July 23, 2024

শ্বহীদ দিৱস ১০ ডিচেম্বৰ

শ্বহীদ দিৱস

১৯৭৯ চনৰ ৮ জুনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হয়। পিকেটিং, সত্যাগ্রহ, অসম বন্ধ আদি কাৰ্যসূচীৰে আন্দোলন চলায়। এই আন্দোলনত অসমবাসীয়ে জাতি, ধর্ম, বর্ণ নির্বিশেষে সহযোগিতা আগবঢ়াইছিল। গণ সংগ্ৰাম পৰিষদ, সদৌ অসম কৰ্মচাৰী পৰিষদ, অসম সাহিত্য সভা আদি সকলোৱে এই আন্দোলনত যোগদান কৰিছিল। ‘আহ ঐ আহ ওলাই আহ’ বুলিলে ৰাজপথ ভৰি পৰিছিল। ইফালে, ১৯৭৯ চনৰ ডিচেম্বৰত ভাৰতবৰ্ষৰ লোকসভাৰ নিৰ্বাচন সমাগত। কিন্তু আন্দোলনকাৰীয়ে এই নির্বাচন বৰ্জনৰ আহ্বান জনালে। নিৰ্বাচনৰ বাবে যাতে মনোনয়ন পত্র দাখিল কৰিব নোৱাৰে তাৰবাবে আন্দোলনকাৰীসকলে অসম বন্ধৰ আহ্বান জনায়। বন্ধ আহ্বানক চৰকাৰে বে-আইনী বুলি ঘোষণা কৰে৷ ১৯৭৯ চনৰ ১০ ডিচেম্বৰত বৰপেটা লোকসভা সমষ্টিৰ বাবে আবেদা বেগম নামৰ কংগ্ৰেছ প্ৰাৰ্থী এগৰাকীয়ে গুৱাহাটীৰ পৰা সহস্ৰ পুলিচ বাহিনী লগত লৈ মনোনয়ন পত্র দাখিল কৰিবলৈ বৰপেটালৈ গৈছিল। ইয়াৰ নেতৃত্ব দিছিল কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক কে পি এছ গিলে। বন্ধ আহ্বানক বুঢ়া আঙুলি দেখুৱাই মনোনয়ন দিয়াৰ সিদ্ধান্ত লয় ৷ গুৱাহাটীৰ পৰা বৰপেটালৈ যাওঁতে ৰাষ্ট্ৰীয় পথত য’তেই বাধাৰ সন্মুখীন হৈছিল, তাতেই মানে অসম আক্রমণ কৰাৰ দৰে অত্যাচাৰ কৰি জনতাক ছেদেলি-ভেদেলি কৰি গৈছিল। ৰাতি গৈ ভৱানীপুৰ পায়। তাতো হাজাৰ হাজাৰ জনতাই বাধা প্ৰদান কৰে যদিও সকলোকে লাঠী চালনা কৰি অতিক্ৰম কৰাৰ প্ৰয়াস কৰিলে। এনেতে বৰবড়ী গাঁৱৰ সাহসী বীৰ খৰ্গেশ্বৰ তালুকদাৰ নামৰ যুৱকজনে আহি গাড়ী আগভেটি ধৰিলেহি। লগত হাজাৰ হাজাৰ পিকেটিংকাৰী। সেই মুহূর্ততে অধীক্ষক কে পি এছ গিলে নির্বিচাৰে গুলী চলালে। সেই গুলী খৰ্গেশ্বৰৰ বুকুৰ মাজেৰে ওলাই গ’ল। নিমিষতে মাটিত ঢলি পৰিল। ৰাইজৰ মাজত হাহাকাৰ লাগিল। এন্ধাৰৰ সুযোগ লৈ বহুজনে পলালে। অসমী আইৰ মাটি ৰাঙলী হ’ল। খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰাণবায়ু উৰি গ’ল। জনতাৰ মাজত ৰোল উঠিল, খৰ্গেশ্বৰ শ্বহীদ হ’ল। খৰ্গেশ্বৰে মাতৃৰ বুকু উদং কৰি দেশ-মাতৃৰ কাৰণে প্ৰাণ [ ১৪ ]
আহুতি দিলে। বিদেশী বহিষ্কাৰ আন্দোলনৰ খৰ্গেশ্বৰে হ’ল প্রথম শ্বহীদ। সুদীর্ঘ ৬ বছৰ কাল বিদেশী বহিষ্কাৰ আন্দোলন চলিছিল। অৱশেষত তদানীন্তন প্রধানমন্ত্রী প্রয়াত ৰাজীৱ গান্ধীৰ প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰ আৰু অসম আন্দোলনকাৰীৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত পুৱতি নিশা এখন চুক্তি স্বাক্ষৰিত হয়। যাক অসম চুক্তি বুলি বর্তমান অভিহিত কৰা হয়।

প্রয়াত খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিন ১০ ডিচেম্বৰ দিনটো অসমবাসী ৰাইজে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *