September 7, 2024

তিনিচুকীয়া জিলা | Tinsukia District Facts and Data

নামটোৰ উৎপত্তি আৰু ইতিহাসঃ-

তিনিচুকীয়াৰ পুৰণি নাম আছিল বেংমৰা । অসম বুৰঞ্জীৰ মতে, মটক ৰাজ্যৰ প্ৰথমজন ৰজা সৰ্বানন্দ সিংহৰ ৰাজধানী আছিল গুইজান নদীৰ পাৰৰ ৰঙাগড়াত। ১৭৯১ চনত তেওঁ মন্ত্ৰী গোপীনাথ বৰবৰুৱাৰ সহযোগত বেংমৰালৈ ৰাজধানী স্থানান্তৰ কৰি এখন নতুন নগৰ নিৰ্মাণ কৰে। তেওঁলোকে নগৰখনৰ মাজমজিয়াত এটা তিনিকোণীয়া পুখুৰী খন্দোৱাইছিল, যাৰ বাবে ঠাইখনে পৰৱৰ্তী সময়ত তিনিচুকীয়া নাম ল’লে।

পূর্বতে তিনিচুকীয়া অবিভক্ত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়া অসমৰ ২৩ সংখ্যক জিলা হিচাপে ঘোষিত হোৱাৰ উপৰি তিনিটা মহকুমাত বিভক্ত হয়। সেইকেইটা হ’ল— তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু শদিয়া। তিনিচুকীয়া জিলাৰ সদৰ ঠাই হ’ল তিনিচুকীয়া চহৰ। চাৰিসীমা ঃ-জিলাখনৰ পূবে অৰুণাচল প্ৰদেশ, পশ্চিমে ডিব্ৰুগড় জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে অৰুণাচল প্রদেশ।

জনসংখ্যা :-

জিলাখনৰ মুঠ জনসংখ্যা ২০১১ চনৰ লোকপিয়লমতে ১৩,২৭,৯২৯ জন আৰু ২০০১ চন অনুসৰি ১১,৫০,০৬২জন।

অর্থনীতি :-

অঞ্চলটোৰ তেল, চাহ, কয়লা আদিৰ উৎপাদনে দেশৰ ভিতৰতে বিশেষ স্থান অধিকাৰ কৰিছে। তদুপৰি ধান, ফল-মূল বিশেষকৈ কমলা আদিৰ উৎপাদনতো অঞ্চলটো আগবঢ়া।

উদ্যোগ ঃ-

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিমতে সমগ্ৰ অসম ব্ৰিটিছৰ অধীনলৈ যায় যদিও তিনিচুকীয়া অঞ্চলত ব্ৰিটিছে ইয়াৰ আগতেই পদাৰ্পণ কৰিছিল। ১৮২৩ চনত তিনিচুকীয়া জিলাৰ শদিয়াতে ব্ৰিটিছে চাহ গছ আৱিষ্কাৰ কৰে। ১৮২৫ চনত জিলাখনৰ ডিগবৈ অঞ্চলত প্ৰথমটো খাৰুৱা

Welcome to Digboi

-The Birthplace of the Indian Oil Industry

তেলৰ ভাণ্ডাৰ বিচাৰি পায় আৰু ব্ৰিটিছে অসম অধিকাৰ কৰাৰ পাছত ডিগবৈতে ১৯০১ চনত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰে। ইয়াৰ উপৰি ১৮৭৬ চনত তিনিচুকীয়া জিলাৰ লিডু আৰু মাৰ্ঘেৰিটাত কয়লাৰ ভাণ্ডাৰ আৱিষ্কৃত হয়। ১৮৮৩ চনৰপৰা বিভিন্ন সময়ত বিভিন্ন কোম্পানীয়ে অসমৰ কয়লা আহৰণ কৰি আহিছে। ১৯৭৫ চনৰপৰা কয়লাৰ উৎপাদন আৰু ব্যৱসায়িক পৰিচালনা ‘Coal India Ltd.’-এ কৰি আহিছে। বর্তমান ইয়াৰ মুখ্য কাৰ্যালয় মাৰ্ঘেৰিটাতে অৱস্থিত। তদুপৰি মাৰ্ঘেৰিটাত প্লাইউদ কাৰখানা আছে।

ব্ৰিটিছে অসম অধিকাৰ কৰাৰ পাছত ডিগবৈত ১৯০১ চনত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰে।

পর্যটন ঃ-

তিনিচুকীয়া জিলা পৰ্যটনৰ দিশতো উন্নত বুলিব পাৰি। ইয়াত থকা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, পশুপক্ষী আছে। একমাত্র ডিব্ৰু-ছৈখোৱাতে ‘বন-ঘৰচীয়া ঘোঁৰা’ পোৱা যায়। তিনিচুকীয়াৰ অন্তৰ্গত ডিগবৈ প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই। তিনিচুকীয়া জিলাই দিহিং পাটকাই অভয়াৰণ্যৰ কিছু অংশও সামৰি লৈছে। অসমৰ তৈল নগৰীৰূপে খ্যাত ডিগবৈত থকা ‘নেশ্যনেল অইল পার্ক’ (National Oil Park) পৰ্যটকৰ আকৰ্ষণস্থলী। তদুপৰি ডিগবৈত এখন গল্ফ ক’ৰ্ছ আছে। ডিগবৈৰ উপৰি মাৰ্ঘেৰিটালৈও বছৰি বহুতো পর্যটক আহে। ‘ক’লা হীৰা’ হিচাপে খ্যাত কয়লাৰ বাবে ঘাইকৈ পৰিচিত মাৰ্ঘেৰিটাৰ মূল আকর্ষণ হ’ল ষ্টীলৱেল পথ, চিংফৌ সমাজ, তাইখামতি-তাইফাকেসকলৰ গাঁওসমূহ, প্রাচীন বৌদ্ধ বিহাৰ, জয়ৰামপুৰত আৱিষ্কাৰ হোৱা এহেজাৰ পাঁচটা চীনা সৈন্যৰ সমাধি ক্ষেত্র, দিহিং পাটকাই উৎসৱ আদি। দিহিং-পাটকাই উৎসৱ for তিনিচুকীয়া অঞ্চলত সর্বানন্দ সিংহই কেইবাটাও প্রসিদ্ধ পুখুৰী খন্দোৱাইছিল। ইয়াৰ ভিতৰত— চাউল ধোৱা পুখুৰী, কুম্ভী পুখুৰী, কদমনি পুখুৰী, মাহ ধোৱা পুখুৰী, দা ধৰুৱা পুখুৰী, ৰূপহী পুখুৰী আদি উল্লেখযোগ্য। কেইবাটাও পদপথ নির্মাণ

তদুপৰি যাতায়াতৰ সুবিধাৰ বাবে মটক ৰজাসকলে কৰাইছিল। সেইকেইটা হ’ল— গোধা বৰবৰুৱা পথ, ৰঙাগড়া পথ, ৰাজগড় পথ আৰু হাটীয়লি পথ । তাৰ উপৰি বৃহৎ শিৱ মন্দিৰ, শিৱ ধাম, টিলিঙা মন্দিৰ আদিলৈ বহু মানুহৰ সমাগম হয়।

টিলিঙা মন্দিৰ

শিক্ষা-সংস্কৃতি, সাহিত্য :-

জিলাখনত ভালেকেইখন উন্নতমানৰ বিদ্যালয়, মহাবিদ্যালয় আদি আছে। তাৰ ভিতৰত কেইখনমান কলেজ হ’ল— তিনিচুকীয়া কলেজ, তিনিচুকীয়া মহিলা মহাবিদ্যালয়, জি. এছ. লোহিয়া কলেজ, লিডু কলেজ, মাৰ্ঘেৰিটা কলেজ, ডুমডুমা কলেজ, ডিগবৈ কলেজ, শদিয়া চৰকাৰগুৰু টেগ বাহাদুৰ একাডেমী, ভাগৱত বিদ্যা মন্দিৰ হাইস্কুল, চেনিৰাম হাইস্কুল, বিমলা প্ৰসাদ চলিহা নগৰ বিদ্যালয়, বিবেকানন্দ কেন্দ্র বিদ্যালয়, তিনিচুকীয়া বংগীয় বিদ্যালয়, ৰে’লৱে হাইস্কুল, জাতীয় বিদ্যালয়, বেংগলী ছোৱালী হাইস্কুল, সৌমাৰজ্যোতি বিদ্যালয়, বৰগুৰি হাইস্কুল ইত্যাদি। তিনিচুকীয়া জিলাখন শিক্ষা-সংস্কৃতিৰ দিশতো আগবঢ়া। এই জিলাতে শিল্পী ড° ভূপেন হাজৰিকা (শদিয়া), সাহিত্যিক হৰেকৃষ্ণ ডেকা, ড° মহেন্দ্ৰ বৰা, হৰি বৰকাকতি, নিৰোদ চৌধুৰী, যোগেশ দাস, ৰীতা চৌধুৰী আদি বিশিষ্ট ব্যক্তিসকলৰ জন্ম হৈছে।

নদ-নদী ঃ-

তিনিচুকীয়া জিলাৰ মাজেৰে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, টিপলিং, ন-দিহিং, ডিব্ৰু, ডুমডুমা, ডাঙৰী, টিংৰাই আদি ভালেকেইখন সৰু-বৰ নৈউপনৈ বৈ গৈছে।

যাতায়াত :-

১৮৮২ চনত মুকলি হোৱা ডিব্ৰু-শদিয়া ৰে’ল লাইনে অঞ্চলটোৰ অৰ্থনৈতিক প্ৰগতিত বিশেষ অৰিহণা যোগাইছিল। এই জিলাতে অৱস্থিত অসমৰ বৃহৎ ৰে’ল জংচন ‘নিউ তিনিচুকীয়া জংচন’-এ তিনিচুকীয়া চহৰখন বাণিজ্যিক

Leave a Reply

Your email address will not be published. Required fields are marked *