লখিমপুৰ আৰু ধেমাজি জিলাৰ দল-দেৱালয় সমূহ - assamintro.com
September 29, 2022

লখিমপুৰ আৰু ধেমাজি জিলাৰ দল-দেৱালয় সমূহ

লখিমপুৰ আৰু ধেমাজি জিলাৰ দল-দেৱালয় সমূহ

হাৰ্হি দেৱালয় Harhi Dewal in Assamese

হাৰ্হি দেৱালয় অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা চহৰৰ পৰা প্ৰায় চাৰি কিঃমিঃ উত্তৰ-পূবে হাৰ্হি নদীৰ পাৰত অৱস্থিত এক দেৱালয়। ঢকুৱাখানত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল। এই অঞ্চলৰ লোকে ‘‘সাৰ্হি’’ শব্দটো জাগ্ৰত অৰ্থত ব্যৱহাৰ কৰে৷ গতিকে পীঠখনিৰ মূল অৰ্থটো হ’ব- “জাগ্ৰত দেৱালয়”। শিৱ, দুর্গা, মনসা, গঙ্গা আদিৰ ভালেমান মূর্তি ইয়াত আছে। কেইটামান মূর্তিৰ চকুত সােণৰ পাট চৰােৱা আছে।

এটা প্রবাদ আছে যে শদিয়াৰ কেঁচাইখাতী বা শ্বেৰী মন্দিৰত কেঁচাইখাতী গােসাঁনীৰ পূজা চলিছিল। শাক্তধর্মী চুতীয়াসকলৰ পুৰােহিত দেউৰীসকলে তাশ্বেৰী মন্দিৰত পূজা-সেৱা চলাইছিল। কালক্ৰমত শদিয়াৰ চামুণ্ডা কালী গােসানী আহি প্রথমে হাহিঁ নৈৰ পাৰত আৰু তাৰপাছত ঢকুৱাখনা নৈৰ পাৰত থিতাপি লৈছিল। এই কালীগগাসানীক বর্তমানৰ ঠাইত স্থাপন কৰা হয়। স্বৰ্গদেউ শিৱসিংহৰ দিনত এই দেৱালয়ত হাঁহ, পাৰ, ছাগলী, ম’হ আদি বলি দিয়াৰ পৰম্পৰা আছিল। এই দেৱালয়ৰ বলি কটা দাকেইখনত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ নাম খােদিত হৈ আছে।

আগেয়ে দেৱালয়খনৰ নাম আছিল ‘সাহি’। পিছত মুখ বাগৰি ইয়াৰ নাম হ’ল ‘হাৰ্হি’।

দেৱালয়খনৰ অৱস্থিত গােৱিন্দপুৰ গাঁওখনক দেওলীয়া গাঁও বুলিও কোৱা হয়। ইয়াৰ কাৰণ হৈছে পূজাৰ সময়ত ইয়াৰ কিছু লােকৰ গাত হেননা দেও লম্ভে।

ইতিহাস

এই দেৱালয় খনিৰ অধিস্থাত্ৰী দেৱীগৰাকীয়েই হৈছে পূৰ্বৰ চুতীয়াসকলৰ আৰাধ্য দেৱী সদিয়া (শদিয়া)ৰ বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰৰ কেঁচাইখাটি গোসাঁনী বা দেৱী দিক্কৰবাসিনী। আহোম-চুতীয়াৰ শেষ ৰণত চুতীয়াসকল পৰাস্ত হোৱাত দেৱালয়ৰ নিৰাপত্তা তথা দেৱী বিগ্ৰহৰ লগতে দেৱালয়ত থকা শিৱ, দূৰ্গা, গঙ্গা, মনসা, গণেশ আদিৰ শিলামূৰ্তি আৰু বলিকটা দা, পূজাৰ বিভিন্ন সামগ্ৰীৰ লগতে দেৱালয়ৰ লগত জড়িত বিভিন্ন বৃত্তিধাৰী মানুহকো লগত লৈ লুইতেদি ভটিয়াই হাবুং (বৰ্তমানৰ ঢকুৱাখানা) অঞ্চল পায় আৰু তাতে বিগ্ৰহাদি স্থাপন কৰি নিয়মিত পূজা পাতল কৰিবলৈ লয়। অৱশ্যে পিছৰ পৰ্যায়ত দেৱালয়খনে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি জনা যায়। শিৱসিংহ আৰু লক্ষ্মীসিংহ ৰজাই দেৱালয়খনিলৈ মাটি, বহু পৰিমাণৰ সম্পত্তি আৰু দেৱ-দেৱীৰ মূৰ্তি প্ৰদান কৰিছিল বুলি জনা যায়৷ সেইবোৰ এতিয়াও দেৱালয়খনত বিৰাজমান।

এই দেৱালয়ত থকা উল্লেখযোগ্য সামগ্ৰীবোৰৰ ভিতৰত ১০ৰ পৰা ১২ কিল’গ্ৰাম পৰ্যন্ত ওজনৰ তেৰখন বলিকটা দা, সাঁচিপাতৰ এখন কীৰ্তনপুথি, শালগ্ৰাম মন্ত্ৰপুথি, কেঁকোৰা দোলা, বিভিন্ন বাদ্য-যন্ত্ৰ ইত্যাদি প্ৰধান। এই দেৱালয়খনিত পূৰ্বতে নৰবলি দিয়াৰ প্ৰথা আছিল বুলি জনা যায়৷

পঞ্চানন দেৱালয় Panchanan Dewal in Assamese

উত্তৰ লখিমপুৰ নগৰৰ পৰা কিছু দূৰৈৰ কৰ্চনবকল গাঁৱত এখন কেঁচাইখাতী গােসানীৰ থান আছিল। এই থানত এটা কালীমূর্তি আছিল। পিছত এই মূর্তি তাৰ পৰা আনি লখিমপুৰ নগৰত স্থাপন কৰি পঞ্চানন দেৱালয় নাম দিয়া হয়। এই দেৱীৰ বিগ্রহৰ নামত নিম্পিখেৰাজ মাটি আছে। প্রতি বছৰে ইয়াত দুর্গাপূজা হয়।

বাসুদেৱ থান আৰু নৰােৱা সত্ৰ

বাসুদেৱ থানৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ গগাহাঁই মৌজাত চামপৰা নৈৰ কাষত এই থান অৱস্থিত। থানখনত ক’লাশিলত কটা এটা প্রকাণ্ড বিষ্ণুমূর্তি আছে। আহােম ৰাজত্বৰ কালতে মাটিৰ তলত এই মূর্তি আৱিষ্কাৰ হয় বুলি কোৱা হয়। স্বৰ্গদেউ জয়ধ্বজ সিংহই হেননা এই থান স্থাপন কৰে। বুৰঞ্জীবিদ সর্বেশ্বৰ বৰুৱায়ে এই মত সমর্থন কৰিছে। বানপানীয়ে সেই থান খহাই নিয়াত স্বৰ্গদেউ শিৱসিংহই থানখন পুনৰ প্রতিষ্ঠা কৰে। কিন্তু মানৰ আক্ৰমণত সকলাে পলাই যােৱাত এই থান এটা সময়ত অৰণ্যত পৰিণত হয়। পিছত এই থান পুনৰ সুন্দৰভাবে প্রতিষ্ঠিত হয় আৰু বর্তমানে এই থানত নিয়মিতভাৱে পূজা-সেৱা চলি আছে। ৰজা চক্ৰধ্বজ সিংহই দামােদৰ আতাৰ পুত্ৰ ৰমাকান্ত আৰু অনন্তৰামক মতাই ঘোঁৰা কোঁৱৰক সত্ৰ পাতি দিবলৈ আদেশ দিয়াত ৰমাকান্তক ঢকুৱাখনাৰ বাসুদেৱ থানতে নৰােৱা সত্ৰ পাতি দিয়ে।

দেওঘৰ আৰু মাঘনােৱা দ’ল

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ইতিহাস প্রসিদ্ধ পিচলা নৈৰ পাৰতে ফুলবাৰীৰ দেওঘৰ। ইয়াত এখন দেৱীথান আছে। দেওঘৰ আলিৰ নামেৰে দেওঘৰলৈ সােমাই যােৱা এটা আলিৰাে চিন আছে।

ফুলবাৰীৰ ওচৰৰ মাঘনােৱা গাঁৱত ‘মাঘনােৱা দ’ল অৱস্থিত। এই দ’লক ফুলবাৰী দলৈ বুলিও কোৱা হয়। পিচলা নদীৰ পূৱ পাৰে আৰু মাঘনােৱা বিলৰ উত্তৰ পাৰে এই দ’ল অৱস্থিত। এসময়ত এই পিচলা পাৰতে শক্তিপূজাৰ পূৰ্ণ পয়ােভৰ চলিছিল। এটা সময়ত এই দেৱালয় এখন বিখ্যাত তীর্থস্থান আছিল। কোবাজনাে আহােম স্বৰ্গদেৱে এই দলত বাহৰ পাতি থকাৰ কথা বুৰঞ্জীত উল্লেখ আছে। মানৰ আক্ৰমণৰ সময়ত দলৈ আৰু পূজাৰীসকল ইয়াৰ পৰা পলাই যাওতে মানৰ দ্বাৰা অপবিত্র হােৱাৰ আশংকাত দলৰ দেৱী বিগ্রহ এটাও লগতে লৈ গৈছিল। দেৱী বিগ্রহ লুকাই থােৱা ঠাইৰ পৰা পুনৰ ঘূৰাই অনা নহল। কলাবাৰীলৈ নি ঘৰবাৰী সাজি দেৱী বিগ্রহ প্রতিষ্ঠা কৰা হ’ল। এয়ে বর্তমানৰ বৰকালিকা থান’। ইয়াত বলি-বিধানেৰে সৈতে এতিয়াও দুর্গাপূজা চলি আছে।

মাঘনােৱা দ’লটোৰ চাৰিওফালে প্রায় ৫ ফুট ওখ ইটাৰ বেৰ। দ’লত লাগি থকা বুলনি ঘৰৰ পৰা প্রায় ১২৫ হাত দূৰত ইটাৰ বেৰ দ’লত লাগি থকা বাটচ’ৰাসহ মন্দিৰ প্রাঙ্গণত সােমাবলৈ এখন মাত্র দুৱাৰ আছে। ইটাৰ গড়ৰ চাৰিওফালে এটি মাটিৰ গড়। মাটিৰ গড়ৰ ভিতৰৰ কালি ৩৩/১৫ লেচা। গড়ৰ দক্ষিণ-পূব চুকটো মাঘনােৱা বিলত লাগিছে। মাঘনােৱা বিলৰ কালি ৮৯/১৮ লেচা। দ’লটো আঠকোণীয়া আৰু সন্মুখৰ গাত লাগি থকা বুলনি ঘৰ। দ’লটো মাটিৰ তললৈ কিমান সােমাই গৈছে কোৱা টান। বর্তমান ই ৩০ হাতমান ওখ হ’ব। আঠকোণীয়া দলটোৰ প্রত্যেক বাহুৰ বাহিৰ ফালৰ দীঘ ন হাত। দলটোৰ বেৰৰ সাত হাতমান ওখত এটা কার্ণিচ আছে। দুই কার্ণিচৰ মাজত ১০”x১০”x ১’৪”ঘনইঞ্চিৰ চটা ইটাৰ ফুল লগােৱা

আছিল। ইটাৰ চটাৰ ভিতৰত এটা বৃত্তৰ মাজত আঠ পহীয়া আৰু ছপহীয়াকৈ ফুলবিলাক কটা। বর্তমান প্রায়বিলাক ফুল এৰাই পৰি আছে। কার্ণিচৰ তলৰ পৰা মাটিত লগা বেৰৰ অংশৰ মাজভাগ মৃদংটোৰ দৰে পেটুৱা। দলটোৰ কার্নিচৰ তলৰ প্রত্যেক বেৰতে শাৰীত পাঁচখনকৈ দুশাৰী মূর্তি লগােৱা আছিল। বর্তমান বেৰত এখনাে মূর্তি নাই আৰু দ’লটোৰ কলচীও নাই। দলৰ বেৰবিলাক ৭ ফুট মান ডাঠ হ’ব। বুলনি ঘৰ দীঘে ১২ হাত, পথালিয়ে ৯ হাত আৰু ওখই ৯ হাতমান হ’ব। ইয়াৰ বেৰ ৩ ফুট ডাঠ। বাটচ’ৰা দীঘে ১২ হাত, পথালিয়ে ৯ হাত আৰু ওখই ৮১, হাত। ইয়াৰ বেৰ প্রায় ২/, ফুট ডাঠ। দুইফালৰ বেৰত চাৰিটাকৈ চাকি থােৱা থাক। বেৰত লগােৱা তিনিখন ভগা আৰু আঠখন ভাল মূর্তি ইয়াত সজাই থােৱা আছে। বেৰৰ বাকীবিলাক মূর্তি কোনােবাই লৈ গ’ল। মাঘনােৱা দ’লক ফুলবাৰী দ’লাে বােলে। এই দ’লটো কোনে নির্মাণ কৰিছিল ক’তাে পােৱা নাযায়। ঘৰ আৰু ইটাৰ ঠাঁচ চাই এই দ’ল আহােম ৰজাসকলেই নির্মাণ কৰা যেন লাগে। আনন্দ চন্দ্ৰ আগৰৱালাই কামৰূপ তীর্থৰ বিৱৰণ শীর্ষক প্ৰৱন্ধত (আৱাহন, ৫ম বছৰ) মাঘনােৱা বিলৰ পাৰতে বিভাণ্ডক মুনিৰ আশ্ৰম আছিল বুলি উল্লেখ কৰিছে।

ওৱেড চাহাবৰ বুৰঞ্জীত পােৱা যায় যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (খ্রীঃ ১৭৫১১৭৬৯) পিচলা নৈত স্নান কৰি ফুলবাৰী দেৱালয়ত গােসানী সেৱা কৰি চৈধ্য হাজাৰ তিৰােতা আৰু ল’ৰা-ছােৱালীক কাপােৰ, টকা আৰু সােণ দান কৰে।

মাঘনােৱা দ’লত থকা গুহ্যকালীৰ বিগ্ৰহটো মানৰ আক্ৰমণৰ সময়ত পূজাৰীসকলে এখন বিলত পেলাই দিয়ে। ইংৰাজৰ আমােলত ৰাজ্যলৈ শান্তি ঘূৰি অহাৰ কিছুবছৰৰ পাছত খেৰাজখাত মৌজাৰ ১নং বৰপথাৰ গাঁৱৰ গাভৰু বিলত এই মূর্তি উদ্ধাৰ হয়। মাঘনােৱা দ’ল মানবিলাকে গৰু কাটি অপবিত্ৰ কৰাৰ বাবে এই গুহ্যকালীৰ মূৰ্তিটো কলাবাৰীৰ বৰ্তমানৰ বৰকালিকা থানতে স্থাপন কৰা হয়। গাভৰুবিলত এই মূর্তিটো উদ্ধাৰ হােৱাৰ পৰা এই অঞ্চলটোক (নাৰায়ণপুৰৰ পৰা ৮ কিলােমিটাৰ পশ্চিমে) দেওতােলা বােলা হয়।

বর্তমানে স্থানীয়বিধায়কগৰাকীৰ যত্নত কেবলাখ টকা ব্যয়েৰে মন্দিৰটো সজাই পৰাই তােলা হৈছে।

পেটুৱা গােসাঁনীৰ থানঃ

বৃটিছে অসম অধিকাৰ কৰাৰ পাছতত এই লখিমপুৰ অঞ্চলটো তেওঁলােকৰ খাচ দখললৈ যােৱা নাছিল। দক্ষিণ পাৰৰ ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া (অৱশ্যে শদিয়া উত্তৰ পাৰত পৰে) আৰু উত্তৰ পাৰৰ জোনাইৰ পৰা বিশ্বনাথলৈকে অঞ্চলটো বৃটিছে ৰজা পুৰন্দৰ সিংহক বছৰি পঞ্চাশ হাজাৰ টকাৰ লালবন্দী কৰি দিছিল। ১৮৩৮ চন পর্যন্ত এই ব্যৱস্থা বাহাল আছিল। ধলপুৰ অঞ্চলটো সেই সময়ত কিন্তু দফলাৰ অধীনতহে আছিল। ধলপুৰৰ গণকদলনীত পিচলা নৈৰ পাৰত এখন প্রাচীন থান আছে। যিখনক ‘পেটুৱা গােসানীৰ থান’ বােলে। কেঁচাইখাতী গােসাঁনীৰ এটা মূর্তি মাটিৰ তলত পােত খাই থকাৰ পৰা উদ্ধাৰ হােৱা বাবে পােতা গােসানী আৰু পিছলৈ পেটুৱা গােসানীৰ থান হ’ল বুলি কোনাে কোনােৱে ক’ব খােজে। এটা সময়ত দফলাসকলে এই থানত নিয়মীয়াকৈ পূজা পাতল দি আছিল। বর্তমানেও এই থানত দুর্গাপূজা নিয়মীয়াকৈ চলি আছে।

ঘুগুৱা দল

ধেমাজি জিলাৰ বৰদলনী হাঁহখােৱা আলিৰ ওচৰত বাসুদেৱ বিষ্ণুৰ মূৰ্তি থকা ‘ঘুগুৱা দ’ল’ নামে এটি দ’ল আছিল। বর্তমান ইয়াত বিগ্রহ নাই। ধেমাজী নগৰৰ পৰা প্ৰায় ১৮ কিলােমিটাৰ দক্ষিণ পশ্চিমে ঘিলামৰাৰ পৰা প্রায় ৭কিমিটাৰ উত্তৰ পূৱত ঘুগুৱা অঞ্চলত এই দ’ল অৱস্থিত। ১৭৩৫ চনত স্বৰ্গদেউ শিৱসিংহই এই দল নির্মাণ কৰিছিল। প্রতি বৃহস্পতিবাৰে ইয়াত ভাগৱত পাঠ হয়। এই দ’লত শিৱৰাত্রিও পালন কৰা হয়। প্রাচীন কীৰ্তিচিহ্ন হিচাপে এই দলটিৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণ অতি প্রয়ােজন হৈ পৰিছে। দ’লটোৰ অৱস্থা বর্তমান অতি জৰাজীর্ণ। দ’লটোৰ প্রায় ২৫০ বিঘা দেবােত্তৰ মাটি আছে।

ধেমাজি কালীমন্দিৰ

ধেমাজি নগৰৰ সাপ্তাহিক বজাৰৰ কাষতে অৱস্থিত কালী মন্দিৰৰ আনুমানিক ১৮৭০-৮০ চনৰ ভিতৰত স্থাপিত। এই কালী মন্দিত কালী গােসাঁনীৰ পূজা কৰাৰ লগতে অন্য পূজাও কৰা হয়। বর্তমান মন্দিৰৰ পূজাৰী গােপাল শৰ্মাৰ মতে আদিতে এই মন্দিৰত বগা ম’হ বলি দিয়া হৈছিল। বর্তমান হাঁহ, ছাগলী আদি বলি দি ইয়াত পূজা কৰা হয়। এই মন্দিৰত বলি দি পূজা কৰিলে মনৰ কামনা পূৰ হয় বুলি মানুহৰ এটা বিশ্বাস আছে। এই মন্দিৰৰ প্রথম পূজাৰী আছিল লক্ষীনাথ বৰঠাকুৰ।

লেঙেৰী থানঃ

মাছখােৱাৰ পূৱত এই থান অৱস্থিত। প্রবাদ আছে যে শদিয়াৰ কেঁচাইখাতী গােসানী আহি ইয়াতে থিতাপি লৈছিল। বর্তমান এই থানত বলিবাহনেৰে পূজা সেৱা চলে। এই থানৰ ঘৰ-দুৱাৰ অতি জৰাজীর্ণ। এই থানত পূজা দিলে মনােকামনা পূর্ণ হয় বুলি মানুহৰ বিশ্বাস আছে।

মাছখােৱা শিৱদল

মাছখােৱা চাৰিআলিৰ পৰা প্রায় ২ কিলােমিটাৰ উত্তৰে ধেমাজি মাছখােৱা গড়কাপ্তানী পথৰ দাঁতিত চৌখাম গাঁৱৰ পূৱত অৱস্থিত এই দলটি শিৱসাগৰৰ শিৱদ’লৰ আৰ্হিত চূণ-চুৰুকীৰে আনুমানিক ১৯২০ চন মানত নির্মাণ কৰা হৈছিল। দ’লটোত এখন তামৰ ফলিও আছে বুলি জনা যায়। দৌলটো বর্তমানে জৰাজীৰ্ণ অৱস্থাত।

লখিমপুৰ জিলাৰ অন্যান্য দল দেৱালয়

ঘুগুৱা দ’লৰ পৰা কিছু উত্তৰলৈ মণিপুৰীয়া দেৱীৰথান। ইয়াত এটা দেৱী মূর্তি আছে। লখিমপুৰ মৌজাৰ তিনিকুৰীয়া সােণাৰী গাঁৱত আহােম ৰজাই দিয়া নিশিখেৰাজ মাটিত দেৱীৰ বিগ্রহৰে সৈতে বৈঠাৱতী গােসাঁনী থান নামৰ বর্তমানেও পূজা সেৱা চলি থকা এখন থান আছে। নাওবৈচা মৌজাৰ দেউৰামৰা বা পেৰাভাৰী গাঁৱৰ দেৱীৰ বিগ্রহ থকা মূৰাভগা গােসানীৰ থান নামে বর্তমানেও পূজাসেৱা চলি থকা এখন থান আছে। ঘাৰমৰা সত্ৰৰ ওচৰত নীল দেৱালয় নামৰ এখন দেৱালয় আছে। যিখন দেৱালয় আগেয়ে নগাঁৱৰ বেবেজিয়াত আছিল। এই দেৱালয়ৰ নামত আহােম ৰজাই দিয়া নিষ্পখেৰাজ মাটিও আছে। লালুক মৌজাৰ গেৰেলুৱা নৈৰ পাৰত লােণপানী দল নামৰ প্রাচীন দ’ল এটাৰ কিছু ভগ্নাৱশেষ আছে। প্রাচীন কালত হয়তাে দেৱালয়খন বিখ্যাত আছিল। মন্দিৰৰ সন্মুখৰ দুৱাৰৰ ওপৰত থকা ফুলকটা ৫’৩.৫”x১০”x১৩” ঘনফুট এচলা শিল, ৪’২”x১’৭”x১০” ঘনফুটৰ এচলা শিলৰ স্তম্ভৰ তল অংশ ৯’ পৰিধিৰ, মন্দিৰৰ ভিতৰফালে ওপৰত থকা পদ্ম পাই লালুক ইন্সপেক্ষন বঙলাটোৰ কম্পাউণ্ডত আনি থােৱা হয় ১৯৪০চনত। শিলৰ স্তম্ভৰ তল অংশত এটা হাতীৰ ওপৰত এটা সিংহ আৰু তাৰ ওপৰত লতা কটা আছে। পদ্মটোৰ ভিতৰ খাপৰ পৰিধি ৫’৯”আৰু সোঁমাজত ৩” ব্যাসৰ কালি আছে। ওৱেড চাহাবে এই দ’লক কামাখ্যা মন্দিৰ বুলিছে। লখিমপুৰ জিলাৰ গােহাঁইগাঁও মৌজাৰ চেলাজান কছাৰী গাঁৱত শিলৰ ৬ গােসাঁনীৰ মূৰ্তি থকা এখন থান আছে। যিখনক গৰখীয়া থান বােলে। মন্দিৰটো ভাগি ছিগি যায় আৰু বর্তমান অৱশিষ্ট থকা মন্দিৰটো মাত্র এটা কোঠাৰ। মন্দিৰটোৰ গড় অষ্টকোণীয়া। ইয়াৰ ভেটিটোও অষ্টকোণীয়া। মন্দিৰৰ দেৱালখন ৮ ফুট ওখ। মন্দিৰৰ চালখন ৫/৬ ফুটমান বহল। এই মন্দিৰ কোনে নির্মাণ কৰিছিল জনা নাযায়।

Leave a Reply

Your email address will not be published.