Table of Contents
গৌতম বুদ্ধৰ জীৱনী Gautama Buddha Biography in Assamese
সিদ্ধাৰ্থ গৌতম আছিল প্ৰাচীন ভাৰতৰ এক ধৰ্মগুৰু আৰু বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাপক। অধিকাংশ বৌদ্ধ সম্প্ৰদায়ৰ মতে, তেখেতেই বৰ্তমান যুগৰ সৰ্বোচ্চ বুদ্ধ (পালি: সম্মাসম্বুদ্ধ, সংস্কৃত: সম্যকসম্বুদ্ধ)। ‘বুদ্ধ’ শব্দৰ অৰ্থ ‘আলোকপ্ৰাপ্ত ব্যক্তি’ বা ‘দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি’। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় অজ্ঞাত। প্ৰাক-বিংশ শতাব্দীৰ ঐতিহাসিকবিদসকলে তেওঁৰ জীৱনকালক সীমাবদ্ধ কৰিছে ৫৬৩ খৃষ্টপূৰ্বাব্দৰ পৰা ৪৩৮ খৃষ্টপূৰ্বাব্দৰ মধ্যকাললৈ। কোনো কোনো আধুনিক ঐতিহাসিকবিদৰ মতে, গৌতম বুদ্ধৰ মৃত্যু ঘটে ৪৮৬ ৰ পৰা ৪৮৩ খৃষ্টপূৰ্বাব্দৰ মধ্যবৰ্তী কোনো এক সময়লৈ; আকৌ কিছুমানৰ মতে, ৪১১ ৰ পৰা ৪০০ খৃষ্টপূৰ্বাব্দৰ মধ্যকাললৈকে।
গৌতম বুদ্ধৰ অন্য নাম “শাক্যমুনি”; তেওঁ বৌদ্ধধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব। অনুমান কৰা হয়, তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ অনুগামীসকলে তেওঁৰ জীৱনকথা, শিক্ষা আৰু বৌদ্ধ সংঘৰ সন্ন্যাস-বিধি লিপিবদ্ধ কৰিছিল। তেওঁৰ শিক্ষাবোৰ প্ৰথমতে মুখে মুখে প্ৰচলিত আছিল। বুদ্ধৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পাছত এইবোৰ লিপিবদ্ধ কৰা হয়।
জন্ম | ৬২৩ খৃষ্টপূৰ্বাব্দ লুম্বিনী (বৰ্তমান নেপালত) |
---|---|
মৃত্যু | ৫৪৩ খৃষ্টপূৰ্বাব্দ কুশীনগৰ (বৰ্তমান ভাৰতত) |
বংশদ্ভূত | শাক্য ছেত্ৰী |
জনা যায় | বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক |
পূৰ্বসূৰী | কশ্যপ বুদ্ধ |
উত্তৰসূৰী | মৈত্ৰেয় বুদ্ধ |
প্ৰাৰম্ভিক জীৱন
সিদ্ধাৰ্থৰ পিতৃ আছিল শাক্য বংশীয় ৰজা শুদ্ধোধন। মাতৃ মায়াদেৱী। মায়াদেৱী কপিলাবস্তুৰ পৰা পিতৃৰ ৰাজ্য যোৱাৰ পথত লুম্বিনি গ্ৰামত (বৰ্তমান নেপালৰ অন্তৰ্গত) সিদ্ধাৰ্থক জন্ম দিছিল। তেওঁৰ জন্মৰ সপ্তম দিনাখনেই মায়াদেৱীৰ জীৱনাবসান ঘটে। পাছত তেওঁ মাহীমাক গৌতমীৰ হাতত লালন পালন হয়। ধাৰণা কৰা হয় তেওঁৰ নামৰ “গৌতম” অংশটি মাহীমাকৰ নামৰ পৰাই আহিছে। আকৌ কিছুমানৰ মতে এইটো তেখেতসকলৰ বংশানুক্ৰমিক নাম। জন্মৰ পঞ্চম দিনা তেখেতৰ পিতৃয়ে ৮জন জ্ঞানী ব্যক্তিক সদ্যোজাত শিশুটিৰ নামকৰণ আৰু ভৱিষ্যত গণনা কৰাৰ বাবে নিমন্ত্ৰণ কৰিছিল। তেতিয়া তেওঁৰ নাম সিদ্ধাৰ্থ ৰখা হয় – সিদ্ধাৰ্থ শব্দটোৱে “সিদ্ধিলাভ কৰা, বা উদ্দেশ্য সফল” হোৱা বুজায়। তেখেতসকলৰ মাজৰ এজনে লগতে কয় যে, ৰাজকুমাৰ এদিন সত্যৰ সন্ধানত বাহিৰলৈ ওলাই যাব আৰু বোধিপ্ৰাপ্ত হব। এজন ৰাজপুত্ৰ হিচাপে সিদ্ধাৰ্থই বিভিন্ন শাখাত শিক্ষা লাভ কৰিছিল।
সিদ্ধাৰ্থ গৌতমৰ বিবাহ সম্বন্ধে দুই ধৰণৰ মত আছে। প্ৰথম মত অনুসাৰে ১৬ বছৰ বয়সত তেওঁ এক প্ৰতিযোগিতাৰ মাধ্যমেৰে তেওঁৰ পত্নীক লাভ কৰে। তাৰপিছত পুত্ৰ ৰাহুলে জন্মগ্ৰহণ কৰে। দ্বিতীয় মত অনুসাৰে ২৮ বছৰ বয়সত তেওঁক সংসাৰৰ প্ৰতি মনোযোগী কৰাৰ বাবে তেওঁৰ পিতৃমাতৃয়ে ৰাজকন্যা যশোধৰাৰ লগত বিবাহ অনুষ্ঠিত কৰে। পৰৱৰ্তী বছৰতে পুত্ৰ ৰাহুলৰ জন্ম হয়।
সংসাৰ ত্যাগ
মানুহৰ জৰা ব্যাধি, মৃত্যু বা দুখ শােক দেখি তেওঁৰ মন বৰ অশান্ত। এইবােৰৰ দুখ-যন্ত্রণাৰ পৰা মুক্তিৰ উপায় চিন্তা কৰি তেওঁৰ মন অস্থিৰ হয়। এদিনাখন এক সুদর্শন, দেৱতাসুলভ চেহেৰাৰ সন্ন্যাসীৰ লগত তেওঁৰ সাক্ষাৎ হয়। সন্যাসীক দেখি তেওঁৰ মনে মনে চিন্তা কৰে যে, সংসাৰ ত্যাগী এই তপস্বীজন কিমান সুখী। কিজানিবা প্রকৃত শান্তি কি বা ক’ত তাক সন্ন্যাসীজনে বিচাৰি পাইছে। এইবাৰ সিদ্ধার্থইও সংসাৰ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ কিছুদিন আগে তেওঁৰ এটি নাম ৰাহুল। পুত্ৰৰ মৰম, সংসাৰৰ মায়া এইবােৰে তেওঁখ কাবু কৰিব, ইয়াকে আশংকা কৰি ২০ বছৰ বয়সত গৃহও ভাৰ্য্যা তথা পুত্র ত্যাগ কৰি তেওঁ অনিশ্চিত পথত ভৰি দিয়ে।
দিব্যজ্ঞান লাভ
গৃহ সংসাৰ ত্যাগৰ পাছত সন্ন্যাসীৰ বেশে নানা ঠাই ভ্ৰমণ কৰে। সুদীর্ঘ ৬ বছৰ ধৰি চলিল কঠোৰ যােগ-সাধন আৰু শাস্ত্রানুশীলন তেওৰ শৰীৰ শুকাই-খীনাই দুর্বল অস্থি-চর্মসাৰ হৈ পৰে। দিনৰ পাছত দিন অনাহাৰ-অনিদ্রাই কটাইছে যদিও সত্যৰ সন্ধান পােৱা নাই। শেষত নৈৰঞ্জনা নদীত স্নান কৰে। নৈৰ পাৰৰ এডাল অশ্ব বৃক্ষৰ তলত তেওঁ ধ্যানত বহে। দৃঢ় প্রতিজ্ঞ প্রাণ গলেও ধ্যান ভংগ হ’ব নােৱাৰে, কোনাে জ্ঞান নােপােৱালৈ ধ্যান ত্যাগ নকৰে। এনেদৰে সুদীর্ঘ তপস্যাৰ অন্তত এদিন বহাগী পূর্ণিমা তিথিত দিব্যজ্ঞান লাভ কৰে। দিব্য জ্ঞান লাভ কৰা গছজোপাক বােধিবৃক্ষ আৰু ঠাই ডােখৰ বুদ্ধগয়া নামে জনাজাত হয়। তেওঁ হয় বুদ্ধদেৱ।
মহাপৰিণিৰ্জন
দিব্যজ্ঞান লাভ কৰাৰ পাছত তেওঁ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে। সর্বপ্রথমে ধর্মপ্রচাৰ কৰে কাশীৰ উপকণ্ঠৰসাৰনাথৰ একমৃগবনত।তাৰ পাছত বিহাৰ আৰু উত্তৰ ভাৰতৰ বিভিন্ন স্থানত। মগধৰ ৰজা বিম্বিসাৰ, কৌশল্যৰ সম্রাট প্রসেনজিৎ, শ্রেষ্ঠীৰ অনাথ পিণ্ড, ৰাজগৃহে সাৰিপুত্ত আৰু মােগগলন সহিতে ধনী, দৰিদ্ৰ, উচ্চ নীচ নির্বিশেষে সহস্রাজনে তেওঁৰ শিষ্যত্ব গ্রহণ কৰে। এনেদৰে ধর্মপ্রচাৰ কৰি থাকি ৮০ বছৰ বয়সত কুশীনগৰ নামৰ ঠাইত বুদ্ধদেৱে প্রাণত্যাগ কৰে। শিষ্যসকলে ইয়াক মহাপৰিনির্বাণ বুলি কয়।
বুদ্ধৰ চাৰিসত্য
বৌদ্ধধর্মৰ মূল ভিত্তি চাৰিটা মহৎ সত্যৰ ওপৰত প্রতিষ্ঠিত। এইবােৰ হ’ল জগতবাসীৰ দুখ, দুখৰ কাৰণ, দুখমােচন লগতে দুখমােচনৰ উপায়। বুদ্ধদেৱে জনালে যে জৰা ব্যাধি আৰু শােক তাপৰ কাৰণে মানুহে দুখ পাব লগা হয়। অবিদ্যা আৰু আসক্তি দুখ কষ্টৰ প্ৰধান কাৰক, দুখ মােচনৰ বাবে অবিদ্যা-অজ্ঞানতা আৰু আসক্তিক দমন কৰিব লাগিব, দুখ আৰু পুনজন্মৰ পৰা সৎ কর্মৰ দ্বাৰা মুক্তি বা অব্যাহতি পাব পাৰি। বুদ্ধদেৱে কিছুমান শীল বা নীতি অনুশীলনৰ উপদেশ দিয়ে। এইবােৰ হ’ল— অহিংসা, চুৰি নকৰা, সত্য কথা কোৱা, ব্রহ্মচার্য পালন আৰু যােগাভ্যাস। বৌদ্ধধর্মত জাতিভেদ নাই। ইয়াত দেৱ-দেৱীৰ অস্তিত্বও স্বীকাৰ কৰা নহয়।
ভগৱান বুদ্ধৰ জীৱন আৰু সাধনা, পর্যালােচনা কৰিলে আমি ইয়াকে ক’ব পাৰাে যে তেওঁৰ উদাৰ চিন্তাই সমস্ত জগতবাসীক চিত্তস্থিত কৰিবলৈ পৃথিৱীলৈ আছিল তেওঁৰ আগমন। দেখা যায় যে বুদ্ধদেৱে জাতি, ধর্ম, যাগ-যজ্ঞক স্থান দিয়া নাই। দয়া, কৰুণা স্বৰ্গৰ পৰা নিবিচাৰি, মানুহৰ অন্তৰত ইয়াৰ অস্তিত্ব আৰু বিকাশ বিচাৰে। তেওঁৰ মতে দুখ-কষ্টৰে মানুহে আগবাঢ়ি যাব লাগে যাতে নিজক ভালদৰে বুজিব পাৰে। প্ৰেমৰ উপলব্ধি কৰাৰ চেষ্টা কৰা প্রয়ােজনীয়। জগত প্ৰেমৰ দ্বাৰা নিজৰ অহংভাৱ নােহােৱা কৰিব পাৰে। বুদ্ধদেৱৰ মতে মুক্তি হ’ল, সদর্থক, অর্থহীন নহয় সৎকর্মত আত্মত্যাগৰ দ্বাৰা, কর্মহীনতাৰেনহয়, সকলাে জীৱৰ প্রতি অশেষ প্রেমসাধনাৰে, কেৱল খংৰাগ বর্জনেৰেনহয়।
উপসংহাৰ
আজিৰ বিশ্ব হিংসা, দ্বন্দ্বৰে কলুষিত, জাতিভেদেৰে জৰ্জৰিত। বুদ্ধদেৱ মূর্তি পূজাৰ বিৰােধী আছিল, অথচ সেই স্থানত বুদ্ধদেৱৰ মূৰ্তিৰাখিমানুহে ধৰ্মৰ নামত আচাৰ অনুষ্ঠানক প্রাধান্য দি, প্রতিনিয়ত আত্মপ্ৰৱঞ্চনা কৰিছে। এতিয়া যেন আকৌ বুদ্ধৰ শাশ্বত বাণীক পুনৰ স্মৰণ কৰি5, মৈত্রী, কৰুণা আৰু প্ৰেমৰ আদৰ্শৰে নিজ নিজ চিত্তক উদ্বুদ্ধ কৰাৰ সময় আহি পৰিছে।