June 18, 2021

About Ancient Assam in Assamese

অসমৰ প্রাচীন নাম

প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ

প্ৰাগজোতিষপুৰ নামৰ উৎপত্তি প্রাচীন চীনৰ ছাওথিয়াছ নামৰ প্ৰব্ৰজনকাৰী জাতিৰ এটা অংশই এই ঠাইলৈ আহি বসবাস কৰাৰ পাছত ‘ প্রাগঝুথিছ ’ নামেৰে জনাজাত হয় আৰু তেওঁলোকৰ নামানুসাৰেই এই ভূখণ্ডৰ নামো প্রাগজ্যোতিষ হয়গৈ । ডঃ বাণীকান্ত কাকতিৰ মতে অষ্ট্ৰিক ভাষাৰ শব্দ ‘ প্ৰাগজ্যোতিষ’ৰ অর্থ বিস্তীর্ণ পাহাৰীয়া অঞ্চল । কোনো কোনো পণ্ডিতে ইয়াক প্ৰাচ্যৰ জ্যোতিষ চর্চাৰ কেন্দ্র বুলি উল্লেখ কৰিছে । প্রাচীন প্রাগজ্যোতিষপুৰৰ সীমা পশ্চিমে কৰোৱা নদী ( বর্তমানৰ বাংলাদেশত ) আৰু দক্ষিণে বংগোপসাগৰলৈকেবিস্তৃত আছিল ৷ ইয়াৰ ৰাজধানী ‘ প্রাগজ্যোতিষপুৰ ( পূবৰ পোহৰৰ নগৰ ) আছিল ” আজিৰ গুৱাহাটী বা তাৰ দাঁতি কাষৰীয়া অঞ্চল ।

ancient assam
অসমৰ মূল সাম্ৰাজ্যসমূহ

 কামৰূপ নামৰ উৎপত্তি

পৌৰাণিক কাহিনী অনুসৰি ঘোৰ তপস্যাত মগ্ন মহাদেৱৰ তপস্যা ভংগৰ অপৰাধত হিন্দুৰ প্ৰেমৰ দেৱতা কামদেৱ শাপত ভষ্মীভূত হয় আৰু কামদেৱৰ পত্নী ৰতিদেৱীৰ প্রার্থনাত কামদেৱে . পুনৰ জনম ( ৰূপ ) লাভ কৰে । কামদেৱে পুনৰ ৰূপ পোৱা বাবেই এই অঞ্চলৰ নাম হয়গৈ কামৰূপ । ডঃ বাণীকান্ত কাকতিৰ মতে কামৰূপ শব্দটো চাওতালী ভাষাৰ নিম্নখাপৰ দেৱতা বুজোৱা কামৰু ’ বা কামৰুট ’ শব্দৰ পৰা উৎপত্তি হ’ব পাৰে । কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল ( ১০০ যোজন ) জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল । বৰ্তমানৰ অসম , বাংলাদেশ আৰু ভূটান এই কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল About Ancient Assam in Assamese

Map of Ancient Assam
কামৰূপ ৰাজ্য

অসম বুৰঞ্জীৰ চমু আভাস

অসম বুৰঞ্জী অধ্যয়নৰ বাবে প্রাচীন সাহিত্য , বৌদ্ধ শাস্ত্র , অন্যান্য অসমীয়া ইতিহাস , বৈদেশিক বিৱৰণ , প্রত্নতাত্ত্বিক নিদর্শন আদিয়েই ঘাই সমল । প্রাচীন কালত অসম প্ৰাগজ্যোতিষ আৰু কামৰূপ নামেৰে প্রসিদ্ধ আছিল । প্রাগজ্যোতিষৰ সীমা পশ্চিমে কৰতোৱা নদী ( বর্তমান বাংলাদেশত ) আৰু দক্ষিণে বংগোপসাগৰলৈকে বিস্তৃত থকাৰ কথা জনা যায় । সেইদৰে প্রাচীন কামৰূপ ৰাজ্য কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল ( ১০০ যোজন ) জুৰি বিস্তৃত আছিল । সম্ভৱতঃ বাংলাদেশ , অসম আৰু ভূটান প্রাচীন কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল । প্রাচীন কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল ? কৰতোৱা নদীৰ পৰা পূবে স্বর্ণকোষ বা সোণকোষ নদীলৈকে ৰত্নপীঠ , সোণকোষৰ পৰা ৰূপহী নদীলৈকে কামপীঠ , ৰূপহীৰ পৰা ভৰলী নদীলৈকে স্বর্ণপীঠ আৰু ভৰলীৰ পৰা দিকৰাই বা ডিঙলৈ সৌমাৰপীঠ ।

দানৱ বংশ

বিভিন্ন উৎসৰ পৰা আজিলৈকে পোৱা সম্ভেদমতে মহীৰংগ দানৱেই প্রাচীন অসমৰ প্ৰথ ৰজা । মহীৰংগ দানৱৰ পাছত তেওঁৰ বংশৰে ( দানৱ বংশ ) ক্রমে হটকাসুৰ , সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰে

দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এক নতুন বংশৰ পাতনি মেলে । ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হয় । শ্রীকৃষ্ণৰ হাতত নৰকাসুৰৰ মৃত্যু হয় আৰু তাৰ পাছত নৰকাসুৰৰ পুত্ৰ ভগদত্ত ৰাজপাটত উঠে । ধার্মিক , মহাপ্রতাপী ভগদত্তৰ কথা মহাভাৰততে উল্লেখ আছে । তেওঁ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ বিৰুদ্ধে কৌৰৱৰ পক্ষ লৈ আঠ দিন মহাপৰাক্ৰমেৰে যুদ্ধ কৰি শেষত অৰ্জুনৰ হাতত মৃত্যুবৰণ কৰে । নৰকাসুৰ – ভগদত্তৰ পাছত তেওঁলোকৰ বংশই ১৯ পুৰুষলৈকে প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ কথা পোৱা যায় ।

প্রাচীন কালত প্রাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা ( নগাঁও ) , কদলি ( নগাঁও ) , মণিপুৰ , হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা জনা যায় । অসম বুৰঞ্জীত উল্লেখ থকা আন এজন পৌৰাণিক ৰজা হ’ল কুণ্ডিল্য বা বিদর্ভ ৰাজ্যৰ ৰজা ভীষ্মক সেইদৰে নৰকাসুৰৰ সমসাময়িক আন এজন ৰজা আছিল শোণিতপুৰৰ বানৰজা ।

প্রথম শতিকাৰ পৰা দেৱেশ্বৰ , ধর্মপাল , ৰামচন্দ্র , আৰিমত্ত , জোঙালবলহু , শংকৰ , পদ্মনাৰায়ণ , চন্দ্ৰনাৰায়ণ আদি কেইবাজনো ৰজাই এই ভূখণ্ড শাসন কৰিছিল ।

 ৰাজনৈতিক বুৰঞ্জী

কামৰূপত বর্মন বংশ প্রতিষ্ঠাৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয় । প্রাচীন কামৰূপ ৰাজ্যৰ যিসকল ৰজাৰ বিষয়ে নির্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে , তেওঁলোকৰ ভিতৰত পুষ্যবর্মনেই ( ৩৫০-৩৮০খ্রীঃ ) প্রথম আৰু সেয়ে তেওঁক অসমৰ প্রথম ঐতিহাসিক ৰজা বোলা হয় । পুষ্যবৰ্মনৰ পাছত ক্রমে সমুদ্রবর্মন ( আনুমানিক ৩৮০ ৪০৫/৪১০ খ্রঃ ) , বলবর্মন ( আনুমানিক ৪০৫-৪২০ খ্রঃ ) , কল্যাণ বর্মন ( ৪২০-৪৪০ ) , গণপতি বর্মন ( ৪৪০-৪৫০ ) , মহেন্দ্র বর্মন ( ৪৫০-৪৮৫ ) , নাৰায়ণ বর্মন ( ৪৮৫-৫১০ ) , ভূতি বর্মন ( ৫১০-৫৫০ ) , চন্দ্রমুখ বর্মন ( ৫৫০-৫৬৫ ) , স্থিত বর্মন ( ৫৬৫-৫৮৫ ) , সুস্থিত বর্মন ( ৫৮৫-৫৯৩ ) আৰু সুপ্রতিষ্ঠিত বর্মনে ( ৫৯৩-৫৯৪ ) কামৰূপ শাসন কৰাৰ পাছত সুপ্রতিষ্ঠিত বর্মনৰ দ্বিতীয় পুত্র ভাস্কৰ বৰ্মন ( ৫৯৪-৬৫০ ) কামৰূপৰ ৰজা হয় । ভাস্কৰ বৰ্মনেই বর্মন বংশৰ শ্ৰেষ্ঠ নৃপতি । ভাস্কৰ বৰ্মনৰ দিনতে ৬৪০ খ্রীষ্টাব্দত চীনা পৰিব্রাজক হিউ – এন – ছাং কামৰূপলৈ আহে আৰু তেওঁৰ গ্ৰন্থ “ চি – ইউ – কি’ত কামৰূপৰ বিষয়ে এটি বহুমূলীয়া টোকা লিপিবদ্ধ কৰে । সিংহাসনত আৰোহণ কৰিয়েই ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাব্দ ’ বা ‘ কামৰূপী চন ’ প্ৰৱর্তন কৰে । ভাস্কৰ বৰ্মন আছিল অবিবাহিত আৰু সেয়ে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি জনাজাত । অবিবাহিত আৰু নিঃসন্তান হোৱা বাবে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে ( আনুমানিক ৬৫০ খ্রীঃ ) বর্মন বংশৰ ইতি পৰে ।

 ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী নথকাত কামৰূপৰ সিংহাসন লৈ যুঁজ – বাগৰ আৰম্ভ হয় আৰু অৱশেষত শালস্তম্ভ নামৰ এজন বিষয়াই কামৰূপৰ সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি শালস্তম্ভ ’ নামেৰে এটি নতুন ৰাজবংশ প্রতিষ্ঠা কৰে । শালস্তম্ভৰ পাছত এই বংশৰ কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে আৰু ইয়াৰ শেষ ৰজাজনৰ নাম আছিল ত্যাগসিংহ ( আনুমানিক ৯৭০-৯৯০ খ্রীঃ ) ।

ত্যাগসিংহ অপুত্ৰক হোৱাত শালস্তম্ভ বংশৰে ব্ৰহ্মপাল ( আঃ ৯৯০-১০১০ ) কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে । ইয়াৰ পাছত ক্ৰমে ৰত্নপাল ( আঃ ১০১০-১০৪০ , ইন্দ্রপাল ( ১০৪০-১০৬৫ ) , গোপাল ( ১০৬৫-১০৮০ ) , হর্ষপাল ( ১০৮০-১০৯৫ ) আৰু ধর্মপাল ( ১০৯৫-১১২০ ) কামৰূপৰ ৰজা হয় । ৰজা হৈ ধর্মপালে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপনগৰলৈ তুলি নিয়ে । বৰ্তমানৰ উত্তৰ গুৱাহাটীয়েই সম্ভৱতঃ তেতিয়াৰ কামৰূপ নগৰ আছিল । ধর্মপালৰ মৃত্যুত তেওঁৰ পুত্র জয়পাল ( ১১২০-১১৩৮ ) কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুতেই পাল বংশৰ যৱনিকা পৰে ।

ইয়াৰ পাছত ভিংগদেৱ ( ১১৩৮-১১৫০ ) , বৈদ্যদেৱ , ৰায়ৰীদেৱ , উদয়কর্ণ , বল্লভদেৱ , পৃথু , আৰু সন্ধ্যা ( ১২৫০-১২৭০ ) নামৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰিছিল । সন্ধ্যাই মোগল আক্রমণৰ পৰা ৰক্ষা পাবলৈ কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা পশ্চিমৰ কমতাপুৰলৈ তুলি নিয়ে । তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ – কমতা হ’ল আৰু ইয়াৰ অধিপতি বা ৰজাক বোলা হ’ল কমতেশ্বৰ বা কামেশ্বৰ ।

সন্ধ্যাৰ পাছত সিন্ধুবায় ( ১২৭০-১২৮৫ ) , ৰূপনাৰায়ণ ( ১২৮৫-১৩০০ ) , সিংহধ্বজ ( ১৩০০ ১৩০৫ ) , প্রতাপধ্বজ ( ১৩০৫-১৩২৫ ) , ধর্মনাৰায়ণ ( ১৩২৫-১৩৩০ ) , দুর্লভনাৰায়ণ ( ১৩৩০ ১৩৫০ ) আৰু ইন্দ্ৰনাৰায়ণ ( ১৩৫০-১৩৬৫ ) কমতাৰ ৰজা হয় । সম্ভৱতঃ ইন্দ্ৰনাৰায়ণেই এই বংশৰ শেষ ৰজা আছিল ।

 চতুর্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় ( পূর্বৰ কমতা ৰাজ্যৰ উত্তৰ অঞ্চল ) শাসন কৰিছিল । আৰিমত্তৰ পাছত ৰত্নসিংহ , শ্ৰতৰংগ আৰু মৃগাংক নামৰ তিনিজন ৰজাই গৌড় শাসন কৰে । মৃগাংকৰ পাছত ভূঞাসকলৰ নীলধ্বজ নামৰ এজন ভূঞাই গৌড়ৰ সিংহাসন দখল কৰি কমতাত এক নতুন ৰাজবংশৰ পাতনি মেলে । ইয়েই খেন , বা খান বা শেন বংশ । পঞ্চদশ শতিকাৰ শেষৰ ফালে মোগলসকলৰ আক্ৰমণত কমতা ৰাজ্য ধ্বংস হয় আৰু লগে লগে খেনবংশী ৰাজত্বৰৰ ওৰ পৰে । মোগলৰ এই আক্রমণৰ বাবে অহা । বহু মুছলমান কামৰূপত ৰৈ যায় আৰু সম্ভৱতঃ এওঁলোকেই অসমৰ প্রথম মুছলমান অধিবাসী । ও

চুতীয়া ৰাজ্য

ত্রয়োদশ শতিকাৰ প্রথমার্ধত আহোমসকলে শিৱসাগৰৰ দক্ষিণ – পূর্ব কোণত ৰাজ্য পতাৰ সময়ত আহোমৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সোৱণশিৰী আৰু দক্ষিণপাৰে দিচাং নৈৰ পূবে থকা প্রায় সমগ্র ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল । চুতীয়া জনশ্রুতি মতে আনুমানিক ১১৮৯ চনত চুতীয়া ৰাজ্য বীৰপালে পোনতে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰিছিল । বীৰপালৰ পিছত ১০ জন চুতীয়া ৰজাই ৰাজত্ব কৰে ৷ ইয়াৰে অষ্টম ৰজা বীৰনাৰায়ণ বা ধৰ্মৰজাৰ পুত্ৰৰ নাম আছিল সাধক নাৰায়ণ আৰু কন্যাৰ নাম আছিল সাধনী । বৃদ্ধ বয়সত ৰজা বীৰনাৰায়ণে তেওঁৰ জোঁৱায়েক নিতাইক নাবালক সাধক নাৰায়ণক চোৱা – চিতা কৰাৰ ভাৰ দিয়ে । ৰজা হৈ নিয়ে নীতিপাল বা নিত্যপাল নাম লয় । পাছলৈ তেওঁ অনীতিপৰায়ণ হোৱাত ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে । সেই সুযোগতে আহোম ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য অধিকাৰ কৰে । এই যুদ্ধতে নীতিপালে পত্নী সাধনী সহিতে আত্মহত্যা কৰে ।

বাৰভূঞা

চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কামৰূপ – কমতাৰ পূবত ভূঞাসকলে সৰু সৰু ৰাজ্য পাতি বাস কৰিছিল । ভূঞাসকলৰ আগত ‘ বাৰ শব্দটো থকা সম্পৰ্কত বুৰঞ্জীবিদ এডৱার্ড গেইটে অনুমান কৰিছে , ভাৰতৰ এই অঞ্চলৰ ৰজাসকলে বাৰজন উপদেষ্টা বা শাসনকর্তা নিয়োগ কৰিছিল । গতিকে বাৰ সংখ্যাটো সম্মানসূচক অর্থত ব্যৱহাৰ কৰা হয় ।

ৰজা নোহোৱাকৈ যিসকলে নিজ ভুজবলেৰে ৰাজ্য শাসন কৰিছিল তেওঁলোকক ভূঞা বোলা হৈছিল । প্রত্যেকজন ভূঞাই নিজ নিজ ৰাজ্যৰ ভিতৰত আন আন ভূঞাৰ পৰা স্বাধীন আছিল । কিন্তু ‘ উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে তেওঁলোকে একগোট হৈ থিয় দিছিল । শ্ৰীমন্ত শংকৰদেৱ এই বাৰভূঞাসকলৰে এজন সুযোগ্য বংশধৰ । মোগলসকলে কমতাপুৰ দখল কৰাৰ পাছত বাৰভূঞাসকলে কমতাপুৰৰ শাসনকর্তা ডানিয়েলক বধ কৰে । কামৰূপৰ হাজো আৰু তাৰ ওচৰে – পাজৰে ৰৈ যোৱা মোগল আক্রমণকাৰীৰ অনুগামীসকলৰে গিয়াচুদ্দিন আউলিয়া নামৰ এজন সাধু মানুহে হাজোত এটা মছজিদ সজায় আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁক তাতে কবৰ দিয়া হয় । এয়ে বর্তমানৰ পোৱামক্কা ।

কোচ ৰাজত্ব

মোগলৰ হাতত ধ্বংসপ্রাপ্ত কমতা ৰাজ্যতেই ষষ্ঠদশ শতিকাৰ আগভাগত কোচ বংশীয় বিশ্ব সিংহই ( ১৫১৫-১৫৪০ ) কোচ ৰাজ্য প্রতিষ্ঠা কৰি কোচবিহাৰত কোচ ৰাজ্যৰ ৰাজধানী পাতে । বিশ্বসিংহৰ পাছত তেওঁৰ পুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ সিংহাসনত উঠে আৰু তেওঁৰ ভায়েক শুক্লধ্বজক সেনাপতি পাতে । এই শুক্লধ্বজেই অসম বুৰঞ্জীত চিলাৰায় নামেৰে বিখ্যাত । নৰনাৰায়ণৰ মৃত্যুৰ ( ১৫৮৪ ) পাছত লক্ষীনাৰায়ণ কোচবিহাৰৰ ৰজা হয় যদিও সমসাময়িকভাৱে তেওঁলোকৰ ঘৰুৱা কন্দলৰ সৃষ্টি হয় । ইয়াৰ পৰিণতিত ১৬১৫ চনত কোচ ৰাজ্য বা কামৰূপ মোগলৰ অধীন হয় ।

কছাৰী ৰাজত্ব

ত্রয়োদশ শতিকাৰ আগভাগতে দিখৌৰ পৰা কলঙলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এখন কছাৰী ৰাজ্য আছিল । পঞ্চদশ শতিকাৰ শেষৰ ফালে আহোমৰ ৰাজ্য বিস্তাৰৰ ফলত কছাৰীসকলে তেওঁলোকৰ ৰাজধানী হিড়িম্বাপুৰ ( বর্তমানৰ ডিমাপুৰ ) সহ ৰাজ্যৰ বহু অংশ আহোমক এৰি দিবলগীয়া হয় । ইয়াৰ পাছত কছাৰীসকলে পুনৰ নিজৰ ৰাজ্য উদ্ধাৰ কৰিছিল যদিও স্থায়ী নহ’ল । ১৮৩০ চনত কছাৰী ৰাজত্বৰ বেলি মাৰ যায় ।

জয়ন্তীয়া ৰাজত্ব

জয়ন্তীয়া পাহাৰ আৰু তাৰ দক্ষিণে সমতলৰ কিছু অঞ্চল জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত আছিল । মাতৃপ্রধান জয়ন্তীয়াসকলে আহোমৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল আৰু যুদ্ধৰ সময়ত আহোমৰ হৈ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল । পৰ্বতৰায় নামৰ জয়ন্তীয়া ৰজা এজনে আনুমানিক পঞ্চদশ শতিকাত প্রতিষ্ঠা কৰা জয়ন্তীয়া ৰাজ্য ষষ্ঠদশ শতিকাত চিলাৰায়ে আক্রমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰি ৰাজ্যখন কোচৰকতলীয়া কৰে । ইয়াৰ পাছত ধনমাণিক নামৰ এজন জয়ন্তীয়া ৰজাই ( আনুমানিক সপ্তদশ শতিকাৰ আৰম্ভণিত ) আহোমৰ লগ লাগি জয়ন্তীয়া ৰাজ্য উদ্ধাৰ কৰে । ধনমাণিকৰ পাছত ক্রমে যশমাণিক , বশমাণিক , সুন্দৰৰায় , চোট পর্বতৰায় , যশোমত্ত ৰায় , মানসিংহ , প্রতাপসিংহ , বিজয় নাৰায়ণ আদি কেইবাজনো ৰজাই জয়ন্তীয়া ৰাজ্যত ৰাজত্ব কৰে । বিজয় নাৰায়ণৰ পিচতেই আহোম ৰাজ্যৰ লগত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় About Ancient Assam in Assamese

আহোম ৰাজত্ব

আহোম ৰাজত্ব অসম বুৰঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য অধ্যায় । বিভিন্ন জাতি জনজাতিৰ কন্দলৰ ফলত ভাগ ভাগ হৈ প্রাচীন কামৰূপৰ কেন্দ্রীয় শক্তি দুর্বল হৈ পৰা

সময়তে ত্রয়োদশ শতিকাৰ আগভাগত উজনি ব্রহ্মদেশৰ মাওলুংৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এটি দল আহি পাটকাইত উপস্থিত হয়হি । প্রায় ১৩ বছৰ কাল পাটকাইৰ আশে পাশে অনাই – বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায়হি । চুকাফাই লগত কেইবাজনো পাৰিষদ , প্রায় ৯০০০ মুনিহ – তিৰোতা , ল’ৰা – ছোৱালী আৰু ভালেমান অস্ত্র – শস্ত্র আনিছিল বুলি জনা যায় । লাহে লাহে চুকাফা আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি । তাৰ পাছত তেওঁ ৰাজধানী পাতিবৰ বাবে দিহিং , টিপাম , শলগুৰি , অভয়াপুৰী , হাবং , লিগিৰা গাঁও , শিমলুগুৰি আদি কেইবাখনো ঠাই নির্বাচন কৰিছিল যদিও বানপানীবা আন আন অসুবিধাৰ বাবে ক’ততা স্থায়ী ৰাজধানী পাতিব নোৱাৰিলে । অৱশেষত খেতিৰ উপযোগী ভূভাগ আৰু বানপানীৰ পৰা মুক্ত শিৱসাগৰ জিলাৰ চৰাইদেউতেই ১২৫৩ চনত তেওঁ স্থায়ীকৈ আহোম ৰাজ্যৰ ৰাজধানী পাতে । এনেদৰে অসমত ছশ বছৰীয়া আৰু সমগ্র ব্রহ্মপুত্র উপত্যকা জোৰা আহোম সাম্রাজ্যৰ ভেটি প্রতিষ্ঠা হ’ল । চুকাফাৰ ৰাজ্য স্থাপনৰ সময়তে দিখৌ আৰু দিচাং নৈৰ মাজ অংশত বসবাস কৰা মৰাণ আৰু বৰাহীসকলৰ ৰাজ্য আহোম ৰাজ্যৰ অন্তর্ভুক্ত হয় । ১২৬৮ চনত চুকাফা স্বর্গী হয় ।

 চুকাফাৰ মৃত্যুৰ পাছত ক্রমে চুচেওফা ( ১২৬৮-১২৮১ ) , চুবিনফা ( ১২৮১-১২৯৩ ) , চুখাংফা ( ১২৯৩-১৩৩২ ) , চুখ্রাংফা ( ১৩৩২-১৩৬৪ ) , চুতুফা ( ১৩৬৪-১৩৭৬ ) , তাওখামটি ( ১৩৮০ ১৩৮৯ ) , চুদাংফা বা বামুণী কোঁৱৰ ( ১৩৯৭-১৪০৭ ) আহোম ৰাজসিংহাসনত উঠে । বামুণী কেঁৱৰেই প্রথম হিন্দুৰ আচাৰ – নীতি গ্রহণ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্রথা প্রচলন কৰিছিল । এৱেই আহোমৰ ৰাজধানী চৰাইদেউৰ পৰা তুলি আনি শিৱসাগৰৰ পৰা ১০ মাইল দূৰৰ দিহিঙৰ পাৰৰ চৰগুৱাত স্থাপন কৰে ।

 চুদাংফা বা বামুণী কোঁৱৰৰ পাছত ক্রমে চুজাংফা ( ১৪০৭-১৪২২ ) , চুফাফা ( ১৪২২ ১৪৩৯ ) , চুচেনা ( ১৪৩৯-১৪৮৮ ) , চুহানফা ( ১৪৮৮-১৪৯৩ ) , চুপিম্ফা ( ১৪৯৩-১৪৯৭ ) আৰু চুহুংমুং বা স্বৰ্গনাৰায়ণ ( ১৪৯৭-১৫৩৯ ) আহোমৰ ৰজা হয় । স্বৰ্গনাৰায়ণে আহোমৰ ৰাজধানী চাৰগুৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ তুলি আনে । এইজনা স্বৰ্গদেউৰ দিনতে প্রথম লোকপিয়ল কৰা হৈছিল । স্বৰ্গদেউ স্বৰ্গনাৰায়ণেই আহোমসকলৰ পূৰ্বৰ ‘ আইজোতা ’ অব্দৰ পৰিৱৰ্তে হিন্দুৰ শকাব্দ ’ গ্রহণ আৰু প্রচলন কৰে । তদুপৰি এইজনা স্বৰ্গদেৱেই অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখোৱাইছিল ।

এওঁৰ পাছত চুক্লেমুং ( ১৫৩৯-১৫৫২ ) আহোম ৰাজপাটত উঠে । এওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনে আৰু সেইবাবে তেওঁক গড়গঞা ৰজাও বোলা হয় । এইজনা স্বৰ্গদেৱে গড়গাঁও পুখুৰী খন্দোৱায় আৰু নগা আলি বন্ধোৱায় । চুক্লেংমুঙৰ পাছত ক্ৰমে চুখামফা বা খোৰাৰজা ( ১৫৫২-১৬০৩ ) , চুচেনফা বা প্রতাপ সিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণ ( ১৬০৩-১৬৪১ ) আহোম স্বৰ্গদেউ হয় । অসম বুৰঞ্জীৰ এক বিচক্ষণ চৰিত্ৰ সুদক্ষ মোমাই তামুলী বৰবৰুৱা স্বৰ্গদেউ প্রতাপ সিংহৰ প্ৰথম বৰবৰুৱা আছিল ।

প্রতাপ সিংহই পাইক প্ৰথাৰ সৃষ্টি কৰি প্রতি হাজাৰ , শ আৰু কুৰি পাইক গোটৰ ওপৰত ক্রমে হাজৰিকা , শইকীয়া , বৰা আদি পদৰ সৃষ্টি কৰিছিল । প্রতাপ সিংহৰ পাছত চুৰামফা বা ভগা ৰজা ( ১৬৪১-১৬৪৪ ) , চুটিনফা বা নৰীয়া ৰজা বা কেঁকোৰা ৰজা ( ১৬৪৪-১৬৪৮ ) আৰু চুলা বা জয়ধ্বজ সিংহ ( ১৬৪৮-১৬৬৩ ) আহোম ৰাজপাটত উঠে । এওঁৰ দিনতে সোণকোষ নদী পর্যন্ত আহোম সাম্রাজ্য সম্প্রসাৰিত হোৱাৰ লগতে প্রায় সমগ্র ব্রহ্মপুত্র উপত্যকা আহোম ৰাজ্যৰ অন্তর্ভুক্ত হয় । জয়ধ্বজ সিংহৰ দিনতে মোগলে মিৰজুমলাৰ নেতৃতৃত ১৬৬২ চনত অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰে । এই আক্রমণৰ বাবে জয়ধ্বজ সিংহ গড়গাঁও এৰি পলাই যায় । সেইবাবে তেওঁক ভগনীয়া ৰজাও বোলা হয় । ইয়াৰ পাছত মোগল আৰু আহোমৰ মাজত এক সন্ধি হয় আৰু সেই সন্ধিমতে ব্রহ্মপুত্ৰৰ উত্তৰপাৰে ভৰলী নদী আৰু দক্ষিণে কলং নদীলৈকে আহোম ৰাজ্যৰ সীমাৰেখা নির্ধাৰিত হয় । ইয়াৰ উপৰি সেই সন্ধিমতে আহোম ৰজাই মোগলক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে নগদ ধন দিয়াৰ লগতে ৰজাৰ জীয়াৰী ৰমণী গাভৰুক মোগলৰ হেৰেমলৈ পঠিয়াবলগীয়া হ’ল ।

 জয়ধ্বজ সিংহৰ পাছত চুপুংমং বা চক্ৰধ্বজ সিংহ ( ১৬৬৩-১৬৬৯ ) আহোমৰ ৰজা হয় । স্বাধীনতাপ্রিয় এইজনা স্বৰ্গদেৱে সমৰকুশল সেনাপতি লাচিত বৰফুকন আৰু সুচতুৰ ৰাজনীতিজ্ঞ আতন বুঢ়াগোহাঁইৰ সহযোগত মোগলৰ ওপৰত আক্ৰমণ কৰে । ১৬৭১ চনত পাণ্ডুৰ ওচৰৰ শৰাইঘাটত আহোম আৰু মোগলৰ তয়াময়া ৰণ লাগে । এই ৰণত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন । ইতিহাসপ্রসিদ্ধ এই ৰণ অসম বুৰঞ্জীত শৰাইঘাটৰ ৰণ নামেৰে প্ৰখ্যাত । এই ৰণত মোগলৰ শোচনীয়ভাৱে পৰাজয় হয় আৰু ইয়াৰ পাছত পশ্চিমৰ মানাহ নদীয়েই মোগল আৰু আহোমৰ সীমা ৰূপে নির্ধাৰিত হয় । ১৮২৬ চনত ইংৰাজে অসম অধিকাৰ নকৰা পর্যন্ত মানাহ নদীয়েই অসমৰ পশ্চিম সীমা আছিল ।

 চক্ৰধ্বজ সিংহৰ পাছত চুতিনফা বা উদয়াদিত্য ( ১৬৬৯-১৬৭৩ ) আৰু চুক্লাংফা বা ৰামধ্বজ সিংহ ( ১৬৭৩-১৬৭৫ ) আহোম ৰাজপাটত উঠে । ৰাজধ্বজৰ পাছত কেইবাবাৰো ৰজা ভঙা পতা হয় যদিও সেই সময়ত ৰাজ্যৰশাসনভাৰ ঘাইকৈ পৰিচালনা কৰিছিল আতন বুঢ়াগোহাঁয়ে । ৰাজ্য শাসনৰ ক্ষেত্ৰত আগবঢ়োৱা সুচিন্তিত দিহা – পৰামৰ্শ আৰু অনুপম ৰাজভুক্তিৰ বাবে আতন বুঢ়াগোহাঁইৰ নাম অসম বুৰঞ্জীত বিশেষভাৱে উল্লেখযোগ্য ।

ইয়াৰ পাছত চুলিফা বা ৰত্নধ্বজ সিংহ ( ১৬৭৯-১৬৮১ ) আহোম ৰাজপাটত উঠে । নিচেই কম বয়সতে ৰজা হোৱা বাবে এওঁক ল’ৰা ৰজা বোলা হৈছিল । সেই সময়ত অসমৰ বৰফুকন আছিল লালুকসোলা বৰফুকন । অতি ক্ষমতালোভী আৰু স্বার্থপৰ ৰাজবিষয়াৰূপে কুখ্যাত লালুকসোলা ল’ৰা ৰজাৰ দিনত ৰাজ্যৰ উঠি ৰজা বহি ৰজা হৈ পৰিছিল আৰু তেওঁ ৰজা হ’ব পৰা সকলো ফৈদৰ আহোম ৰাজকোৱৰৰে হয় অংগক্ষত , নহয় সিসকলক বধ কৰোৱাইছিল । কিন্তু লালুকসোলাৰ এই সন্ত্রাসৰপৰা তুংখুঙীয়া ফৈদৰ গদাপাণি পলাই সাৰে । গদাপাণি ক’ত পলাই আছেগৈ , তাৰ সন্ধান কৰাৰ নামত লালুকসোলাই গদাপাণিৰ পত্নী জয়মতীক ধৰাই আনি অমানুষিক শাস্তি দিয়ে আৰু ফলত জয়মতীৰ মৃত্যু হয় । দেশ আৰু স্বামীৰ বাবে সেই অবর্ণনীয় শাস্তি ভোগ কৰি জয়মতীয়ে মৃত্যু বৰণ কৰিলে যদিও দুৰাচাৰী লালুকসোলাক স্বামীৰ সন্ধান নিদিলে । জয়মতীৰ সেই দেশপ্রেম , স্বামী ভক্তি , মনোবল আৰু সহনশীলতা আজিও প্ৰতিগৰাকী নাৰীৰ বাবে আদর্শনীয় আৰু অসমীয়া জাতিৰ বাবে অক্ষয় গৌৰৱ ।

 জয়মতীৰ মৃত্যু আৰু লালুকসসালাৰ ক্রমাগতভাৱে বাঢ়ি অহা অত্যাচাৰত অতিষ্ঠ হৈ তেওঁৰে গা – ৰখীয়া ভোটাই ডেকাই ১৬৮০ চনত লালুকসোলাক হত্যা কৰে । লালুকসোলাৰ মৃত্যুৰ লগে লগে আহোম সাম্রাজ্যত চলি অহা অনীতি , অত্যাচাৰ আৰু সন্ত্রাসবো ওৰ পৰে ।

ইয়াৰ পাছত গদাপাণিয়ে আহোমৰ নিয়মমতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ , ( ১৬৮১-১৬৯৬ ) নাম লৈ ৰাজপাটত উঠে । এওঁৰ দিনতে ১৬৯৪ চনত ব্ৰহ্মপুত্র নদীৰ মাজত উমানন্দ দেৱালয় নির্মাণ হয় ।

গদাধৰ সিংহৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্র লাই বা চুক্রামফা বা ৰুদ্ৰসিংহ ( ১৬৯৬-১৭১৪ ) আহোমৰ ৰজা হয় । ৰুদ্ৰসিংহকেই আহোমসকলৰ শ্ৰেষ্ঠ নৃপতিৰ আখ্যা দিয়া হয় । তেওঁ ৰংপুৰত নতুন ৰাজধানী পাতিছিল । তদুপৰি মাতৃ জয়মতীৰ পৱিত্ৰ স্মৃতিত নিৰ্মাণ কৰা জয়দৌল আৰু জয়সাগৰ পুখুৰী , কাৰেংঘৰ , নামডাঙৰ শিলৰ সাঁকো , খৰিকটীয়া আলি , মেটেকাৰ আলি আদিও তেওঁৰে কীর্তি।ৰুদ্ৰসিংহয়েই অসমীয়া বিহু – সংস্কৃতিক ৰাজকীয় মর্যাদা দিছিল । ৰুদ্ৰসিংহৰ দিনতে আহোমৰ পশ্চিম সীমা পূর্বৰ মাহৰ পৰা কৰোৱা নদীলৈকে সম্প্রসাৰিত হৈছিল ।

 ৰুদ্ৰসিংহৰ পাছত চুতাফা বা শিৱসিংহ ( ১৭১৪-১৭৪৪ ) আহোম ৰাজপাটত উঠে । এওঁৰ দিনতে শিৱসাগৰৰ ধাই আলি , গৌৰীসাগৰ পুখুৰী , শিৱসাগৰ পুখুৰী , শিৱদৌল আদি নির্মিত হয় আৰু হস্তিবিদ্যার্ণৱ’কে ধৰি কেইবাখনো গ্রন্থ ৰচিত হয় আৰু আনকেইবাখনো গ্রন্থ সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হয় । এইজনা স্বৰ্গদেৱৰ দিনতে ইতিহাসপ্রসিদ্ধ মোৱামৰীয়া বিদ্ৰোহৰৰ বীজ অংকুৰিত হৈছিল আৰু সিয়েই পৰৱৰ্তী কালত আহোম ৰাজত্বৰ পতনৰো অন্যতম কাৰণ হৈছিলগৈ ।

ইয়াৰ পাছত চুনেনফা বা প্রমত্ত সিংহ ( ১৭৪৪-১৭৫১ ) আহোম ৰাজপাটত উঠে । স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ – বাঁহেৰে আৰম্ভ কৰি যোৱা ৰংঘৰৰ ঠাইতেই প্রমত্ত সিংহই বৰ্তমানৰ পকী ৰংঘৰ নির্মাণ কৰে । গড়গাঁৱৰ সিংহদুৱাৰ , গুৱাহাটীৰ শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰো এইজনা ৰজায়েই নির্মাণ কৰে ।

প্রমত্ত সিংহৰ পাছত ক্ৰমে ৰাজেশ্বৰ সিংহ ( ১৭৫১-১৭৬৯ ) আৰু লক্ষীসিংহ ( ১৭৬৯ ১৭৮০ ) আহোম ৰাজপাটত উঠে । ৰাজেশ্বৰ সিংহৰ দিনতেই আহোম ৰাজ্যৰ পতনৰ বীজ ৰোপিত হৈছিল আৰুইয়েই পৰৱৰ্তী কালত বটবৃক্ষৰ ৰূপ লৈ আহোম ৰাজত্বৰ পতন ঘটাইছিল । লক্ষীসিংহৰ দিনতে ১৭৬৯ চনত মোৱামৰীয়াসকলৈ আহোমৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰি ৰংপুৰ অধিকাৰ কৰে ।

 লক্ষীসিংহৰ পাছত গৌৰীনাথ সিংহ ( ১৭৮০-১৭৯৫ ) আহােম ৰাজপাটত বহে । এওঁৰ দিনতাে একাধিকবাৰ মােৱামৰীয়াসকলে বিদ্রোহ কৰি আহােম শক্তিক দুর্বল কৰি পেলালে । ইয়াৰ পাছত গৌৰীনাথ সিংহই ইংৰাজৰ সহায় বিচাৰে আৰু ইংৰাজৰ সহায়ত পুনৰ ৰাজ্যভাৰ গ্ৰহণ কৰে । আহােম স্বৰ্গদেউসকলৰ ভিতৰত গৌৰীনাথ সিংহই সকলােতকৈ অযােগ্য , অত্যাচাৰী , অকর্মণ্য , দুর্বল আৰু ভীৰু ৰজা আছিল । তেওঁৰ দিনত জনসাধাৰণৰ দুখ – দুর্গতিৰ সীমা নােহােৱা হৈছিল । গৌৰীনাথ সিংহই ১৭৯৪ চনত আহােম ৰাজধানী ৰংপুৰৰ পৰা যােৰহাটলৈ তুলি আনে ।

গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত ক্রমে কমলেশ্বৰ সিংহ ( ১৭৯৫-১৮১০ ) আৰু চন্দ্রকান্ত সিংহ ( ১৮১০-১৮১৮ ) আহােমৰ ৰজা হয় । চন্দ্রকান্ত সিংহৰ দিনতে মানে প্রথমবাৰৰ বাবে অসম আক্ৰমণ কৰে । ইয়াৰ পাছত পুৰন্দৰ সিংহ ( ১৮১৮-১৮১৯ ) আহােমৰ ৰজা হয় । এওঁৰ ৰাজত্বকালত ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰে । পুৰন্দৰ সিংহৰ পাছত চন্দ্রকান্ত সিংহ পুনৰ আহােম ৰাজপাটত বহিছিল যদিও সেই সময়ছােৱাত চন্দ্রকান্তৰ নামত মানেহে অসমত ৰাজত্ব কৰিছিল । ১৮২০ চনমানত মানববাৰে অসম এৰি যােৱাত চন্দ্রকান্তই মানসেনাৰ অধীনত্ব দলিয়াই পেলােৱাৰ যাে – জা কৰিলে । সেই খবৰ পাই ১৮২১ চনৰ মার্চ মাহত মানে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰে আৰু আহােম ৰাজ্য দখল কৰি যােগেশ্বৰ সিংহক আহােমৰ ৰজা পাতে ।

 ১৮১৯ চনৰ পৰা ১৮২৪ চনলৈকে মানে অসমত শাসন চলােৱাৰ নামত প্ৰজাৰ ওপৰত অবর্ণনীয় অত্যাচাৰ চলাইছিল । অবাধ লুণ্ঠনৰ লালসাত মানে অসমত উপদ্ৰৱ কৰি সমগ্র ৰাজ্যখনকেই ছাৰখাৰ কৰি পেলাইছিল । এই সময়ছােৱাত নৃশংসভাৱে নৰহত্যা কৰি , সা সম্পত্তি লুট কৰি , গাঁৱৰ পিছত গাঁও ধ্বংস কৰি , মুনিহ – তিৰােতা , ল’ৰা – ছােৱালী , ডেকা – বুঢ়া ‘ নির্বিচাৰে সকলােৰে ওপৰত অকথ্য অত্যাচাৰ চলাই মানে অসমত এক চৰম দুঃশাসন চলাইছিল । ইয়াৰ ফলত সমগ্ৰ অসমেই ধ্বংস হৈ যায় আৰু সমাজ – ব্যৱস্থাও ভাগি চুৰমাৰহয় । বহু শতিকা ধৰি ক্ৰমান্বয়ে গঢ়ি উঠা সামাজিক ব্যৱস্থাৰৰ ভেটি চুচুৰ্ম হৈ যায় । মানৰ এই অত্যাচাৰ আৰু সন্ত্রাস আজিও অসমবাসীয়ে মানৰ দিন ’ বুলি শংকাৰে সোঁৱৰে ।

অৱশেষত আহােমৰ অনুৰােধক্রমে ১৮২৪ চনত ইংৰাজে মানক দমন কৰিবৰ বাবে মানৰ লগত যুঁজ দিয়ে আৰু এই যুঁজত ইংৰাজে জয়লাভ কৰে । ইয়াৰ পিচৰ কেইবাখনাে যুদ্ধত ইংৰাজৰ উন্নত অস্ত্র – শস্ত্ৰ আৰু ৰণকৌশলৰ আগত মানসেনা সম্পূর্ণভাৱে পৰাভূত হয়।অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্রহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানে সন্ধি কৰে আৰু এই সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ হাতলৈ যায় । যিবােৰ ৰাজ্যক লৈ ইংৰাজ – অধিকৃত ভাৰত গঠিত হৈছিল তাৰ ভিতৰত সর্বশেষ ৰাজ্য আছিল অসম । এনেদৰেই চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা ছশবছৰীয়া আহােম ৰাজত্বৰ লগতে অসমৰাে স্বাধীনতাৰ বেলি মাৰ যায় আৰু ১৮২৬ চনৰ পৰা অসম ইংৰাজৰ অধীন হ’বলগীয়া হয় About Ancient Assam in Assamese

ইংৰাজৰ ৰাজত্ব

      অসমৰ অর্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক অৱস্থা অতি শােচনীয় হৈ পৰা অৱস্থাত ইংৰাজসকল অসমলৈ অহাত অসমীয়া মানুহে পােনতে তেওঁলােকক অসমৰ ত্রাণকর্তা বুলি ভাবিছিল আৰু আদৰি লৈছিল । কিন্তু লাহে লাহে ইংৰাজ নিজেই অসমৰ অধিকাৰী হৈ পৰিল । ফলত অসমৰ জনসাধাৰণৰ মাজত ইংৰাজবিৰােধী মনােভাবে গা কৰি উঠিল ৷ এনে পৰিস্থিতিতে ১৮২৮ চনত আহােম আমােলা ধনঞ্জয় বৰগােহাঁই আৰু ৰাজবংশধৰ গােমধৰ কোৱৰৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে প্রথম বিদ্রোহ হয় । কিন্তু এই বিদ্রোহ সফল নহ’ল ।

ইয়াৰ পাছত ১৮৩০ চনতে ইংৰাজৰ বিৰুদ্ধে এক বিদ্ৰোহৰ সূচনা হৈছিল যদিও সেই বিদ্রোহে সফল নহ’ল । ১৮৩৮ চনত ইংৰাজে সমগ্ৰ অসমখনকেই তেওঁলােকৰ স্থায়ী দখলুলৈ আনিলে ।

 ১৮৫৭ চনত সমগ্ৰ ভাৰতব্যাপি জুলি উঠা প্রথম স্বাধীনতা যুঁজৰ দাবানলে অসমকো স্পর্শ কৰেহি । সেই বিপ্লৱেৰে স্বাধীনতা আনিবলৈ চেষ্টা কৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই ১৮৫৮ চনৰ ২৬ ফ্রেব্রুৱাৰীত যােৰহাটত ফঁাচীকাঠত মৃত্যুবৰণ কৰে ।

এনেদৰেই ক্রমে অসমত স্বাধীনতা সংগ্রামে তীব্ৰতৰ ৰূপত আত্মপ্রকাশ কৰিবলৈ ধৰে । ১৯১৯-২৯ চনত গান্ধীজীৰ নেতৃত্বত চলা অসহযােগ আন্দোলনতাে অসমে যােগদান কৰে ।

১৯৪২ চনত সমগ্ৰ ভাৰতব্যাপি আৰম্ভ হ’ল ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন । ‘৪২ ৰ গণ বিপ্লৱ নামেৰে খ্যাত এই আন্দোলনে অসমতাে তীব্ৰ ৰূপ ধাৰণ কৰিলে আৰু গােপীনাথ বৰদলৈ , সিদ্ধিনাথ শর্মা , মহম্মদ তৈয়বুল্লা , ফকৰুদ্দিন আলি আহমেদ , বিষ্ণুৰাম মেধি , দেৱেশ্বৰ শর্মা প্রভৃতি নেতাসকলক গ্রেপ্তাৰ কৰা হ’ল । এই আন্দোলনতে গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে যাওঁতে কনকলতা , মুকুন্দ কাকতিৰ পুলিচৰ গুলীত মৃত্যু হয় ।

ঠায়ে ঠায়ে এই আন্দোলনে হিংসাত্মক ৰূপাে লয় । বেল লাইন সংযােগবিহীন কৰা , ডাকঘৰ , পুলিচ থানা ধ্বংস কৰাৰ দৰে কার্য সংঘটিত হয় । সৰুপথাৰৰ ৰে’ল দুর্ঘটনাৰ বাবে অভিযুক্ত কৰি কুশল কোঁৱৰক ফাঁচী দিয়া হয় । এই সংগ্রামতে ভােগেশ্বৰী ফুকননী , লক্ষীৰাম হাজৰিকা , ঠগীৰাম সুত , ৰাউতা কছাৰী , মদন বর্মন আদিয়ে পুলিচৰ গুলীত প্রাণাহুতি দিয়ে । তদুপৰি প্রায় ৩০,৫০০ লােকে কাৰাবৰণ কৰে ।

স্বাধীনতা লাভ

১৯৪৫ চনত দ্বিতীয় মহাসমৰৰ অন্ত পৰাত ইংলেণ্ডত ক্লিমেণ্ট এটলিৰ নেতৃত্বত শ্রমিক দলে মন্ত্রীসভা গঠন কৰে । ১৯৪৬ চনত কেবিনেট মিছন ( Cabinet Mission ) আহি ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ লগত আলোচনা কৰি ভাৰতৰ পৰা ইংৰাজ শাসন অপসাৰণ কৰা হ’ব বুলি সিদ্ধান্ত কৰিলে । সেই অনুসৰি এক অহিংস অসহযোগ অথচ শক্তিশালী সংগ্ৰামৰ জৰিয়তে ভাৰতৰ লগতে অসমেও ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিলে । ১৯৪৬ চনৰ আৰম্ভণিতে ভাৰতৰ আন ঠাইৰ লগতে অসমতো নির্বাচন হৈছিল । এই নির্বাচনত কংগ্ৰেছে জয়লাভ কৰি অসমত প্রথম মন্ত্রীসভা গঠন কৰে । স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্রী আছিল লোকপ্রিয় গোপীনাথ বৰদলৈ ।১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যু হোৱাত বিষ্ণুৰাম মেধি আৰু তাৰ পাছত ক্রমে বিমলাপ্রসাদ চলিহা , মহেন্দ্র মোহন চৌধুৰী আৰু শৰৎ চন্দ্র সিংহ অসমৰ মুখ্যমন্ত্রী হয় । ১৯৭৮ চনত অসমত প্ৰথমখন অকংগ্ৰেছী মন্ত্রীসভা গঠন হয় । সেইবাৰ অসমৰ মুখ্যমন্ত্রী হয় জনতা দলৰ গোলাপ বৰবৰা । ইয়াৰ পাছত ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয় । ও অসম আন্দোলন । সমসাময়িক সময়ছোৱাতে ১৯৭৯ চনত অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসম জুৰি এক অভূতপূর্ব গণ আন্দোলনে গা কৰি উঠে ।

Freedom movement of Assam
অসম আন্দোলনৰ দৃশ্য

 ‘ অসম আন্দোলন’

ৰূপে প্রসিদ্ধ এই আন্দোলনত গণ সংগ্রাম পৰিষদ , কৰ্মচাৰী পৰিষদ , বিভিন্ন মহিলা সংগঠনেও যােগদান কৰিলে । কেইবাশ লােক এই আন্দোলনত শহীদ হয় আৰু অসংখ্য লােকে কাৰাবৰণ কৰে । অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টৰ পুৱতি নিশা তৎকালীন প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ এখন চুক্তি স্বাক্ষৰিত হয় ।

এই সময়ছােৱাতে ১৯৮৩ চনত হােৱা এক নির্বাচন যােগে কংগ্রেছ ( ই ) দলৰ হিতেশ্বৰ শ‍ইকীয়াৰ । ত্বত অসমত মন্ত্রীসভা গঠন হয় । ১৯৮৫ চনত সম্পাদিত ‘ অসম চুক্তি’ৰ । পাছত শইকীয়া মন্ত্রীসভা ভংগ হয় আৰু সেই বছৰৰে ডিচেম্বৰ মাহত অনুষ্ঠিত সাধাৰণ নির্বাচনত অসম আন্দোলনৰ নেতৃবৃন্দই গঠন কৰা আঞ্চলিক দল অসম গণ পৰিষদে সংখ্যাগৰিষ্ঠতা লাভ কৰি অসমত প্ৰথমবাৰৰ বাবে এখন আঞ্চলিক দলৰ চৰকাৰ গঠন কৰে । প্রফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্রী হয় । ১৯৯০ চনত মহন্ত চৰকাৰৰ পাঁচবছৰ । সম্পূর্ণ হ’বলৈ এমাহ থাকোতে মহত্ত চৰকাৰ ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্রপতি শাসন প্ৰৱর্তন কৰে ।

ইয়াৰ পাছত ১৯৯১ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ ( ই ) দলে জয়লাভ কৰে আৰু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমত নতুন চৰকাৰ গঠন হয় । ১৯৯৬ চনৰ ২২ এপ্রিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হােৱাত কেইদিনমানৰ বাবে ভূমিধৰ বৰ্মনে অসমৰ অস্থায়ী মুখ্যমন্ত্ৰীৰূপে কার্যনির্বাহ কৰে । সেই বছৰতে অনুষ্ঠিত নির্বাচনত অসম গণ পৰিষদ দলে জয়লাভ কৰে আৰু ১৯৯৬ চনৰ ১৫ মে’ত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰ গঠন হয় । ইয়াৰ পাছত ২০০১ চনৰ মে ‘ মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ দলৰ শােচনীয় পৰাজয় হয় আৰু কংগ্রেছ ( ই ) দলে ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে । তৰুণ গগৈ হয় অসমৰ নতুন মুখ্যমন্ত্রী । ২০০৬ চনৰ এপ্রিল মাহত অনুষ্ঠিত বিধানসভা নির্বাচনতাে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ ( ই ) দলে সর্বাধিক ৫৮ খন আসন লাভ কৰি বি পি পি এফৰ সহযােগত অসমত এখন নতুন মন্ত্রীসভা গঠন কৰে।তৰুণ গগৈ একেৰাহেদ্বিতীয়বাৰৰ বাবে হয় অসমৰ মুখ্যমন্ত্রী । স্বাধীনতাৰ পাছত এইখনেই অসমৰ প্রথম মৰ্চা চৰকাৰ । একেদৰে ২০১১ চনত অনুষ্ঠিত নির্বাচনত কংগ্ৰেছ ( ই ) দলে ৭৮ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হয় আৰু অসমত পুনৰ চৰকাৰ গঠন কৰে । তৰুণ গগৈ একেৰাহে তৃতীয়বাৰৰ বাবে অসমৰ মুখ্য মন্ত্রী হয়।বর্তমানলৈকে এই দলৰ চৰকাৰেই অসমত শাসনভাৰ চলাই আছে ।

References

  1. Asomar Swadhinata Sangrami by Hemanta Kumar Bharali
  2. Santanu Kausik Baruah and Pritima Kausik Baruah “Natun Janane” (Enlargen & Revised 17th Edition)
  3. Directorate of Information and Public Relations, Government of Assam, Assam at a Glance, archived from the original on 6 October 2007, retrieved 25 May 2007
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *