অসমৰ পশ্চিম গোৱালপাৰাত অতি প্রাচীনকালৰে পৰা চলি অহা এক কৃষিভিত্তিক লোক-উৎসৱ হ’ল হুদুমদেও পূজা। চ’ত মাহত অনাবৃষ্টি হ’লে বৰষুণৰ কামনাৰে এই পূজা পালন কৰা হয়। এই পূজাত কেৱল নাৰীয়েহে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত পুৰুষে ভাগ লোৱাটো নিষিদ্ধ
তোৱা নদীৰ পূবফালৰ লোকসকলে অনাদি কালৰে পৰাই এই ‘হুদুমদেও পূজা’ পালন কৰি আহিছে। অনাবৃষ্টিৰ ফলত পথাৰবোৰ যেতিয়া ছিঁৰাল ফাট দিয়ে আৰু হাল বাব নোৱৰা হয়, তেতিয়া তেওঁলোকে প্রকৃতি দেৱতাক সেৱা জনাই প্ৰাৰ্থনা কৰে, যাতে পৃথিৱীলৈ বৰষুণ আহে। বৰষুণ হ’লেহে মাটি তিতি কোমল হ’ব, হাল বাব পৰা যাব, শইচ ৰোপণ কৰিব পৰা যাব আৰু শইচ হ’লেহে কৃষকসকল জীয়াই থাকিব। অমাৱস্যা ৰাতি, জনসমাগমহীন নির্জন পথাৰত এই পূজা অনুষ্ঠিত কৰা হয়। এই উৎসৱত কলগছ পুতি লৈ (আদিতে হুদু চৰাই বান্ধি লোৱা হৈছিল) তাৰ চাৰিওফালে নাৰীয়ে উলংগ হৈ নাচে। তদুপৰি এই উৎসৱত নাৰীয়ে গৰুৰ ভাও লয় আৰু গৰুৰূপী নাৰীৰদ্বাৰা পূজাথলীত হাল বোৱা হয় । এই অনুষ্ঠানত মহিলাসকল উলংগ হৈ থাকে যদিও ইয়াত কোনো ধৰণৰ অশ্লীলতা নাথাকে৷ তিৰোতাসকলে সমাজৰ মংগল হ’ব বুলি ভাবিয়েই উলংগ হৈ নৃত্য কৰে। এই উৎসৱত বাদ্য সংগত কৰাৰ বাবে কেতিয়াবা পুৰুষক যাবলৈ দিয়া হয় যদিও তেনে পুৰুষে চকুত ক’লা কাপোৰ বান্ধি থাকিবলগীয়া হয়। ইয়াক পুজা বোলা হয় যদিও হুদুমদেও পূজাত কোনো পুরোহিত নাথাকে।
হুদুমদেও পূজাত এটা সন্তানৰ মাতৃ অর্থাৎ নতুন মাতৃ এগৰাকীয়ে একে উশাহতে হুদুম খুঁটি পোতাৰ নিয়ম আছে। এনে কৰাৰ ফলত মাত্র তিনি দিনব ভিতৰতে বৰষুণ হয় বুলি জনবিশ্বাস আছে। এই উৎসৱত হালোৱা আৰু গৰুৰ ভূমিকা লোৱা সাতজনী কুমাৰী ছোৱালীয়ে প্রথমে সাতঘৰ মানুহৰপৰা সাত ঘটি পানী আনি উৎসৱৰ্থলীত ছটিয়ায় আৰু তাৰ পাছত তেওঁলোকে নাঙলেবে হুদুম খুঁটিৰ চাৰিওফালৰ পথাৰখন চহ কৰে। পশ্চিম গোৱালপাৰাৰ উপৰি উত্তৰবংগ, বাংলাদেশৰ ৰংপুৰ আৰু পশ্চিমবংগৰ দিনাজপুৰ আদি ঠাইতো এই উৎসৱ পালন কৰা হয়। এই পূজাৰ বহুতো গীত পোৱা যায়। ইয়াৰ গীতবোৰ আখ্যানৰ দৰে দীঘল ৷ তাৰে দুটামান অংশ তলত উল্লেখ কৰা হ’ল—
জাগৰে জাগৰে হুদুম আজিকাৰ ৰাতি,
গৃহস্থীয়া কৰে পূজা, দিয়া ধুপ চালন বাতি।
কালা মেঘ ধলা মেঘ ডাকিয়া আন ঝৰি
আন্দাৰ কৰিয়া দেওৱা আইসে দাবাৰি।
আন্ধাৰ কৰি দেওৱাৰ ঝৰি আয়ৰে—
দেওৱা ঝৰি আয়ৰে হোলো দাঙা দিয়া
ভানুবুঢ়ী পূজা কৰে আঠিয়া কলা দিয়া….।
হুদুমদেও পূজাৰ কিছুমান গীতত অৱশ্যে যৌনগন্ধা আৱেদন পোৱা যায়। নামনি অসমৰ ‘সাত শাক তোলা বিহু’ৰ লগত ইয়াৰ সাদৃশ্য আছে। কোনো কোনো লোক-সংস্কৃতিৰ গৱেষকে হুদুম পূজাক ‘লিংগ পূজা’ (শিৱ পূজা) বুলি কৈছে। কোনোৱে আকৌ ইয়াক কিৰাট জনগোষ্ঠীৰ মহিলাসকলে কৰা ‘বৃষ্টি বন্দনা’ বুলি অভিমত দিছে।