September 8, 2024

লাখপতি বাইদেউ আঁচনি | Lakhpati Baidoo Yojana 2024 in Assamese

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আবেদনকাৰীসকলে লাখপতি বাইদেউৰ আঁচনিৰ প্ৰপত্ৰসমূহ অহা ২ মাৰ্চৰ পৰা ৬ মাৰ্চৰ ভিতৰত জমা দিব লাগিব। আবেদনকাৰীয়ে নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কার্যালয়, মণ্ডল পর্যায় সংগঠন কার্যালয় বা সংশ্লিষ্ট খণ্ড বিষয়াৰ কাৰ্যালয়ত প্ৰ-পত্ৰ জমা দিব লাগিব। জমা দিয়াৰ সময়ত প্ৰ-পত্ৰ সম্পূৰ্ণৰূপে পূৰ্ণ হোৱাটো বাঞ্ছনীয়। অসম্পূর্ণকৈ জমা দিয়া প্ৰ-পত্ৰ নাকচ কৰা হ’ব। আনহাতে প্ৰ-পত্ৰৰ সৈতে অমৃত বৃক্ষৰ ফটো, স্বাক্ষৰিত সংকল্প পত্র, ব্যৱসায়িক পৰিকল্পনা আৰু আবেদনকাৰীৰ ফটো জমাদিব লাগিব। আবেদনকাৰীয়ে ব্যৱসায়িক পৰিকল্পনাৰ লগতে বেংকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি প্ৰ-পত্ৰৰ সৈতে গাঠি দিব লাগিব। প্রয়োজন সাপেক্ষে প্র পত্ৰ পূৰ্ণত জীৱিকা সখী, পশু সখী, কৃষি সখী, বাইদেসকলে সহায় কৰিব।

Lakhpati Baidoo Yojana

লাখপতি বাইদেউ যোজনাৰ উদ্দেশ্য

লাখপতি বাইদেউ যোজনাৰ উদ্দেশ্য হৈছে দৰিদ্ৰতা দূৰীকৰণ আৰু অৰ্থনৈতিক সবলীকৰণ। এই আঁচনিৰ অধীনত মহিলাসকলক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে তেওঁলোকে বছৰি এক লাখতকৈ অধিক টকা উপাৰ্জন কৰিব পাৰে। মহিলা আত্মসহায়ক গোটৰ জৰিয়তে এই আঁচনিখন ৰূপায়ণ কৰা হ’ব। লাখপতি বাইদেউ নিৰ্মাণৰ বাবে মহিলা আত্মসহায়ক গোট (SHG)ক ড্ৰ’ন প্ৰদান কৰা হ’ব আৰু তেওঁলোকক ড্ৰ’ন চলোৱা আৰু মেৰামতিৰ প্ৰশিক্ষণ দিয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *