July 24, 2024

মহাপুৰুষীয়া থান সত্ৰ

মহাপুৰুষীয়া থান সত্ৰ

Table of Contents

গজলা ৰজনাখাট সত্ৰ Gojala Rajanakhat Hatro

বৰ্তমানৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰি গাঁৱত ১৯৬৮ চনত এই সত্র স্থাপন কৰা হয়। সৰু যদুমণি দেৱৰ এই সত্র যােৰহাট বৰহােলাৰ উত্তৰ পাৰত প্ৰতিষ্ঠা হৈছিল। পিছত এই সত্ৰ জোনাইৰ চিমেন চাপৰিত প্ৰতিষ্ঠা কৰা হয়। গােপাল আতাৰ চৰিত আৰু যদুমণিদেৱৰ চৰিত এই সত্ৰত সংৰক্ষণ কৰা হৈছে। সত্ৰৰ বিগ্রহ বিষ্ণু মূর্তি। নৃত্য-গীত, ভাওনা আদিৰ সুন্দৰ চর্চা এই সত্ৰত চলি আছে।

শলগুৰি সত্ৰ (চিমেন চাপৰি) Holguri Hatro

১৯৭৯ চনত পূর্ণকান্ত মহন্তই ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিত বৰদোৱাৰ লগত সম্পর্ক ৰাখি নতুনকৈ এই সত্র স্থাপন কৰে। মণিকূটত বিষ্ণুমূর্তি গুৰুপদচিহ্ন স্থাপন কৰা হৈছে।

তামােলবাৰী সত্ৰ (মাছখােৱা) Tamolabari Hatro

ধেমাজি মহকুমাৰ মাছখােৱাত তামােলবাৰী সত্র। হৰিদেৱ গােস্বামীয়ে নগাঁৱৰ মূল পুৰণিগুদাম সত্ৰৰ পৰা আহি এই সত্র পাতে। এই সত্র প্রথমে ঘিলামৰাত আৰু পিছত অকণচন্দ্ৰদেৱে ধেমাজিৰ বাটঘৰীয়াত সত্র পাতে। ১৯৫০ চনৰ ভূমিকম্পত সত্ৰখন বিধ্বস্ত হােৱাত পুনৰ মাছখােৱাত এই সত্র স্থাপন কৰা হয়। ঘিলামৰা, নাহৰকটীয়া, টিংখঙত এই সত্ৰৰ শাখা আছে। কেবাখনাে সাঁচিপতীয়া পুথি বহুতাে হাতেলিখা পুথিৰ উপৰিও এখন তিনিশ বছৰীয়া সিংহাসন এই সত্ৰত আছে।”

বটগঞা সত্র (হিলৈপৰা)Botgoya Hatro

ধেমাজি জিলাৰ ধেমাজি মহকুমাৰ কছাৰী পথাৰ হিলৈপৰা গাঁৱত বটগঞা সত্ৰৰ শাখা বটগা হিলৈপৰা সত্ৰ অৱস্থিত। ১৮২৬ শকৰ ব্ৰহ্মপুত্ৰৰ বানপানীত শালমৰা শুকান পুঁতিত থাকোতে বটগঞা সত্ৰখন উটুৱাই নিয়াত জয়দেৱৰ পুত্ৰ বেণুধৰৰ দুই পুত্র পানীখাতীত থাকে। বেণুধৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্রদ্বয় ৰসেন্দ্ৰ আৰু ভােলাদেৱ উত্তৰ পাৰৰ সাপতিয়াললৈ উঠি যায়। ১৯৫৫ চনৰ পৰা বৰ্তমানৰ স্থান বুতিকোৰ হিলৈপৰা গাঁৱত এই সত্ৰভাগ আছে । সত্ৰৰ বিগ্রহ কেশৱ ৰাই।

লখিমপুৰ ঘাৰমৰা সত্ৰৰ মূল নামঘৰ।

ঘাৰমৰা সত্ৰ Gharmra Hatro

মহাপুৰুষ শ্ৰীমন্ত শঙ্কদেৱৰ জীৱিত কালত বৈষ্ণৱ সম্প্রদায়ৰ পন্থভেদ হােৱা নাছিল। মাধৱদেৱে গুৰুজনাৰ বৈকুণ্ঠ প্রয়াণৰ আগে আগে তেৰাৰ পৰা মূল সম্প্রদায়টোৰ সংগঠন আৰু প্ৰচাৰৰ দায়িত্ব লাভ কৰে। মাধৱদেৱৰ আজ্ঞাপৰ গুৰুসকল হ’ল—জনিয়া সত্ৰৰ পুৰুষােত্তম ঠাকুৰ, বৰপেটাৰ মথুৰা দাস বুঢ়াআতা, কালজাৰ সত্ৰৰ গােপাল আতা, বদুলা সত্ৰৰ পদ্ম আতা, সুন্দৰীদিয়াৰ ৰামচৰণ ঠাকুৰ আতা, কুৰুৱাবাহীৰ বংশীগােপাল আৰু মাহৰা আৰু ঘামৰাৰ যদুমণি। এইজনা বৰ বা সৰু যদুমণিদেৱ নহয়। আধলীয়া (আধাৰ সত্ৰৰ) যদুমণিদেৱহে।.. উত্তৰ লখিমপুৰ নগৰৰ পৰা তিনি মাইল পূৱ-দক্ষিণৰ এই সত্র (ঘাৰমৰা) আদিতে কুণ্ডিলত আছিল বুলি জনা যায়। তাৰ পৰাই ই ডিব্ৰুগড় মহকুমাৰ চেঙাজান, তাৰ পিছত উত্তৰ লখিমপুৰৰ বৰদলনি মৌজাৰ বৰবিলাহত, তাৰ পিছত তাৰে মাছখােৱা মৌজাৰ ধেনুখনা নৈৰ পাৰৰ ঘাৰমৰা অঞ্চলত আৰু সর্বশেষত বর্তমান স্থানত বহে।১২

যদুমণি ধর্মাচার্যই দুগৰাকী বিবাহ কৰায়। প্রথম গৰাকীৰ পুত্র অচ্যুতানন্দ। এওঁৱেই ঘাৰমৰা সত্ৰ স্থাপন কৰে। দ্বিতীয় গৰাকীৰ পুত্ৰ পূৰ্ণানন্দ, জগতানন্দ আৰু কমলাকান্ত। পূৰ্ণানন্দই পটীয়ৰি সত্ৰ, জগতানন্দই মাহৰাৰ অধিকাৰ হৈ ডােখৰমুখ সত্র স্থাপন কৰে। যদুমণিদেৱৰ কনিষ্ঠ পুত্র কমলাকান্তই সৰু মাহৰা সত্ৰ স্থাপন কৰে।

যদুমণিদেৱ গােপাল মহন্ত।

এহিমতে অসম দেশ আসিলন্ত।।

যদুমণিদেৱ যাই। আধলিয়া গ্রাম পাই।।

ৰহিলন্ত সত্ৰ কৰি। হৰিৰ ভকতি ধৰি।।

যৈতে যৈতে পাৱে যাক। লাগিলন্ত শিকাইবাক। ৩

মানৰ শেষ আক্ৰমণত মান-দোৱনীয়া বা আন শত্ৰুৰ সঘন উপদ্ৰৱত অতিষ্ঠ হৈ নিৰাপত্তা বিচাৰি ঘামৰা সত্ৰৰ পৰা আনুমানিক ১৮১৯-২৪ চনৰ ভিতৰত মানে পতা ৰজা যােগেশ্বৰ সিংহলৈ চাৰে ছয় শাৰী হৰফেৰে সাঁচিপাতত লিখা সেই আপুৰুগীয়া ঐতিহাসিক দলিল স্বৰূপ চিঠিখনৰ নকল।

সম্প্রতি ঘামৰা সত্ৰত সংৰক্ষিত স্বৰ্গদেউ ৰুদ্ৰ সিংহ (১৬৯৬) প্রদত্ত সােণৰূপ খটোৱা খাটোলা

ঘাৰমৰা সত্ৰৰ চুতীয়া ৰজা প্রদত্ত বৰডবা।

শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈকুণ্ঠ প্রয়াণৰ পাছত মাধৱদেৱে বংশী গােপালদেৱ যদুমণিদেৱক ধর্মপ্রচাৰৰ বাবে পূৱলৈ পঠায়। মাধৱদেৱৰ অজ্ঞাতে উজনিলৈ যদুমণিদেৱ আৰু বংশী গােপালদেৱক এই কার্যত দামােদৰদেৱ আৰু জনাই উৎসাহিত কৰিছিল। এই মন্তব্য বাপচন্দ্র মহন্তৰ।

মাধৱে বােলন্ত যদুমণি গুৰু।

কৃষ্ণৰ ভকতি পথ দুয়াে প্রবর্ভাইবা।।

মহা বিশিষ্ট ব্রাহ্মণ ধর্মশালী।

থাকিবাহা হৰিভক্তি পথ প্রতিপালি।।

মহাপুৰুষৰ ধৰ্ম লােকত দেখাই।

একে প্রীতি থাকিবাহা কালক গৱাই।।

যেনমত জগতৰ কুশল মিলয়।

প্ৰকাৰে ভক্তি কৰিবে লাগায়।।

যুগম যুগম লােকৰ হিতাকাৰ।

মহাশুদ্ধ ধর্ম দেখাই আছয় শঙ্কৰ।।

ঘামৰা সত্ৰৰ সংগ্ৰহালয়ত থকা প্রাচীনতম পুথি-পাঁজিৰ

খ্রীষ্টীয় ত্রয়ােদশ শতিকাতে চুতীয়া ৰজাৰ পৃষ্ঠপােষকতা কুণ্ডিলত প্রথমে স্থাপিত বুলি কোৱা এই ঘাৰমৰা সত্ৰত ১৩৮৫ শকত চুতীয়া ৰজা সত্যনাৰায়ণে দান দিয়া পােন্ধৰ সেৰ ওজনৰ কাৰুকার্যখচিত লিপিযুক্ত অষ্টধাতুৰ এটা প্রকাণ্ড ঘণ্টা, সােণ, ৰূপ খটোৱা খাটোলা, ভূৱনমােহন বিগ্রহ’আদি বহুতাে অতি প্রাচীন সম্পদ সুন্দৰভাৱে সংৰক্ষিত হৈ আছে।

চুতীয়া ৰাজ প্রদত্ত জয়ঘণ্টা।

(প্রায় ১৫ কে.জি. ওজনৰ অষ্টধাতুৰে নির্মিত জয়-ঘণ্টাটো ১৩৫৮ শকত (১৪৬৩ খ্রীঃ) সত্য নাৰায়ণ নামৰ এজন চুতীয়া ৰজাই ঘামৰা সত্ৰৰ কোনাে এজন বংশধৰ ইষ্ট-দেৱতা ৰামৰ নামত উৎসর্গ কৰিছিল।)

এই ঐতিহ্যমণ্ডিত সত্ৰখনৰ বৰ্তমানৰ অশীতিপৰ অধিকাৰ শ্ৰীদয়াকৃষ্ণ গােস্বামী জ্ঞানী, গুণী, দানবীৰ আৰু বিশিষ্ট সমাজসেৱক। অসম-আৰুণাচল সীমান্তৰ বিভিন্ন জনগােষ্ঠীয় লােকৰ মাজত আৰু চাহ বনুৱাৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাতাে তেখেতৰ কম কৃতিত্ব নহয়। এই উদ্দেশ্য সফল কৰি তুলিবলৈকে তেখেতে চিলাপথাৰৰ ওচৰৰ লিকাবালিত আৰু লখিমপুৰৰ চিৰাজুলিত দুখন শাখা সত্ৰ পাতি চাহ বাগিচাৰ বনুৱা আৰু অৰুণাচলৰ বিভিন্ন জনগােষ্ঠীৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি আছে।

বৰমাহৰা সত্ৰ Bormahora Hotra

উত্তৰ লখিমপুৰ নগৰৰ পৰা তিনি কিলােমিটাৰমান আঁতৰতে নীল দেৱালয়ৰ পশ্চিমে বৰমাহৰা সত্ৰ। এই সত্ৰৰ পৰা আউনীআটি সত্ৰলৈ ডেকা অধিকাৰ পতাৰ পৰম্পৰা চলি আহিছে। সেই কাৰণে সত্ৰখনক ডেকা যােগনিয়াৰ সত্ৰ বুলিও কোৱা হয়। মাহৰা সত্ৰ আটাইতকৈ পুৰণি বামুণীয়া সত্র।

শ্রীশ্রী মাধৱদেৱ থান Shri Shri Madhobdev Than

ওৱেড চাহাবৰ বুৰঞ্জীখ্যাত কাচিকটা নৈৰ সমান্তৰালকৈ বৈ অহা আৰু এখন নৈ আছে—সেইখন হ’ল ৰঙাজান নৈ। কাচিকটা আৰু ৰঙাজান নৈৰ মাজতে মাধৱদেৱৰ থান। মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে এইখিনিৰে কোনােবা এঠাইত জন্মগ্রহণ কৰিছিল (১৪৮৯ খ্রীঃ)। অৱশ্যে মহাপুৰুষজনাই তেৰাৰ জন্মস্থান নাৰায়ণপুৰ বুলিহে উল্লেখ কৰিছে, নাৰায়ণপুৰৰ কোনাে এডােখৰ বিশেষ ঠাইৰ কথা উল্লেখ কৰা নাই-

নাৰায়ণপুৰৰ স্বাদক অন্নবৰ।

শস্যে মৎস্যে ধনে ধান্যে সুখীৱন্ত নৰ।

ব্রাক্ষণ সজ্জন সৱে ধর্মমতি।

সেহি নাৰায়ণপুৰে আমাৰ উৎপত্তি।

মহাপুৰুষ শ্ৰীমাধৱদেৱৰ জন্মস্থান নামঘৰ (লেতেকু পুখুৰী)।

ৰঙাজান আৰু লেতেকু পুখুৰীত ওচৰাউচৰিকৈ দুখন থান আছে। দুয়ােখনেই শ্ৰীশ্ৰীমাধৱদেৱ থান। একাংশ ভকতে গুৰুজনাৰ ভূমিষ্ঠ হােৱা ঠাই ৰঙাজান বুলি দাবী কৰি এখন থান ইয়াত পাতে। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ নেতৃত্বত অন্য একাংশ ভকতে আকৌ লেতেকু পুখুৰীয়েই মহাপুৰুষজনা ভূমিষ্ঠ হােৱা ঠাই বুলি ঠাৱৰ কৰি ইয়াতে এখন থান পাতে। দুয়ােখন থানেই চৰকাৰী সাহায্য লাভ কৰিছে। বর্তমান দুয়ােখন থান সমিলমিলেৰে চলি আছে।

মহাপুৰুষ শ্ৰীমাধৱদেৱৰ জন্মস্থান নামঘৰ (ৰঙাজান)।

ধুৱাহাট বেলগুৰি সত্র Dhuyaht Belguri Hatro

কুৰি শতিকাৰ প্ৰথমভাগতে মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰাত ভকতসকলে নাৰায়ণপুৰৰ মাকোৱাৰীত সত্ৰখন পুনৰস্থাপন কৰে। ১৮৬৭ শকৰ ৬ আহাৰ তাৰিখে ধুৱাহাট বেলগুৰি সত্ৰ নাৰায়ণপুৰৰ মাকোৱাৰী ৰিজাৰ্ভত স্থাপন কৰা হয়। অসম চৰকাৰে উক্ত ৰিজাৰ্ভৰ চল্লিশ বিঘা মাটি এই সত্ৰৰ নামত আবণ্টন দিয়ে। তিলেশ্বৰ বৰা বুঢ়াভকত ৰাজমেধিদেৱে তেখেতৰ নিজ খৰচত আৰু ২১বিঘা মাটি কিনি লয়। এই ৬১বিঘা মাটিতে প্রথমে স্থানান্তৰিত সত্ৰখন পুনৰ প্রতিষ্ঠিত হয়। গুৰু দুজনাৰ এই সত্ৰতেই প্রথম মিলন ঘটিছিল আৰু ওঠৰ বছৰ কাল এই সত্ৰতে দুয়ােজন একেলগে আছিল। লক্ষ্মীনাথ বেজবৰুৱাই এই সংযােগক ‘মণিকাঞ্চন সংযোেগ বুলি অভিহিত কৰিছে। ছালি নাচ এই সত্ৰৰ এক আপুৰুগীয়া কৃষ্টি।

শ্রীশ্রীপদ্ম আতা প্রতিষ্ঠিত শ্রীশ্রীবদুলা সত্ৰ।

শ্ৰীশ্ৰীবদুলা সত্ৰ আৰু শ্ৰীশ্রীফুলনী থান Shri Shri Bodula Hatro And Shri shri phuloni Than

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ গাৰ বদলেৰে তিতা চোমদাৰৰ পুত্ৰ শ্ৰীশ্ৰীবদুলা পদ্ম আতাই বৰনদীৰ পৰা ব্ৰহ্মকুণ্ডলৈকে উজনিৰ ধর্মাচাৰ্যৰ দায়িত্ব পাইছিল। এই পদ্ম আতায়েই নাৰায়ণপুৰৰ পিঠিকটা মুকুন্দৰ ফুলনীবাৰীত শ্রীশ্রীফুলনী থান আৰু জমদগ্নি ব্রাহ্মণৰ পৰা এতােলা সােণৰ বিনিময়ত লােৱা ‘কিনাভেটিত বদুলা সত্ৰ স্থাপন কৰে। এই দুখন থানে এসময়ত বৰনাৰায়ণপুৰ’ক কেন্দ্ৰ কৰি সমগ্ৰ উজনি অসমত নামধৰ্মৰ বাণী প্রচাৰৰ যােগেদি ধর্মসমাজক সমৃদ্ধ কৰি তুলিছিল। অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ মূল হােতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ

শ্রীশ্রীপদ্ম আতা প্রতিষ্ঠিত শ্রীশ্রীফুলনী থান।

আৰু তেৰাৰ প্রিয়শিষ্য মহাপুৰুষ শ্ৰীমাধৱদেৱৰ পাছতে যিসকল ধর্মাধিকাৰে নৱবৈষ্ণৱ আন্দোলনৰ বাঘজৰী হাতত লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শঙ্কৰ-মাধৱৰ কীর্তন ঘােষা নাম-প্রসংগৰে ঝংকাৰিত কৰি তুলিছিল সেই অগ্রণীসকলৰ অন্যতম আছিল বৰনাৰায়ণপুৰৰ ফুলনীথান, বদুলা সত্ৰ আৰু মাজুলীৰ কমলাবাৰী সত্ৰৰ প্রতিষ্ঠাতা শ্ৰীশ্ৰীবদুলা পদ্ম আতা। বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত তিনিখনকৈ গুৰু আসন প্রতিষ্ঠা কৰা আছে। শঙ্কৰদেৱ, মাধৱদেৱ আৰু তৃতীয়খন বদুলা পদ্ম আতাৰ। দীননাথ বেজবৰুৱাৰ বৰচৰিতত এই থান দুখনৰ কথা সুন্দৰকৈ উল্লেখ কৰা হৈছে। কথাগুৰু চৰিত’তে শতাধিক পৃষ্ঠাত শ্ৰীশ্ৰী বদুলা পদ্ম আতাৰ কার্যাৱলীৰ বর্ণনা আছে।

সত্ৰখনলৈ সােমাই যােৱা বাটৰ সোঁফালে খােলচোৱা পুখুৰী। বদুলা আতাই সত্ৰৰ খােল চোৱাৰ কাৰণে এই পুখুৰীৰ পাৰতে এঘৰ মানুহ বহুৱাইছিল কাৰণে এই পুখুৰীৰ নাম ‘খােলচোৱা পুখুৰী’ হয় বুলি কোৱা হয়।

বিষ্ণুবালিকুঞ্চি সত্র Bishnu Balikunchi hatro

বর্তমানৰ ধলপুৰ মৌজাৰ বিষ্ণুবালিকুঞ্চি নামে ঠাইত ১৪৭৫ শকৰ (খ্রীঃ ১৫৫৩) ১৫ ব’হাগ তাৰিখে মায়ামৰা সম্প্রদায়ৰ মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ জন্ম হয়। অনিৰুদ্ধদেৱে ভৱানীপুৰীয়া গােপাল আতাৰ লগত চাৰি বছৰ থাকি ঘূৰি আহি পিচলা নৈৰ পাৰত ১৬০২ চনত বিষ্ণুবালিকুঞ্চি সত্র প্রতিষ্ঠা কৰে। কিন্তু ডফলাৰ উপদ্ৰৱত থাকিব নােৱাৰি পাঁচবছৰৰ পাছত বিহপুৰীয়া মৌজাৰ খ’ৰা অঞ্চলৰ মৰনৈৰ কাষৰ এডােখৰ ঠাইত নাহৰগছ আটি পাতি ৰুই নাহৰ আটি সত্র’ প্রতিষ্ঠা কৰে। এই সত্র প্রতিষ্ঠা সম্পর্কে অন্য এটি আখ্যানাে পােৱা যায়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তন্ত্র-শাস্ত্র (কল্পতৰু) খনি অনিৰুদ্ধদেৱে হেনাে চুৰ কৰি আনি অলৌকিক শক্তি আহৰণ কৰিলে। গুৰুজনাই কথাটো গম পাই দুখ আৰু খঙত অনিৰুদ্ধক ব্ৰহ্মপুত্ৰৰ মাজতে এৰি থৈ আহিল। শাস্ত্ৰখনৰ অলৌকিক শক্তিৰ প্রভাৱত পিছত সাঁতুৰি পাৰ হৈ আহি মােৱামৰীয়া বিলৰ পাৰত উঠেহি। তাত থকা নাহৰ গছবিলাকৰ মাজতে পুৱা-গধূলি প্রসঙ্গ কৰা ওচৰৰ কৈৱৰ্তসকলে শুনি সন্তুষ্ট হৈ তেওঁক গুৰু মানি ল’লে আৰু তাতে নাহৰণি থান’ প্রতিষ্ঠা হ’ল। অৱশ্যে এই আখ্যান কিমানদূৰ সত্য ঠাৱৰ কৰা টান। অনিৰুদ্ধদেৱে এই সত্ৰতেই শেষ নিশ্বাস ত্যাগ কৰে। মটক, মৰাণ আদি লােকক ধর্মমুখী কৰাৰ কৃতিত্ব অনিৰুদ্ধদেৱৰ।

নাহৰণি থানৰ ওচৰতে কন্দলি পুখুৰী। অনিৰুদ্ধদেৱৰ পুৰােহিত ব্রাহ্মণজনৰ উপাধি আছিল কলি। গভীৰভাৱে শাস্ত্র-চর্চা কৰা ব্রাহ্মণক কন্দলি বুলি কোৱা হৈছিল। কন্দলি উপাধিৰ এই ব্রাহ্মণজনে পুখুৰীটোৰ পাৰত থাকিবলৈ লােৱাৰ বাবে পুখুৰীটোৰ নাম কন্দলি পুখুৰী হয়। ওচৰতে ‘সান্দহখােৱা পুখুৰী বুলিও এটা পুখুৰী আছে। এই পুখুৰীৰ নামেৰেই ঠাইডােখৰৰ নামাে সান্দহখােৱা হয়। ডফলাই ইয়াৰ পাৰতে সমূহীয়াভাৱে এদিন সান্দহৰ জলপান খাইছিল বাবে পুখুৰীটোৰ নাম সান্দহখােৱা পুখুৰী হ’ল বুলি কোৱা হয়।

সাউকুছি সত্র Shawkusi Hatro

নাৰায়ণপুৰ কেন্দ্ৰৰ পৰা প্ৰায় ডেৰকিলােমিটাৰ দূৰত ‘সাউকুছিসত্র’। মাধৱদেৱে লিখিছে-

‘সাউদসকলৰ তাত বাণিজ্য আছিল।

এতেকতে সাউকু ছি গ্রাম্য বুলিছিলা।।

লােকমুখে আৰু বােলে সাউকুছি গ্রাম।

দেশৰ আছিলা নাৰায়ণপুৰ নাম।।

সাউকুছি গাঁৱতে বিখ্যাত ৰাধাপুখুৰী’। ৰাণী সর্বেশ্বৰী কুঁৱৰীয়ে এই পুখুৰী খন্দোৱা বুলি অনুমান কৰা হয়। পুখুৰীটো আধা খন্দোৱাকৈ এৰি দিয়া বাবে আধা পুখুৰী আৰু পিচত ৰাধাপুখুৰী হ’ল বুলি কোনাে কোনােৱে কয়। কোনাে কোনােৰ মতে আকৌ আহােম ৰজা লক্ষীসিংহই তেওঁৰ পত্নী ৰাধাৰ নামেৰে এই পুখুৰী খুন্দাইছিল।

ভাটৌকুছিয়া কেশৱচৰণ আতা প্রতিষ্ঠিত শ্রীশ্রী ভাটৌকুছিসত্র।

ভাটৌকুছি সত্র Vatoikusi Hatro

ধলপুৰ মৌজাৰ কাঠনিৰ ভাটৌকুছিত কেশৱচৰণ ভাটৌকুছিয়া আতাই ‘ভাটৌকুছি সত্র’ স্থাপন কৰে। কথাগুৰুচৰিতৰ মতে ৰজা বুদ্ধিস্বৰ্গনাৰায়ণে ভূঞাসকলক শলখনৈ নিয়াত কেশৱচৰণৰ পিতৃ-মাতৃ পলাই গৈ ভঙাচেঁকীত এঘৰ বামুণৰ ঘৰত থাকেগৈ। তাতে পলাই থকাৰ সাত মাহৰ পাছত কেশৱচৰণ আতাৰ ১৫২৭ শকত (খ্রীঃ ১৬০৫) জন্ম হয়। এই গৰাকী আতাপুৰুষৰ ১৫৮৭ শকত (খ্রীঃ ১৬৬৫) পৰলােক প্রাপ্তি ঘটে। কিছু বছৰ আগলৈকে কমলাবাৰীৰ ভকতে ইয়াত নাম প্রসঙ্গ চলাই আছিল বুলি জনা যায়। বর্তমানে সত্ৰখনক কিছু নতুন ৰূপত সজাই পৰাই তােলাৰ চেষ্টা চলিছে।

ওচৰৰে কচুৱাত এটা বৃহৎ পুখুৰী আছে। ইয়াক ‘একাদহীয়া পুখুৰী’ বুলি কোৱা হয়। একাদশী নামৰ এজন ব্রাহ্মণ পণ্ডিত এই পুখুৰীটোৰ পাৰত আছিল বাবেই পুখুৰীটোৰ নাম ‘একাদহীয়া পুখুৰী হয় বুলি মানুহে কয়।

নেপালী লােকসকলৰ গােৱিন্দ মন্দিৰ Nepali Lokshokolor Gobindho Mondir

নাৰায়ণপুৰৰ আউনীবড়ী গাঁৱত মাহবধাৱা পুখুৰী’ নামৰ এটা ডাঙৰ পুখুৰী আছে। ইয়াৰ পাৰতে নেপালী লােকসকলৰ এটা গােৱিন্দ মন্দিৰ আছে।

সাহী থানঃ নাৰায়ণৰপুৰৰ সক্ৰাহী গাঁৱত ‘সাহী থান’। এই মহাপুৰুষীয়া থানখন বর্তমানে মাজুলীৰ কমলাবাৰী সত্ৰৰ লগত সম্বন্ধিত।

হমৰা থানঃ ওৱড চাহাবৰ মতে কাচিকটা নৈৰ পাৰৰ হেমাৰবড়ি গাঁও বাংফাং অঞ্চলত। ৱেড চাহাবে An Account of Assam ত নাৰায়ণপুৰ অঞ্চলত নাৰায়ণপুৰ আৰু বাংফাং নামৰ দুখন ৰাজ্যৰ কথা উল্লেখ কৰিছে। ভৱানীপুৰীয়া গােপাল আতাৰ নাতি ৰামকৃষ্ণই পােনতে ইয়াত সত্ৰ পাতে। বর্তমান এই ঠাই হমৰা থান বা হমৰা গাঁও বা হমৰা কাচিকটা নামেৰে জনাজাত। ইয়াৰােপৰি বদতি ঘাটৰ ওচৰত ‘ছাঙ্গিণী’ আৰু কলানি’ নামৰ দুখন মিচিংসকলৰ মহাপুৰুষীয়া থান আছে।

ডেবেৰাপাৰ সত্র Deberapar Hatro

ওৱেড চাহাবৰ মতে ডেবেৰাপাৰ বাংফাং অঞ্চলতে। বংশী গােপালদেৱে কমলাবাৰীত সত্ৰ পাতিছিল যদিও দফলাৰ উৎপাতত তিষ্ঠিব নােৱাৰি ডেবেৰাপাৰত ‘ডেবেৰাপাৰ সত্ৰ’ পাতেহি। এই কার্যত ভৰালী গোঁহাই আৰু সােন্দৰ গগাহাঁই নামে দুজন আহােম বিষয়াই সহায় কৰে। ইয়াতে অনিৰুদ্ধদেৱ আৰু বৰ যদুমণিদেৱ বংশী গােপালৰ সত্ৰত আছিলহি। ইয়াতে বংশীগােপালে বেলগুৰিৰ পৰা শঙ্কৰদেৱৰ মদন গােপাল মূর্তি পায় আৰু জগন্নাথৰ পৰা গােৱিন্দ ঠাকুৰৰ হতুৱাই মূর্তি অনাই (কোনােৰ মতে যদুমণিদেৱৰ হতুৱাই) প্রতিষ্ঠা কৰিছিল। ৰাজ নিহত পৰাত দেৱগােপালে এই সত্ৰ এৰি বাৰখন বেলেগ বেলেগ ঠাইত পলৰীয়া সত্ৰ কৰি ফুৰি শেষত কুৰুৱাবাহী সত্ৰ পাতে। কঁাহিকুছি, কলাবাৰী, ডেবেৰাপাৰ আৰু কুৰুৱাবাহী— এই কেইখনেই দেৱগােপালৰ নিজা ঘাই সত্ৰ আছিল।

শিয়ালমৰা সত্ৰ Shiyalmora Hatro

কনৌজৰ পৰা অহা কাশ্যপগােত্রীয় শ্রীহৰিদেৱ আচার্যই ব্রহ্মসংহতিৰ অন্যতম ধর্মাচার্য বংশী গােপালৰ আজ্ঞাৰে ষষ্ঠদশ শতিকাৰ আগভাগত মাজুলীৰ বহিষখােৱা চাপৰিত প্রথমে এই সত্র প্রতিষ্ঠা কৰে। বহিখােৱা চাপৰিৰ নামেৰে সত্ৰখনৰ নাম বহিৰ সত্ৰ হৈছিল। প্ৰবাদ মতে পৰৱৰ্তীকালত আহােম স্বৰ্গদেউ ৰূদ্ৰসিংহই নৌকাযাত্রা কৰোঁতে হঠাৎ কাষৰ চাপৰিত ডবা-শঙ্খৰ মাত শুনি সেই ঠাইত কোনে ধর্ম প্ৰৱৰ্তাইছে তাক জানিবৰ বাবে মানুহ পঠালে যদিও ধ্যানমগ্ন হৈ বহি থকা ধর্মাচার্যজনে কোনাে উত্তৰ নিদিলে। এই কথা ৰজাই জানিব পাৰি এটা স্বৰ্ত ঘােষণা কৰিলে—যদি মণিকূটৰ কাষত থকা পকা ঔটেঙা খাবলৈ আহি ৰাতি শিয়ালবােৰ মৰি থাকে, তেতিয়া গোঁসাইৰ মহিমা প্রকাশ হ’ব— অন্যথা ৰাজ আজ্ঞা অৱহেলা কৰাৰ বাবে তেওঁৰ মৃত্যুদণ্ড হ’ব। পিছদিনা চৰিয়াৰ মুখে ৰজাই জানিব পাৰিলে যেৰাতি ঔটেঙা পৰি অসংখ্য শিয়ালৰ মৃত্যু হ’ল। তেতিয়াৰ পৰা সত্ৰখনিৰ নাম ‘শিয়ালমৰা সত্ৰ হ’ল আৰু চাপৰিটোৰাে নাম শিয়ালমৰা চাপৰি হ’ল বুলি ৰজাই ঘােষণা কৰিলে। বর্তমান সত্ৰখন এই নামেৰেই পৰিচিত।

ব্ৰহ্মপুত্ৰৰ প্রবল খহনীয়াত শিয়ালমৰা চাপৰি জাহ যােৱাত সত্ৰখন যােৰহাটৰ হাতীগড় অঞ্চললৈ উঠি যায়। তাৰপৰা এটা শাখা গােলাঘাটৰ পদুমণিলৈ উঠি যায়। শেষত ১৯০৩ চনত সত্ৰাধিকাৰ খগেন্দ্র নাথ গােস্বামী যােৰহাটৰ মূল সত্ৰৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ চৰাইদলনী মূঢ়ানী গাঁৱত বসতি স্থাপন কৰেহি। পিছত ইয়াৰ পৰা প্রায় ১৫ কিলােমিটাৰ উত্তৰৰ ভােলাবড়ি অঞ্চলৰ বৰনাহৰণি গাঁৱলৈ ১৯৫০ চনত সত্ৰখনি উঠি আহে। তেতিয়াৰ পৰা বৰ্তমানলৈকে সীমান্তৱর্তী এই অঞ্চলটোত সত্ৰখনে বৈষ্ণৱ আদর্শ প্রচাৰ-প্ৰসাৰত আত্মনিয়ােগ কৰি আহিছে। সত্ৰাধিকাৰ খগেন্দ্র নাথ গােস্বামীৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ স্বর্গীয় দুগ্ধনাথ দেৱগােস্বামী সত্ৰাধিকাৰ হয়। যােৰহাটৰ মূল সত্ৰৰ এইজনা সত্ৰাধিকাৰ স্বৰ্গগামী হােৱাৰ পাছত শ্রীকেশৱচন্দ্র দেৱগােস্বামীয়ে শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব বহন কৰি আছে। উল্লেখযােগ্য যে সত্ৰখনিত বৰ্তমানলৈকে ১৯ গৰাকী সত্ৰাধিকাৰে জ্যেষ্ঠানুক্রমে ধর্মবস্তু বিলাই আহিছে।

শিয়ালমৰা সত্ৰৰ লগত মাজুলীৰ দক্ষিণপাট সত্ৰৰ অঙ্গাঙ্গী সম্বন্ধ আছিল। বেণুধৰ শৰ্মা ৰচিত দক্ষিণপাট সত্ৰৰ মতে শিয়ালমৰা সত্ৰৰ কুশদেৱ গােসাঁই দক্ষিণপাট সত্ৰৰ ভাগৱতী আছিল। তদুপৰি পৰৱৰ্তী সত্ৰাধিকাৰ নাৰায়ণদেৱক শিয়ালমৰা সত্ৰৰ কামদেৱ গােসাঁয়ে শৈশৱকালত শিক্ষাপ্রদান কৰিছিল। পৰৱৰ্তীকালত শিয়ালমৰাৰ জীৱেশ্বৰদেৱ দক্ষিণপাটৰ বৰপূজাৰী পদত অভিসিক্ত হ’ব পাৰিছিল। বর্তমানেও মাজুলীৰ দক্ষিণপাট সত্ৰৰ হাটীত শিয়ালমৰা গােসাঁই বসবাস কৰা এটি বহা সংৰক্ষিত হৈ আছে। দক্ষিণপাট সত্ৰৰ লগত বহুদিনীয়া সম্পর্কৰ আঁত ধৰিয়েই ড° মহেশ্বৰ নেওগে ‘পবিত্ৰ অসম’ গ্রন্থত শিয়ালমৰা সত্ৰক দক্ষিণপাটৰ পুৰােহিতৰ সত্ৰ বুলি লিখিছে যদিও সিয়েই সত্ৰখনিৰ একমাত্ৰ চিনাকি নহয়।

আঁহতগুৰি সত্ৰ (বৰবালি) Aahatguri Hatro

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ বৰবালি চমুৱা গাঁৱত এই সত্ৰ অৱস্থিত। শ্ৰীৰাম আতাৰ পৰা বঢ়া সত্ৰখন ১৫৬৫ শকত (১৬৪৩) প্রতিষ্ঠিত। গােত্ৰ পৰাশৰ, প্ৰবৰ পৰাশৰ, শক্তি বশিষ্ঠ অধিকাৰসকল ব্রাহ্মণ। সত্ৰৰ বিগ্রহ বাসুদেৱ। সত্ৰৰ পুৰণি সাঁচিপতীয়া পুথিসমূহ ১৯৮৭ চনৰ বানপানীত নষ্ট হয়। বর্তমান শঙ্কৰদেৱ, ঠাকুৰ আতা, গােপাল আতা, আৰু শ্ৰীৰাম আতাৰ চৰিত পুথি সত্ৰত আছে। শ্ৰীৰাম আতাৰ চৰিত পুথিখন ইতিমধ্যে ছপা হৈছে।

লখিমপুৰ জিলাৰ বৰবালিৰ আঁহতগুৰি সত্ৰৰ মণিকূটৰ থাপনা।

আঁহতগুৰি বৰসত্র (যমুনাখাত) লখিমপুৰ জিলাৰ খােৰাজখাত মৌজাৰ যমুনাখাত গাঁৱত অৱস্থিত। শ্ৰীযুত সদাচন্দ্র গােস্বামী বর্তমান এই সত্ৰৰ অধিকাৰ পদত আছে।

শ্রীশ্রীআহঁতগুৰি বৰসত্ৰৰ (যমুনাখাত) বংশ লতা-

শ্ৰীৰাম,

ৰামানন্দ

ৰামগােপাল।

কমলনয়ন

চান্দ বয়ন

মহেশ্বৰ

লক্ষীকান্ত

কৃষ্ণকান্ত

জগন্নাথ

মাণিকচন্দ্র

চন্দ্র নাথ।

ব্ৰহ্মাৰ মানসপুত্র বশিষ্ঠ, তৎপুত্র শক্তি, তৎপুত্ৰ পৰাশৰ। কনৌজপুৰে বংশােদ্ভৱ, পুৰুষঃ পীতাম্বৰ দেৱ ৱ চক্রবর্তী তৎপুত্র ভট্টনাৰায়ণ, তৎপত্র তৎপুত্র কলাপচন্দ্র, কারি তাৰাপতি, তৎপুত্র গােৱিন্দ মিশ্র, তৎপুত্র শ্ৰীৰাম।

সপ্তপুৰুষ শ্ৰীৰাম আতা ঈশ্বৰ প্ৰভুৱে ভৱানীপুৰীয়া গােপাল আতাত প্রতি মন চরি শৰণ লভি অশ্বত্থ বৃক্ষমূলে সত্ৰ প্ৰতিষ্ঠা কৰে। ভকত-বৈষ্ণৱব্ৰাহ্মণ-সজ্জনক লৈ আমি ৯ বিক্ষোভ ত চাৰিহাটী পাতি সত্ৰ বহুকাল চলাই পুত্ৰ ৰামানন্দদেৱক দায়িত্বভাৰ অৰ্পি গুৰুৱে ইহ কানন্দ দেৱৰ পাছত পুৰুষানুক্রমিক, ৰামগােপাল, কমলনয়ন, চান্দবয়ন, সংসাৰ এৰে।ৰামানন্দু মন জয় কমিটির । মহেশ্বৰ, লক্ষীকান্ত, কৃষ্ণকান্ত এইসকলে মাজুলীৰ নাচনীপাৰত সত্ৰ চলায়। কালৰ ব্রহ্মপুত্র নদীৰ কোবাল গ্রাসত পৰি ইংৰাজী প্রায় ১৯৪২ চন মানতে করতে ফলে দেৱৰ পুত্ৰ জগন্নাথ দেৱে উজাই আহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ হয়ে অঞ্চলৰ খেৰাজখা। মৌজাৰ অন্তৰ্গত যমুনাখাত গাঁৱত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু এই মধ্য স্থানতেই সত্র প্রতিষ্ঠা কৰে১৯৪৬ চনত জগন্নাথ ভক । প্রভুক সত্ৰাধিকাৰ নিমালি প্রদান ক কার করে কৰে। শিষ্য-প্রশিষ্য আদিৰে সত্ৰৰ চাৰিহাটী পাতি সত্র রাত কামনায়ক নাতি পৰিচালনা তথা ধর্ম-চর্চা কৰাৰ লগতে কলা সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগায়। শৰণ, ভজন, আদি ধর্মীয় পৰম্পৰাৰ লগতে সত্ৰীয়া গীতবাদ্য আদিৰে গায়ন, বায়ন, সে ছিল কোচ। : না, নাট, ভাওনা প্রদর্শন, বৰগীত, ভটীমা চালি নাচ, সূত্র নাচ, ঝুমুৰা নাচ আদিৰে সত্ৰীয়া হন তিনি। প্রতিভা বিকাশৰ ভূমিকাও অন্যতম। সুদীর্ঘ কাল সৎসঙ্গত অতিবাহিত কৰাৰ পাছত আর কয়েক ইং ১৯৬৯ চনত এই গৰাকী প্রভুৱে ইহ সংসাৰ ত্যাগ কৰে। বৈষ্ণৱ সজ্জন তথা নয়’ সত্ৰৰ ঐতিহ্য ৰক্ষাৰ বাবে পুনৰ সেই আসনত তেখেতৰেই জ্যেষ্ঠ পুত্র মাণিকচন্দ্ৰদেৱ গােস্বামী প্রভূক অধিস্থিত কৰোৱা| হয়। প্রভুৱে সত্ৰ সকলোেভকতৰ শিষ্য-প্রশিষ্যৰ মাজত প্ৰাথমিক বিদ্য়ালয়ত চাকৰি জীৱন অতিবাহিত কৰি ইংৰাজী ১৯৮৩ চনত ইহলীলা ত্য়াগ কৰে।

কালৰ কুটিল গতিত প্রভুসকলৰ মহাপ্রয়াণ হলেও সত্ৰৰ ঐতিহ্য তথা ধর্ম ৰক্ষাৰ বাবে উক্ত কৰ্মৰাজি মাণিক মাণিকচন্দ্র গােস্বামী স্থায়ীতৰ জোছ ভাত মদন চন্দ্র জ্যেষ্ঠ দেৱগােস্বামী প্রভুৱে নিখুঁতভাৱে চলাই গৈ সামাজিক বাতাবৰণ অক্ষুন্ন ৰাখি সত্ৰৰ গৌৰবােজ্জ্বল কৰিছিল যদিও ইংৰাজী ১৯০৩ চনত এইজনা গুৰুৱেও সকলাে ত্যাগী ইহ সংসাৰ এৰে।

বর্তমান মদনচন্দ্র দেৱগােস্বামী প্রভুৰ জ্যেষ্ঠপুত্ৰ শ্ৰীযুত চন্দ্রনাথ দেৱগােস্বামী সমূহ ৰাইজ তথা শিষ্য বৰ্গৰ অনুমতিক্রমে সত্ৰীয়া নীতিনিয়মেৰে সত্ৰাধিকাৰৰ নিৰ্মালি প্রদান কৰা হয়।

ধৰমগড় সেৱা আশ্রম Dhoromgor Sheba Aasrom

লখিমপুৰ জিলাৰ পশ্চিম প্রান্তৰ ধলপুৰ মৌজাৰ উত্তৰে অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চলত ১৯৫৮ চনত প্রভু বৈষ্ণৱাচার্য শ্রীশ্রী অষ্টশত কৃষ্ণকান্ত মহাৰাজ প্রভুৱে অঞ্চলটোৰ ৰাইজৰ সহযােগত ধৰমগড় সেৱা আশ্রম প্রতিষ্ঠা কৰে। লগে লগেই অঞ্চলটোত এক আধ্যাত্মিক আৰু নৈতিক জাগৰণৰ সৃষ্টি হয়। শিক্ষাৰ উন্নয়নৰ বাবে নিম্ন উল্লেখিত বিদ্যালয় কেইখন আশ্ৰমৰ নামকৰণেৰে প্রতিষ্ঠা কৰা হয়— ২নং ধমাৰগড় প্রাথমিক, ধৰমগড় সেৱাশ্রম মধ্য ইংৰাজী বিদ্যালয়, ধর্মগড় সেৱাশ্রম হাইস্কুল। তদুপৰি ধৰমগড় সেৱাশ্রম ডাকঘৰ, ধৰমগড় সেৱাশ্রম স্বাস্থ্য উপকেন্দ্র আদিও এই আশ্ৰমৰ নামেৰেই নামাঙ্কিত। এইদৰে শিক্ষা, স্বাস্থ্য আৰু ধর্মীয় দিশত ৰাইজক আগবঢ়াই নিয়াৰ উপৰিও শ্রীমুখৰ দ্বাৰা প্ৰচাৰিত হৰেকৃষ্ণ হৰে ৰাম’ নামৰ প্ৰচাৰেৰে দশােদিশ মুখৰিত হয়। এই প্রচাৰে গুৱাহাটী, নগাঁও, ছিলং, যােৰহাট, বিশ্বনাথ চাৰিআলি, ডিব্ৰুগড়, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি আদি বিস্তৃত অঞ্চল সামৰি লয় আৰু এই ঠাইবােৰত থকা তেৰাৰ শিষ্য-প্রশিষ্যবর্গই এই নামৰ প্রচাৰ চলায়। এনেদৰে এই মহাৰাজ প্রভুৱে শৰণ-ভজন প্রদানেৰে ধর্মপ্রাণ ৰাইজৰ কল্যাণ সাধন কৰি ১৯৭৯ চনত মহাপ্রয়াণ কৰে। মহাৰাজ প্ৰভুৰ মহাপ্রয়াণৰ পাছত তেৰাৰ প্রধান শিষ্য, ভক্ত শ্ৰীৰবীন্দ্র নাথ গােস্বামী প্রভুৱে আশ্ৰমখনৰ অধ্যক্ষ আৰু পৰিচালকৰ দায়িত্বত থাকি বর্তমানলৈকে সুন্দৰভাৱে সেৱা আগবঢ়াই আছে।

কেবাগৰাকীও মহাপুৰুষৰ পবিত্র জন্মস্থান এই নাৰায়ণপুৰ আৰু বিহপুৰীয়া অঞ্চল সমগ্ৰ উজনি অসমতে এটা সময়ত নামধৰ্মৰ বাণী প্রচাৰ কৰি ধৰ্মসমাজক সমৃদ্ধ কৰি তুলিছিল। বিহপুৰীয়াৰ আদিম অধিবাসী আছিল মােৱামৰীয়াসকল। লুইতৰ পাৰে পাৰে থকা মিচিংসকলেই এই অঞ্চলৰ পুৰণি বাসিন্দা। সােৱণশিৰিৰ বালিত সােণ কমােৱা সােণােৱাল কছাৰীৰ কিছুসংখ্যক লােক এটা সময়ত শদিয়াৰ পৰা আহি এই বিহপুৰীয়াত বসতি কৰিবলৈ লয় আৰু সােণ কমােৱা এৰি কৃষিকৰ্মত মন দিয়ে। যােৰহাটৰ তিতাবৰ অঞ্চলৰ পৰা এটা সময়ত ঠেঙাল কছাৰী সকলাে এই অঞ্চললৈ আহে। পিছত শিৱসাগৰ, যােৰহাট, গােলাঘাট দেৰগাঁও আৰু মাজুলীৰ পৰা বহুলােক আহি এই অঞ্চলত বসতি কৰিবলৈ লয়। কুৰি শতিকাৰ প্ৰথমভাগত মৈমনসিং জিলাৰ পৰা বহু মুছলমান লােক বিহপুৰীয়ালৈ আহে আৰু পিছত তেওঁলােকে বর্তমানৰ ইছলামপুৰত বসতি কৰিবলৈ লয়। দেশ বিভাজনৰ আগে-পাছে বহুতাে বঙালী লােকো এই অঞ্চললৈ আহি বসতি কৰিবলৈ লয়। উল্লিখিত বিভিন্ন জাতিৰ লােকসকলে তেওঁলােকৰ নিজ নিজ ধর্মৰ মন্দিৰ, মছজিদ আদি স্থাপন কৰে আৰু সকলােৰে এক সুন্দৰ সংমিশ্ৰণত গঢ়ি উঠিছে অঞ্চলটোৰ বৰ্তমানৰ ধর্মীয় আৰু সামাজিক গাঁথনি।

ভৱানীপুৰীয়া গােপাল আতাৰ আজ্ঞাপৰ পুৰুষােত্তম আতাই নাৰায়ণপুৰৰ মাকোৱাৰীত কাথপাৰ সত্ৰ নামৰ এখন সত্ৰ পাতিছিল যদিও মানৰ আক্ৰমণৰ সময়ত এই সত্ৰ এৰা পৰিল। (বিষদ বিৱৰণ পিছত আছে)।

মহাপুৰুষ হৰিদেৱে ১৪২৬ খ্রীঃত নাৰায়ণপুৰৰ সক্ৰাহীত জন্মগ্রহণ কৰে। এওঁৰ পূৰ্বপুৰুষ নৰােত্তম কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতে অসমলৈ আহে। সৰুতে পিতৃমাতৃৰ বিয়ােগ হােৱা হৰিদেৱে ১৬ বছৰ বয়সৰ পৰা ১১ বছৰ কাল বিভিন্ন তীর্থস্থানত শিক্ষা লাভ কৰে। সক্ৰাহীত হৰিদেৱে নাৰায়ণপুৰ সত্র’ নামৰ এখন সত্ৰ পাতিছিল। ইয়াৰ ওচৰতে ঐতিহ্যমণ্ডিত হৰি পুখুৰী।

নাৰায়ণপুৰত বৰদেউৰী গাঁও নামৰ এখন ডাঙৰ গাঁও আছে। এই গাঁও দেউৰীসকলৰ বাসস্থান। উদ্দেশ্যপুৰ কিনাপথাৰ, মাজৰ চাপৰি, বৰচাপৰি, ভােগপুৰ দেউৰী গাঁও আদি ভালেকেইখন দেউৰী গাঁও এই অঞ্চলত আছে। দেউৰীসকলৰ প্রধানকৈ তিনিটা খেল আছে— ডিবঙীয়া, টেঙাপনীয়া আৰু বৰগঞা (টেঙাপনীয়া আৰু বৰগঞা খেলৰ দেউৰীলােক এই অঞ্চলত খুব কম)। পাতৰগঞা নামৰ এটা খেলাে এওঁলােকৰ আছে। ডিবঙীয়া সকলে ‘গিৰা-গিৰাচী’ক (শিৱ-পাৰ্বতী), টেঙাপানীয়াসকলে ‘পিচাদেমাক (বলীয়া বাবা), আৰু বৰগঞাসকলে ‘পিচেচী’ (কেঁচাইখাতী) ক তেওঁলােকৰ উপাস্য দেৱ-দেৱী হিচাপে পূজা কৰে। ধর্মপালনৰ বাবে দেউৰীসকলৰ প্ৰতিখন গাঁৱতে একোখন থান, ‘দেওশাল বা গােসাঁনী শাল (মিডিকু)’ থাকে। বৰদেউৰী আৰু কিনাপথাৰ গাঁৱৰ দেওশাল বা মিডিকু দুখন অতি পুৰণি। এইবিলাকৰ উপৰিও লখিমপুৰ জিলাৰ আৰু কেইখননাম সত্ৰৰ কথা উল্লেখ কৰিব লাগিব।

গােমােঠা মাহৰা সত্ৰ Gamotha Mahora Hotro

জিলাখনৰ সান্দহখােৱা গাঁৱত টিয়ক মাহৰাৰ পৰা বঢ়া গােমমাঠা মাহৰা সত্ৰ অৱস্থিত। ১৯৩৮ চনত এই সত্র স্থাপন কৰা হয়। সত্ৰৰ শিষ্যসকলৰ ভিতৰত দেউৰী, মিচিং, বঙালী, নেপালী আদি বিভিন্ন সম্প্রদায়ৰ লােক আছে। সত্ৰখনৰ পিতলৰ বৰডবা, বৰতাল, বৰকাহ, ৰূপৰ পাদুকা, সােণৰ গােপাল মূর্তি আদি বহুতাে মূল্যৱান সম্পদ আছিল যদিও সেইবােৰ চুৰি হ’ল। সত্ৰখনত সার্বজনীন সাংস্কৃতিক কলা কেন্দ্র নামে এটা অনুষ্ঠান আছে। চমুৱা আৰু জাপিসজিয়াত এই সত্ৰৰ শাখা আছে।

অগ্নি ফুলবাৰী সত্ৰ (ফুলবাৰী পুনিয়া) Aogni Phulbari Hotro

লখিমপুৰৰ ফুলবাৰীত স্থাপিত এই সত্ৰৰ দায়িত্ব পুৰুষােত্তম ঠাকুৰৰ হৈ পৰশুৰামদেৱে ব্রাহ্মণ শিষ্য মুকুন্দদেৱক দিছিল। সত্ৰখন পাছত দক্ষিণ পাৰলৈ আনি যােৰহাটৰ চৌং হাতীগড়ৰ নাওশলিয়া গাঁৱতপতা হয়। এই সত্ৰৰ বিগ্রহ যাদৱৰাই। ফাল্লুৎসৱ আৰু পালনাম এই সত্ৰৰ প্রধান বার্ষিক উৎসৱ।

আদি এলেঙি সত্র Aadi Alengi Hotro

লখিমপুৰ জিলাৰ আদি এলেঙ্গি-গাঁৱত পুৰুষসংহতিৰ এই সত্ৰখন অৱস্থিত। কনৌজৰ পৰা অহা কাশ্যপ গােত্রীয় কায়স্থ সদানন্দৰ অধস্তন পঞ্চম পুৰুষত জন্ম সতানন্দদেৱৰ পৰা এই সত্ৰ উদ্ভূত। এই সতানন্দদেৱে বৰ্তমানৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ পাতিগণ্ড নামে ঠাইত ১৪৮৮ শকত (১৫৬৬ চন) প্রথম সত্র পাতে। সতানন্দদেৱৰ পুত্ৰ চাৰিজন— জয়কৃষ্ণ, মহাকৃষ্ণ, ত্রাহিকৃষ্ণ, আৰু বাপুকৃষ্ণ বা শ্রীকৃষ্ণ। এই বাপুকৃষ্ণ পুৰুষােত্তম ঠাকুৰৰ বাৰমহন্তৰ অন্যতম। এই সত্ৰৰ পৰা পৰৱৰ্তী কালত তিনিকুৰিমান সত্ৰ বাঢ়ে। মানৰ আক্ৰমণত এই সত্ৰ জুইয়ে পােৰাত পুনৰ সেই ঠাইতে সত্র নির্মাণ হােৱাত ইয়াক পােৰাভেটি বুলিও কোৱা হয়। ১৮৮৪ শকত সত্ৰখন ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰাত লখিমপুৰ জিলাৰ পাভৈ অভয়াৰণ্যৰ পশ্চিমে চৰকাৰে আবণ্টন দিয়া মাটিলৈ মূল সত্ৰখন তুলি নিয়া হয়। দুফুট ওখ কষটি শিলৰ শ্যামৰাই, আঢ়ৈফুট ওখ যাদৱৰাই সত্ৰৰ মূল বিগ্রহ। সত্ৰত প্রায় বত্রিশখন সাঁচিপতীয়া পুথি আছে। এই সত্ৰৰ শিষ্য সমগ্ৰ অসমতে ব্যাপ্ত হৈ আছে। সত্ৰত ভাদমাহত পালনাম অনুষ্ঠিত হয।

গােৱিন্দ এলেঙি সত্ৰৰ মণিকূট আৰু কীর্তন ঘৰ।

গােৱিন্দ এলেঙি (মৈদমীয়া) : শােণিতপুৰ জিলাৰ গহপুৰত গােৱিন্দ এলেঙি সত্র। ১৯৬৫ চনত লখিমপুৰৰ মৈদমীয়াত নতুনকৈ এই সত্ৰ পতা হয়।

বৰ এলেঙি সত্র Bor Alengi Hotro

বাপুকৃষ্ণদেৱৰ পুত্র পুতমচৰণে এই সত্র স্থাপন কৰে। পিছৰ এগৰাকী সত্ৰাধিকাৰ ৰামচন্দ্ৰদেৱে মানৰ আক্ৰমণত ভটিয়াই গৈ গুৱাহাটী, নগাঁৱৰ কলংপাৰ, কাজিৰঙা আদিত বাহৰ পাতি থাকিব লগা হৈছিল। কাজিৰঙাতে ৰামচন্দ্ৰদেৱৰ মহাপ্রয়াণ ঘটে। পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে এশ মানুহ, দুখন বৰনাও আৰু এজন ৰাজবিষয়া দি মাজুলী কাকৰিকটা বিলৰ পাৰত সত্ৰখন পুনৰ সংস্থাপন কৰি দিয়ে। ১৯৪৫ চনত বৃটিছ চৰকাৰৰ পৰা নশ বিঘা দেৱােত্তৰ আৰু এশ বিঘা ব্রহ্মোত্তৰ মাটিৰ আবণ্টনেৰে লালুক, মৌজাৰ বঙালমৰাত এই সত্র নির্মাণ কৰা হয়। এই সত্ৰৰ শাখা নগাঁৱৰ কলিয়াবৰ; তেজপুৰৰ বিশ্বনাথ চাৰিআলি আৰু যােৰহাটৰ ভেলেউগুৰিত আছে। সত্ৰত শিলৰ লাডুৱা গােপাল আৰু বংশীবদনৰ মূর্তি, কোলাে বাঢ়ৈৰ দ্বাৰা শঙ্কৰদেৱে কটোৱা বেলকাঠৰ চতুর্ভুজ বৈকুণ্ঠনাথ মূর্তি পিতলৰ চতুর্ভুজ বাসুদেৱ আদি মূর্তি আৰু চল্লিছখনমান সাঁচিপতীয়া পুথি আছে।

ৰত্নাকৰ সত্র Rotnakor Hotro

যােৰহাটৰ গৰখীয়াদ’লৰ পৰা আনি লখিমপুৰ জিলাৰ খৰা মৰনৈ গুৰিৰ পুখুৰীপৰীয়া গাঁৱত এই শাখা-সত্ৰখন প্রতিষ্ঠা কৰা হয়। সত্ৰৰ বিগ্রহ বাসুদেৱ। সত্ৰখনত ৰত্নাকৰ সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্র’ নামৰ এটি অনুষ্ঠানে গঢ় ” লৈ উঠিছে।

ডাংধৰা সত্ৰ Dangdhora Hotro

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ নগৰত এই সত্ৰ অৱস্থিত। শঙ্কৰদেৱৰ প্ৰধান শিষ্য নাৰায়ণদাস ঠাকুৰ আতাৰ বংশধৰ ৰামচন্দ্ৰদেৱে ঢকুৱাখনাৰ ডাংধৰা চাপৰিত প্রথমে এই সত্র স্থাপন কৰিছিল। মানৰ আক্ৰমণত ডাংধৰা চাপৰিৰ পৰা উত্তৰ লখিমপুৰ নগৰৰ ওচৰৰ মৈদমীয়া গাঁৱলৈ সুত্র স্থানান্তৰ কৰে। সত্ৰৰ বিগ্রহ “”””” বংশীগগাপাল। রীতি চালবাসি

চলার পােৱালি সত্র Cholar Powali Hotro

লখিমপুৰ জিলাৰ পহুকটাত অৱস্থিত এই সত্ৰখন চতুর্ভুজ ঠাকুৰৰ আজ্ঞাপৰ সৰুবাৰেজনীয়া সত্ৰা।

কাঁহিকুছি সত্র Hahikusi Hotro

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত অৱস্থিত এই সত্ৰখন বংশী গােপালৰ দ্বাৰা স্থাপিত।

ককিলা ধেমাজি সত্র Kokila Dhemaji Hotro

অবিভক্ত লখিমপুৰ জিলাত হৰিচৰণ বাপুৰ দ্বাৰা এই সূত্র স্থাপিত।

জামুগুৰি ঢকুৱাখনা সত্র Zamuguri Dhokukhana Hotro

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ভগামুখ গাঁৱত ১৫৩২ শকত বংশী গােপালদেৱৰ আজ্ঞাপৰ অৰ্জুনদেৱে ঢকুৱাখনা জানৰ ওচৰৰ এজোপা জামুগছৰ তলত এই সত্র স্থাপন কৰে। সত্ৰখনৰ গােগামুখ আৰু উৰিয়ামগুৰিত দুখন শাখা আছে। সত্ৰত বাসুদেৱ, বংশীবদন আৰু লাড়ুৱা গােপালৰ বিগ্রহ আছে।

বটগঞা সত্র Botgoya Hotro

লখিমপুৰ জিলাৰ খ’ৰা মৰনৈৰ গােসাঁইচুক গাঁৱত অৱস্থিত বটগা মূল সত্ৰখনৰ প্রতিষ্ঠাতা বুলদেৱ গােস্বামী। ১৫৪৭ শকত এই সত্র প্রতিষ্ঠা কৰা হয়। সত্ৰৰ বিগ্রহ কেশৱৰাই আৰু চতুর্ভুজ গৌৰাঙ্গ। ৰজাদিনীয়া কেঁকোৰা দোলা, খাটোলা আদি সত্ৰখনত সংৰক্ষণ কৰি ৰখা হৈছে। কেবাখনাে সাঁচিপতীয়া পুথিও সত্ৰখনত আছে। এই সত্ৰৰ শাখা শিৱসাগৰ জিলাৰ নিতাইপুখুৰী, যােৰহাটৰ ঢেকিয়াখােৱা আৰু ধেমাজিত আছে। 1

ৰজা লক্ষ্মীনাৰায়ণে বেহাৰৰ চৌহদত দামােদৰদেৱক গুৰু হিচাপে লৈ সত্র পাতি দিয়ে। এই সত্ৰৰ নাম ৰাখে বেহাৰ সত্ৰ। দামােদৰদেৱৰ মহাপ্রয়াণৰ আগে আগে বলদেৱক অধিকাৰ পদত অধিষ্ঠিত কৰােৱা হয়। সত্ৰখন তেতিয়া বৈকুণ্ঠপুৰ সত্ৰ নামেৰে জনাজাত হয়। লক্ষ্মীনাৰায়ণৰ মৃত্যুৰ পাছত ৰাজপুত্ৰই মােগল আক্রমণৰ আশঙ্কা কৰি বলদেৱক সত্ৰস্থাপনৰ সাহায্য সহিতে উজনিলৈ পঠায়। বলদেৱ উজাই আহি ব্ৰহ্মপুত্ৰ আৰু লুইত পুঁতিৰ মাজত কোদোবাহী বিলৰ পাৰত মৰা আহত এজোপাৰ তলত সত্র স্থাপন কৰে। বটবৃক্ষৰ তলত স্থাপিত কাৰণে সত্ৰখনৰ নাম বটগা হ’ল বুলি ভক্তসকলে ক’ব খােজে। মানৰ আক্ৰমণত তদানীন্তন অধিকাৰ পৃথুদেৱে বিগ্রহ আৰু কেইখনমান পুথি লগত লৈ মাজুলীৰ শালমৰাৰ গােসাঁই বাৰীত সত্ৰ পাতে। সত্ৰখন বানপানীয়ে ভঙাত ১৬৫৭ শকত বাসুদেৱ গােসাঁয়ে পুনৰ শালমৰাৰে নভঙাত সত্র পাতে। সত্ৰখন পুনৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰাত জয়দেৱৰ দিনত শুকানসুঁতিৰ গৰুমৰ চাপৰিলৈ স্থানান্তৰ কৰা হয়। ১৮৪৯ শকত ব্রহ্মপুত্র আৰু লুইতৰ বানপানীত গােসাঁইসকল দিহাদিহি আঁতৰিব লগা হ’ল। হৰকান্তদেৱে ১৯২৮ চনত লখিমপুৰ জিলাৰ বঙালমৰা গােপচাৰত সত্র স্থাপন কৰিছিল যদিও ব্রিটিছ চৰকাৰে ঘৰদুৱাৰ ভাঙি সত্ৰত জুই লগাই দিয়াত ৫০ ঘৰ ভকতৰ নাজলনাথল অৱস্থা হয়। বিহপুৰীয়া মৌজাৰ আমগুৰি গাঁৱৰ মাটিৰাম পাঠক, কেৰপাই বৰা, যদু বাঢ়ৈ, ৰঘু মেম্বৰ, বগাই মেধি, মতিৰাম গাঁওবুঢ়া প্রমুখ্যে ৰাইজে এপুৰামান মাটি দি অস্থায়ীভাৱে সত্র স্থাপন কৰি গােসাঁই-ভকতক আশ্রয় প্রদান কৰে। বর্তমান সত্ৰ গােসাঁইবাৰীত অৱস্থিত। আহােম, কছাৰী, মিচিং, দেউৰী আদি বিভিন্ন জনগােষ্ঠীৰ শিষ্য সত্ৰখনত আছে।

বটগঞা (হিলৈপৰা) Botgoya Hotro

এই শাখা-সত্ৰখন ধেমাজি মহকুমাৰ কছাৰীপথাৰ হিলৈপৰা গাঁৱত অৱস্থিত। ১৮২৬ শকৰ ব্ৰহ্মপুত্ৰৰ বানপানীত শালমৰা শুকানসুঁতিত থাকোতে বটগঞা সত্ৰখন উটুৱাই নিয়াত জয়দেৱৰ পুত্র বেণুধৰৰ দুই পুত্র পানীখাইতিত থাকে। বেণুধৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্রদ্বয় বসে আৰু ভােলাদেৱ উত্তৰ পাৰৰ সাপতিয়ালৈ উঠি যায়।

সত্ৰখন নদীৰ গৰ্ভত বিলীন হােৱাত দক্ষিণপাট সত্ৰত গােসাঁই ভকতে কিছুকাল আশ্ৰয় লৈ আছিল। ১৯৫৫ চনৰ পৰা বৰ্তমানৰ স্থান বুতিকোৰ হিলৈপৰা গাঁৱত এই সত্ৰভাগ আছে। সত্ৰৰ বিগ্রহ কেশৱৰাই।

আধাৰ সত্ৰ, বিহপুৰীয়া Aadhar Hotro

হৰিদেৱৰ নাতি কৃষ্ণনাথৰ দ্বাৰা স্থাপিত আধাৰ সত্ৰখন লখিমপুৰ জিলাৰ বিহপুৰীয়া ব্রাহ্মণ গাঁৱত অৱস্থিত।

হৰি পুখুৰী সত্ৰ Hori Pukhuri Hotro

নাৰায়ণপুৰৰ সক্ৰাহীত শ্ৰীশ্ৰীবদুলা পদ্ম আতাই এই সত্র স্থাপন কৰে।

হেমাৰবৰি থান Hemarbori Than

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কাচিকটা নৈৰ পাৰৰ বাংফাং অঞ্চলৰ হেমাৰবৰি গাঁৱত গােপাল আতাৰ নাতি ৰামকৃষ্ণই এই সত্র স্থাপন কৰে। নগাঁও, যােৰহাট আদি জিলাতাে এই নামৰ কেবাখনাে সত্র আছে।

আমগুৰি সত্র Amgori Hotri

ধলপুৰ মৌজাৰ হৰিদাঁহত আমগুৰি সত্ৰৰ এটা শাখা আছে। ভৱানীপুৰীয়া গােপাল আতাৰ পৰিনাতি মাধৱানন্দই আমগুৰি মূল সত্ৰখন গমিৰিঘাটৰ ধােপাবৰ গাঁৱত স্থাপন কৰে। কালসংহতিৰ এই সত্ৰ কায়স্থ মহন্তৰ সত্ৰ।

কাথপাৰ সত্ৰ (মাকোৱাৰী) Kathopar Hotro

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হাবি-বন কাটি ভৱানীপুৰীয়া গােপাল আতাৰ আজ্ঞাপৰ পুৰুষােত্তম আতাই আহােম ৰজা জয়ধ্বজ সিংহৰ দিনত এই সত্ৰখন স্থাপন কৰিছিল। ৰজাঘৰীয়া তালিকাত সত্ৰখন অন্তর্ভুক্ত নােহােৱাৰ কথা ৰজাক জনােৱাত ৰজাই হৃষ্ট-পুষ্ট, মকমকীয়া গােসাঁই ভক্তসকলক দেখি নাম দিয়ে মাকোৱাৰী। সেয়ে কাথপাৰ মাকোৱাৰী সত্ৰ নাম হয়। ৰজাই সত্ৰৰ নামত মাটিবাৰী দি তামৰ ফলি কৰি দিয়ে। মানৰ আক্ৰমণত সত্ৰখন জুৰুলা হৈ পৰে আৰু তামৰ ফলিখননা হেৰাই যায়। নাবালক সত্ৰাধিকাৰে সকলাে সা-সম্পত্তি এৰি ভক্তসহ দেৰগাঁৱলৈ আহি তেলীয়া সােণাৰী গাঁৱত সত্ৰ পাতে। পিছত ১৭৭৫ শকত কলিয়াবৰত সত্র পাতে।

দহঘৰীয়া (মৃদঙ্গীয়াল) সত্র Dohghoria Hotro

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পাণবাৰী গাঁৱত অৱস্থিত এই সত্র ১৫৪০ শকত প্রতিষ্ঠিত। তাৰ আগতে সত্ৰখন ধেমাজিৰ চিচি বৰগাঁৱত আছিল। সত্ৰৰ নাম আছিল মৃদঙ্গীয়াল সত্ৰ। গােপালদেৱৰ আজ্ঞাপৰ নাৰায়ণদেৱে হৰিধনদেৱক আজ্ঞা দিয়াত চিচি বৰগাঁৱৰ সাতােলাচুকত সত্ৰ পাতে। কথিত আছে চৈতন্যদেৱৰ মাতৃ গৰ্ভৱতী অৱস্থাতে স্বামীহাৰা হৈ নিজৰ পিতৃগৃহ নগাঁৱৰ জাৰণিয়াল সত্ৰত থাকিবলৈ লয়। তাতে চৈতন্যদেৱৰ জন্ম হয়। মাতৃৰ মুখে উজনিৰ সত্ৰৰ কথা জানিব পাৰি ষােল বছৰ বয়সতে উজনিৰ সত্ৰৰ স্থানলৈ আহে। ইতিমধ্যে যােগসূত্র হেৰাই যােৱাত শিষ্যসকল অন্য সত্ৰৰ শৰণীয়া হয়। এজন বৃদ্ধলােকে তেওঁৰ দহজন পুত্র সহ নিজগুৰু আহিব বুলি বাট চাই আছিল। চৈতন্যদেৱ গৈ পােৱাত সেই দহজন ভকতেৰে পুনৰ সত্র স্থাপন কৰা বাবে সত্ৰখনৰ নাম হয় দহঘৰীয়া সত্ৰ। পিছত সত্ৰখন পাণবাৰীৰ বর্তমান স্থানলৈ তুলি অনা হয়। পণ্ডিত বেণীকান্ত গােস্বামী বহু বছৰ এই সত্ৰৰ সত্ৰাধিকাৰ আছিল। তেওঁৰে জ্যেষ্ঠ পুত্র ড° বিশ্বনাৰায়ণ শাস্ত্রী এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত আছিল। দ্বিতীয় পুত্র শ্রীসত্যপ্রসাদ গােস্বামী সত্ৰখনৰ বর্তমান সত্ৰাধিকাৰ। সত্ৰৰ বিগ্রহ চতুর্ভূজ বিষ্ণু।

নাহৰকটিয়া সত্ৰ Nahorkotia Hotro

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ উত্তৰ কুলাবাৰী গাঁৱত ১৯৮৮ চনত এই সত্র প্রতিষ্ঠিত হয়। সত্ৰখন সম্ভৱ দক্ষিণ পাৰৰ নাহৰকটীয়াত আছিল। চতিয়া আৰু লালুকত এই সত্ৰৰ শাখা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *