April 20, 2024

Panidihing Bird Abhayaranya in Assamese। পানীদিহিং পক্ষী অভয়াৰণ্যৰ ইতিহাস

Panidihing Bird Abhayaranya in Assamese

পানীদিহিং পক্ষী অভয়াৰণ্য Panidehing Wildlife Sanctuary in Assamese

বিশাল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত, শিৱসাগৰ নগৰৰপৰা উত্তৰে প্ৰায় ১৫ কিলােমিটাৰ নিলগত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য হ’ল দীপৰ বিল আৰু বৰদৈবাম-বিলমুখৰ পিছতেই পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা অসমৰ তৃতীয়খন অভয়াৰণ্য। ১৯৯৫ চনলৈকে পানীদিহিং চিকাৰ ক্ষেত্ৰ হিচাপেই পৰিচিত আছিল। কিন্তু ১৯৯৬ চনৰ ১৮ ডিচেম্বৰত ১৯৭২ চনৰ বন্যপ্রাণী সুৰক্ষা আইনৰ ১৯৯১ চনৰ সংশােধিত ১৮ নং ধাৰা অনুসৰি (No.-FRw 71/95/9) নং এক অধিসূচনাৰ জৰিয়তে চৰকাৰে ৩,৩৯৩ হেক্টৰ মাটিকালি সামৰি পানীদিহিক অভয়াৰণ্য হিচাপে প্ৰাৰম্ভিক জাননী কৰে। পাছত ১৯৯৯ চনৰ আগষ্টত অভয়াৰণ্যখনৰ ৩৩.৯ বর্গকিলােমিটাৰ অঞ্চল সামৰি অসম চৰকাৰে পানীদিহিক পক্ষী অভয়াৰণ্য হিচাপে ঘােষণা কৰে আৰু ভাৰত চৰকাৰে ইয়াক স্বীকৃতি দিয়ে। এইখন হ’ল শিৱসাগৰ জিলাত অৱস্থিত একমাত্র অভয়াৰণ্য। অভয়াৰণ্যখনৰ চৌপাশে গ্রামাঞ্চলে আগুৰি আছে।

পানীদিহিং অভয়াৰণ্যৰ ভৌগােলিক অৱস্থিতি হৈছে ২৭°১৪ উত্তৰ অক্ষাংশ আৰু ৯৪°৩৫ পূর্ব দ্রাঘিমাংশ।

জলবায়ু

দিচাং আৰু ডিমৌ নৈৰ দুয়ােপাৰ জুৰি থকা পক্ষী অভয়াৰণ্যখনৰ জলবায়ু ক্রান্তীয় সেমেকা। গড় হিচাপত উষ্ণতা সর্বোচ্চ ৩৫° চেঃ আৰু সর্বনিম্ন ৮° চেঃ। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩২০০ মিলিমিটাৰ।

উদ্ভিদৰাজি

বাৰিষাকালত অভয়াৰণ্যখনৰ ৰাঙলীজান, মহঘুলি, কুলিজান, বলমাজান আদি বিল, জলাশয়বােৰ পানীৰে পৰিপূৰ্ণ হয়। অভয়াৰণ্যখনৰ মাজেৰে ডিমৌ নদী বৈ যােৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানীয়ে জলাশয়বােৰ বুৰাই পেলােৱাৰ ফলত ইয়াত যথেষ্ট পৰিমাণে মাছ, শামুক, কীট-পতংগ আদি উপলব্ধ হৈ পৰে। বিভিন্ন প্রজাতিৰ থলুৱা মাছ, যেনেপুঠি, খলিহনা, শাল, মাগুৰ, ৰৌ, ভকুৱা, চিতল, বৰালি, গৰৈ, কাৱৈ, চেঙেলি, মােৱা, ভেচেলি, চন্দা আদি পর্যাপ্ত পৰিমাণে পােৱা যায়। পানীদিহিঙৰ উদ্ভিদৰাজিৰ ভিতৰত ঘাইকৈ নদী কাষৰীয়া ঘাঁহনি অঞ্চল আৰু জলজ উদ্ভিদেই প্রধান। বিভিন্ন প্রজাতিৰ ঘাঁহৰ ভিতৰত কঁহুৱা, ইকৰা, নল, খাগৰি, উলুখেৰ, বিৰিণা, দূবৰি আদি উল্লেখযােগ্য। মেটেকা, পানীশিঙৰী, কলমৌ, দল, হেলচি, পুণী ইত্যাদিৰে জলাশয়বােৰ ভৰপূৰ।

পক্ষীকুল

এই অভয়াৰণ্যত এতিয়ালৈকে ১৬৫বিধৰাে অধিক প্রজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই নথিভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত প্রায় ৬৯বিধ প্রজাতিৰ পৰিভ্রমী আৰু ৯৬বিধ প্রজাতি স্থানীয় বিভিন্ন প্রজাতিৰ চৰাইৰ ভিতৰত আছে পানীডুবি, ভেলা, দৈকলা, পানীকাউৰী, মণিয়ৰী, কণামুচৰি, গাে-বগ, মাজুবগ, বৰবগ, কণুৱা, হালখেদা, কুলি, কেতেকী, নলচুপি, তেলীয়াসাৰেং, শামুকভঙা, হাড়গিলা, বৰটোকোলা, ধৃতৰাজ, দেওৰাজহাঁহ, শৰালি, চাকৈ চকোৱা, দীঘলনেজী, বনৰীয়া পাতিহাঁহ, খন্তীয়াহহ, ফুটুকী হাঁহ, নেজাল হাঁহ, চীনা হাঁহ, কাণকুৰিকা, চিলনী, গােধূচিলনী, কুৰুৱা, উকহ, শগুন, হঁয়কলি, ডাউক, কামচৰাই, নলর্টেকৰ, দলম’ৰা, দলপুঙা, বালিঘোঁৰা, গংগাচিলনী, ৰামপাৰ, কপৌ, হাইঠা, ভাটৌ, বতাহী, তেলটুপী, বিভিন্ন প্রজাতিৰ মাছৰােকা, শালিকা, হেঁটুলুকা, বালিমাহী, টুনী আদি।

জীৱ-জন্তু

যদিও অভয়াৰণ্যখন পক্ষী অভয়াৰণ্য, তাত বিভিন্ন প্রজাতিৰ স্তন্যপায়ী প্রাণী আৰু সৰীসৃপ আছে। জহামাল, নেউল, শিয়াল, লতামাকৰি বাঘ, কেৰ্কেটুৱা, হেপা, বনৰীয়া ম’হ, হাতী আদি উপলব্ধ।

যাতায়াত

শিৱসাগৰ দিচাংমুখ পথেৰে এই অভয়াৰণ্যলৈ যাব পাৰি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা উত্তৰ দিশত ৰাজমাই চাহ বাগিচাৰ মাজেৰেও এই অভয়াৰণ্যলৈ যাব পাৰি। শিৱসাগৰ সদৰৰ পৰা অভয়াৰণ্যখনলৈ দূৰত্ব ২২ কিলােমিটাৰ। সেয়ে চহৰখনৰপৰা অভয়াৰণ্যখনলৈ সহজে যাতায়াত কৰিব পৰা সুব্যৱস্থা আছে। পানীদিহিঙৰ কাষত থকামেলাৰ ব্যৱস্থা নাই। অৱশ্যে শিৱসাগৰ চহৰত থকা হােটেল আৰু পর্যটনগৃহত ভ্রমণকাৰীয়ে থাকিব পাৰে। Panidihing Bird Abhayaranya in Assamese

How to reach:

By road from Rowriah Airport (Jorhat) it is 80 Kms., from Mohanbari Airport (Dibrugarh) 88 Kms., from Sibsagar 22 Kms., from Jorhat 75Kms., from Dibrugarh 73 Kms. and from Guwahati it is 386 Kms.

Where to stay:

Tourist Lodge, Sibsagar (the ancient capital of Ahom Kingdom), contact – Tourist Information Officer, Sibsagar, Tel.- 03772- 222394. Hotels in Sivasagar town – Hotel Brahmaputra, B.G.Road, Tel.: (03772)222200, Hotel Priya, A.T. Road, Tel.: (03772)222988, Hotel Sidhartha, B.G. Road, Tel.: (03772)224281, Hotel Brindavan, A. T. Road, Tel.: (03772)220414.

Whom to contact for visit:

Divisional Forest Officer, Sivasagar Division, P.O. Sivasagar, Assam. Pin- 785640, Tel.: (03772)220989 (O), 224154 (R).

Best time for visit: 

November to March

Leave a Reply

Your email address will not be published. Required fields are marked *