March 18, 2024

Nambor Bonyaprani Abhayarana in Assamese। নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস

Nambor Bonyaprani Abhayarana in Assamese

নামবৰ বন্যপ্রাণী অভয়াৰণ্য Nambor Wildlife Sanctuary

জৈৱ-বৈচিত্র্যৰে ভৰপূৰ নামৰ সংৰক্ষিত বনাঞ্চল গােলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। ১৮৭২ চনৰ ৯ আগষ্টত গােলাঘাট মহকুমাৰ প্রায় ১,৪১,৩৬৪ হেক্টৰ বনাঞ্চলক নামবৰ সংৰক্ষিত বনাঞ্চলৰূপে ব্রিটিছসকলে নামকৰণ কৰে। উল্লেখযােগ্য, ৰাছিয়াৰ অচিৱাইল বনাঞ্চল আৰু নামবৰ বনাঞ্চলেই বনাঞ্চলৰ স্বীকৃতি লাভ কৰা পৃথিৱীৰ ভিতৰত পুৰণি বনাঞ্চল। যি সময়ত ব্রিটিছসকলে নামবৰক সংৰক্ষিত বনাঞ্চল হিচাপে নামকৰণ কৰিছিল তেতিয়া বনাঞ্চলৰ ভিতৰত সােমােৱাটো বাদেই, ইমান বেছি গছ গছনি আছিল যে সূৰ্যৰ পােহৰাে সােমাব পৰা নাছিল। জোক ইমানেই বেছি। আছিল যে জংঘলত সােমালেই গাত থােপা-থােপে পৰিছিল।

১৯২৫ চনত ব্রিটিছসকলে আলিবাট, ৰেলপথ আৰু বনাঞ্চলৰ কাষৰ গাঁওবােৰক কিছু বনাঞ্চলৰ মাটি দি ৭২,৪৮৬ হেক্টৰ মাটি নামবৰ বনাঞ্চলৰ অন্তর্ভুক্ত কৰে। প্রায় ৮ কিলােমিটাৰ জয়াল হাবিৰে আবৃত নামবৰ কেইবা বছৰ পূর্বে এক বিশেষ ঘটনাৰ বাবে বিখ্যাত হৈ পৰিছিল। অভয়াৰণ্যখনৰ মাজেৰে যােৱা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বনৰীয়া হাতী মাজত ৰৈ গাড়ী ৰখাই দিছিল আৰু গাড়ীৰ পৰা কল আদি খাবলৈ পােৱাৰ পাছতহে আঁতৰি গৈছিল। তদুপৰি ডকাইতৰ বাবেও বিখ্যাত আছিল এই অভয়াৰণ্যখন। ব্রিটিছসকলে এই অভয়াৰণ্যখনক উদ্ভিদ আৰু প্রাণীজগতৰ গৱেষণাৰ উৎস হিচাপে ব্যৱহাৰ কৰিছিল। বর্তমান অভয়াৰণ্যখন কাৰ্বি আংলং জিলাৰ গৰমপানী অভয়াৰণ্যৰ লগত সংলগ্ন হৈ আছে। Nambor Bonyaprani Abhayarana in Assamese

জীৱ-জন্তু

 নামবৰ বন্যপ্রাণী অভয়াৰণ্যত বিভিন্ন প্রজাতিৰ জীৱজন্তু আৰু গছ-গছনি আছে। হাতীৰ বাবে বিখ্যাত এই বনাঞ্চলত বেঁকীয়াপতীয়া বাঘ, ঘােং, কেমটাই পহু, মেঠোন, হলৌ বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, শৰপন্থ, ভালুক, সুগৰী পহু, জহামাল, অজগৰ, ফেঁটীসাপ, গুই আদি বন্যপ্রাণী আছে।

পক্ষীকুল

 এই অভয়াৰণ্যখনত অসংখ্য বনৰীয়া চৰায়ে বিচৰণ কৰে। এইবােৰৰ ভিতৰত হাইঠা, ৰজা শগুন, পাতি শগুন, শামুকভঙা, ধনেশ, নীলকপৌ, ভাটৌ, মইনা, টেক্‌টেকী, হুদু, ভীমৰাজ, মাটিকপৌ, বালিখোঁচৰা, দেওহহ, বনকুকুৰা, ডৰিক, শেন, মৌ-খাপ, শিলকপৌ, হাড়গিলা, বৰটোকোলা আদি প্রধান।

উদ্ভিৰাজি

নামবৰ বন্যপ্রাণী অভয়াৰণ্য গছ-গছনিৰ বাবেও বিখ্যাত। ইয়াত শাল, চেগুন, বনচোম, তিতাচঁপা, গমাৰি, হলখ আদি মূল্যৱান গছ থকাৰ লগতে লেতেকু, পনিয়ল, সুমথিৰা, বগীটেঙা আদি ফল-মূলৰ গছে আছে। প্রায় ৫০বিধ বিৰল প্ৰজাতিৰ অর্কিডেৰে বনাঞ্চলখন ভৰপূৰ। এই বনাঞ্চলত পােৱা আদাজাতীয় কর্মূল তামােলৰ লগত খােৱাৰ উপৰি সুগন্ধি দ্রব্য তৈয়াৰ কৰা হয়।

যাতায়াত

গােলাঘাট চহৰৰ নিচেই কাষৰ এই অভয়াৰণ্যখনত গােলাঘাট চহৰৰপৰা গাড়ীৰে সহজতে যাব পাৰি। পর্যটকসকল গােলাঘাটৰ হােটেল, অতিথিগৃহ আৰু আৱর্ত ভৱনত থাকিব পৰাৰ সুব্যৱস্থা আছে। গােলাঘাট চহৰত বন বিভাগৰৰ এটা পৰিদর্শন বলা আছে। তদুপৰি কাৰ্বি আংলং বন বিভাগৰ পৰিদর্শন বঙলাটো ব্যৱহাৰ কৰাৰ সুবিধা আছে। Nambor Bonyaprani Abhayarana in Assamese

ভ্ৰমণৰ উপযুক্ত সময়ঃ

 নৱেম্বৰ মাহৰপৰা এপ্রিল মাহলৈকে এই অভয়াৰণ্য ভ্ৰমণৰ বাবে উপযুক্ত সময়।

How to reach

From Dimapur Airport it is only 55 kms. and from Jorhat Airport it is 85 kms. away. The road distances from nearest Towns are – Golaghat -35 kms., Diphu -92 kms., Guwahati – 330 kms. and Kohora (Kaziranga N.P) is 70 kms. away.

Where to stay:

Aranya Lodge, Tel.: (03776)262429, Bonani, Banashree, Kunjobon Lodges, Tel.: (03776)262423, all under Assam Tourism and located at Kohora.

Whom to contact for visit:

Divisional Forest Officer, KarbiAnglong East Division, Diphu, Tel.: (03671)272237(O), 273303 (R).

References

  1.  Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India” 
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *