July 27, 2024

About of National Emblems in Assamese

ৰাষ্ট্ৰীয় প্রতীক চিহ্নসমূহ

 ৰাষ্ট্ৰীয় পতাকা

 ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন সমান্তৰালভাৱে থকা তিনিটা ৰঙেৰে গঠিত ? ওপৰত গেৰুৱা , মাজত বগা আৰু তলত সেউজীয়া । ইয়াৰে গেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্ৰতীক ; মাজৰ বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক ; তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক । মাজৰ বগা ৰঙৰ মাজত গাঢ় নীলা ৰঙৰ এটা চক্র আছে । এই চক্রটি সাৰনাথৰ অশােক স্তম্ভৰ পৰা লােৱা হৈছে । ইয়াত ২৪ ডাল দাণ্ডি আছে । এই ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দর্শনৰ ২৪ টা আদর্শক নির্দেশ কৰে । পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ৩  ঃ ২। ১৯৪৭ চনৰ ২২ জুলাইত এই পতাকাখনক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয় ।

indian emblem

 ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ
পতাকাত্ৰিৰঙ্গা
প্ৰতীকঅশোক স্তম্ভ
সংগীতজন গণ মন
স্তোত্ৰবন্দে মাতৰম্‌
পশুঢেঁকীয়াপতীয়া বাঘ
ঐতিহ্যবাহী পশুভাৰতীয় হাতী
পক্ষীভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণীশিহু
ফুলপদুম
গছবট গছ
ফলআম
খেলহকী
বৰ্ষপঞ্জীশকাব্দ
নদীগঙ্গা

ৰাষ্ট্ৰীয় প্রতীক

 সাৰনাথৰ অশােক স্তম্ভৰ ওপৰত থকা প্রতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক মর্যাদা দিয়া হৈছে । এই প্রতীকটোৰ ওপৰৰ অংশত তিনিটা মুখ মেলি থকা সিংহ ( চতুর্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায় ) , তাৰ তলত সোঁমাজত এটি চক্র ( অশােক চক্র ) ; চক্ৰটোৰ সোঁফালে এটা । ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে । জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা । অংশ দেখা যায় । একেবাৰে তলত মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে ‘ ( সত্যৰ সদায় জয় ) নামৰ বাক্যশাৰী দেৱনাগৰী লিপিত লিখা হৈছে । ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো গ্ৰহণ কৰা হয় About of National Emblems in Assamese

ৰাষ্ট্রীয় সংগীত

 কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ ‘ জন গণ মন অধিনায়ক ’ গীতটিক ভাৰতৰ ৰাষ্ট্রীয় সংগীতৰ ( National Anthem ) মর্যাদা দিয়া হৈছে । এই গীতটি ১৯১১ চনৰ ২৭ ডিচেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত পােন প্রথমবাৰৰ বাবে গােৱা হৈছিল । মূল  গীতটিত পাঁচটা স্তৱক আছে । তাৰে প্রথম স্তৱকটিক ১৯৫০ চনৰ ২৪ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে । প্রায় ৫২ ছেকেণ্ডৰ ভিতৰত আমাৰ এই ৰাষ্ট্রীয় সংগীতটি গাই শেষ কৰা হয় । কোনাে কোনাে বিশেষ উপলক্ষ বা প্রয়ােজনত ৰাষ্ট্রীয় সংগীতটিৰ প্ৰথম আৰু শেষৰ শাৰী দুটা গােৱা বা বজোৱা হয় । এনে অৱস্থাত গীতটি ২০ ছেকেণ্ডৰ ভিতৰত সম্পূর্ণ কৰিব লাগে । আমাৰ ৰাষ্ট্ৰীয় সংগীতটি হ’ল ?

 জন – গণ – মন অধিনায়ক জয়হে , ভাৰত – ভাগ্য – বিধাতা ,

পঞ্জাব – সিন্ধু – গুজৰাট – মাৰাঠা – দ্রাবিড় উৎকল বংগ

বিন্ধ্য – হিমাচল যমুনা – গংগা উচ্ছল জলধি তৰংগ ।

 তব শুভ নামে জাগে , তব শুভ আশিস মাগে ,

গাহে তব জয় গাথা ।

জনগণ মংগল – দায়ক জয়হে ভাৰত – ভাগ্য – বিধাতা ।

জয় হে , জয় হে , জয় হে ,

জয় জয় জয় হে ।

বংকিম চন্দ্র চেটাৰ্জীৰ ‘ বন্দে মাতৰম ’ গীতটিকো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সম – মর্যাদাৰে ৰাষ্ট্ৰীয় গীতৰূপে ( National Song ) স্বীকৃতি দিয়া হৈছে । স্বাধীনতা সংগ্ৰামৰ সময়ত স্বাধীনতা প্রয়াসী জনগণৰ বাবে এই গীতটি আছিল প্রবল প্ৰেৰণাৰ উৎস । ১৮৯৬ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত এই গীতটি পােন প্রথমবাৰৰ বাবে গােৱা হৈছিল । গীতটি হ’ল  ঃ

বন্দে মাতৰম্ ।

সুজলা সুফলাম্ মলয়জশীতলাম

 শস্যশ্যামলাম মাতৰম্ ।

 শুভ্র জ্যোৎস্না পুলকিত যামিনী

 ফুল্ল কুসুমিত দ্রুম দল শােভিনী

সুভাসিনীম্ সুমধুৰ ভাষিণী

সুখদাম্ বৰদাম্ মাতম্ ।

ৰাষ্ট্ৰীয় পঞ্জিকা

১৯৫৭ চনৰ ২২ মাৰ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা ( National Calendar ) প্ৰৱৰ্তন কৰা হয় । এই পঞ্জিকা অনুসৰি চ’ত মাহ বছৰৰ প্ৰথম মাহ । ভাৰতৰ সকলাে ঠাইতে বৈজ্ঞানিক ভিত্তিত একে জাতীয় পঞ্জিকা প্রচলন কৰাই হ’ল ৰাষ্ট্রীয় পঞ্জিকাৰ প্রধান উদ্দেশ্য । অসমীয়া মাহৰ ৮ চত ৰাষ্ট্রীয় পঞ্জিকাৰ ১ চ’ত হয় ।

ৰাষ্ট্ৰীয় পঞ্জিকাৰ সময় গণনা

১ চ’ত ( ৩০/৩১ দিনীয়া ) মাৰ্চৰ ২২/২১

১ ব’হাগ ( ৩১ দিনীয়া ) এপ্ৰিল ২১

১ জেঠ ( ৩১ দিনীয়া ) মে ২২

১ আহাৰ ( ৩১ দিনীয়া ) জুন ২২

১ শাওণ ( ৩১ দিনীয়া ) জুলাই ২৩

১ ভাদ ( ৩১ দিনীয়া )

১ আহিন ( ৩০ দিনীয়া ) ছেপ্টেম্বৰ ২৩

১ কাতি ( ৩০ দিনীয়া )

১ আঘােণ ( ৩০ দিনীয়া ) নৱেম্বৰ ২২

১ পুহ ( ৩০ দিনীয়া )

১ মাঘ ( ৩০ দিনীয়া ) জানুৱাৰী ২১

১ ফাগুন ( ৩০ দিনীয়া ) ফেব্ৰুৱাৰী ২০

ৰাষ্ট্ৰীয় পশু

 উজ্জ্বল দীপ্তিশীল ৰাজকীয় গাম্ভীর্যপূর্ণ পশু ঢেকীয়াপতীয়া বাঘক ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশুৰ ( National Animal ) মর্যাদা দিয়া হৈছে । এই বাঘ ভাৰতৰ প্ৰায়বােৰ অঞ্চলতেই পােৱা যায় About of National Emblems in Assamese

এপ্রিল ২১ আগষ্ট ২৩ অক্টোবৰ ২৩ ডিচেম্বৰ ২২

ৰাষ্ট্ৰীয় পক্ষী

 সুন্দৰ জাকজমকীয়া চৰাই ম’ৰাক ১৯৬৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ ( National Bird ) স্বীকৃতি দিয়া হৈছে ।

ৰাষ্ট্ৰীয় ফুল

 ভাৰতত পানীৰ মাজত পােৱা ফুলৰ ভিতৰত পদুম ফুলেই আটাইতকৈ ডাঙৰ আৰু ধুনীয়া । এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ ( National Flower ) মর্যাদা দিয়া হৈছে ।

ৰাষ্ট্ৰীয় বৃক্ষ

 বট গছ ।

ৰাষ্ট্ৰীয় ফল

 আম ।

ৰাষ্ট্ৰীয় নদী

 গংগা ।

ৰাষ্ট্রীয় ক্রীড়া

 হকী । ( ১৯২৮ চনৰ পৰা )

References

  1. Santanu Kausik Baruah and Pritima Kausik Baruah, You can buy this book “Natun Janane” (Enlargen & Revised 17th Edition)
  2. “Provisional Population Totals – Census 2011”, Office of the Registrar General and Census Commissioner (Ministry of Home Affairs, Government of India), 2011, r কৰা হৈছে: 29 March 
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *