July 26, 2024

Nameri National Park History in Assamese। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস

Nameri National Park History in Assamese

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস History of Nameri National Park in Assamese

Nameri National Park খন তেজপুৰ চহৰৰপৰা প্রায় ৩৫ কিলোমিটাৰ নিলগত শোণিতপুৰ জিলাৰ উত্তৰ দিশৰ বালিপাৰাৰ সমীপত অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান নামেৰীত অৱস্থিত । ৰাষ্ট্ৰীয় উদ্যানখনে পূব হিমালয়ৰ প্ৰদেশত প্রায় ২১২ বর্গ কিলোমিটাৰ অৰণ্য অঞ্চল জুৰি বিস্তৃত হৈ আছে ।

বৃটিছৰ দিনতেই ১৮৭৮ চনৰ ব্রিটিছ চৰকাৰে অসমৰ দ্বিতীয়খন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল নদুৱাৰ বনাঞ্চলক । এই বনাঞ্চলখনৰ এটা অংশ অন্তর্ভুক্ত কৰা হৈছিল নামেৰীত । নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অংশটোৱে ১৮৭৮ চনৰ পৰা ১৯৯৭ চনলৈকে এক দীঘলীয়া সময়ৰ পাছত ৰাষ্ট্ৰীয় উদ্যানৰ মর্যাদা লাভ কৰিবলৈ সক্ষম হয় । ১৯২৮ চনৰে পৰা বৃটিছসকলে নামেৰীক উপভোগৰ স্থান হিচাপে  ব্যৱহাৰ কৰি আহিছিল । বন্যপ্রাণীয়ে বিচৰণ কৰাৰ সম্পৰ্কত পশ্চিম অসম বন্যপ্রাণী সংমণ্ডলৰ তদানীন্তন বিষয়া তথা বিশিষ্ট পক্ষীবিদ ৰঞ্জন কুমাৰ দাসৰ লগতে আন কেইবাগৰাকীও বন বিষয়াৰ দৃষ্টিগোচৰ হোৱাত বন্যপ্রাণীসমূহ সংৰক্ষণৰ বাবে তেওঁলোকে বন সংৰক্ষক পি চি দাসক অনুৰোধ জনাইছিল । দাসে এই অনুৰোধৰ প্রতি সন্মান জনাই নামেৰীক অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ ১৯৮৪ চনত অসম চৰকাৰৰ ওচৰত এক প্রস্তাৱ দিছিল । চৰকাৰে নামেৰীৰ গুৰুত্ব উপলব্ধি কৰি ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত অসম গেজেটত Nameri National Park History in Assamese

Natural beauty of nameri river
Nameri National Park in Assamese

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ আৰু পশ্চিম প্রান্তত থকা জীয়াভৰলী নদী

নামেৰীক অভয়াৰণ্য Nameri National Park হিচাপে ঘোষণা কৰে । অভয়াৰণ্য ঘোষণা হোৱাৰ পাছৰে পৰা বন্যপ্রাণীৰ উপযুক্ত সংৰক্ষণ আৰু বিভিন্ন বিলুপ্ত হ’বলৈ উপক্রম হােৱা বন্যপ্রাণীৰ সন্ধান নামেৰীত পোৱা যায় । বিশেষকৈ পৃথিৱীৰ বিৰল প্ৰজাতিৰ হিচাপে পৰিচিত দেওঁহাহৰ সন্ধান অভয়াৰণ্যখনত লাভ কৰাৰ পাছতেই ১৯৯৭ চনৰ ২৭ ফেব্ৰুৱাৰীত নামেৰীক প্ৰাৰম্ভিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ।

মাটিকালি

১৩৭ বর্গকিলোমিটাৰ আছিল যদিও ৰাষ্ট্ৰীয় উদ্যান Nameri National Park হিচাপে ঘোষণা কৰাৰ পাছত নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ৭৫ বর্গকিলোমিটাৰ মাটি নামেৰীৰ লগত সংলগ্ন কৰাত ৰাষ্ট্ৰীয় অভায়াৰণ্যৰ মাটিকালি ২১২ বর্গকিলোমিটাৰ হয়গৈ ।

ব্রিটিছ চৰকাৰৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পাছত নামেৰীক ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত অভয়াৰণ্যৰ পর্যায়লৈ উন্নীত কৰা হয় । ১৯৯৮ চনৰ ১৫ নৱেম্বৰ তাৰিখে অভায়াৰণ্যখনে আনুষ্ঠানিকভাৱে অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায় । ২০০০ চনৰ ১ মার্চত নামেৰীয়ে ব্যাঘ্র প্রকল্পৰ মর্যাদা লাভ কৰে আৰু এই প্রকল্পত ৩৪৪ বর্গ কিলোমিটাৰ সামৰি লোৱা হয় ।

ভৌগোলিক অৱস্থান

Nameri National Park ৰ ভৌগোলিক অৱস্থান হল ২৬ ° ৫৫/ উত্তৰৰপৰা ২৭ ° 03/ উত্তৰ অক্ষাংশ আৰু ৯২ ° ৪০/ পূবৰপৰা ৯৩ ° ০০/ পূর্ব দ্রাঘিমাংশ । সাগৰপৃষ্ঠৰপৰা নামেৰীৰ উচ্চতা ১০০-৩৫০ মিটাৰ Nameri National Park History in Assamese

Map of Nameri
Map of Nameri

চাৰিসীমাঃ

Nameri National Park ৰ উত্তৰ দিশত বিস্তৃত হৈ আছে অসম অৰুণাচলৰ সীমান্তৱর্তী ভালুকপুং , দক্ষিণে জীয়াভৰলী নদী , পশ্চিম দিশতো জীয়াভৰলী আৰু পূর্ব দিশত বৰদিকৰাই নৈ ।

দ্ভিদৰাজি:

Plants of Nameri
Plants

উদ্যানখনৰ অৰণ্যৰাজিক ক্রান্তীয় চিৰ সেউজীয়া অৰণ্য , অর্ধ – চিৰসেউজীয়া অৰণ্য , সেমেকা পর্ণপাতী অৰণ্য আৰু নদী কাষৰীয়া তৃণভূমি অঞ্চল— এই চাৰিটা ভাগত ভগাব পাৰি । তিতাচঁপা ,

 নাহৰ , বনচোম , আজাৰ , শিলিখা , শিমলু , ওদাল , ডিমৰু , কৰৈ , ভেলেউ , শাল , চতিয়না , খকন্দ , গমাৰি , সোণাৰু আদি ৰাষ্ট্ৰীয় উদ্যানখনৰ উদ্ভিদসমূহৰ ভিতৰত উল্লেখযোগ্য । এই গছবোৰত বিভিন্ন প্রজাতিৰ অকির্ড পোৱা যায় । ইয়াৰ উপৰি অভায়াৰণ্যখনত বাঘটকা , ফুটকলা , দীঘলতি , মাখিয়তী , হাতীখুতৰা , বান্দৰ কেঁকোৱা , বাঘ আঁচোৰা , জেটুলিপকা আদি সৰু সৰু গছ পোৱা যায় । তৃণভূমি অঞ্চলত উলু , ইকৰা , খাগৰি , তৰা , বিৰিণা , বৰতা , কঁহুৱা আদি বিভিন্ন প্রজাতিৰ ঘাঁহৰ লগতে তৰাগছ , বাঁহ আদি আছে । নামেৰীৰ বিস্তীর্ণ এলেকা বেতনিৰে ভৰপূৰ ।

জীৱ – জন্তু

প্রাকৃতিক সৌন্দর্য আৰু জৈৱ – বৈচিত্র্যৰে পৰিপূৰ্ণ অভায়াৰণ্যৰ বন্যপ্রাণীসমূহৰ ভিতৰত হাতী , নাহৰফুটুকী বাঘ , লতামাকৰি , গোধাফুটুকী , শৰপহু , দল হৰিণ , ফুটুকী হৰিণ , খাগৰি কটা শহা , বনৰৌ , উদ , মাটি ভালুক , হিমালয়ৰ ক’লা ভালুক , মলুৱা বান্দৰ , বনৰীয়া গাহৰি , খুটীয়া পহু , মেঠোন , জহামাল আদি পোৱা যায় । ১৯৯৭ চনৰ লোকপিয়ল মতে , উদ্যানখনত ২২৫ টা হাতী আৰু ২৯ টা সেঁকীয়াপতীয়া বাঘ আছিল বুলি জনা যায় ।

Animals of Nameri National Park

 জীয়াভৰলী নৈত প্ৰচুৰ পৰিমাণে চাৰিটা প্ৰজাতিৰ পিঠিয়া মাছ পোৱা যায় । পিঠিয়া মাছৰ বাদেও শাল , গৰুৱা আদি মাছে প্রচুৰ পৰিমাণে পোৱা যায় । উদ্যানৰ ভিতৰৰ জলাহবোৰত দুষ্প্রাপ্য কাছ পোৱা যায় । তদুপৰি প্রকৃতিবিদসকলৰ মতে , উদ্যানত ১০০ তকৈয়ো অধিক জাতৰ পখিলা আছে ।

পক্ষীকুল

 Nameri National Park ৰ বর্তমান বিলুপ্ত হ’বলৈ ধৰা দেওহাঁহৰ বসতিৰ বাবে প্রসিদ্ধ । নামেৰীত থকা দেওহাঁহৰ সংখ্যা ৭০ টা মান হ’ব । উত্তৰ – পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক দেওহাঁহ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় । অভায়াৰণ্য খনৰ আন এবিধ আকৰ্ষণৰ কেন্দ্রবিন্দু হল – তাত থকা চাৰিটা প্ৰজাতিৰ ধনেশপক্ষী । উদ্যানখন ৩১০ বিধ প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি । সেইবোৰৰ ভিতৰত কেইবিধমান চৰাই হৈছে চিলনী , বালিঘোঁৰা , শগুন , হাইঠা , সখিয়তী , দিনকণা , মইনা , হেঁটুলুকা , বাঢ়ৈটোকা , ফেঁচা , ভাটৌ , কেতেকী , মাছৰোকা , কুকুহা , পানীকাউৰী , দৈকলা , কণামুচৰি , ডৰিক , পাকৈটোৰা , শামুকভঙা , হাড়গিলা , বৰশৰালি , মণিয়ৰি আদি ।

Birds of Nameri National Park

হাতীত উঠি বন্যজন্তু দৰ্শনৰ উপৰি জীয়াভৰলী নৈত বৰশী বোৱা আৰু ৰাটিং ( নৌ – চালনা ) কৰাৰ সুবিধাৰে পর্যটকপ্রেমীসকলৰ বাবে অতি মনোমোহা ঠাই ! বৃটিছৰ শাসনকালৰেপৰা প্ৰচলিত জীয়াভৰলী নৈত বৰশী বোৱাৰ প্ৰথা আজিও জনপ্রিয় আৰু ইয়াত পিঠিয়া মাছ চাবলৈ বহুতো পর্যটকৰ সমাগম ঘটে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা ইক’কেম্প ।

ভ্ৰমণৰ উপযুক্ত সময়ঃ

 বছৰটোৰ অক্টোবৰ মাহৰপৰা এপ্রিল মাহলৈকে উদ্যান খনৰ ভ্ৰমণৰ উপযুক্ত সময় ।

Eco-Camp

Eco camp of Nameri National Park

নামেৰীত বনবিভাগৰ ডাকবাংলা নাই যদিও বিভাগটোৱে Ethno Tourism Project- ৰ জৰিয়তে পার্শ্বৱর্তী বনগাঁৱত আলহী শুশ্রুষাৰ ব্যৱস্থা কৰিছে । তদুপৰি আহি পর্যটকে ইক’কেম্পত বিশ্রাম তথা নৈশ – যাপন কৰিব পাৰে । আসাম ভৰলী এংগলিং এছ’চিয়েছনে পৰিচালনা কৰা এই ইক’কেম্পটোত পর্যটকৰ বাবে থকা খোৱাৰ সুব্যৱস্থা আছে । উদ্যানখনৰ গাতে লগাকৈ পোতাশালিত থকামেলাৰ সুবিধা থকা এটা কেম্প আছে । নামেৰীৰ নাতিদূৰৈত অৱস্থিত ভালুকপুঙত পর্যটন বিভাগৰ এটা পৰ্যটক । গৃহ আছে । তেজপুৰৰ পর্যটক গৃহ অথবা হোটেলত থাকিও পৰিভ্রমণ কৰিব পাৰে । মুখ্য কার্যালয় পোতাশালিলৈ গুৱাহাটীৰপৰা দূৰত্ব । ২২৫ কিলোমিটাৰ ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে যোগাযোগৰ ঠিকনা— Address of Nameri National Park

i. Divisional Forest Officer , Western Assam Division , Dolabari , Tezpur .

ii. Tourist Information Officer , Tezpur

iii. Range Forest Officer, Nameri Wildlife Rangae, Potasali

iv. Assam (Bharelli) Anglers Association,

Tezpur Station Club Ltd. 784001

You can also Read

References

  1.  Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India” 
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform us, thanks

One thought on “Nameri National Park History in Assamese। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস

Leave a Reply

Your email address will not be published. Required fields are marked *