July 27, 2024

২৬ ডিচেম্বৰ স্মৃতি দিৱস পদ্মনাথ গোহাঞিবৰুৱা

স্মৃতি দিৱস, পদ্মনাথ গোহাঞিবৰুৱা (২৬ ডিচেম্বৰ)

১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্ৰথম সভাপতি নিৰ্বাচিত হয় পদ্মনাথ গোহাঞিবৰুৱা। ২৬ আৰু ২৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত এই সভাত সভাপতিৰ আসনৰ পৰা তেখেতে কৈছিল, “জাতীয় অন্তৰম ভাৱ, চিন্তা, তেজ আৰু প্ৰতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই।

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৬ ডিচেম্বৰৰ দিনটো পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰি আহিছে। মাতৃ পূজাৰ মঙ্গল আৰতিৰে যিকেইগৰাকী অসম প্ৰাণ দেশ-সেৱকে জোনাকী যুগত কাপ মৈলাম হাতত লৈ অসমীয়া ভাষা-সাহিত্য প্রতিষ্ঠাৰ বাবে দেহে-কেহে চেষ্টা কৰিছিল, তাৰ ভিতৰত গোহাঞিবৰুৱা অন্যতম। তেওঁ সৰু-বৰ প্ৰায় দুকুৰিখন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। সেই সময়ত অসমত অসমীয়া নাটকৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি গোহাঞিবৰুৱাই ইয়াৰ অভাৱ মোচনৰ উদ্দেশ্যে গাঁওবুঢ়া, জয়মতী, গদাধৰ, টেটোন তামুলী, সাধনী আদি বিভিন্ন পৰ্যায়ৰ এলানি নাট ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। তেওঁৰ ‘লাহৰী’ প্ৰথম অসমীয়া ছপা উপন্যাস। তেওঁৰ আন এখন উপন্যাস হ’ল ‘ভানুমতী’। গোহাঞিবৰুৱাৰ শেষ
, বয়সত ৰচনা কৰা গ্ৰন্থখন হ’ল ‘শ্ৰীকৃষ্ণ’। এইখন তেওঁৰ অন্যতম সাহিত্য কৃর্তি। তাৰোপৰি ‘জুৰণী’, ‘লীলা’ তেওঁৰ কাব্য গ্রন্থ। অসমীয়া ভাষাত পঢ়াশালী পুথিৰ অভাৱ মোচন কৰিবলৈ পাঠ্যপুথি ৰচনাতো মনোনিৱেশ কৰিছিল। ‘বিজুলী’, ‘অসম বন্তি’, আৰু ‘ঊষা’ সম্পাদনা কৰি ন-লিখকক যিমান পাৰে উৎসাহ দিছিল। সঁচাকৈ ক’বলৈ হ’লে, তেওঁ এচাম সাহিত্যিকক নিজহাতে গঢ়িছিল। ১৯০৩ চনত গোহাঞিবৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাৰ পৰীক্ষক হিচাপে নিযুক্ত হয়। তাৰোপৰি কলিকতা আৰু পাটনা বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ প্ৰশ্নকাৰকো হয়। কিন্তু স্নাতক পৰীক্ষাৰ পৰীক্ষক আৰু প্ৰশ্নকাৰক হ’বলৈ হ’লে স্নাতক উপাধি থকা প্রয়োজন। গতিকে বিশ্ববিদ্যালয়তে তেওঁক সন্মানসূচক উপাধি দিয়ে। গোহাঞিবৰুৱাই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ কাৰণে কলিকতালৈ যায়। তাত তেওঁ আই এ অধ্যয়ন কৰিছিল, যদিও নানা কাৰণত বিফল হ’বলগীয়া হ’ল। তাত তেওঁ সাহিত্য ৰচনাত মনোনিৱেশ কৰিলে। তেওঁ মাত্র ২৩ দিনত ‘লাহৰী’ কিতাপখন লিখি ছপা কৰি উলিয়ায়। অসমলৈ উভতি আহোঁতে তেওঁ মাথোঁ কেইখনমান লাহৰীহে লগত লৈ আহিব লগাত পৰিছিল। তেওঁ নিজেই 225 হল— ‘মই দুৱলীয়া সাহিত্য সংস্কৃত নলৈ বঙলা লৈ মোৰ ভৱিষ্যৎ জীৱনলৈ এটা বৰ ডাঙৰ ভুল কৰিলোঁ, যি ভুলে মোৰ ক্ষুদ্ৰ জীৱনত এটা পূৰাব নোৱাৰা ক্ষতি কৰিলে। মোৰ কলিকতীয়া কাল মিছাই গ’ল বুলিব লাগে। ছাত্রাধ্যায় অন্ত পেলাই কলিকতা এৰিবৰ বেলা বাস্তৱত সেইভাৱে মোৰ মনত ঠাই লৈছিল আৰু প্ৰাণক উচুপি উচুপি কন্দুৱাইছিল। স্বৰূপতে লিখা-পঢ়া বিষয়ত মই সমূলি নাম কৰিব নোৱাৰিলোঁ। বোলে গল কণা, আহিলা কণা, খাগৰি কাটিলে তিনি কণা। মোৰ বিদ্যা বেহাতো কণা বিত উঠিল।’ এইগৰাকী পদ্মনাথ গোহাঞিবৰুৱাক ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্রথম অধিৱেশনৰ সভাপতিৰ সিংহপীৰাত বহুৱাই অসমীয়া ৰাইজে সন্মানিত কৰিছিল। তেওঁ ভাষা-সাহিত্য সম্পৰ্কে দিয়া ভাষণত সাহিত্যই যে জাতীয়ত্বৰ প্ৰকৃত জীৱন তাক স্পষ্টভাৱে প্ৰকাশ কৰিছিল। গোহাঞিবৰুৱাই অসমবাসীক কন্দুৱাই ১৯৪৬ চনৰ ২১ এপ্ৰিলত ইহ সংসাৰৰপৰা চিৰবিদায় লয়। এইগৰাকী স্বনামধন্য অসম জননীৰ প্রিয় পুত্ৰৰ অসমীয়া ভাষা সাহিত্য সেৱাৰ স্বীকৃতি দি অসমীয়া সাহিত্য সভাই যি নিদর্শন থৈ গৈছে অসমীয়া জাতিয়ে চিৰদিন শ্ৰদ্ধাৰে সোঁৱৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *