July 26, 2024

About O Mur Apunar Dekh in Assamese অসমৰ জাতীয় গীত

About O Mur Apunar Dekh in Assamese

অসমৰ জাতীয় গীত State Anthem of Assam

O Mur Apunar Dekh (অ’ মোৰ আপোনাৰ দেশ in Assamese) is the State song of Assam. It was written by Lakshminath Bezbarua and attuned by Kamala Prasad Agarwala. It was officially adopted as the State song of Assam at the Assam Student Conference held in Tezpur in 1927.

অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি “মোৰ দেশ” নামেৰে ১৯১০ চনৰ মে’ মাহৰ বাঁহীত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল। গীতটোৰ সুৰাৰোপ কমলা প্ৰসাদ আগৰৱালাই কৰিছিল। গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। এই গীতটো বেজবৰুৱাৰ কদমকলি গ্ৰন্থত সন্নিবিষ্ট আছিল

State Song in Assamese

’ মোৰআপোনাৰদেশ

অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ চিকুণী দেশ

এনেখন সুৱলা, এনেখন সুফলা

এনেখন মৰমৰ দেশ ।

 অ’ মোৰ সুৰীয়া মাত

অসমৰ সুৱদি মাত

পৃথিৱীৰ ক’তো বিচাৰি জনমটো

নোপোৱা কৰিলেও পাত ।

 অ’ মোৰ ওপজা ঠাই

অ’ মোৰ অসমী আই

চাই লওঁ এবাৰ মুখনি তোমাৰ

হেঁপাহ মোৰ পলোৱা নাই ।

State Song in English

O Mur Apunar Dekh, O Mur Apunar Dekh, O Mur Sikuni Dekh, Enekhon Huola, Enekhon Hufola, Enekhon Moromor Dekh, O Mur, Huriya Maat, Axomor Huodi Maat, Prithibir Kotu Bisari Jonom Tu, Nupua Korileo Paat, O Mur Upoja Thai, O Mur Akhomi Aai, Sai Lou Ebar Mukhkhoni Tumar, Hepah Mur Polua Nai .

গীতটিৰ জন্ম সময়

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা “মোৰ দেশ” শীৰ্ষক এই গীতটি বেজবৰুৱাদেৱৰেই সম্পাদিত মাহেকীয়া আলোচনী “বাঁহী”ত প্ৰকাশ হৈছিল ১৯১০ চনৰ মে’ মাহৰ “বাঁহী” আলোচনীৰ ১৮৩২ শকৰ আহিন মাহৰ প্ৰথম বছৰ, সপ্তম সংখ্যাত। সেই সংখ্যাত বেজবৰুৱাদেৱৰ দুটি গীত প্ৰকাশ পাইছিল। ‘মোৰ দেশ’ আৰু আনটি গীতৰ নাম আছিল ‘চন্দ্ৰা ৰাধাৰ দন্দ’। এই দুয়োটি গীতৰ ৰচয়িতা হিচাপে সেই সময়ত “শ্ৰীকৃপাবৰ” বুলিহে উল্লেখ কৰিছিল। পিছত ১৯১৩ চনত কলিকতাৰ পৰা প্ৰকাশিত বেজবৰুৱাদেৱৰ কবিতাপুথি কদমকলিত এই দুয়োটি গীত সন্নিবিষ্ট হৈ প্ৰকাশিত হয়। প্ৰথম অৱস্থাত এই ‘মোৰ দেশ’ নামৰ এই গীতটি ইংৰাজী সুৰত পৰিৱেশন কৰিব পৰাকৈ চাৰিটা স্তৱকত লিখা হৈছিল যদিও গীতটিৰ সুৰ-বিন্যাস কৰি সুৰত সজাবলৈ যাওঁতে ৰচক বেজবৰুৱাদেৱৰ পৰা অনুমতি গ্ৰহণেৰে শেষৰ চাৰিটি শাৰী, অৰ্থাৎ

“অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ সুৰীয়া দেশ
ৰা তা তা, ৰা তা তা,
তা তা তা মৰমৰ দেশ!”

অংশছোৱা জাতীয় সঙ্গীতটিত অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত থাকে। গীতটিৰ স্বকীয় বৈশিষ্টতা, গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ’ব পৰা গুণসম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালেকেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰোপিত কৰি গীতটিক এটি জাতীয় সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে। তৎমুহূৰ্তৰ পৰা গীতটিয়ে পূৰ্বৰ পৰিচয় ‘মোৰ দেশ’ৰ ঠাইত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে।

অসম সংগীতৰ চৰকাৰী স্বীকৃতি

২০১৩ চনৰ নৱেম্বৰ মাহত এই গীত সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হয়। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাটৰ অৰূপ বল্লভ গোস্বামী নামৰ এজন ব্যক্তিয়ে জনোৱা আবেদনৰ ভিত্তিত এই তথ্য পোহৰলৈ আহে যে, “অ’ মোৰ আপোনাৰ দেশ”ক চৰকাৰীভাৱে জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাছিল। এই তথ্য প্ৰকাশ হোৱাৰ পিছত অসম চৰকাৰে এই গীতটিক চৰকাৰীভাৱে ‘ৰাজ্যিক জাতীয় সংগীত’ৰ মৰ্যাদা দিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। ২০১৩ চনৰ ১৫ ডিচেম্বৰত অনুষ্ঠিত অসম চৰকাৰৰ এখন কেবিনেট বৈঠকে “অ’ মোৰ আপোনাৰ দেশ”ক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰে।

References

  1. assam.gov.in
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *