April 15, 2024

Pabha Abhayaranya in Assamese। পাভ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস

Pabha Abhayaranya in Assamese

পাভ বন্যপ্রাণী অভয়াৰণ্য Pabha Wildlife Sanctuary in Assamese

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অসম আৰু অৰুণাচল প্রদেশৰ সীমান্ত অঞ্চল জুৰি থকা পাভ অভয়াৰণ্য লখিমপুৰ জিলাৰ অন্তৰ্গত। লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্ত প্রায় ৪৯ বর্গ কিলােমিটাৰ মাটিকালিৰে পৰিৱেষ্টিত পাভ বন্যপ্রাণী অভয়াৰণ্য উত্তৰ লখিমপুৰ নগৰৰপৰা দক্ষিণে প্রায় ২০ কিলােমিটাৰ দূৰত্বত অৱস্থিত।

১৯৩৬ চনৰ বন বিভাগৰ এক অধিসূচনা (২০৬৮ আৰ, ১৩ জুন) মর্মে পাভ অভয়াৰণ্যক গেম ৰিজাৰ্ভ ফৰেষ্ট হিচাপে স্বীকৃতি দিয়া হৈছিল।

পাভ অভয়াৰণ্য নামটোৰ উৎপত্তিৰ সম্পৰ্কত কেইবাটাও তথ্য পােৱা যায়। সেই অনুসৰি উক্ত অঞ্চলৰ বিল জলাশয়সমুহত প্ৰচুৰ পৰিমাণে পাভ মাছ পােৱা গৈছিল। যাৰ বাবে এই পাভ নামৰ পৰাই অভয়াৰণ্যখনৰ নাম পাভ ৰখা হয়। আন এক তথ্যমতে অভয়াৰণ্যখনৰ বুকুৰে পাৰ নৈ খন বৈ যােৱাৰ বাবেও অভয়াৰণ্যখনৰ নাম পাভ হল।

চাৰিসীমা

অভয়াৰণ্যখনৰ পূবে সােৱণশিৰি নদী, পশ্চিমে বঙালমৰা, উত্তৰে গড়ছিগা আৰু দক্ষিণে লিখক চাপৰি দেউৰী গড় অৱস্থিত। অভয়াৰণ্যখনৰ মুঠ মাটিকালি আছিল ১,৪০,৮০ একৰ। ভগনিয়াৰৰ বাসস্থানৰ বাবে বর্তমান বনাঞ্চলখন জনঅৰণ্যত পৰিণত হৈছে। বনবিভাগৰ

উদ্যোগত উক্ত অঞ্চলত চাৰিখন ফৰেষ্ট ভিলেজ গঢ়ি উঠিছে বুলি জানিব পৰা যায়। সেইকেইখন হ’ল— পমুৱা, গেচেক, খাবলু আৰু জড়িগুৰি পকনীয়া।

জীৱ-জন্তু

পাভ বন্যপ্রাণী অভয়াৰণ্য মূলতঃ দুষ্প্রাপ্য বনৰীয়া ম’হৰ বাবে বিখ্যাত। দীঘল শিংযুক্ত এই বনৰীয়া মহবিধ এছিয়াটিক প্রজাতিৰ অন্তর্গত। এসময়ত বৃটিছৰ গেম ৰিজাৰ্ভৰূপে থকা অৰণ্যখন পাছত এই বনৰীয়া ম’হবিধৰ আশ্রয়স্থলস্বৰূপে চিনাক্ত কৰি মহবিধৰ সংৰক্ষণৰ উদ্দেশ্যে অভয়াৰণ্যলৈ উন্নীত কৰা হয়। অভয়াৰণ্যখন হাতী, হলৌ বান্দৰ, মলুৱা বান্দৰ, হৰিণা, কেটেলাপহু, বাঘ, শিয়াল, নেউল, কেৰ্কেটুৱা ইত্যাদি জীৱজন্তুৰ বাসস্থান। অভয়াৰণ্যখন সাপ, গুই আদিৰ লগতে নানাবিধ ভেকুলী, মাছ আদিৰাে বাসস্থান।

উক্তিৰাজি

বিভিন্ন ধৰণৰ গুল্ম, লতাৰপৰা আৰম্ভ কৰি জলজ প্রাণী আৰু পক্ষীৰা এক নিৰাপদ আশ্রয়স্থল হিচাপে পৰিগণিত পাভ অভয়াৰণ্য। নাহৰ, চেগুন, ঔটেঙা, গমাৰি, শিমলু, আম, এজাৰ, সােণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়া আদি ওখ গছেৰে পৰিপূৰ্ণ অভয়াৰণ্যখনত ইকৰা, নল, খাগৰি, বিৰিণা, দূবৰি আদি ঘাঁহজাতীয় উদ্ভিদো দেখিবলৈ পােৱা যায়। জলাশয়বােৰ দল, কলমৌ, পুণী, ভেট, শিঙৰী আদিৰে ভৰি আছে। পক্ষীকুল ঃ অভয়াৰণ্যখনৰ গছ-বনবােৰ বিভিন্ন চৰাইৰ আশ্রয়স্থল। শালিকা, মইনা, সখিয়তী, ভাটৌ, কপৌ, কাউৰী, ঘৰচিৰিকা, কেঁচু, বুলবুলি, বাঢ়ৈটোকা, হেঁটুলুকা, কাণকুৰিকা, আজান, ফেঁচা, হুদু আদি চৰায়ে অভয়াৰণ্যখন অহৰহ মুখৰিত কৰি ৰাখে।

যাতায়াতঃ

অভয়াৰণ্যখন ভ্ৰমণৰ বাবে লখিমপুৰ চহৰলৈ স্থলপথৰ সুন্দৰ যাতায়াত ব্যৱস্থা আছে। পর্যটকসকলৰ বাবে লখিমপুৰ চহৰত থকা-খােৱাৰ সুবিধা থকাৰ উপৰি অসম পর্যটনৰ আৱাসগৃহও আছে।

ভ্ৰমণৰ উপযুক্ত সময়ঃ

পাভ অভয়াৰণ্যখন পৰ্যটনৰ দৃষ্টিৰে গুৰুত্বপূর্ণ। নৱেম্বৰ মাহৰপৰা এপ্রিল মাহ পর্যন্ত অভয়াৰণ্যখন ভ্ৰমণৰ বাবে উপযুক্ত সময়। Cisticatst opat: Divisional Forest Officer Western Assam Wildlife Division Dolabari, Tezpur, Assam.

Leave a Reply

Your email address will not be published. Required fields are marked *