May 17, 2022

May Divash or International Workers’ Day or Labour Day History Essay in Assamese | মে’ দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ ইতিহাস

May Divash or International Workers’ Day or Labour Day History Essay in Assamese

আন্তৰ্জাতিক শ্ৰমিক দিৱসটো ( International Workers’ Day ) মে’ দিৱস নামেৰেও পৰিচিত। মে’ মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালিত হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰী ভাবে ছুটিৰ দিন। ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়। পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়। ইয়াৰ উপৰিও এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিক ভাবে হয়তো পালন কৰা হয়।

সম্পুৰ্ণ নামআন্তৰ্জাতিক শ্ৰমিক দিৱস
অন্য নামমে’ দিৱস
পালন কৰেশ্ৰ্মিক মানুহ আৰু তেওঁলোকৰ শ্ৰ্মিক সন্থা
তাৰিখ১ মে’
উদযাপনorganized street demonstrations and street marches

মে’ দিৱসৰ May Divash in Assamese

বিশ্বত মেহনতী জনতাৰ ঐক্য আৰু সংহতিৰ প্রতীক মে’দিবস।পুঁজিপতি আৰু জমিদাৰসকল। শােষণ আৰু নিপীড়নৰ বিৰুদ্ধে সমগ্র বিশ্বৰ হাজাৰ হাজাৰ কৃষক আৰু শ্ৰমিকে বুকুৰ তেজ দি গঢ়ি তােলা অবাৰিত সংগ্রাম আৰু আন্দোলনৰে ই ফলশ্রুতি। ইয়াৰ বুকুত নিহিত আছে, ৰিক্ত আৰু নিঃসহায় খাটি খােৱা মানুহৰ সাহস, ধৈর্য আৰু ত্যাগৰ মর্মন্তুদ কাহিনী। ৰক্ত ৰঞ্জিত এই মে’ দিবসৰ ইতিহাস। যুগান্তকাৰী সামাজিক পৰিৱৰ্তন সংঘটনকাৰী দুৰ্বাৰ সংগ্রামকেই যদি বিপ্লৱ বুলি কোৱা হয়, তেনেহ’লে, মে’ দিৱস-বিশ্বৰ নিপীড়িত কৃষক আৰু শ্ৰমিকৰ মুক্তিকামী বিপ্লৱৰাে প্রতীক।

মে’ দিৱসৰ পটভূমি

নিৰৱচ্ছিন্ন শ্রম, অন্তহীন যাতনা অথচ আগ্নেয়গিৰি সম বুভুক্ষা এয়ে আছিল যুগে যুগে সভ্যতাৰ নিম্নস্তৰত অলিয়ে-গলিয়ে, মৰি মৰি বাচি থকা কংকালসাৰ শ্ৰমিক, বনুৱা, কৃষকসকলৰ ভাগ্য। পেটত গামােচা বান্ধি দিনে ১৪/১৫ ঘণ্টাৰপৰা আৰম্ভ কৰি ২০ ঘণ্টা পর্যন্ত পৰিশ্ৰম কৰিও দুবেলা দুমুঠি ভাত, মানুহ বুলি পৰিচয় দিব পৰা এসাজ কাপােৰ, জাৰ নিবাৰণৰ কাৰণে এখন কম্বলৰ সংস্থান কৰিব নােৱাৰা, দলিত মানুহৰ প্ৰাণৰ অশ্রুসিক্ত, মূক-মৌন বেদনাই আছিল তেওঁলােকৰ অভিশপ্ত জীৱনৰ পাথেয়। অথচ এইসকলেই গঢ়ি তুলিছিল পুঁজিপতি, জমিদাৰ, উদ্যোগপতিসকলৰ দৌলত আৰু আকাশলঙঘৗ অট্টালিকা। রুদ্ধদ্বাৰ কল-কাৰখানাৰ উত্তপ্ত, শ্বাসরুদ্ধ পৰিৱেশত তৃষ্ণাতুৰ বনুৱাই এটোপা পানীৰ বাবে আর্তনাদ কৰি উঠিলে, পুৰস্কাৰ পাইছিল ৰক্ত-মাংসহীন উদং পিঠিত চাবুকৰ কোব। ঊনবিংশ শতিকাৰ এটা কাৰখানাৰ বনুৱাসকলৰ ভাগ্যৰ এটি সামান্য নিদর্শন চাওক— “They worked fourteen hours per day……, the door is locked in working hours, except for half an hour at teatime, the work-people are not allowed to send for water to drink in the hot factory….।”

পৰিৱর্তনশীল জগৎ। নিষ্পেষিত শ্রমিক, বনুৱাৰ ভাগ্যৰৰ পৰিৱৰ্তন ঘটিল। কার্ল মার্ক্স, ফ্রেড়ৰিক এংগেছ আদিৰ ভাৱধাৰা আৰু আদৰ্শই মুক্তিৰ ৰেঙণি বিৰিঙাই তুলিলে বনুৱাসকলৰ অন্তৰত। এই দুজন কালজয়ী শ্রমিক-দৰদীৰ “কমিউনিষ্ট মেনিফেষ্টো” আৰু কার্ল মার্ক্সৰ “ডাচ কেপিটেল”-এ শ্রমিক আন্দোলন গঢ় দিয়াত প্রভূত অৰিহণা যােগালে। ১৮৮৪ চনত বিশ্বৰ সাম্যবাদী গগাষ্ঠীৰ ক্রোড়পত্ৰত ঘােষিত হ’ল—“The workers have nothing to lose but their chains, , They have a world to win. Proletarians of all lands, unite” আৰু ঘােষিত হ’ল- “Live working of die fighting” তদুপৰি সমসাময়িকভাৱেবাইৰণৰ “Liberty! Brightest in Dungeon;” ওবৰ্ডছৰ্থৰ

Two voices are there, one is of the sea.

One of the mountains; each a mighty voice;

In both from age to age thou dicst rejoice,

They were thy chosen music, Liberty!”—আদি কবিতাৰ মর্মবাণীয়ে স্বাধীনতা শান্তি, প্ৰগতিৰ প্রতি সমগ্র বিশ্ববাসীৰ বিশেষকৈ শােষিত, নিষ্পেষিতজনগণৰ অন্তত মুক্তিবাণী শুনাই থৈ গ’ল। গতিকে জাগ্রত হ’ল শ্রমিক বনুৱাসকল; আৰম্ভ হ’ল বিশ্বত শ্রমিক বনুৱাৰ মুক্তিৰসংগ্রাম।

ইতিহাস History of International Workers’ or Labour Day in Assamese

শ্রমিক আন্দোলনৰ ইতিহাস দীঘলীয়া; বিশ্বৰ বিভিন্ন ঠাইত উদ্যোগ গঢ়ি উঠাৰ লগে লগেই আৰম্ভ হয় শ্রমিক আন্দোলনৰ। পৃথিৱীৰ সবাতােকৈ সম্পদশালী দেশ আমেৰিকাত ১৮২০ চনৰপৰাই বিভিন্ন কল-কাৰখানাত কামৰ সময় কমােৱাৰ দাবীতে ধর্মঘট সংঘটিত হৈছিল। শ্ৰমিকসকলৰ মূল দাবী আছিল “৮ ঘণ্টা কাম, ৮ ঘণ্টা বিনােদন আৰু ৮ ঘণ্টা বিশ্রাম।”— তেওঁলােকৰ এই দাবীত বিভিন্ন ঠাইত, বিভিন্ন সময়ত আন্দোলন গঢ়ি উঠে।১৯৪৮ চনৰ পাছৰেপৰা ইউৰােপৰে বিভিন্ন দেশত শ্রমিক আন্দোলন আৰম্ভ হয়। ১৮৬৪ চনত পৃথিৱীৰ বহুদেশৰ সন্মিলিত প্রচেষ্টাত—“আন্তর্জাতিক শ্রমিক সংস্থা” গঠিত হয়। তাৰে আদৰ্শত অনুপ্রাণিত হৈ ১৯৬৬ চনত সমগ্ৰ আমেৰিকাৰ বিভিন্ন শ্রমিক সংগঠনবােৰ এক পতাকাৰ তলত সন্মিলিত হয়। তেওঁলােকে ঘােষণা কৰিলে যে,সকলাে শ্রমিক পুঁজিবাদীদাসত্বৰপৰা মুক্ত হ’ব লাগিব।তাৰ স্বীকৃতি স্বৰূপেযুক্তৰাষ্ট্ৰৰ সকলাে ৰাজ্যতে শ্ৰমিকসকলৰ কামৰ সময় ৮ ঘণ্টা কৰিব লাগিব। প্রয়ােজন হলে তাৰ কাৰণে শক্তি প্রয়ােগ কৰিব লাগিব আৰু সেই ক্ষেত্ৰত চৰম ভাগ্যৰ বাবে সকলাে শ্রমিক সাজু থাকিব লাগিব।

১৮৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ তৰুণ শ্রমিক সংগঠনবােৰেও এই দাবীতে আন্দোলন গঢ়ি তােলে। ১৮৮৪ চনত আমেৰিকাৰ শ্রমিক ফেডাৰেছও এই দাবীতে ধর্মঘট আহ্বান দিয়ে। ১৮৮৬ চনৰ ১ মে শ্রমিক আন্দোলনৰ ইতিহাসৰঞ্জিত এই দিনটো। শ্রমিক সংগঠনবােৰে দাবী জনালে সেইদিনাৰপৰা শ্ৰমিকৰ কামৰ সময় ৮ ঘণ্টাহ’ব। বিভিন্ন শ্রমিক সংগঠনে এই আহ্বানৰ প্রতি সঁহাৰি জনালে। সিদ্ধান্ত হ’ল সেই দিন ব্যাপক উদ্যোগেৰে সকলাে শ্রমিকে ধর্মঘট কৰি কলকাৰখানাৰপৰা সমদলে ওলাই আহিদাবী প্রতিপন্ন কৰিব।

যুক্তৰাষ্ট্রৰ চিকাগাে চহৰ।ব্যৱসায়-বাণিজ্য,কলকাৰখানাৰবৃহত্তম কেন্দ্র। সেইদিনা হাজাৰ হাজাৰ শ্রমিক বনুৱাইকল-কাৰখানা ত্যাগ কৰি চিকাগােত সমবেত হ’ল; অভূতপূর্ণ, বিপুল সমাৱেশষ মালিক শ্ৰেণী আৰুচৰকাৰৰ সন্মিলিতশক্তিয়ে শক্তিৰে প্ৰতিৰােধ বেহুৰচনা কৰিলে। ধর্মঘটকাৰীসকল ছেদেলিভেদেলী হ’ল; কিন্তু ধর্মঘট বিয়পি পৰিল সমগ্ৰ দেশৰ চুকে-কোণে অবাৰিত আৰু দুৰ্বাৰ গতিৰে।

পুঁজিপতি, জমিদাৰ আদি ধনিক শ্রেণী ক্ষুব্ধ হৈ উছিল। তেওঁলােকৰ আশীর্বাদধন্য বাতৰি কাকতবােৰে ধ্বনি দিলে—“ধর্মঘট প্রত্যুত্তৰ দিব লাগে বন্দুকেৰে। উদ্ধত নেতাসকলৰ পৰিণতি ফঁাচী কাঠ।”কার্যতঃ সেয়ে সংঘটিত হ’ল।৩ মে’তাৰিখে “মে কমিকৰিপেয়াৰকাৰখানাৰ ধমর্ঘটকাৰী শ্ৰমিকসকল বন্দুকৰ সন্মুখীন হ’ল। কেৱল বন্দুক আৰু বন্দুক। বন্দুকৰ শব্দত চৌদিশ মুখৰিত। মৃত্যু শীতল আতংক চৌদিশে। ৬ জন নিহত হ’ল; অসংখ্যজন আহত হ’ল; তেজৰ নৈ বৈগ’ল,ৰক্ত ৰঞ্জিত হ’ল চিকাগাে চহৰ।

পুলিচৰ এই বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত ৪ মে’তাৰিখে চিকাগােৰ হে’মার্কেট স্কোৱাৰত বিৰাট প্রতিবাদ সভা অনুষ্ঠিত হ’ল। সভাত পুলিচে অপ্ৰৰােচিতভাৱে আক্রমণ চলাই গুলি বর্ষণ কৰিলে; পুলিচ আৰু বিক্ষুদ্ধ জনতাৰ মাজত এক অঘােষিত যুদ্ধ সংঘটিত হ’ল।ৰণাংগন তেজেৰেৰাঙলী হ’ল। ৰক্তৰঞ্জিত চিকাগােত চৰকাৰী হিচাপমতে ৪ জন শ্রমিক নিহত আৰু ৫০ জন আহত হ’ল। কিন্তু বেচৰকাৰী হিচাপ মতে নিহতৰ সংখ্যা বহুগুণে বেছি: আহতৰ সংখ্যা কেইবা হাজাৰৰাে ঊর্ধ্বত। সংগ্রামী নেতৃবৃন্দ কাৰাৰুদ্ধ হ’ল। পাছ, স্কাইজ, ফিচাৰ, এংগেলকে আদি কৰি সাতজন নেতাক বিনা বিচাৰে ফঁাচীৰ কাঠত ওলমােৱা হ’ল। শ্রমিক বনুৱাৰ মুখপত্ৰবােৰ নিষিদ্ধ কৰা হ’ল; শােভাযাত্রা, সমাৱেশ আদি বেআইনী বুলি ঘােষিত হ’ল। নিৰস্তু, নিৰীহ শ্ৰমিকৰ ওপৰত চলােৱা এই শােকাবহ হত্যাকাণ্ডত সমগ্র বিশ্ব কঁপি উঠিল। বিশ্বৰ লাখ লাখ মেহনতী জনতাই দৃপ্তকণ্ঠেৰে ঘােষণা কৰিলে,” শােষণ আৰু নিপীড়নৰ বিৰুদ্ধে বিশ্বৰ শ্ৰমিক বনুৱা এক হওক।”

এক হ’ল। ১৮৮৯ চনৰ ১৪ জুলাইত ফ্রেডেৰিক এংগেছৰ নেতৃত্বত পেৰিছত অনুষ্ঠিত হ’ল আন্তর্জাতিক শ্রমিক সন্মিলন। চিকাগাে চহৰৰ কেঁচা তেজৰ গােন্ধৰ কেঁচা স্মৃতি সোঁৱৰণ কৰি সন্মিলনত প্রস্তাৱ গৃহীত হ’ল—শ্রমিক বনুৱাৰ বুকুৰৰঙা তেজৰ বােলসনা ১ মে’দিনটো সকলাে দেশৰ, সকলাে চহৰৰ শ্ৰমিকৰ বাবে ৮ ঘণ্টীয়া কৰ্মৰ দাবীত আন্তর্জাতিক বিক্ষোভ প্রদর্শনৰ স্মৃতি দিবস হিচাপে গণ্য হওক আন্তর্জাতিক শ্রমিক ঐক্য আৰু সংহতিৰ প্রতীক।

মে’ দিৱস পালন

১৮৯১ চনত ব্ৰুচেশ্চত অনুষ্ঠিত আন্তর্জাতিক শ্রমিক সন্মিলনতাে এই প্রস্তাৱ পুনর্বাৰ ঘােষণা কৰি, শ্রমিক বনুৱাৰ উন্নয়ন আৰু জাতিসমূহৰ মাজত শান্তি-সম্প্রীতি স্থাপনৰ দাবীত সভা শােভাযাত্রা অনুষ্ঠিত কৰাৰ নির্দেশ দিয়া হ’ল। তেতিয়াৰেপৰা সমগ্র বিশ্বৰ বিভিন্ন দেশত ১ মে’দিনটো “আন্তর্জাতিক শ্রমিক ঐক্য আৰু সংহতি দিৱস”হিচাপে অনুষ্ঠিত হৈ আহিছে।

পৃথিৱীৰ সর্ব প্রথম সমাজতান্ত্রিক দেশ ছােভিয়েট ৰুছিয়াত ১৯১৮ চনত বহু দেশৰ প্রতিনিধিৰ উপস্থিতিত প্রথম বাৰৰ বাবে ১ মে’ তাৰিখে আন্তর্জাতিকভাৱে মে’দিৱস বিপুল সমাৰােহেৰে উদ্যাপন কৰা হয় আৰু তাৰ পাছৰেপৰা বিশ্ববাসীয়ে ইয়াৰ তাৎপর্য বিশেষ গুৰুত্ব সহকাৰে উপলব্ধি কৰিবলৈ ধৰে।

মে’ দিৱসৰ  আধুনিক দৃষ্টিভংগী

মে’দিবসৰ তাৎপর্য আজি বিশ্বৰ শ্ৰমিক বনুৱাৰ ৮ ঘণ্টীয়া কৰ্মৰ দাবীতে সীমাবদ্ধ হৈথকা নাই। ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে। ঐক্যবদ্ধ শ্রমিক আন্দোলন আৰু সংগ্রাম যােগেদি বিশ্বত শােষণ আৰু নিপীড়ন মুক্ত শ্রমিক ৰাজ প্রতিষ্ঠাৰ পৰ্যায়ত ইপর্যবসিত হৈছেগৈ।বর্তমানে সমাজৰ ভাগ্য নির্ণয়কাৰী শ্রমিক শ্ৰেণীৰ ৰাজত্ব প্রতিষ্ঠিত হৈছেবিশ্বৰ এক-তৃতীয়াংশ দেশত। চিকাগােৰ হেমার্কেটিৰৰক্তাক্ত, মর্মন্তুদ ঘটনাৰ ৯৬ বছৰৰ পাছত ১৯৮২ চনত কিউবাত পৃথিৱীত ২৭ কোটি শ্রমিকে প্রতিনিধিত্ব কৰা ১৩৮ খন দেশৰ শ্রমিক প্রতিনিধিসকলৰ “বিশ্ব ট্রেড ইউনিয়ন কংগ্ৰেছ”অনুষ্ঠিত হয়। বিশ্ব শান্তি, শ্ৰমিকৰ অধিকাৰ সুৰক্ষা আৰু শােষণ মুক্ত সমাজ প্রতিষ্ঠাৰ কাৰণে চলােৱা সংগ্ৰামৰ ই এক ঐতিহাসিক আৰু অবিস্মৰণীয় ঘটনা। বিশ্বশান্তি, প্রগতি আৰু ভ্রাতৃত্বৰ মহান আদর্শ বিশ্বতনতুনৰূপেৰে প্রতিষ্ঠাকৰাত শ্ৰমিকসকলৰ মহান ভূমিকাৰইজ্বলন্তপ্রতীক।

পৃথিৱীৰ বহু দেশত মে’ দিবসটো ছুঢ়ীৰ দিন দিচাপে গণ্য কৰা হৈছে। ভাৰতৰাে কেইখনমান ৰাজ্যত ১৯৮২ চনৰপৰা এইদিবসটোছুটীৰ দিন হিচাপে ঘােষণাকৰি, শ্রমিক শ্ৰেণীৰ দাবী আৰু আদৰ্শৰ প্রতি সম্মান প্রদর্শন কৰা হৈছে।

সামৰণি

শ্ৰমিকৰ কৰ্মশক্তি, কর্মপ্রেৰণা আৰু ঐকান্তিকতাৰ ওপৰতে দেশৰ শিল্পোন্নয়ন নিৰ্ভৰ কৰে, গতিকে দেশৰ প্রগতিও নিৰ্ভৰশীল। সেই বাবে শ্ৰমিকৰ অধিকাৰ সাব্যস্ত কৰা আৰু তেওঁলােকৰ কল্যাণ সাধন কৰা দেশবাসীৰ কর্তব্য।যি তেজৰ বিনিময়তবর্তমানে সমগ্র বিশ্বত শ্ৰমিকৰ দাবী প্রতিপন্ন হৈছে, সেই তেজ শান্তি, প্রগতি আৰু সাম্যৰ প্রতীক হওক। চিকাগাে চহৰৰ বাটে ঘাটে, ধূলিয়ে বালিয়ে মিহলি হৈ থকা শ্ৰমিকৰ তেজৰ কণিকাবােৰ বিশ্বৰ শ্ৰমিক আৰু কাটি খােৱা মানুহৰ আদর্শ আৰু প্ৰেৰণাৰ চিৰযুগমীয়া উৎস হওক।

Leave a Reply

Your email address will not be published.