প্ৰতিগৰাকী ব্যক্তিয়ে ইজনে সিজনক মনৰ ভাব প্ৰকাশ কৰিবলৈ ভাষা ব্যৱহাৰ কৰে। এটি শিশুৱে মাক-দেউতাকে কোৱা ভাষাতে কথা ক’বলৈ শিকে। মাক-দেউতাকে যি ভাষা কয় শিশুটিৰ কাৰণে সিয়েই মাতৃভাষা।
সাহিত্য অকাডেমী বঁটা বিজয়ী প্রয়াত যতীন্দ্ৰ নাথ দুৱৰাই কৈছিল— ‘মাকৰ কোলাত পিয়াহ খাওঁতে যি ভাষাৰে প্ৰথমে ‘আই’ শব্দৰ উচ্চাৰণ ওলায়— সেয়ে তেওঁৰ মাতৃভাষা।’ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল—‘সন্তানক নিজ দুগ্ধ দান নকৰা মাতৃ আৰু মাতৃভাষা নিশিকোৱা ব্যক্তি মহাপাতকী।’
ভাৰতীয় সংবিধান মতেও যিকোনো প্রাথমিক স্তৰত মাতৃভাষাত শিক্ষা লাভ কৰাৰ কাৰণে সুবিধা পাব লাগে। মাতৃভাষাত লিখা-পঢ়া শিকিলেহে ল’ৰা-ছোৱালীয়ে সকলো বিষয় খৰচি মাৰি বুজিব পাৰে। মাতৃভাষাত জ্ঞান নাথাকিলে আন ভাষা আয়ত্ব কৰা কঠিন। সেয়ে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈছিল— ‘মাতৃভাষা মাতৃদুগ্ধস্বৰূপ৷’ মাতৃভাষাই মনৰ পৰিপুষ্টি আনে আৰু আত্মাৰ শোধনত সহায় কৰে। বৰ্তমান সময়ত ইংৰাজী ভাষাৰ আগ্ৰাসনৰ ফলত অসমীয়া ভাষা এক সংকটৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। অকল অসমীয়া ভাষাৰে যে এনে পুতৌ লগা অৱস্থা তেনে নহয়। বিশ্বত প্রায় আঢ়ৈ হাজাৰৰপৰা পাঁচ হাজাৰ ভাষা আৰু দোৱান আছে। কিছুমান ভাষা ইতিমধ্যে লুপ্ত হৈছে। আন কিছুমান ভাষাৰ আকৌ কওঁতাৰ সংজ্ঞা দিনক দিনে হ্ৰাস পাইছে। সেয়েহে বিশ্বত ভাষাৰ ক্ষেত্ৰত দেখা দিয়া এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইউনেস্ক’ই ২১ ফেব্ৰুৱাৰী দিনটো ‘মাতৃভাষা দিৱস’ ৰূপে ঘোষণা কৰিছে। এই মাতৃভাষা দিৱস পালনৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল — জনসাধাৰণে মাতৃভাষাক মৰ্যাদা সহকাৰে প্ৰয়োগ কৰা। শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ ভাষাত—
‘মাতৃৰ স্তনেৰে স’তে থনুক-থানাক মাতেৰে কৰিছিলোঁ যি ভাষাৰ নিতৌ অমৃত পান সেয়ে মোৰ পৰাণৰ মাতৃভাষা সৰগ সমান। শংকৰ-মাধৱ কবি মাধৱ কন্দলি ফুলালেহি যি ভাষাত কাব্য ফুলকলি যি ভাষাৰ পতি কৰি হেম বৰুৱাই সাধিলে জাতীয় হিত ‘কোষ’ উলিয়াই সেয়ে মোৰ শৰীৰৰ সিৰে সিৰে নচা সেয়ে মোৰ মৰমৰ সেয়ে মাতৃভাষা।’ সকলো জ্ঞান-বিজ্ঞান মাতৃভাষাত শিকিবলৈ সহজ হয়। কোনো বিষয়ত খোকোজা লাগিলেও আনৰপৰা সহজে বুজি ল’ব পাৰি। মাতৃভাষাত জ্ঞানবিজ্ঞান লভিলেই ন ন চিন্তাৰ পথ মুকলি হয়। অলাত ভাই