March 29, 2024

পবা বর্ষাৰণ্য

পবা বৰ্ষাৰণ্য

অৰুণাচল প্রদেশৰ গাতে লাগি থক পবা বর্ষাৰণ্য ধেমাজি জিলাত অৱস্থিত। ১৯২৪ চনত ব্রিটিছৰ শাসন কালতে পবাইসংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছিল। বনাঞ্চলখনে ১০.২২১হেক্টৰ বনভূমি আগুৰি আছে। পবা জৈৱ-বৈচিত্র্যৰে ভৰপূৰ। পবা বনাঞ্চল বিভিন্ন গছ-লতা, দুপ্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অর্কিড আৰু নানা ঔষধি গছ-লতাৰে সমৃদ্ধিশালী। বনাঞ্চলখন পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে। বনাঞ্চলখনৰ কাষেৰে চিয়াং নদীখন বৈ গৈছে।

লাজুকী বান্দৰ পবাৰ অন্যতম সম্পদ। পবাত থকা আন জীৱজন্তুসমূহ হ’ল- সুগৰী পহু, বন গাহৰি, বন কুকুৰা, বান্দৰ, নেউল, সাপ, কেৰ্কেটুৱা, উদ, জহামাল, বনৰৌ, শিয়াল, ভেকুলী, গুই, জেঠী, কেটেলা পহু আৰু সৰীসৃপজাতীয় জীৱ আদি।

এই বনাঞ্চলখনত মাটিত গজা এবিধ কপৌফুল দেখিবলৈ পােৱা যায়। বসন্তকালত পবা বর্ষাৰণ্য নানাৰঙী অর্কিডেৰে ভৰি পৰে। এইবনাঞ্চলত শলখ, শিমলু, উৰিয়াম, ঔটেঙা, শিলিখা, ভােমােৰা, এজাৰ, নাহৰ, ভােলা, পাৰলি, গমাৰি আদি নানা গছ-গছনি আছে। ইয়াত ঔষধি গুণযুক্ত বনৰীয়া শাক পােৱা যায়। ইয়াৰ ভিতৰত নেফাফু, বিহলঙনি, মেজেঙা, ডিমৰু, টিকনিবৰুৱা, চেংমৰা আদি প্রধান।

চিয়াং নদীৰ দক্ষিণ দিশত অৱস্থিত ডিব্ৰু-ছৈখােৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পূব দিশত থকা দায়িং ইনিং বন্যপ্রাণী উদ্যানৰ পৰা অহা বন্যহস্তীৰ দলে প্রায়ে পবা বনাঞ্চলত বিচৰণ কৰে।

চিয়াৰ পাৰত পৰিভ্রমী পক্ষীও দেখিবলৈ পােৱা যায়। তদুপৰি বৰটোকোলা, চিলনী, মাছৰােকা, ডাউক, হেঁটুলুকা, বালিমাহী, শগুন আদিও ইয়াত দেখিবলৈ পােৱা যায়। পবাত প্রাকৃতিকভাৱে সৃষ্ট আদ্রভূমিসমূহ উল্লেখযােগ্য।

পবাত থকা বিল, জলাহ, পিটনি, জলাশয় আদিত নানা প্রজাতিৰ মাছ, যেনে-কান্ধুলি, মাগুৰ, শিঙি,শ’ল, শাল, কুঢ়ি, গৰৈ, বামী,কুঁচিয়া, মিছামাছ আদি পােৱা যায়।

You can read also

Leave a Reply

Your email address will not be published. Required fields are marked *