July 21, 2024

Nambor Doigrung Abhayarana in Assamese। নামবৰ-দৈঘ্ৰোং অভয়াৰণ্যৰ ইতিহাস

Nambor Doigrung Abhayarana in Assamese

নামবৰ-দৈঘ্ৰোং অভয়াৰণ্য Nambor Doigrung Wildlife Sanctuary in Assamese

গােলাঘাট জিলাত অৱস্থিত নামবৰ দৈঘ্ৰোং অভয়াৰণ্যখনে প্রায় ৯৭.১৫বর্গ কিলােমিটাৰ অৰণ্যভূমি বিস্তৃত হৈ আছে। গােলাঘাট সংমণ্ডলৰ তিনিখন অৰণ্য, যেনেঃ ল’ৱাৰ দৈঘ্রোং, আপাৰ দৈঘ্রোং আৰু নামবৰৰ উত্তৰ অংশৰ কিছু অংশ লৈ ২০০৩ চনৰ ৩১ এপ্রিলত এই অভয়াৰণ্যখন গঠন কৰা হয়। অভয়াৰণ্যখন বিশেষকৈ গৰমপানীৰ উহ আৰু হলৌ বান্দৰৰ বাবে বিখ্যাত।

জীৱ-জন্তু

অভয়াৰণ্যখনত হাতী, বনৰীয়া গাহৰি, মাছুৱৈ মেকুৰী, লাজুকী বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ, গাহৰি নেজীয়া বান্দৰ, নাহৰফুটুকী বাঘ, খুটীয়া পহু, শৰ পহু, বনগৰু আদিৰ উপৰি কাছ, গুই, অজগৰ, নেউল আদিও পােৱা যায়।

পক্ষীকুল

অভয়াৰণ্যখন চৰাইৰ বাবেও বিখ্যাত। দেওহহ, উটপক্ষী, হাড়গিলা, ৰাজধনেশ, মইনা, ভীমৰাজ, বাঢ়ৈটোকা, হুদু, পৰঘুমা, হাইঠা, মাটিকপৌ, শিলকপৌ, বনকুকুৰা, ডৰিক, শেন, মৌ-খাপ আদি বিভিন্ন চৰাইৰে অভয়াৰণ্যখন সমৃদ্ধ।

উদ্ভিদৰাজি

 নামবৰ দৈগ্ৰোং অভয়াৰণ্য বিভিন্ন প্রজাতিৰ মূল্যৱান উদ্ভিদেৰে ভৰি আছে। গমাৰি, এজাৰ, নাহৰ, উৰিয়াম, শিলিখা, পমা, তিতাচঁপা, চোম, বনআম, ভেলু, বিভিন্ন প্রজাতিৰ কপৌফুল, লতাজাতীয় উদ্ভিদ আদি পােৱা যায়।

যাতায়াত

অভয়াৰণ্যখনলৈ যােৰহাটৰপৰা ৬৮কিলােমিটাৰ, ডিমাপুৰৰপৰা ৭৭কিলােমিটাৰ আৰু কঁহৰাৰপৰা ৭০ কিলােমিটাৰ। যােৰহাটৰ ৰৰৈয়া বিমানবন্দৰলৈ আহিও বাছেৰে অভয়াৰণ্যখনলৈ যাব পাৰি। গােলাঘাটৰপৰা গাড়ীৰে সহজতে যাব পাৰি।

অভয়াৰণ্যখনলৈ যাব খােজা পর্যটকসকলৰ বাবে গােলাঘাটৰ হােটেল, হাস্পতাল ৰােডত থকা নামবৰ অতিথিগৃহ আৰু আৱর্ত ভৱনত থাকিব পৰাৰ সুব্যৱস্থা আছে Nambor Doigrung Abhayarana in Assamese

ভ্ৰমণৰ সময়

অভয়াৰণ্যখন ভ্ৰমণৰ বাবে নৱেম্বৰ মাহৰপৰা মার্চ মাহলৈকে উপযুক্ত সময়।

1. Divisional Forest Officer, Golaghat Division, Junakinagar, Golaghat. 2. Forest Range Officer, Golaghat Range, Salmora

You Can Read Also

References

  1.  Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India” 
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *