উজনি অসমৰ কৃষিজীৱী লোকৰ এক কৃষিভিত্তিক উৎসৱ হ’ল লখিমী সবাহ। লখিমীক শস্যৰ অধিষ্ঠাত্রী দেৱী হিচাপে গণ্য কৰা হয়। লখিমী সবাহক ঠাই বিশেষে পানীতোলা সবাহ, লখিমী বিয়া আদি নামেৰে জনা যায় ৷ লোকসমাজৰ কল্পিত লখিমী দেৱীক সন্তুষ্ট কৰিবৰ বাবেই লখিমী সবাহৰ আয়োজন কৰা হয়। লখিমী দেৱী সন্তুষ্ট হ’লে খেতি-পথাৰৰ কৃষি শস্য ভাল হয় বুলি বিশ্বাস কৰা হয় । প্ৰতিটো জনগোষ্ঠীয়েই নিজা নিজা ধৰণে লখিমী সবাহ আয়োজন কৰে।
উজনি অসমৰ মংগোলীয় লোকে, বিশেষকৈ টাই আহোমসকলে লখিমী সবাহ নিজস্ব ৰীতি-নীতিৰে পালন কৰে। আহোমসকলে লখিমীক লাই খাওমী (লাই – প্রথম, খাও – আহাৰ, মী – স্ত্রী বা গৰাকিনী) অৰ্থাৎ শস্য বা আহাৰৰ অধিকাৰিণী বুলি গণ্য কৰে। গতিকে কৃষিৰ প্ৰাচুৰ্যতাৰ বাবে আহোমসকলে লাই খাওমী বা লখিমী পূজা পালনত অগ্ৰাধিকাৰ দিছিল। উজনিৰ শস্যৰ ভঁৰাল অবিভক্ত লখিমপুৰেই লাই খাওমী পূজাৰ লাই বেদী আছিল বুলি ঠাৱৰ কৰিব পাৰি। স্বৰ্গদেউ চুকাফাই চৰাইদেউত নিগাজি ৰাজধানী পতাৰ পাছত এঙেৰা খাতত শস্যৰ মংগল কামনা কৰি দেওশালত লখিমী পূজাৰ শুভাৰম্ভ কৰিছিল।
বৌদ্ধিক সত্তা মতে, লখিমী সবাহ ভকত-ভকতনীয়ে দুভাগে নামঘৰত পাতে। ভকতসকলে মাহ-প্ৰসাদ দি কীর্তন-ঘোষা পাঠ কৰে। গোপিনীসকলে ভকতৰ পৰা নামঘৰৰ সেৱা লৈ পানী তুলিবলৈ যায়। ভকতৰ সেৱা-অৰ্চনা অন্যান্য সেৱা অনুষ্ঠানৰ দৰেই গতানুগতিক।
কলপটুৱাৰে সজা এখনি দোলাত লখিমীক তুলি অনা হয়। দোলাখনক লখিমীৰ বাহন বুলি কোৱা হয়৷ দোলাৰ ভাৰী দুজন এৱাঁ ল’ৰা, তিনিগৰাকী অকুমাৰী পাট গাভৰু। তাৰে দুগৰাকীয়ে দুণৰি লয়। কলচী, দুণৰি আৰু দোলা-ভাৰ বোৱা
কেইজনে অনুষ্ঠানৰ আগদিনাৰ পৰাই লঘোনে থাকি ফলাহাৰ গ্ৰহণ কৰাৰ নিয়ম। সন্ধ্যা জোন-তৰা ওলালেহে তেওঁলোকে নিৰামিষ আহাৰ খায় ৷
আৰম্ভণিৰ নামসমূহ কৃষি কাৰ্যক কেন্দ্ৰ কৰি গোৱা নাম। এই আৰম্ভণি নাম সমূহ গোৱাৰ পাছতহে পানী তুলিবলৈ যোৱা লোকসকল নৈ বা বোৱঁতী সুঁতিৰ ফালে আগবাঢ়ে।
এটি দুটি কৰি তিনিটি হ’ল মহাদেউ এ কৃষি কৰিবৰে হ’ল
হাল নাই পার্বতী মাটি নাই পার্বতী এ
কৃষিনো কিহেৰে কৰিম?
বলোভদ্র গোসাঁইকে হাল গৰু খোজাগৈ এ
ব্ৰহ্মাক খোজাগৈ মাটি
কুবেৰক কঠিয়া খোজাগৈ জটীয়া এ ইন্দ্ৰক খোজাগৈ পানী।
দুদিনৰ ভিতৰতে তিনিবাৰ বা পাঁচবাৰ পানী তুলি নামঘৰত পুৰুষ-নাৰী সকলোৱে মাহ-প্ৰসাদ বিতৰণ কৰি দুণৰিত থকা ধান মুঠি আৰু অন্যান্য লখিমীৰ সামগ্ৰীসমূহ প্ৰতিঘৰ লোকে ভাগ কৰি লয়। এই ধান মুঠি সততে ভঁৰালত আৰু কোনো কোনোৱে থকা ঘৰতো ছটিয়াই দিয়ে।
এনেকৈ ছটিয়াই দিয়াৰ তাৎপৰ্য হ’ল লখিমীয়ে ঘৰত বাস লওক। উল্লেখযোগ্য যে অনুষ্ঠানৰ মূল ভাগ লোৱাসকলক ৰাইজৰ ফালৰ পৰা নাম মাত্র অৰিহণা দি সন্মান জনোৱা হয়৷ এনেকৈয়ে অসমীয়া জনজীৱনত আৱহমান কালৰে পৰা পালন কৰি অহা কৃষিজীৱী লোকৰ অতি আদৰৰ লখিমী সবাহ বছৰটোৰ বাবে সামৰণি পৰে।