June 17, 2024

পৰাক্ৰম দিৱস | Netaji Jayanti in Assamese

সম্পূৰ্ণ নামপৰাক্ৰম দিৱস
পালন কৰেভাৰত
প্ৰকাৰৰাষ্ট্ৰীয়
মহত্বনেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন
তাৰিখ২৩ জানুৱাৰী
পৰৱৰ্তী তাৰিখ২৩ জানুৱাৰী
অৱধি1 day
সংঘটনবাৰ্ষিক

১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকৰ এটি কায়স্থ পৰিয়ালত সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল। তেওঁ এগৰাকী চিন্তাশীল, মেধাৱী আৰু সংগ্রামী ছাত্র আছিল। বসুৰ সপোনৰ ভাৰতবৰ্ষখন আছিল বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বহুল প্রচাৰ, শিক্ষা সম্প্ৰসাৰণ, উদ্যোগ প্রতিষ্ঠা, নিবনুৱা সমস্যা তথা দৰিদ্ৰতা আৰু নিৰক্ষৰতা দূৰীকৰণ। তেওঁ ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল। কিন্তু তেওঁ অনুভৱ কৰিছিল যে পৰাধীন জাতিৰ কোনো ৰাজনীতি নাই, কোনো শক্তি নাই, নাই কোনো নিজস্ব আদর্শ। সেয়েহে তেওঁ ভাৰতবৰ্ষক ব্ৰিটিছ চৰকাৰৰ কৱলৰপৰা মুক্ত কৰিব বিচাৰিছিল।

ব্ৰিটিছ চৰকাৰৰ শাসন, শোষণ, বৈষম্য আৰু দুৰ্নীতিৰ অৱসান ঘটাবৰ কৰণে তেওঁ নিজেই উদ্যোগ লৈছিল। সাম্রাজ্যবাদী ব্ৰিটিছ চৰকাৰৰ চক্ৰবেহুৰপৰা ভাৰতীয় সাহিত্য, সংস্কৃতি আৰু সভ্যতাৰ মৰ্যাদা উদ্ধাৰ কৰিবৰ বাবে বিদ্ৰোহীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। ১৯৩৯ চনত নেতাজী কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত গান্ধীজীৰ লগত কংগ্ৰেছৰ কাৰ্য পদ্ধতি প্ৰসংগত একমত হ’ব নোৱাৰি কংগ্ৰেছ ত্যাগ কৰে।

ইয়াৰ পিছত তেওঁ আৰু মোহন সিঙে ভাৰতীয় যুদ্ধবন্দীসকলক লৈ জেনেৰেল ভোলা বিৰ্লন আৰু আজাদ হিন্দ ফৌজ (Indian National Army) গঠন কৰে। চাহনাওজকৰ অধীনত ইয়াৰ পিছত তেওঁ ফৰৱাৰ্ড ব্লক (Forward Block) নামে এটা দল গঠন কৰে কলকতাত নজৰবন্দী হৈ থকা অৱস্থাৰ পৰা সুভাষ বসুৱে তেওঁৰ ফৰৱাৰ্ড ব্লকৰ বিশ্বস্ত কৰ্মী মিঞা আকবৰ শ্বাহৰ সহযোগত জিয়াউদ্দিন নাম লৈ ১৯৪১ চনৰ ২৩ জানুৱাৰীৰ সন্ধিয়া পলায়ন কৰে। বিভিন্ন দুর্গম পথেৰে অতিক্ৰম কৰি এপ্রিলত জার্মানী পায়। হিটলাৰৰ সহযোগত ভাৰতীয় যুদ্ধবন্দীসকলক লৈ তেওঁ বাৰ্লিনত এটা সেনা বাহিনী গঠন কৰে। হিটলাৰৰ সহযোগত ১৯৪৩ চনৰ ফেব্ৰুৱাৰীত সুভাষ চন্দ্ৰ বসু জাপানত উপস্থিত হয়।

জাপানত থকা ভাৰতীয় স্বাধীনতা সংগ্রামী ৰাজবিহাৰী বসুক লগ পায়। ছিংগাপুৰত তেওঁৰ অনুৰোধত সুভাষ বসুৱে ভাৰতীয় সেনা বাহিনীটোৰ নেতৃত্ব গ্রহণ কৰে। এইটোৱে হ’ল ‘আজাদ হিন্দ ফৌজ’ বা ‘ইণ্ডিয়ান নেচনেল আর্মি’ চমুকৈ আই এন এ (INA) আৰু সুভাষ চন্দ্ৰ বসুক ‘নেতাজী’ আখ্যা দিয়া হয়। ১৯৪৩ চনৰ ৪ জুলাইত নেতাজীয়ে ছিংগাপুৰলৈ যায় আৰু ছিংগাপুৰৰ শ্বহীদ স্তম্ভত শ্রদ্ধাঞ্জলি অর্পণ কৰে।

ইয়াৰ পিছত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিয়ে— ‘জয়হিন্দ’ বুলি মিলিটাৰী কায়দাৰে ৰাইজক অভিবাদন জনালে৷ ময়দানত গোটখোৱা প্ৰায় সাতলাখ সামৰিক, অসামৰিক লোক কাঁহ পৰি জিন গ’ল। গুৰু গম্ভীৰ স্বৰে আৰম্ভ কৰিলে ‘সাথীও’ বুলি আৰু হিন্দুস্থানী ভাষাৰ অনৰ্গল ভাষণ স্ফুৰিত হ’বলৈ ধৰিলে। এই ভাষণতে নেতাজীৰ সুন্দৰ অয়ূবৰ ভিতৰতে লুকাই থকা বিশাল জ্ঞান সমুদ্র, প্ৰভাৱৰ দৃঢ় শিকলি, আদৰ্শৰ দ্বাৰহীন গহ্বৰ, ক্ৰোধৰ লেলিহান শিখা, দেশপ্ৰেমৰ ব্ৰহ্মাণ্ড বেৰা সোত মুকলি হৈছিল। দেশ মাতৃৰ হকে জোৱানসকললৈ আত্মাহুতিৰ আহ্বানে তেওঁলোকক উত্তেজনাত আত্মহাৰা কৰিছিল। তেওঁ কৈছিল— ‘আপলোগ মুঝে খুন দিজিয়ে, ম্যা আপ্‌লোগোকো আজাদীকে বচন দেতা হুঁ।’ (Gove me blood, I promise you Freedom ) ‘জনতা তেতিয়া গিৰিপকৈ থিয় হয় আৰু চিঞৰি চিঞৰি ক’লে— ‘হম খুন দেঙ্গে, হম জান দেঙ্গে, নেতাজী জিন্দাবাদ ভাৰত মাতাকী জয়’ ধ্বনিৰে কাৰো মাত ক’তো নুশুনা দৰে থিয় হৈ ৰ’ল।

১৯৪৫ চনত ‘দিল্লী চলো’। আৰু ‘জয়হিন্দ’ ধ্বনি তুলি ভাৰত অভিমুখে অগ্ৰসৰ হ’ল; ইম্ফল অধিকাৰ কৰি ক’হিমাৰ ফালে অগ্ৰসৰ হ’ল। ইয়াৰ ফলত ব্ৰিটিছ সেনাই পিছ হুহকিবলগীয়া হৈছিল। কিন্তু দ্বিতীয় মহাসমৰত জাপানৰ বিপৰ্যয় হোৱাত আজাদ হিন্দু ফৌজে ব্ৰিটিছৰ সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হ’ল। ১৯৪৫ চনৰ ১৮ আগষ্টত কৰমোছা দ্বীপৰ কাষত এক বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হোৱা বুলি ২২ আগষ্টত টকিঅ’ ৰেডিঅ’ই ঘোষণা কৰে। কিন্তু এই সম্পর্কে প্রকৃত তথা আজিও অজ্ঞাত। ভাৰতীয় সংবিধানৰ পিতৃ ড° বি আৰ আম্বেদকাৰে কৈছিল— ‘নেতাজী সুভাষ চন্দ্র বসুৰ বাবে দেশে স্বাধীনতা লাভ কৰিলে।’ সঁচাকৈয়ে তেওঁৰ দৰে সংগ্ৰামী নেতাজনে ভাৰতবৰ্ষক লৈ যিমান কল্পনা কৰিছিল, যিমান সপোন দেখিছিল, সম্ভৱতঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত কোনো এজন নেতাই সিমান সপোন দেখা নাছিল আৰু ভৱিষ্যতেও হয়তো নেদেখিব

Leave a Reply

Your email address will not be published. Required fields are marked *