কৈলাস সত্যাৰ্থী জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন’বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী। ১৯৮০ চনত তেওঁ ‘বচপন বচাও আন্দোলন’ আৰম্ভ কৰি প্ৰায় ৮০,০০০ শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰি আহিছে।
২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হয়।
জন্ম | ১১ জানুৱাৰী, ১৯৫৪ (৬৮ বছৰ) বিদিশা, মধ্য প্ৰদেশ, ভাৰত |
---|---|
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | অভিযান্ত্ৰিকী |
পেচা | শিশু অধিকাৰ আৰু বাল্যশিক্ষা কৰ্মী |
ধৰ্ম | হিন্দু |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শান্তিৰ ন’বেল বঁটা, ২০১৪ Robert F. Kennedy Human Rights Award Medal of the Italian Senate Alfonso Comin International Award International Peace Prize, Germany Defenders of Democracy Award |
Table of Contents
কৈলাস সত্যার্থীৰ জীৱনী Kailash Satyarthi Biography in Assamese
ভাৰতবৰ্ষক জগতৰ শ্ৰেষ্ঠ আসনত বহুৱাই আমাৰ অতীতক সমৃদ্ধ কৰা আৰু বর্তমান তথা ভৱিষ্যতক গর্বিত এটি ৰত্নৰ নাম—কৈলাস সত্যার্থী।শিশু শ্ৰমৰ বিৰুদ্ধাচৰণ তথা শিশুৰ শিক্ষাৰ অধিকাৰক লৈ তেখেতৰ আজীৱন যুদ্ধ, যি যুদ্ধবর্তমানেও অব্যাহত। cocaco Cagay—“My Philosophy is that I am a friend of the Children.’
জন্ম
১৯৫৪ চনৰ ১১ জানুৱাৰী তাৰিখে মধ্য প্ৰদেশৰ বিদিশা জিলাত কৈলাস সত্যাৰ্থীৰ জন্ম হয়। তেওঁ বিদিশাৰ ‘সম্ৰাট অশোক অভিযান্ত্ৰিক প্ৰতিষ্ঠান’ত (Samrat Ashok Technological Institute, SATI) বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগত অধ্যয়ন কৰি high-voltage engineering বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত কিছু বছৰলৈ তেওঁ ভূপালৰ এখন মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
বাল্যকাল আৰু চিন্তাৰ বীজ
শৈশৱৰ পৰাই তেখেতে শিশু শিক্ষাৰ প্রয়ােজনীয়তা আৰু অভাববিলাক দেখি আহিছিল। বিশেষকৈ বহুতেই স্কুললৈ নগৈ শ্রম দান কৰি ধন উপার্জন কৰা তেওঁ লক্ষ্য কৰিছিল। তেখেতৰ মন মগজুত অর্থনৈতিক অসাম্যই প্রতিক্রিয়া কৰিছিল। আনকি বন্ধুৰ লগ হৈ বিদ্যালয়ত কিতাপ বহী বিনামূল্যে দিয়াৰ চিন্তাও কৰিছিল। ইঞ্জিনীয়াৰ হিচাপে কৰ্মজীৱন শেষ কৰি ১৯৮০ চনত ‘দি ষ্টাগল চেল কন্টিনিউ’ নামৰ পত্রিকা এখনৰাে সম্পাদনা কৰিছিল।
শিশুশ্ৰমৰ বিৰুদ্ধে আৰু শিশু শিক্ষাৰ প্রতি তেখেতৰ কর্তব্যবোেধ তথা অনুৰাগ—আজন্ম। যিবিলাক শিশুৱে শিশু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে তেওঁলােকৰ ন্যায্য প্রাপ্তিৰ বাবে আৰু শ্ৰমৰ পৰা ৰক্ষা কৰা আদি তেখেতৰ কর্মপৰিধিৰ কেন্দ্রবিন্দু। তেনে পৰিপ্ৰেক্ষিতত তেখেতে বদ্বাৰ বিভিন্ন কল কাৰখানাৰ পৰা অনেক শিশু শ্রমিকক উদ্ধাৰ কৰাৰ পদক্ষেপ গ্রহণ কৰিছে।
কৰ্মৰ পৰিধি
কৈলাস সত্যার্থী ভাৰতবৰ্ষৰ পঞ্চমজন নােবেল পুৰস্কাৰ বিজয়ী তথা দ্বিতীয়জন শান্তিৰ নােবেল বিজেতা। ইয়াৰ পূর্বে শান্তিৰ নােবেল বঁটা মাদাৰ টেৰেছাই লাভ কৰিছিল। সত্যার্থীয়ে লাভ কৰা বিভিন্ন বঁটাসমূহ কৈছে— ২০১৪ চনত নােবেল বঁঠা, চনত ১৯৯৪ দ্যা এচিনিয়েৰ ইণ্টাৰনেচনেল পিচ প্রাইজ জার্মানী, ১৯৯৫ চনত ৰবাৰ্ট এফ কেনেডি হিউমেন ৰাইটচ বঁটা, ২০০৭ চনত মিডাল অৱ দ্যা ইটালিয়ান চিনেইট বঁটা, ২০০৮ চনত এলফেনচ কমিন ইণ্টাৰনেচনেল বঁটা (স্পেইন), ২০০৮ চনত ডিফেণ্ডাৰ অৱ ডেমক্রেচিবঁটা (আমেৰিকা) ইত্যাদি।
সেইদৰে অনেক গ্ৰন্থত সত্যাৰ্থীৰ কৰ্মৰাজীৰ বিষয়ে অনেক আলােচনা হৈছে, তেনে কিছুমান ২০০৬ চনত ভূপিন্দৰ জুটচিৰ কৈলাস সত্যার্থী, দিল্লীৰ চি প্রকাশনৰ গ্লবেলাইজেচন, ডেভলপমেন্ট এণ্ড চাইল্ড ৰাইটচ ইত্যাদি উল্লেখযােগ্য। ইয়াৰ উপৰিও Kailash Satyarth.ne নামৰ ৱেবচাইট যােগেও সত্যার্থীৰ সকলাে কথা জানিব পাৰি।
কৈলাস সত্যার্থী আৰু তেখেতৰ সংগঠন ‘Bachpan Bachao Andolon (BBA), ‘Save Childhood’ৰ দ্বাৰাই শিশু শ্রমিককৰক্ষা কৰা আৰু শিক্ষাৰ প্রাপ্য অধিকাৰ ঘূৰাই আনিছে। প্রায় এশজনমান সমাজকর্মী তথা যুৱক যুৱতী, শিক্ষ-শিক্ষয়িত্ৰী তথা গৱেষক লগ হৈ এই সংগঠনৰ বৈ কাম কৰি আহিছে।ভাৰতবৰ্ষৰ লগতে সমগ্র বিশ্বত প্রায় আশি হাজাৰ স্বেচ্ছাসেৱীয়ে এই সংগঠনত যােগ দিছে। এই স্বেচ্ছাসেৱীসকল একেলগ হৈ ৰাজনৈতিক নেতাসকলৰ সহযােগত শিশু শ্ৰমিকৰ বিৰুদ্ধে আইন প্রণয়ন তথা সংশােধন কৰি কৰ্মত আগুৱাই গৈ আছে। ১৯৮০ চনৰ পৰা প্রায় ৮৩০০০ শিশু, শিশুশ্রমৰ পৰা মুক্ত হৈ সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। দিল্লীত মুক্তি আশ্রম’ ৰাজস্থানত বাল আশ্রম’আদিত এনে শিশুক শিক্ষা দান কৰি সফল হৈছে।
ব্যক্তিগত জীৱন
সত্যাৰ্থী ভাৰতৰ নতুন দিল্লীত বাস কৰে। তেওঁৰ পৰিয়ালত তেওঁৰ পত্নী, এজন পুত্ৰ, বোৱাৰী আৰু এগৰাকী কন্যা। সমাজ হিতৈষী কৰ্মৰ বাহিৰেও তেওঁ ৰন্ধা-বঢ়াতো ভাল। উদ্ধাৰ হোৱা শিশু শ্ৰমিকসকলক তেওঁ ৰান্ধি খুৱাই ভাল পায়ল।
বঁটা আৰু সন্মান
সত্যাৰ্থীৰ কৰ্মৰাজীৰ ওপৰত বহুকেইখন তথ্যচিত্ৰ, দূৰদৰ্শন ধাৰাবাহিক, advocacy and awareness films ইত্যাদি নিৰ্মাণ হৈছে আৰু বহু টক শ্ব’লৈকো তেওঁ আমন্ত্ৰিত হৈছে।[27] নিম্নোল্লিখিত সন্মানসমূহেৰে সত্যাৰ্থীক বিভূষিত কৰা হৈছে:
- ২০১৪: শান্তিৰ ন’বেল বঁটা
- ২০০৯: Defenders of Democracy Award (US)
- ২০০৮: Alfonso Comin International Award (Spain)
- ২০০৭: Gold medal of the Italian Senate (2007)
- ২০০৭: US State Departmentৰ দ্বাৰা “Heroes Acting to End Modern Day Slavery” তালিকাত অন্তৰ্ভুক্তি
- ২০০৬: Freedom Award (US)
- ২০০২: Wallenberg Medal, University of Michigan
- ১৯৯৯: Friedrich Ebert Stiftung Award (Germany)
- ১৯৯৮: Golden Flag Award (Netherlands)
- ১৯৯৫: Robert F. Kennedy Human Rights Award (US)
- ১৯৯৫: The Trumpeter Award (US)
- ১৯৯৪: The Aachener International Peace Award (Germany)
- ১৯৯৩: Ashoka Fellow (US) হিচাপে নিৰ্বাচিত।
উপসংহাৰ
সত্যৰ অনুসন্ধান হৈছে কৈলাস সত্যার্থীৰ জীৱনৰ ব্ৰত। তেখেতৰ ধৈর্য, বুদ্ধি, ইচ্ছা, কর্তব্যবােধৰ দ্বাৰাইযিখিনি কৰিছে, সেইখিনি আমাৰ প্রত্যেকৰেঅনুসৰণীয় বিষয়। তেখেতৰ হাতত হাত ধৰি আমিও আগুৱাই যাব পাৰিলে ভাৰতবৰ্ষত শিশু শ্ৰম আৰু শিশু শিক্ষাৰ প্ৰগতি নিশ্চিত।