July 24, 2024

Rajiv Gandhi Orang National Park History in Assamese। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

Rajiv Gandhi Orang National Park History in Assamese

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান Rajiv Gandhi Orang National Park in Assamese

Rajiv Gandhi Orang National Park গুৱাহাটী মহানগৰৰপৰা পূবে ১২০ কিলোমিটাৰ , ওৰাং চহৰৰপৰা প্রায় ১৮ কিলেমিটাৰ আৰু মঙলদৈ চহৰৰপৰা প্রায় ৭০ কিলোমিটাৰ দূৰত্বত ‘ মিনি কাজিৰঙা ’ হিচাপে সর্বজনবিদিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । এই উদ্যানখন মঙলদৈ বন সংমণ্ডলৰ ( বন্যপ্রাণী শাখা ) অন্তর্গত ।

ভৌগলিক অৱস্থান

উদ্যানখনৰ ভৌগোলিক অৱস্থান— ৯২ ° ১৬ পূবৰপৰা ৯২ ° ২৭ পূর্ব দ্রাঘিমাংশ আৰু ২৬ ° ৩০ উত্তৰৰপৰা ২৬ ° ৩৬ উত্তৰ অক্ষাংশ ।

Direction on Map of Orang

মাটিকালি

উদ্যানখনে দৰং জিলাৰ প্ৰায় ৭৮.৮১ বর্গ কিলোমিটাৰ ( ৩০.৪৩ বর্গমাইল ) অঞ্চল আগুৰি আছে ।

অসমৰ অভয়াৰণ্য ৫ ২৯ খ্রীষ্টীয় ১৯ শতিকালৈকে বর্তমানৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত স্থানীয়লোকে বসবাস কৰিছিল । ব্রিটিছে চাহ খেতি কৰিবৰ বাবে ঝাৰখণ্ডৰ পৰা অনা ওৰাং সম্প্রদায়ৰ শ্ৰমিকসকলে পুৰণি দৰং জিলাৰ পাঁচনৈৰ পাৰত বসবাস কৰিছিল । পাছলৈ ওৰাং সম্প্রদায়ৰ নামেৰেই তেওঁলোকে বাস কৰা ঠাইখনৰ নাম ওৰাং হল বুলি ইতিহাসে কয় । বোধহয় ওৰাঙেই ভাৰতৰ একমাত্ৰ ৰাষ্টীয় উদ্যান , য’ত এসময়ত মানুহে বসবাস কৰিছিল । আৰু পাছত সেই স্থান ত্যাগ কৰিছিল Essay on Rajiv Gandhi Orang National Park in Assamese

তথ্যমতে ১৯০০ চনলৈকে ওৰাঙত বাস কৰি থকা জনজাতি লোকসকল সঘনাই অচিন ৰোগত আক্ৰান্ত হৈছিল আৰু সেই স্থান এৰি আন ঠাইত বসবাস কৰিছিলগৈ । ১৯১৫ চনত ব্রিটিছ চৰকাৰে ওৰাঙক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে । লগতে উদ্যানখনক ব্রিটিছ চৰকাৰে ১৯১৫ চনৰ ১৩ মে’ত মৃগয়া বন ( Game Reserve ) হিচাপেও ঘোষণা কৰে । ১৯৮৫ চনৰ ২০ ছেপ্টেম্বৰত FRS / 133 / 85 / 0 নং নির্দেশনাযোগে ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্রিলত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় । আনহাতে ১৯৯২ চনত ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ নামেৰে ওৰাং অভয়াৰণ্যক ৰাজীৱ গান্ধী বন্যপ্রাণী অভয়াৰণ্য Rajiv Gandhi Orang National Park হিচাপে নামকৰণ কৰা হৈছিল যদিও ৰাইজে তীব্র বিৰোধিতা

Animals Birds Herpetofauna of orang national park

এটা খড়গযুক্ত গড়ৰ বাবে বিখ্যাত ওঙে সংখ্যাৰ ফালৰপৰা বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে ।

কৰাৰ বাবে উক্ত নামকৰণ বাতিল কৰা হয় । অৱশ্যে ২০০৫ চনৰ ২০ আগষ্টৰ পৰা তদানীন্তন কংগ্ৰেছ চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান কৰে । কিন্তু এইবাৰো ৰাইজে কৰা প্রবল প্রতিবাদৰ ফলস্বৰূপে চৰকাৰে নামটো কিছু সাল – সলনি কৰি ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামকৰণ কৰে । বর্তমান এই নামেৰেই উদ্যানখন পৰিচিত আৰু বিখ্যাত ।

জলবায়ু

 Rajiv Gandhi Orang National Park ৰ জলবায়ু ক্রান্তীয় সেমেকা । গ্রীষ্ম , বর্ষা আৰু শীত— এই তিনি ঋতুত উদ্যানখনলৈ পৰিৱৰ্তন আহে । বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ৩০০০ মিলিমিটাৰ । গড় সর্বোচ্চ তাপমাত্রা ৩২ ° চেলছিয়াছ আৰু সর্বনিম্ন ৭ ° চেলছিয়াছ । আদ্রর্তা শতকৰা ৬৬ ৰপৰা ৯৫ শতাংশ Rajiv Gandhi Orang National Park History in Assamese

দ্ভিদৰাজি  

উদ্যানখনৰ প্রায় ৬০ শতাংশ ঘাঁহনি অঞ্চল , প্রায় ২ শতাংশ প্রাকৃতিক অৰণ্য , প্রায় ১২ শতাংশ চাপৰি অঞ্চল , শতাংশ বিল আৰু জলাহ অঞ্চল আৰু বাকী ১৪ শতাংশ নতুনকৈ ৰোপণ কৰা কাঠনি অঞ্চল । ৰাষ্ট্ৰীয় উদ্যানখনৰ উদ্ভিদসমূহৰ ভিতৰত চিচু , শিমলু , এজাৰ , পমা , হলখ , গমাৰি , কদম , লালি , ওদাল , ভেলকৰ , উৰিয়াম , শিলিখা , ভেলেউ , চতিয়না , বগৰী , তিতাচঁপা , ঔ – টেঙা , অমৰা , আমলখি , কাঞ্চন , ডিমৰু , অমৰা , খয়েৰ , ভাতঘিলা আদিয়েই প্রধান । ইকৰা , নল , উলুখেৰ , খাগৰি , কঁহুৱা , বৰখেৰ , দূবৰি আদি বিভিন্ন প্রজাতিৰ ঘাঁহৰ উপৰি দল , কলমৌ , বৰপুণী , সৰুপুণী , হেলচী , ভেট , পদুম , মেটেকা আদি জলজ উদ্ভিদো ৰাষ্ট্ৰীয় উদ্যানখনত আছে ।

জীৱ জন্তু

এটা খড়গযুক্ত গঁড়ৰ বাবে বিখ্যাত ওৰাঙে সংখ্যাৰ ফালৰপৰা বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে । ৰাষ্ট্ৰীয় উদ্যানখন হাতী , বাঘ , বনৰৌ , খুটীয়া পহু , কেটেলা পহু , শিয়াল , হামাল , বনমেকুৰী , উদ , মলুৱা বান্দৰ , বনৰীয়া গাহৰি , হৰিণ , লতা মাকৰি বাঘ , কেটেলা পন্থ , নেউল আদি স্তন্যপায়ী বন্যপ্রাণীৰো বাসস্থান । উদ্যানখনৰ জলাহ অঞ্চলত ৭ টা প্ৰজাতিৰ কাছ , অজগৰ , ফেঁটী , ৰাজফেঁটী , গুইকে ধৰি প্রায় ৩০ টা প্রজাতিৰ সৰীসৃপ পোৱা যায় । ৰাষ্ট্ৰীয় উদ্যানখনত কেইবাখনো বিল বা জলাহ আছে ।

Animals of Orang National Park

পক্ষীকুল  

ওৰাং ৰাষ্ট্ৰীয় উদ্যান প্রায় ১২২ টা প্রজাতিৰ চৰাইৰ বাসস্থান । সমগ্র বিশ্বৰ পঞ্চাছ শতাংশ উলুমৰা এই উদ্যানত পোৱা যায় । উদ্যানখনত পোৱা আন চৰাইসমূহৰ ভিতৰত ভেলা , পানীডুবি , দৈকলা , কৈলাঙি , পানীকাউৰী , মণিয়ৰী , কণামুচৰি , বৰবগ , মাজুবগ , পানীবগ , গো-বগ , বৰটোকোলা , হাড়গিলা , তেলীয়াসাৰেং , কণুৱা , শামুকভঙা , খন্তীয়াহহ , বৰশৰালি , শৰালি , ঘিলাহাহ , ধৃতজ , বনৰীয়া ৰাজহাঁহ , ৰঙাশগুন , শগুন , চিলনী , গোধূচিলনী , কুৰুৱা , পখৰা শেন , উকহ , হঁয়কলি , টেক , ডাউক , কামচৰাই , দলপুঙা , দলম’ৰা , বালিঘোঁৰা , ৰামপাৰ , হাইঠা , শিলকপৌ , কপৌ , ভাটৌ , কুকুহা , হুদু , ফেঁচা , দিনকণা , বিভিন্ন প্রজাতিৰ মাছৰোকা , মৌখোৱা , হেঁটুলুকা , বাঢ়ৈটোকা , কেঁচু , শালিকা , বুলবুলি , বালিমাহী , মৌপিয়া আদি উল্লেখযোগ্য ।

Birds of Orang

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থাকিবলৈ বন বিভাগৰ শিলবাৰীত আৰু আৰু সাতশিমলুত একোটাকৈ জিৰণিঘৰ আছে । শিলবাৰীত এটা ডৰমিটৰীও ( সমূহীয়া শয়নকক্ষ ) আছে । Rajiv Gandhi Orang National Park History in Assamese

Eco camp of Orang

How to reach: 

The nearest Airport Salonibari (Tezpur) is 80 kms. and the LGBI Guwahati Airport is 150 kms. The National Park is located 18 kms. south of the N.H. 52 at Dhansirighat and the distance to Mangaldai is 70 kms. and Guwahati is 150 kms.

Where to stay: 

Satsimalu Rest House – the most sought-after accommodation as it provides a vintage point for viewing wildlife and Silbori Rest House at the Range H.Q. A Tourist Lodge located near the entrance to the park managed by the Tourism Department can accommodate 16 people at a time. It has 8 cottages. The Forest Dormitory is located at the Gate and provides group accommodation for 40 people, without bedding and food.

Whom to contact for visit: 

Divisional Forest Officer, Mangaldai Wildlife Division, Mangaldai, Darrang, Tel.: (03713)230022, Range Forest Officer, Rajiv Gandhi Orang National Park, Silbori, Tel.: (03712)282379.

Best season for visit: 

November to April.

You can also Read

References

  1. National Park, Kaziranga. “Kaziranga National Park and Tiger Reserve”. Kaziranga National Park. our My India and Peak Adventure Tour. Retrieved 6 April 2019.
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform us, thanks

Leave a Reply

Your email address will not be published. Required fields are marked *