জাতীয় চেতনা দিৱস (১৮ ডিচেম্বৰ)
অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা, সংহতি ন্যায্য স্বার্থ, সাংস্কৃতিক পুনৰুজ্জীৱন তথা অগ্ৰগতিৰ কাৰণে আজীৱন কাণ্ডাৰি ৰূপে কটোৱা অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হয় ১৮৮৫ চনৰ ১৮ ডিচেম্বৰত বৰপেটাত। তেওঁৰ পিতৃ কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃ আছিল দৈৱকী দেৱী। তেওঁ অষ্টম শ্রেণীলৈকে অধ্যয়ন কৰাৰ পিছত শিক্ষাৰ সিমানতে সামৰণি মাৰি স্বাধীনতা আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। ১৯০৪ চনত গুৱাহাটীত ‘এনাৰ্কিষ্ট দল’ গঠন কৰি ইংৰাজৰ বিৰুদ্ধে যুঁজৰ আখৰা দিছিল। পিছত তেওঁ গান্ধীজীৰ আদৰ্শৰ অনুপ্রাণিত হৈ অহিংসা নীতিৰে আন্দোলন কৰিবলৈ ধৰিছিল। তেওঁ বাৰুকৈয়ে বুজি পাইছিল যে সহস্র অস্ত্র আৰু হিংসাৰ দ্বাৰা আন্দোলন কৰি জয়লাভ কৰিব পৰা নহ’ব। গতিকে অস্ত্র আৰু হিংসা পৰিত্যাগ কৰি অহিংসা নীতিৰে আন্দোলন কৰিলে জয় নিশ্চিত বুলি ধৰি লৈছিল। সেয়েহে তেওঁ গান্ধীজীৰ আদৰ্শত ব্ৰতী অহিংসা আন্দোলনত যোগদান কৰে।
অসমীয়া জাতি আৰু স্বদেশৰ প্ৰতি তেওঁৰ প্ৰৱল গভীৰ ভালপোৱা আছিল। অলপীয়া শিক্ষা লাভ কৰিলেও তেওঁ অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি তীব্র অনুৰাগ ব্যক্ত কৰিছিল। অসম আৰু অসমীয়াৰ প্ৰতি সকলো অভাৱঅভিযোগ বা বিপদ-বিঘিনী ৰায়চৌধুৰীয়ে সাহসেৰে মাত মাতিব পাৰিছিল। অসমপ্রেমী লোক বুলি ক’লে যিকেইজন লোকক বুজায় তাৰ ভিতৰত অম্বিকাগিৰী ৰায়চৌধুৰী অন্যতম। তেওঁক দেশপ্ৰাণ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। কাৰণ তেখেতে আজীৱন খাওঁতে লওঁতে, উঠোতে বহোঁতে, ফুৰোঁতে-চাকোঁতে মাথোঁ দেশৰ চিন্তাকে কৰিছিল। তেখেতৰ নিজ পৰিয়ালৰ চিন্তাতকৈ দেশৰ চিন্তাহে আছিল প্রধান আৰু প্ৰথম। কোনোবাই ভাল পাওঁক বা বেয়া পাওঁক নিজ দেশৰ সমস্যাৰ কথা ৰাস্তাত হওক, চাহ মেলতেই হওক বা ৰাইজৰ মেলতেই হওক নিৰ্ভীকভাৱে কৈছিল। ৰায়চৌধুৰীৰ মনত ‘জাতি মোৰ তেজ, জাতি মোৰ মঙহ, জাতি মোৰ অস্তি, জাতি মোৰ মজ্জা।’
এইজনা সিংহপুৰুষ দেশপ্রেমিকৰ জন্মদিন ১৮ ডিচেম্বৰ দিনটো জাতীয় চেতনা দিৱস হিচাপে অসমবাসীয়ে উদযাপন কৰে। এইজনা অসমপ্ৰেমী ৰায়চৌধুৰীদেৱে ‘অসম গ’ল’ ‘অসম গ’ল’ বুলি চিঞৰি হাতেকামে আদর্শ দেখুৱাইও অসমীয়া জাতিক সজাগ কৰিব নোৱাৰিলে। কাৰণ অসমীয়া জাতিয়ে ঐতিহ্যমণ্ডিত চিন্তাশীল জাতীয় প্ৰেৰণাৰ দ্বাৰা আজিও সংগঠিত হ’ব পৰা নাই। এই মহান স্বদেশপ্ৰেমী ৰায়চৌধুৰীদেৱে ১৯৬৭ চনৰ ২ জানুৱাৰীত চিৰদিনৰ বাবে এই সংসাৰৰপৰা আঁতৰি যায়৷ তেওঁৰ বেদনাৰ উল্কাবোৰ অসমৰ আকাশত আজিও অতৃপ্ত বাসনা লৈ উৰি ফুৰিছে।