July 27, 2024

অভিৰুচি ক্ৰীড়া দিৱস ৩ ছেপ্টম্বৰ | 3rd September Abhiruchi Sports Day

অৰ্জুন ভোগেশ্বৰ বৰুৱা সচাকৈয়ে অসমৰ জীৱন্ত কিংবদন্তি, গৌৰৱ, এক মহান অনুষ্ঠান

অসমৰ জীৱিত কালত জন্মদিন ৰাজহুৱা ভাৱে উদযাপন কৰা ব্যক্তিৰ সংখ্যা বিচাৰি পাবলৈ বিৰল। ভাৰতীয় ক্ৰীড়া মানচিত্ৰৰ প্ৰেক্ষাপটত অসমৰ নাম সোণালী আখৰৰে সন্নিবিষ্ট কৰা ভোগেশ্বৰ বৰুৱাদেৱৰ ১৯৬৬ চনৰ বেংকক এচিয়ান গেমচৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক এক গৌৰৱোজ্জ্বল ঘটনা।

১৯৮২ চনৰ পৰা বলেন চক্ৰৱৰ্তী প্ৰমুখ্যে কেইগৰাকীমান সমাজ সচেতক ব্যক্তিৰ উদ্যোগত শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিন ৩ ছেপ্টেম্বৰ তাৰিখটো অভিৰুচি দিৱস হিচাপে পালন কৰাৰ পৰম্পৰা আজিলৈকে চলি আহিছে।

এটা জাতি গঠন কৰিবলৈ হ’লে আৰু দেশৰ শিশু তথা যুৱ শক্তিক অধিক শক্তিশালী কৰি তুলিবলৈ হ’লে লিখা-পঢ়াৰ উপৰিও ক্রীড়া আৰু শৰীৰ চৰ্চাৰো প্ৰয়োজন। কাৰণ সুস্থ শৰীৰতহে সুস্থ মন এটি থাকে আৰু সুস্থ মনে সৎ নাগৰিকৰ সৃষ্টি কৰে। খেল-ধেমালিৰ প্ৰতি ধাউতি আদিম যুগৰ পৰাই মানৱ জাতিৰ প্ৰাণত আছিল। বিশ্বৰ ভালেমান ডাঙৰ মানুহে নানা কামৰ মাজত ব্যস্ত থাকিও খেলা-ধূলা কৰি আনন্দ লাভ কৰিছিল৷

অসমৰ প্ৰথম ‘অৰ্জুন’ পুৰস্কাৰপ্ৰাপ্ত খেলুৱৈজনৰ নাম হ’ল শিৱসাগৰ জিলাৰ ভোগেশ্বৰ বৰুৱা। তেওঁ ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত প্রথম স্থান অধিকাৰ কৰি ভাৰতলৈ স্বর্ণ পদক কঢ়িয়াই আনিছিল। তেওঁৰ আদৰ্শ শিৰোগত কৰি অসমৰ বহুতো খেলুৱৈয়ে পিছলৈ এথলেটিকছত (দৌৰ) জঁপিওৱা আৰু দলিওৱাৰ ক্ষেত্ৰত অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভিতৰত হ’ল— দৌৰত জুনুমনি শইকীয়া, ভাৰত তথা অসম গৌৰৱ হিমা দাস, শ্বটপুটত প্রমীলা ভৰালী, জেভলিন দলিওৱাত কুশল লাহন। মহিলা এথলেট তৈবুনিছাৰ নাম ভোগেশ্বৰ বৰুৱাৰ পিছতে উল্লেখ কৰিব পাৰি। অসমৰ দ্বিতীয় ‘অর্জুন’ পুৰস্কাৰ লাভ কৰা মনালিছা বৰুৱাই অসম মাতৃলৈ টেবুল টেনিছ খেলত বহুবাৰ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ উপৰি তেওঁৰ সমসাময়িক অৰূপজ্যোতি বৰুৱাই বর্তমানো ভাৰতক প্রতিনিধিত্ব কৰি আছে। এইটো অসমৰ কাৰণে এক গৌৰৱৰ কথা।

অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰ দিনটো অভিৰুচি ক্রীড়া দিৱস হিচাপে অসমবাসীয়ে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। অভিৰুচি ক্রীড়া দিৱসত অংশগ্ৰহণ কৰি অর্জুন ভোগেশ্বৰ বৰুৱাই ক্ষোভেৰে কয়— ‘অসমত অসংখ্য প্ৰতিভাৱান খেলুৱৈ আছে যদিও, শৃংখলাবদ্ধ, বৈজ্ঞানিক আৰু ধাৰাবহিক তথা দীৰ্ঘম্যাদী আঁচনিৰ অভাৱতেই তেওঁলোকে উন্নত প্ৰদৰ্শন কৰিব পৰা নাই।’ আকৌ বৰুৱাই ব্যংগ কৰি কয় যে— ‘আগতে ‘ছাই’ৰ এজন সঞ্চালকৰ অধীনতে খেলুৱৈসকলে যথেষ্ট সফলতা অর্জন কৰিছিল। কিন্তু আজি ‘ছাই’ৰ এহেজাৰমান প্রশিক্ষণ হ’ল অথচ ফলাফল শূন্য।’ ‘ছাই’ৰ উত্তৰপূৰ্বাঞ্চলৰ মুখ্য কেন্দ্ৰ গুৱাহাটীত হ’ব লাগিছিল যদিও উপযুক্ত সংগঠকৰ অভাৱ আৰু সংশ্লিষ্ট বিভাগৰ অৰিয়াঅৰিৰ বাবে মণিপুৰতহে হোৱা বুলি আক্ষেপেৰে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *