিল। তেওঁ খাজা নিজামুদ্দিন আউলিয়াৰ এজন শিষ্য আছিল। তেওঁ আন তিনিজন সহযােগীৰ সৈতে অসমলৈ আহিছিল বুলি কোৱা হয়।

আজান ফকীৰ অসমলৈ অহাৰ উদ্দেশ্য়

আজান ফকিৰ অসমলৈ অহাৰ মূল উদ্দেশে হল অসমত ইছলাম ধর্ম প্ৰচাৰ কৰা। তেওঁ গড়গাঁৱৰ ওচৰৰ সােণপুৰাত এটি মছজিদ স্থাপন কৰি ইছলাম ধর্ম প্রচাৰ কৰিছিল। এই মছজিদত থাকোতেইনামাজ পঢ়িবৰ বাবে মানুহক সজাগ কৰিবৰ বাবে তেওঁ ডাঙৰ ডাঙৰকৈ ‘আজান’ দিয়াৰ বাবেই তেওঁ ‘আজান ফকীৰ হিচাপে পৰিচিত হৈ পৰিল বুলি প্রবাদ আছে। আজান ফকীৰে আদিতে আৰৱী ভাষা কৈছিল। কিন্তু অসমত স্থায়ীভাৱে বসতি কৰাৰ পাচত তেওঁ ইয়াৰ স্থানীয় ভাষাত ব্যুৎপত্তি লাভ কৰিছিল।

আজান ফকীৰৰ ৰচনা ৰাজি

আজান পীৰে ১৬০ টা জিকিৰ ৰচনা কৰিছিল যদিও ইয়াৰ ৯০ টাহে পােৱা গৈছে। সৰাগুৰি চাপৰিত থকা আজান পীৰ দৰগাহলৈ যাবলৈ নিকটৱর্তী বিমান বন্দৰ হ’ল ডিব্ৰুগড়ৰ মােহনবাৰী। শিৱসাগৰ নগৰত থকা ৰেল ষ্টেচন আৰু বাছ আস্থানৰ পৰা এই স্থানলৈ যাব পাৰি। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত থকা এই দৰগাহলৈ যাবলৈ বর্তমান বিভিন্নধৰণৰ যান-বাহনৰ সুবিধা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *