July 22, 2024

কৃষক শ্বহীদ দিৱস ২৮ জানুৱাৰী

১৮৯২ চনত ‘অসমৰ চিহ্ন কমিছনাৰে অসমৰ ৰাজহৰ নিৰিখ ৭০ শতাংশৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰাৰ আদেশ জাৰি কৰিলে। তেতিয়া সমগ্ৰ অসমতে ৰায়তে কৰ নিদিয়া আন্দোলনৰ ঢৌ উঠিল। পথৰুঘাটৰ ৰায়তেও আন্দোলনৰ পদ্ধতিৰে প্ৰতিবাদ জনাবলৈ আগবাঢ়ি আহিল। ঠায়ে ঠায়ে ৰায়তে ‘ৰাইজ মেল’ বহুৱাই বৰ্দ্ধিত হাৰত খাজনা নিদিবলৈ আহ্বান জনালে৷ এই আহ্বানৰ বিপৰীতে যিসকলে বৰ্দ্ধিত হাৰত খাজনা দিব তেনে লোকক সামাজিকভাৱে বৰ্জন কৰিব বুলি ৰাইজমেলে সিদ্ধান্ত ল’লে। ৰঙিয়াতো এই গণ প্ৰতিবাদৰ ঢৌ উঠিল। তদুপৰি নলবাৰী, বৰ্মা, বজালী অঞ্চলতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিল। সেই অঞ্চলসমূহৰ ৰায়তক সাৱধান কৰি দিয়া হ’ল যে খাজনা নিদিয়া অপৰাধত সম্পত্তি নীলাম হ’লে কোনেও যাতে সেই নীলাম সম্পত্তি কিনিবলৈ আগনাবাঢ়ে, তাৰ সতর্কবাণী শুনাই দিলে আৰু ইয়াৰ পৰিণাম ভয়ানক হ’ব বুলি সাৱধান কৰি দিলে। জাগ্রত জনগণে সুস্থিৰ পথ আৰু সুবিচাৰ নাপালে অসংযত আৰু হিংসাৰ পথ ল’বলৈ বাধ্য হ’ব। সঘনে খাজনাৰ নিৰিখ বৰ্দ্ধিত কৰি ইংৰাজ শাসকে যেতিয়া সেই নিৰিখৰ হাৰ এশ শতাংশলৈ বৃদ্ধি কৰিলে তেতিয়া অশান্তিৰ জুইকুৰা আকৌ দাউ-দাউকৈ জ্বলি উঠিল মঙলদৈ মহকুমাৰ পথৰুঘাটত। ইংৰাজ চৰকাৰে জাপি দিয়া বৰ্দ্ধিত খাজনা নিদিব বুলি পথৰুঘাটবাসী ৰাইজে দৃঢ় সংকল্প কৰিলে। বিভিন্ন ঠাইত ‘ৰাইজমেল’ পাতি জাতি, ধর্ম নির্বিশেষে সকলো ৰায়তে একমনে একপ্রাণে বৰ্দ্ধিত খাজনা নিদিবলৈ সিদ্ধান্ত ল’লে। সেই কথাৰ উমান পাই দৰং জিলাৰ উপায়ুক্ত মিঃ জে ডি এণ্ডাচনে জিলা আৰক্ষী বিষয়া মিঃ মেৰিংটনক লগত লৈ পথৰুঘাটলৈ গ’ল। জিলাৰ উপায়ুক্ত আৰু পুলিচ বিষয়াক বৰ্দ্ধিত খাজনা নিদিয়াৰ প্ৰতিবাদত স্মাৰকপত্ৰ দিবলৈ ডাক বঙলালৈ ৰাইজৰ এটি সমদল গ’ল। কিন্তু ৰাইজৰ আশাত চেঁচা পানী ঢালিলে। উপায়ুক্তই ৰইজক আঁতৰি যাবলৈ হুকুম দিলে। শান্ত জনতা অশান্ত হৈ উঠিল। তেতিয়া সংঘৰ্ষৰ দাবানল জ্বলি উঠিল। পুলিচ বাহিনীৰ গুলীচালনাত সহস্ৰ জনতা আহত হ’ল, বহুজন চিৰদিনৰ বাবে পঙ্গু হ’ল আৰু বহুতো লোক নিহত হ’ল। এনে ৰক্তাক্ত পৰিস্থিতিত জনতাৰ হিতাহিত জ্ঞান শূন্য হৈ হাতৰ ওচৰত যিহকে পালে তাকে লৈ আক্রমণ চলালে। বন্দুকৰ বিপৰীতে লাঠী, পথাৰৰ শুকান দলি-চপৰা আদি পুলিচৰ গালৈ দলিয়াবলৈ ধৰিলে। বন্দুকৰ গুলীৰ আগত এইবোৰ নিৰৰ্থক হৈ পৰিল, বাটে বাটে গুলীয়াই গ’ল হিংস্ৰ পুলিচ বাহিনী। গোটেই আলিবাটত সিঁচৰতি হৈ পৰিল পথৰুঘাটৰ নিৰ্ভীক জনতাৰ বহু নিঠৰ দেহা। প্রতিবাদী ৰায়তৰ কেঁচা তেজেৰে অসমৰ ৰঙামাটি আৰু অধিক ৰঙা হৈ পৰিল। অসমত সংঘটিত হৈ যোৱা ৰক্তাক্ত শাসন-নীতিৰ প্ৰতিক্ৰিয়া অসম তথা ভাৰতবৰ্ষত সীমাবদ্ধ হৈ নাথাকি সুদূৰ ইংলেণ্ডৰ ইম্পিৰিয়েল লেজিচলেচাৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ১৮৯৪ চনৰ ২৯ মার্চত সেই লেজিচলেচাৰত ভাৰতীয় সদস্য ডাঃ ৰাজবিহাৰী ঘোষদেৱে অসমৰ ঘটনাৱলীৰ ওপৰত ৮টা প্রশ্ন উত্থাপন কৰিছিল। বৃটিছ চৰকাৰে দিয়া উত্তৰ একপক্ষীয় আছিল যদিও কিছু পৰমাণে হ’লেও শিৰণত কৰিবলগীয়া হৈছিল। বৰ্দ্ধিত খাজনাৰ নিৰিখ ১০০ শতাংশৰপৰা ৩৭.৭ শতাংশলৈ হ্ৰাস কৰিবলৈ বাধ্য হৈছিল। লগতে ৰায়তৰ আতংক স্বৰূপ হৈ পৰা উপায়ুক্ত মিঃ জে ডি এণ্ডাৰচনক চট্টগ্রামলৈ বদলি কৰিলে। ইতিহাস প্ৰসিদ্ধ পথৰুঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৃটিছৰ বন্দুকৰ গুলী বুকু পাতি লৈ মৃত্যুবৰণ কৰা সাত কুৰি হিন্দু-মুছলমান কৃষকৰ শ্বহীদৰ স্মৃতিৰ প্ৰতি সন্মান জনায় প্রতি বছৰে ২৮ জানুৱাৰীৰ দিনটোত ‘কৃষক শ্বহীদ দিৱস’ হিচাপে উদ্যাপন কৰি অহা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *