আহোম যুগৰ খেল-ধেমালিবোৰৰ ভিতৰত শেনযুঁজ অন্যতম। শেন যুঁজ তদাৰক কৰাজনক ‘শেনচোৱা বৰুৱা’ বুলি কোৱা হৈছিল। শেনচোৱাবিলাকে যুঁজৰ বাবে বছা বছা শেন লৈ আহে। ৰজা-প্রজা সকলো এই খেল চাবলৈ বুলি গোট খায়। এই খেলত জিকা শেনৰ ওজাই ৰজাঘৰৰ বঁটা-বাহন পায়। অসম বুৰঞ্জীত উল্লেখ আছে এনেদৰে— “সন্দিকৈ বৰফুকনেই প্রথম হিলৈ চৰা নাৱক দুইমূৰে মগৰ লগাই বাবলৈ নাওবৈচা শিকাই লাচ চাব লগাই স্বৰ্গদেউক ৰং দেখাই মগৰী চৰা আৰু বহৰী শেন দুইৰো খেল উলিয়ালে।” অর্থাৎ সন্দিকৈ বৰফুকনেই শেন যুঁজৰ আৰম্ভণি কৰিছিল।
শেনযুঁজ এক আমোদজনক আৰু জনপ্ৰিয় খেল৷ শেনচোৱা পুথি অনুসৰি শেন চাৰিবিধ— চাহবচা, কোমাৰ বচা, অৰংগী বচা আৰু ইৰানি বচা। শেনচোৱা বৰুৱা, বৰা আদি পদবীত থকাসকলেই শেন চৰাই ধৰি আনি পোহ মনাই শেনযুঁজৰ বাবে প্ৰশিক্ষণ দিয়ে। শেনযুঁজৰ বিষয়ে ক’বলৈ গৈ ‘আহোম যুগৰ খেল-ধেমালি’ প্ৰবন্ধত তুলিকা চেতিয়া য়েইনে লিখিছে এনেদৰে— “শেন যুঁজৰ বাবে অপৰিহাৰ্য হ’ল কণুৱা চৰাই। কণুৱা চৰাইৰ বাবেই পথাৰৰ মাজত পৰিকল্পিতভাৱে মাছ মেলি দিয়া হয়। খাৱৈবোৰ যেতিয়া মাছৰ উভৈনদী হয়, তেতিয়া কেইটামান কণুৱা চৰাই ধৰি আনি খাৱৈত বান্ধি থয়। সিহঁতে সহজতে মাছ খাবলৈ খাৱৈত থাকে। লাহে লাহে বহুতো কণুৱা চৰাই গোট খায়হি। এনেদৰে বহু কণুৱা চৰাই গোট খোৱা সেই চোঙবোৰক চৰাই চোঙ বোলে। হেজাৰৰো অধিক কণুৱা চৰাই চোঙবোৰত গোট খায়।”
শেনযুঁজ বর্তমান বিলুপ্ত। পূৰ্বতে মাঘৰ পৰা ব’হাগ বিহুলৈকে শেনযুঁজ অনুষ্ঠিত হৈছিল। মুঠ কথাত আহোম যুগৰ খেল-ধেমালিৰ ভিতৰত ‘মেযুঁজ অন্যতম।