March 29, 2024

Pobitara Abhyaranya in Assamese । পবিতৰা অভয়াৰণ্যৰ ইতিহাস

Pobitara Abhyaranya in Assamese

পবিতৰা অভয়াৰণ্যৰ ইতিহাস Pobitora Wildlife Sanctuary in Assamese

প্রাকৃতিক সৌন্দর্যৰে অনুপম পবিতৰা অভয়াৰণ্য গুৱাহাটী মহানগৰীৰপৰা প্রায় ৪০ কিলােমিটাৰ পূবত মৰিগাঁও জিলাৰ মায়ং মৌজাত অৱস্থিত। আকৃতিৰ ফালৰপৰা পবিতৰা অভয়াৰণ্য বেছি ডাঙৰ নহ’লেও বন্যপ্রাণীৰ বাবে পবিতৰা সুবিধাজনক আৰু সুচল বাসস্থান। ১৯২৩-২৫ চনত ইয়াত পােনপ্ৰথমবাৰৰ বাবে এটা খড়গযুক্ত গঁড়ৰ সন্ধান পােৱা যায়। ১৯৭১ চনৰ ১৮ নৱেম্বৰ তাৰিখে অবিভক্ত নগাঁও জিলাৰ মায়ং মৌজাৰ ১৫৮৪.৭৬ হেক্টৰ এলেকা সামৰি অৰণ্যখনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষণা কৰা হয়। তাৰ পাছৰপৰা গড়ৰ সংখ্যা বাঢ়িবলৈ ধৰে। ১৯৮৭ চনৰ গণনামতে পবিতৰাত গঁড়ৰ সংখ্যা আছিল ৫৬টা। বর্তমান পবিতৰাত গঁড়ৰ সংখ্যা বাঢ়িছে। ১৯৮৭ চনৰ ১৬ জুলাই তাৰিখে অসম চৰকাৰে পবিতৰাক পবিতৰা অভয়াৰণ্য হিচাপে নামকৰণ কৰে।

পবিতৰা নামটোৰ সম্পর্কে এটা লােককথা আছে। পবিতৰা নামটো উৎপত্তি সম্পৰ্কত বহুকেইটা জনশ্রুতিৰ ভিতৰত এটা হ’ল- পুৰণি মায়ং কোচ ৰাজ্যৰ প্ৰথমজন ৰজা শূইনত সিংহৰ বৰ জীয়াৰীৰ নাম পবিত্র সিংহ। কিন্তু অতি মৰমৰ জীয়েকৰ অকাল মৃত্যু ঘটাত ৰজাই পবিত্ৰাৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবৰ বাবেই পূর্বে অঞ্চলটোত হাবি-বন, গছ লতিকাৰে পূৰ্ণ বৃহত হাবিখনৰ নাম পবিত্রা নামাকৰণ কৰে। কালক্ৰমত মুখ বাগৰি বাগৰি এই পবিত্রা হবিখন পবিতৰা নাম হয়হি।

আন এটা জনশ্রুতিমতে, পবিতৰা অঞ্চলটোৰ প্ৰকাণ্ড হাবিডৰাত পাটীদৈ আৰু তৰা গছেৰে ভৰি আছিল। এই দুয়ােবিধ গছ প্রচুৰ পৰিমাণে আছিল বাবে হাবিডৰাৰ নাম পাতিতৰা আৰু পাছলৈ পবিতৰা হয়।

পবিতৰা অভয়াৰণ্য ২৬°১২ উত্তৰৰপৰা ২৬°১৫ উত্তৰ অক্ষাংশ আৰু ৯২°০২ পূর্ব দ্রাঘিমাংশত অৱস্থিত। এই অভয়াৰণ্যৰ মাটিকালি ১৫.৯ বর্গ কিলােমিটাৰ।

চাৰিসীমা ঃ

পবিতৰা অভয়াৰণ্যৰ উত্তৰে ৰজা মায়ং আৰু শিলডুবি ৰাজহ গাঁও, দক্ষিণে হাতীগড়, পূবে নখখালা ভকতগাঁও আৰু মনহা, পশ্চিমত গৰঙা বিল আৰু লােকপ্রিয় গােপীনাথ বৰদলৈ পথ।

জলবায়ুঃ

অভয়াৰণ্যখনৰ বার্ষিক সর্বোচ্চ তাপমাত্রা ৩৮ চেলছিয়াছ আৰু সর্বনিম্ন ৯° চেলছিয়াছ। বার্ষিক বৰষুণৰ পৰিমাণ গড়ে ৩০০০ মিলিমিটাৰ আৰু আদ্রতা শতকৰা ৮৫ শতাংশ।

জীৱ-জন্তু

অভয়াৰণ্যখনৰ প্রাকৃতিক পৰিৱেশ গঁড়ৰ বাসােপযােগী হােৱাৰ বাবেই ক্রমান্বয়ে গঁড়ৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। কাজিৰঙাৰ পিছতে এটা খর্গযুক্ত গঁড়ৰ বাবে পবিতৰা বিখ্যাত। এই অভয়াৰণ্য গঁড়ৰ অধিক ঘনত্বৰ আবাসভূমি হিচাপে বিখ্যাত। গঁড়ৰ বাহিৰেও পবিতৰা অভয়াৰণ্যত বনৰীয়া মেকুৰী, জহামাল, বনৰৌ, বনৰীয়া ম’হ, নাহৰফুটুকী, বনৰীয়া গাহৰি, হেপা, নেউল, শহাপহু, মেচেকা, উদ, শিয়াল আদি বন্যপ্রাণী পােৱা যায়।

পক্ষীকুলঃ

চিনাকি-অচিনাকি ২০০বিধমান বিভিন্ন প্রজাতিৰ চৰাই পবিতৰা অভয়াৰণ্যত দেখিবলৈ পােৱা যায়। বিভিন্ন জলচৰ চৰায়ে নৈ, বিল আদি মুখৰিত কৰি ৰাখে। দেও ৰাজহাঁহ, উলুম’ৰা, কপৌ, ভাটৌ, শালিকা, শৰালি হাঁহ, তেলীয়াসাৰেং, শামুকভঙা, ভেলা, ধৃতৰাজ, চাকৈ-চকোৱা, চিলনী, মইনা, দলপুঙা, হালখেদা, দৈকলা, বৰবগ, পানীডুবি, মৌখােৱা, ফেঁচা, কুৰুৱা, বুলবুলি, মণিয়ৰী, উকহ, হালখেদা,

বালিঘোঁৰা, ফেঁচা, দহিকতৰা, বৰটোকোলা, হাড়গিলা, শগুন, চিলনী আদি নানা চৰাই আছে।বন্যপ্রাণী আৰু চৰাইৰ বাহিৰেও বিভিন্ন প্রজাতিৰ সৰীসৃপ, যেনে— ফেঁটীসাপ, গুই, অজগৰ, কাছ আদিও অভয়াৰণ্যখনত আছে। তদুপৰি অভয়াৰণ্যখনৰ মাজত থকা গভীৰ জলাশয়বােৰত বিভিন্ন প্রজাতিৰ মাছ, যেনে-ৰৌ, বাহু, চিতল, পাভ, বৰালি, পুঠি, গৰৈ, শিঙি, মাগুৰ, কাৱৈ আদিৰে ভৰপূৰ।

উদ্ভিদ

পবিতৰা ৭২.২৫ শতাংশ ঘাঁহনি, ১৪.৬৬ শতাংশ জলাহ ভূমি আৰু ১৩.৯ শতাংশ ওখ-ডাঙৰ গছ-গছনিৰে সৈতে এক মনােমােহা অভয়াৰণ্য।পবিতৰাৰ কাঠনিসমূহত শাল, শিমলু, চেগুন, এজাৰ, কৰৈ, বগৰী আদি গছ-গছনিৰ লগতে নল, খাগৰি, ইকৰা, বিৰিণা, ঝাওবন, দীঘলতি, মাখিয়তী আদি তৃণজাতীয় আৰু ঘাঁহজাতীয় উদ্ভিদ পােৱা যায়। এইবােৰৰ বাদেও নানাবিধ লতাজাতীয় উদ্ভিদো অভয়াৰণ্যখনত আছে। জলাশয়বােৰ দলঘাঁহ, মেটেকা, এৰালি আদিৰে ভৰপূৰ। দূবৰি, লকচা আদি ঘাঁহবােৰ গঁড়, মহ, হৰিণ আদিৰ খাদ্য।

ভ্ৰমণৰ উপযুক্ত সময়

 নৱেম্বৰ মাহৰপৰা মার্চ মাহ পর্যন্ত পবিতৰা অভয়াৰণ্য ভ্ৰমণৰ বাবে উপযুক্ত সময়।

অভয়াৰণ্যখনলৈ গুৱাহাটীৰপৰা চন্দ্ৰপুৰ হৈ দূৰত্ব ৪০ কিলােমিটাৰ, নগাঁও নগৰৰপৰা ৮৩ কিলােমিটাৰ, মৰিগাঁও নগৰৰ পৰা ৩৮ কিলােমিটাৰ। তালৈ যােৱাৰ বাট-পথবােৰ পকী হােৱাৰ বাবে যিকোনাে গাড়ীৰে অভয়াৰণ্যখনলৈ যাব পাৰি। পর্যটকসকলৰ বাবে ইয়াত বন্যপ্রাণী বিভাগে এটা পৰিদৰ্শন বঙলা আৰু এটা ‘ডৰমিটৰী’ (সমূহীয়া শয়নকক্ষ) স্থাপন কৰিছে। বঙলাৰ ওচৰত ব্যক্তিগতভাৱে তম্বু টনাৰাে ব্যৱস্থা আছে।

অভয়াৰণ্যখনৰ সুৰক্ষাৰ বাবে কেইবাটাও বন শিবিৰ আছে। প্রত্যেক শিবিৰত বনকর্মী থাকে। পহৰা কার্যত ব্যৱহাৰৰ বাবে জিপচী গাড়ী, হাতী, মটৰ বােট, মটৰ চাইকেল আদি আছে।

How to reach:

From Guwahati 35 Kms. via Chandrapur and 52 Kms. via NH. 37– Sonapur.

Where to stay:

Mayang Tourist Lodge under Tourism Department with 4 rooms. Forest Department Inspection Bungalow at Mayang with 2 rooms.

Whom to contact for visit:

Divisional Forest Officer, Guwahati Wildlife Division, Guwahati-781009. Tel.: (0361)2550207(R), 09435031789 (Mobile), Range Officer, Pobitora Wildlife Sanctuary, P.O. Mayang, Dist.-Morigaon, Tel.: (03678)248157(O).

You can also Read

References

  1.  Successful preservation of India’s Manas Wildlife Sanctuary enables withdrawal from the List of World Heritage in Danger at UNESCO website
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *