Table of Contents
ভাৰতৰ সংবিধান আৰু শাসন ব্যৱস্থা
সংবিধান
১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত আৰু কাৰ্যকৰী হয় । ইয়াৰ আগতে ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ গণ পৰিষদ ( Constituent Assembly ) গঠিত হয় । ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লয় । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয় । সেইদিনাৰ পৰাই ভাৰতক এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য ( Sovereign Democratic Republic ) ৰূপে ঘােষণা কৰা হৈছে । ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ সংবিধান । বর্তমান ইয়াত মুঠ ৩৯৫ টা অনুবন্ধ , ১২ টা অনুসূচী আৰু ২২ টা অধ্যায় আছে ।
Constitution of India | |
---|---|
Original title | भारतीय संविधान (IAST: Bhāratīya Saṃvidhāna)[a] |
Jurisdiction | India |
Ratified | 26 November 1949; 70 years ago |
Date effective | 26 January 1950; 70 years ago |
System | Federal Parliamentary Constitutional Republic |
Branches | Three (Executive, Legislature and Judiciary) |
Chambers | Two (Rajya Sabha and Lok Sabha) |
Executive | Prime minister-led cabinet responsible to the lower house of the parliament |
Judiciary | Supreme court, high courts and district courts |
Federalism | Federal[1] |
Electoral college | Yes, for presidential and vice-presidential elections |
Entrenchments | 2 |
Amendments | 104 |
Last amended | 25 January 2020 (104th) |
Location | Parliament House, New Delhi, India |
Author(s) | B. R. Ambedkar Chairman of the Drafting CommitteeBenegal Narsing Rau Constitutional Advisor to the Constituent Assembly Surendra Nath Mukherjee Chief Draftsman of the Constituent Assembly[2]and other members of Constituent Assembly |
Signatories | 284 members of the Constituent Assembly |
Supersedes | Government of India Act 1935 Indian Independence Act 1947 |
সংবিধানৰ প্ৰস্তাৱনা ( Preamble )
ভাৰতৰ সংবিধানখনৰ প্ৰস্তাৱনাতেই ভাৰতৰ সংবিধানৰ লক্ষ্য , উদ্দেশ্য , ৰাষ্ট্ৰীয় সমতাৰ উৎস আদি বিষয় উল্লেখ আছে । ভাৰতীয় জনগণৰ নামত লিপিবদ্ধ আৰু উৎসর্গিত এই সংবিধানখনৰ প্ৰস্তাৱনাত কোৱা হৈছেঃ
“ আমি ভাৰতৰ জনগণে সার্বভৌম , সমাজবাদী , ধর্ম নিৰপেক্ষ গণতান্ত্রিক প্রজাতন্ত্রৰূপে ভাৰতক গঢ়ি তুলিবলৈ আৰু ইয়াৰ সকলাে নাগৰিকে যাতে সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় বিচাৰ পায় ; চিন্তাৰ , মত প্রকাশ , বিশ্বাসৰ , ধৰ্মৰ আৰু উপাসনাৰ স্বাধীনতা লাভ কৰে ; সমমর্যাদা আৰু ব্যক্তিৰ সুযােগ – সুবিধাৰ অধিকাৰ লাভ কৰে আৰু ব্যক্তিৰ মর্যাদা আৰু ৰাষ্ট্রৰ সংহতি তথা ঐক্য সুনিশ্চিত কৰিবৰ কাৰণে সকলােৰে মাজত যাতে ভ্রাতৃত্ববােধ বাড়ে তাৰ বাবে নিষ্ঠা সহকাৰে সংকল্প গ্রহণ কৰি আমাৰ সংবিধান সভাত আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা এই সংবিধান | গ্ৰহণ কৰিছাে , বিধিবদ্ধ কৰিছাে আৰু নিজকে অর্পণ কৰিছোঁ ।
সংবিধানৰ বৈশিষ্ট্য
বিশ্বৰ ভিতৰত বৃহত্তম লিখিত সংবিধান ভাৰতৰ সংবিধানখনৰ ৰচয়িতাসকলে বিভিন্ন দেশৰ সংবিধানৰ আৰ্হিত ভাৰতৰ সংবিধান ৰচনা কৰিছিল । সংবিধানখনৰ কেইবাটাও উল্লেখযােগ্য বৈশিষ্ট্য আছে ।
ভাৰতৰ সংবিধানৰ বৈশিষ্ট্য হিচাপে মৌলিক অধিকাৰক বিশেষ স্থান দিয়া হয় । সমতাৰ অধিকাৰ , স্বাধীনতাৰ অধিকাৰ , শোষণৰ বিৰুদ্ধে অধিকাৰ , শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ , ধর্মীয় স্বাধীনতাৰ অধিকাৰ , সাংবিধানিক প্রতিবিধানৰ অধিকাৰ হ’ল মৌলিক অধিকাৰ । আগতে মৌলিক অধিকাৰৰ ভিতৰত সম্পত্তিৰ অধিকাৰৰ আছিল যদিও সংবিধানৰ ৪৪ তম সংশােধনৰ জৰিয়তে ইয়াক বাদ দিয়া হয় । বর্তমান সম্পত্তিৰ অধিকাৰ বিধিসম্মত অধিকাৰ ( statutory right ) ।
সংবিধানৰ প্ৰস্তাৱনাত যি আদৰ্শৰ উল্লেখ আছে , তাৰেই সম্প্রসাৰিত ৰূপ নির্দেশাত্মক নীতি ভাৰতৰ সংবিধানৰ এক গুৰুত্বপূর্ণ অংশ । এই নীতিসমূহ আদালতৰ দ্বাৰা প্রয়ােগযােগ্য নহ’লেও ৰাষ্ট্ৰৰ প্ৰশাসন পৰিচালনাত ইয়াৰ গুৰুত্বপূর্ণ ভূমিকা আছে ।
ভাৰতৰ সংবিধানে নমনীয় আৰু অনমনীয়তাৰ মাজত সমন্বয় সাধন কৰিছে । সংবিধানখনৰ সকলাে অংশ সংশােধনৰ বাবে একে পদ্ধতি অনুসৰণ কৰা নহয় । সংবিধান সংশােধন কৰিবৰ বাবে সংসদৰ যিকোনাে সদনত বিল উত্থাপন কৰা হয় ।
ভাৰতৰ সংবিধানখন এখন লিখিত সংবিধান । অৱশ্যে ইয়াত সাংবিধানিক ৰীতি – নীতিৰ প্রভাৱ সুস্পষ্ট । ৰাজ্যৰ ৰাজ্যপালৰ ক্ষমতা প্রয়ােগ পদ্ধতি মূলতঃ শাসনতান্ত্রিক ৰীতি – নীতিৰ দ্বাৰা নিয়ন্ত্রিত ।
ভাৰতৰ সংবিধানৰ এক উল্লেখযােগ্য বৈশিষ্ট্য হ’ল জৰুৰী অৱস্থা সংক্রান্ত ঘােষণাৰ সংযােজন । জৰুৰী অৱস্থা সম্পর্কিত ঘােষণাক তিনি ভাগত ভাগ কৰা হয় ঃ যুদ্ধ , বহিঃ আক্ৰমণ আৰু সশস্ত্র বিদ্রোহজনিত জৰুৰী অৱস্থা , ৰাজ্যৰ সাংবিধানিক অচলাৱস্থা আৰু আর্থিক জৰুৰী অৱস্থা ।
বিভিন্ন সময়ত , বিভিন্ন অৱস্থাৰ পৰিপ্ৰেক্ষিতত , বিভিন্ন প্রসংগত ভাৰতৰ সংবিধানখনৰ বিভিন্ন অনুচ্ছেদ বা বিভিন্ন অংশসমূহ সাল – সলনি বা সংশােধন কৰা হৈছে । ভাৰতীয় সংবিধানৰ এই সংশােধনী সম্পন্ন কৰাৰ বাবে কিছুমান বিশেষ বিধি অনুসৰণ কৰা হয় যদিও সমস্ত অংশকে একেই পদ্ধতিতে বা একেবােৰ নীতি – নিয়মৰ আধাৰত সংশােধন বা পৰিৱৰ্তন কৰা নহয়।সূচী বা অনুসূচীসমূহৰ গুৰুত্ব অনুযায়ী বিভিন্ন অংশৰ সংশােধন বিভিন্ন পদ্ধতিৰে কৰা হয় । ২০০৪ চনলৈকে ভাৰতৰ সংবিধানখন ৯২ বাৰ সংশােধন কৰা হৈছে ।
শাসন ব্যৱস্থা
ভাৰতত গণতান্ত্রিক শাসন ব্যৱস্থা প্রচলিত । ইয়াত ৰাইজৰ ভােটৰ দ্বাৰা নির্বাচিত প্রতিনিধিয়ে পৰােক্ষভাৱে ৰাইজৰ হৈ শাসনকার্য পৰিচালনা কৰে । শাসনৰ সুবিধার্থে আমাৰ দেশখনক ৰাজ্য আৰু প্ৰদেশত ভাগ কৰি সমগ্র দেশৰে শাসন ক্ষমতা কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যসমূহত থকা ৰাজ্য চৰকাৰৰ মাজত ভাগ কৰি দিয়া হৈছে । ৰাষ্ট্রপতি হ’ল এই শাসন ব্যৱস্থাৰ মুৰব্বী ।
ৰাষ্ট্রপতি
ৰাষ্ট্রপতি হ’ল ৰাষ্ট্রৰ প্ৰধান , জাতিৰ নেতা । ভাৰত চৰকাৰৰ সকলাে প্রশাসনিক কার্য ৰাষ্ট্ৰপতিৰ দ্বাৰা পৰিচালিত হয় । শাসন পৰিচালনাত ৰাষ্ট্রপতি প্রধান মন্ত্ৰীৰ নেতৃত্বত গঠিত এখন মন্ত্রী পৰিষদে সহায় কৰে । ৰাষ্ট্রপতি দেশৰ নিয়মতান্ত্রিক শাসক মাত্র । ৰাষ্ট্ৰপতিৰ নামত মন্ত্রী পৰিষদে শাসনকার্য চলায় । একক হস্তান্তৰযােগ্য ভােটৰ দ্বাৰা সমানুপাতিক প্রতিনিধিত্বৰ ভিত্তিত ৰাষ্ট্রপতিক জনসাধাৰণৰ পৰােক্ষভােটৰ দ্বাৰা নির্বাচিত কৰা হয় । ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰ । ভাৰতৰ শাসন ব্যৱস্থাৰ সকলাে ক্ষমতাই ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত যদিও কোনাে ক্ষেত্রতে মন্ত্রীসভাৰ পৰামর্শ অবিহনে তেওঁ কোনাে কাম কৰিব নােৱাৰে । ভাৰতৰ ৰাষ্ট্ৰপতি
( ক ) জল , স্থল আৰু বিমান বাহিনীৰ প্ৰধান ; ৰাষ্ট্রপতিয়ে
( খ ) কেন্দ্ৰৰ প্ৰধান মন্ত্রী , আৰু অন্যান্য মন্ত্রী , ৰাজ্যপাল , ৰাষ্ট্রদূত , উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিকে ধৰি বিভিন্ন উচ্চপদস্থ বিষয়াসকলক নিযুক্তি দিব আৰু পদচ্যুত কৰিব পাৰে ; ৰাষ্ট্রপতিয়ে
( গ ) সংসদ অধিবেশন আহ্বান , স্থগিত বা , লােকসভা ভংগ কৰিব পাৰে ; ৰাষ্ট্ৰপতিয়ে
( ঘ ) কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মার্জনা বাহ্রাস কৰিব পাৰে ;
( ঙ ) বহিঃশত্ৰুৰ আক্রমণ বা আভ্যন্তৰীণ সংকটৰ সময়ত ৰাষ্ট্রপতিয়ে দেশৰ কোনাে এটা এলেকাত বা সমগ্র দেশতে জৰুৰীকালীন অৱস্থা ঘােষণা কৰিব পাৰে ।
সংবিধান অৱমাননাৰ অপৰাধত লোেকসভাৰ দুই – তৃতীয়াংশ ভােটত ৰাষ্ট্রপতিক অপসাৰণ কৰিব পাৰি ।
উপ – ৰাষ্ট্রপতি
ৰাষ্ট্ৰপতিৰ অবর্তমানত , অর্থাৎ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে বা মৃত্যু হলে নতুন ৰাষ্ট্রপতি নির্বাচিত নােহােৱা পর্যন্ত উপ – ৰাষ্ট্রপতিয়ে ৰাষ্ট্ৰপতিৰ কার্য পৰিচালনা কৰে । ইয়াৰ উপৰি ‘ উপ – ৰাষ্ট্রপতি ৰাজ্যসভাৰাে অধ্যক্ষ । উপ – ৰাষ্ট্রপতিৰাে কাৰ্যকাল পাঁচ বছৰ ।
মন্ত্রী পৰিষদ
ৰাষ্ট্রপতিক শাসনকার্যত সহায় কৰিবৰ বাবে আৰু পৰামর্শ দিবৰ বাবে এখন মন্ত্রী পৰিষদ থাকে । লােকসভাৰ সাধাৰণ নিৰ্বাচনৰ পাছত সংখ্যাগৰিষ্ঠ ( বৃহত্তম ) দলৰ নেতাজনক ৰাষ্ট্রপতিয়ে মন্ত্রী পৰিষদ গঠন কৰিবলৈ আহ্বান জনায় । দলৰ নেতাগৰাকী প্রধান মন্ত্রী হয় । প্রধান মন্ত্রীৰ , পৰামর্শক্রমে ৰাষ্ট্রপতিয়ে মন্ত্রী পৰিষদৰ আন সদস্যসকলক নিযুক্তি দিয়ে । মন্ত্রী পৰিষদত তিনি শ্ৰেণীৰ মন্ত্রী থাকে : ( ক ) কেবিনেট মন্ত্রী , ( খ ) ৰাজ্যিক মন্ত্রী , ( গ ) উপ – মন্ত্রী । মন্ত্রী পৰিষদেই হ’ল দেশৰ প্ৰধান শাসক ।
প্রধান মন্ত্রী
সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনকে ৰাষ্ট্রপতিয়ে দেশৰ প্ৰধান মন্ত্ৰীৰূপে নিযুক্ত কৰে । প্রধান মন্ত্রী হৈছে ৰাষ্ট্ৰৰ প্রকৃত শাসক । তেওঁ মন্ত্রী পৰিষদ , লােকসুভা আৰু শাসনাধিষ্ঠ দলৰৰ নেতা । প্রধান মন্ত্রীৰ পদত্যাগে মন্ত্রী পৰিষদৰৰ পতন ঘটায় ।
কেন্দ্রীয় সংসদ
ভাৰতৰ কেন্দ্রীয় সংসদ দ্বিকক্ষীয় বা দুটা সদন লৈ গঠিত । উচ্চ সুদনক ৰাজ্যসভা আৰু নিম্ন সনক লােকসভা বােলে । দুয়ােটা সদন পৃথকভাৱে মিলিত হয় আৰু গঠন প্রণালীৰ ক্ষেত্ৰতাে সুকীয়া সুকীয়া নীতি প্রয়ােগ কৰা হয় ।
ৰাজ্যসভা :
ৰাজ্যসভা হ’ল ভাৰতীয় সংসদৰ স্থায়ী সদন । ইয়াৰ সর্বোচ্চ সদস্য সংখ্যা ২৫০ হ’ব পাৰে । ইয়াৰ ২৩৮ জন প্রতিনিধিক বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলবােৰৰ । বিধানসভাৰ সদস্যসকলে আনুপাতিক প্রতিনিধিত্ব পদ্ধতিত নিৰ্ব্বচিত কুৰে । বাকী ১২ জন , সদস্যক ৰাষ্ট্রপতিয়ে মনােনীত কৰে ৷ সাধাৰণতে সাহিত্য , কলা , বিজ্ঞান , সমাজসেৱা আদি ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক মনােনীত সদস্য কৰা হয় । প্রতি দুবছৰৰ অন্তৰে অন্তৰে ৰাজ্যসভাৰ এক – তৃতীয়াংশ সদস্যই অৱসৰ গ্ৰহণ কৰে । বর্তমান ৰাজ্যসভাৰ সদস্য সংখ্যা ২৪৫। ইয়াৰে ২৩৩ জন নির্বাচিত আৰু ১২ জন মনােনীত ।
লােকসভা
ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা জনগণৰ প্রত্যক্ষ ভোেটৰ দ্বাৰা নির্বাচিত সদস্যসকলেৰে ভাৰতৰ লােকসভা গঠিত । কোনখন ৰাজ্যৰ পৰা কিমানজন প্রতিনিধি নির্বাচিত হ’ব সেয়া সেইখন ৰাজ্যৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে । বর্তৃর্মান লােকসভাৰ সদস্য সংখ্যা ৪৫। ইয়াৰে ৫৪৩ জন নির্বাচিত আৰু ২ জন মনােনীত । লােকসভাৰ কার্যকাল পাঁচ বছৰ যদিও কার্যকাল সম্পূর্ণ হােৱাৰ আগতেই ৰাষ্ট্রপতিয়ে লােকসভা ভংগ কৰি দিব পাৰে । সংবিধান অনুসৰি লােকসুভাৰ সর্বোচ্চ সদস্য সংখ্যা ৫৫২ হ’ব পাৰে ।
ভাৰতৰ উপ – ৰাষ্ট্রপতিয়ে ৰাজ্যসভাৰ অধিবেশনত সভাপতিত্ব কৰে । আনহাতে লােকসভাৰ সদস্যসকলে নিজৰ মাজৰ পৰাই এজন অধ্যক্ষ আৰু উপাধ্যক্ষ নির্বাচিত কৰে । অধ্যক্ষই লােকসভাৰ অধিবেশনত সভাপতিত্ব কৰে ।
ৰাজ্য চৰকাৰ
ভূৰতত ২৮ খন ৰাজ্য আছে । ভাৰতৰ সংবিধানে ৰাজ্যসমূহৰ বাবেও সংসদীয় শাসন ব্যৱস্থাৰ প্রচলন কৰিছে । জন্মু আৰু কাশ্মীৰৰ বাদে আন কোনাে ৰাজ্যৰে নিজা সংবিধান নাই ; দেশীয় সংবিধান মতেই ৰাজ্যসমূহৰৰ শাসনকার্য পৰিচালিত হয় । আনহাতে কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ বেলিকা কেন্দ্রই নিজেই শাসন কার্য পৰিচালনা কৰে ।
ভাৰতীয় সংবিধান অনুসৰি প্রত্যেক ৰাজ্যতে এক সদনীয় বা দ্বিসদনীয় বিধানমণ্ডলৰ ব্যৱস্থা ৰখা হৈছে । ইয়াৰে বিধানসভাখন প্রত্যেক ৰাজ্যতে থকাটো বাধ্যতামূলক । কিন্তু , দ্বিতীয় সদন , অর্থাৎ বিধান পৰিষদ থকাটো বাধ্যতামূলক নহয় । ভাৰতৰ মাত্র ৬ খন ৰাজ্যতইে । বিধান পৰিষদ আছে । বিধান পৰিষদৰ সদস্যসকলক পৰাক্ষভাৱে নির্বাচন কৰা হয় । তেওঁলােকৰ কার্যকাল সর্বাধিক ৬ বছৰ । আনহাতে বিধান সভাৰ সদস্যসকলক জনসাধাৰণে প্রত্যক্ষ ভােটৰ দ্বাৰী নির্বাচন কৰে । বিধান সভাৰ সদস্যৰ কাৰ্যকাল ৫ বছৰ ।
উচ্চতম ন্যায়ালয়
ভাৰতৰ বিচাৰ ব্যৱস্থাৰ শীর্ষস্থানত উচ্চতম ন্যায়ালয় অৱস্থিত । এজন মুখ্য নায়াধীশ আৰু ২৫ জন অন্যান্য ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত । উচ্চতম ন্যায়ালয়ৰ সকলাে ন্যায়াধীশকে । ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । ভাৰত চৰকাৰৰ সৈতে কোনাে এক বা একাধিক ৰাজ্যৰ বিবাদ হলে অথবা বিভিন্ন ৰাজ্যিক চৰকাৰৰ মাজত পাৰস্পৰিক মতবিৰােধ বা বিবাদ হলে উচ্চতম ন্যায়ালয়ে ইয়াৰ ক্ষমতা প্রয়ােগ কৰি বিবাদ নিষ্পত্তি কৰিব পাৰে । সেইদৰে উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰে । ভাৰতৰ উচ্চতম ন্যায়ালয় নতুন দিল্লীত অৱস্থিত ।
উচ্চ ন্যায়ালয়
উচ্চ ন্যায়ালয় হ’ল ৰাজ্যৰুসর্বোচ্চ ন্যায়ালয় । কোনাে কোনাে ক্ষেত্ৰত একোখন উচ্চ ন্যায়ালয়ে কেইবাখনাে ৰাজ্য সামৰি লয় । এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশেৰে উচ্চ ন্যায়ালয় গঠিত হয় । উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে কৰা গােচৰৰ আপীল কৰিব পাৰে । ৰাজহ সংক্রান্ত বিষয়ত উচ্চ ন্যায়ালয়সমূহক মৌলিক অধিকাৰ দিয়া হৈছে ।
ভাৰতৰ উচ্চ ন্যায়ালয়সমূহ
নাম স্থাপনৰ বছৰ সামৰি লােৱা ৰাজ্য ক’ত অৱস্থিত
এলাহাবাদ উচ্চ ন্যায়ালয় ১৮৬৬ উত্তৰ প্রদেশ এলাহাবাদ
অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয় ১৯৫৪ অন্ধ্র প্রদেশ হায়দৰাবাদ
বােম্বাই উচ্চ ন্যায়ালয় ১৮৬২ (মহাৰাষ্ট্র , গােরা , দাদ আৰু নগৰ হাভেলি আৰু দমন আৰু ডিউ ) মুম্বাই
কলিকতা উচ্চ ন্যায়ালয় ১৮৬২ পশ্চিমবংগ কলকাতা ।
দিল্লী উচ্চ ন্যায়ালয় ১৯৬৬ দিল্লী দিল্লী
গুৱাহাটী উচ্চ ন্যায়ালয় ১৯৪৮ (অৰুণাচল প্রদেশ , গুৱাহাটী মণিপুৰ , মেঘালয় , মিজোৰাম ত্রিপুৰা , নাগালেণ্ড)
অসম ,
গুজৰাট উচ্চ ন্যায়ালয় ১৯৫০ গুজৰাট আহমেদাবাদ
হিমাচল প্রদেশ উচ্চ ন্যায়ালয় ১৯৭১ হিমাচল প্রদেশ ছিমলা
জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয় ১৯২৮ জম্মু – কাশ্মীৰ ।
কর্ণাটক উচ্চ ন্যায়ালয় ১৮৮৪ কর্ণাটক
কেৰালা উচ্চ ন্যায়ালয় ১৯৫৮ কেৰালা লাক্ষাদ্বীপ আৰনাকুলম
মধ্য প্রদেশ উচ্চ ন্যায়ালয় । ১৯৫৬ মধ্য প্রদেশ জব্বলপুৰ
মাদ্রাজ উচ্চ ন্যায়ালয় ১৮৬২ তামিলনাড়ু , পণ্ডীচেৰী চেন্নাই
উৰিষ্যা উচ্চ ন্যায়ালয় । ১৯৪৮ উৰিষ্যা কটক
পাটনা উচ্চ ন্যায়ালয় ১৯১৬ বিহাৰ পাটনা
পঞ্জাব আৰু হাৰিয়ানা । ১৯৭৫ (পঞ্জাব , হাৰিয়ানা আৰু উচ্চ ন্যায়ালয় চণ্ডীগড় ) চণ্ডীগড়
ৰাজস্থান উচ্চ ন্যায়ালয় ১৯৪৯ ৰাজস্থান যােধপুৰ
ছিকিম উচ্চ ন্যায়ালয় ১৯৭৫ ছিকিম গেংটক
উত্তৰাঞ্চল উচ্চ ন্যায়ালয় ২০০০ উত্তৰাখণ্ড নাইনিতাল
ছত্তিছগড় উচ্চ ন্যায়ালয় ২০০০ ছত্তিছগড় বিলাসপুৰ
ঝাৰখণ্ড উচ্চ ন্যায়ালয় ২০০০ ঝাৰখণ্ড ৰাচী
১. আৰম্ভণিতে নাম আছিল অসম উচ্চ ন্যায়ালয় , ১৯৭১ চনৰ পৰা নতুন নাম হয় গুৱাহাটী উচ্চ ন্যায়ালয় ।
২. আৰম্ভণিতে নাম আছিল মহীশূৰ উচ্চ ন্যায়ালয় , ১৯৭৩ চনৰ পৰা নতুন নাম হয় কর্ণাটক উচ্চ ন্যায়ালয় ।
৩. আৰম্ভণিতে নাম আছিল পঞ্জাব উচ্চ ন্যায়ালয় , ১৯৬৬ চনৰ পৰা নতুন নাম হয় পঞ্জাব আৰুহাৰিয়ানা উচ্চ ন্যায়ালয় । শ্রীনগৰ , জম্মু বাংগালুৰু ৰাচী
References
- Santanu Kausik Baruah and Pritima Kausik Baruah, You can buy this book “Natun Janane” (Enlargen & Revised 17th Edition)
- “Provisional Population Totals – Census 2011”, Office of the Registrar General and Census Commissioner (Ministry of Home Affairs, Government of India), 2011, r কৰা হৈছে: 29 March
- Something I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks