May 29, 2024

Mohoho Festival in Assamese | মহো-হো উৎসৱৰ ইতিহাস

মহো-হো বা মহ খেদা উৎসৱ :সাধাৰণতে নামনি অসমত উদযাপন কৰা এটা উৎসৱ। অসমীয়া ভাষাৰ “মহ” আৰু বড়ো ভাষাৰ “হো” পদৰ মিশ্ৰিত ৰূপ হৈছে “মহহো। ” তাৰপৰাই মহোহো শব্দ গঠিত হৈছে। নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহো-হোক গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি বা ওৰি মাগা বুলি জনা যায়। দৰঙত ইয়াক মহৌ খুন্দা বা মইহ খেদা বা মহখেদা বা মহহৌ উৎসৱ বুলি জনা যায়। আনহাতে কামৰূপত মহৌ-হৌ, নলবাৰীত ভালোক দিয়া বা ভাল-ভৌলকা, বৰপেটাৰ ঠাইবিশেষে ভাওল দিয়া বা ভাও লালীয়া, বাক্সাত বাম্বোলপিতা আৰু বজালীত মহোহো বা মহহো বা মোহোহো দিয়া বুলি কোৱা হয়। শৰণীয়া কছাৰীসকলে ইয়াক ভালুক নচুৱা আৰু উত্তৰ গোৱালপাৰাৰ বড়োসকলে চেনায়-হুনায় বুলি কয়। হাজংসকলে ইয়াক মচমাও খেদা বা মহ খেদাই দেৱা গীত বুলি কয়। মুছলমানসকলে ইয়াক মাগন গীত বুলি কয়। গোৱালপাৰা জিলাত পালন কৰা সোণাৰায় পূজা মহো-হোৰ সমধৰ্মী উৎসৱ। 

উদ্‌যাপনৰ ৰীতি

এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়। আঘোন মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰে আনন্দৰে পালন কৰে। চেমনীয়া ল’ৰা আৰু ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহো-হো গীত বোলে। দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই গায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়। এইটোৱেই এই উৎসৱৰ পৰম্পৰা। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। টোকোন বা লাঠিৰে শব্দ কৰি গোৱা মহো-হো গীতৰ ৰূপ এনেধৰণৰ- মহৌ হৌ মহৌ হৌ, মহ’হো মহ’হো। মহ খেদ্‌বা টোকান লৌ॥ মহে বোলে মৰ্‌লু দে। টেপৰ পুৰা খালো দে॥ ইত্যাদি।

উৎসৱত গোৱা গীতবোৰক ‘ভাল হওক দিয়া’ বা ভাওল দিয়া গীত বোলা হয়। মহ খেদোঁতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়। এই গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ এউৰিমগা গীত আৰু বাস্কা অঞ্চলৰ বাম্বোল পিটা গীতৰ কিছু সাদৃশ্য আছে। নামনি অসমৰ ভিন্‌ ভিন্‌ অঞ্চলত প্ৰচলিত মহো-হো গীতবোৰ প্ৰায় একে ধৰণৰ; কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায়। আঘোণী পূৰ্ণিমাৰ প্ৰাণময় উৎসৱ মহো-হো বা মহখেদা অ-জনজাতিসকলৰ লগতে জনজাতীয় লোকসকলৰ মাজতো আদৰণীয়।

লোকবিশ্বাস

মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয়। আঘোণ মাহ ৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ। এই সময়তে পথাৰত ধানত পোক ধৰে। গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। লোকবিশ্বাস মতে মহো-হো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *