April 14, 2024

Manas National Park History in Assamese । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস

Manas National Park History in Assamese

মানাহ ৰাষ্ট্ৰীয় উদ্যান History of Manas National Park in Assamese

প্রাকৃতিক সম্পদেৰে ভৰপূৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান Manas National Park ১৯৮৫ চনত ইউনেস্ক’ৰ দ্বাৰা “বিশ্ব ঐতিহ্য’ World Heritage Site ৰ তালিকাত অন্তৰ্ভুক্ত হয়। ১৯৯৯ চনত ইউনেস্ক’ৰ দ্বাৰা উদ্যানখনৰ ২৮৩৭ বৰ্গকিলোমিটাৰ বনভূমিক Biosphere Reserve অৰ্থাত্  জীৱমণ্ডলীয় সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্রজাতিৰ বন্য জীৱ-জন্তুৰ বিচৰণভূমি হিচাপে পৰিচিত। এসময়ত উদ্যানখন কোচবিহাৰৰ  ৰজাৰ পৰিয়াল আৰু গৌৰীপুৰৰ ৰজাই মৃগয়াৰ থলী হিচাপে ব্যৱহাৰ কৰিছিল

১৯০৫ চনতে মানাহক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ প্রস্তাৱ লৈছিল যদিও ১৯০৮ চনত হে এই প্রস্তাৱ গ্ৰহণ কৰা হয়। এই সংৰক্ষিত বনাঞ্চলখনক ১৯২৮ চনত ৩৬০ বৰ্গকিলোমিটাৰ বনভূমিৰ মানাহক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু ২৮৩৭ বৰ্গকিলোমিটাৰ সামৰি ১৯৭৩ চনত লুপ্তপ্রায় ঢেঁকীয়াপতীয়া বাঘৰ  সংৰক্ষণৰ বাবে ‘ব্যাঘ্ৰ প্রকল্প’ হিচাপে ঘোষণা কৰা হয়। ১৯৫০ চনত মানাহক বন্যপ্ৰাণ অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ১৯৯০ চনত মানাহক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰূপে So Manas National Park ঘোষণা কৰে।

১৯৫১ চনৰ পৰা ১৯৫৫ চনৰ ভিতৰত অঞ্চলটো ৩৬০ বৰ্গকিলো মিটাৰৰ লগত ৩৯১ বৰ্গ কিলোমিটাৰলৈ বঢ়োৱা হয়। ২০০৮ চনৰ ২৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি পুনৰ ৯৫০ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা হয়। ২০০৩ চনত ইয়াৰ একাংশ বনভূমিক কেন্দ্ৰীয় হাতী সংৰক্ষণ ভুমিৰ লগত চামিল কৰি চিৰাং ৰিপু হাতী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়।

চোৰাং চিকাৰ আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ক্ষতিৰ বাবে ১৯৯২ চনত ইউনস্ক’য়ে উদ্যানখনক World Heritage Site in Danger Uae বিশ্ব ঐতিহ্য স্থান বিপদাপন্ন বুলি ঘোষণা কৰিছিল। পাছত ২০১১ চনৰ ২১ জুনত বিশ্ব ঐতিহ্য স্থান বিপদাপন্নৰ পৰা মানাহৰ নামটো উঠোৱা হয়। উল্লেখ্য যে উদ্যানখনৰ ভাৰত ভূমিৰ খণ্ডক ৰাষ্ট্ৰীয় উদ্যান (Manas National Park) আৰু ভূটান ভূমিৰ খণ্ডক ৰয়েল মানাহ বুলি কোৱা হয়। Manas National Park History in Assamese

Rhino in manas park
assamintro.com

মানাহ শব্দটোৰ উত্ পত্তিৰ সম্পৰ্কে জনা যায় যে অঞ্চলটোৰ এটি গুহাত সৰ্পদেৱী মনসাই পূজা কৰিছিল। সৰ্পদেৱী মনসাৰপৰা গুহাটোৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম মানস আৰু মানাস নদীৰ পৰাই উদ্যানখনৰ মানটো মানাহ হয় । মানাহ উপনৈ ৰষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ গৈছে৷ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ সৰু বৰ উপনদী ১০৪ খনৰ ভিতৰত মানাহ আৰু বেকীয়েই প্রধান। দুয়োখন উপনদীৰে উৎপত্তিস্থল হ’ল হিমালয় পৰ্বত। জনশ্ৰুতি মতে ব্ৰহ্মপুত্ৰ নদীখন হিমালয়ৰ মানস সৰোবৰ হ্ৰদৰ পৰা বৈ অহাৰ দৰে মানাহ নদীখনো একে স্থানৰ পৰাই বৈ আহিছে। ফলস্বৰূপে মানস সৰোবৰৰ পৰা বৈ অহাৰ বাবে নৈ খনৰ নাম মানাহ আৰু উদ্যানখনৰ নামো (Manas National Park) মানাহেই হয়। |

আনহাতে কৌচ ৰজা নাৰায়ণ সিংহৰ কন্যা মানসী কুঁৱৰীয়ে উক্ত অঞ্চলটোত থকাৰ বাবে ভূটানৰ কিছু অঞ্চলকে ধৰি সেই অঞ্চলটোৰ নাম মানসীৰ পৰা মানাহ হ’ল বুলিও বুৰঞ্জীয়ে কয়।

elephants in manas park
assamintro.com

অভয়াৰণ্যখন প্ৰায় ৬০ খনতকৈ অধিক গাঁৱে আগুৰি আছে। পৰোক্ষভাৱে সেই গীওবোৰৰ প্রায়বোৰ মানুহে উদ্যানখনক কেন্দ্ৰ কৰি জীৱন-নিৰ্বাহ কৰে। পলসুৱ মাটিৰ তৃণভূমি আৰু চিৰহৰিৎ বননিৰে অসংখ্য আপুৰুগীয়া জীৱ-জন্তুৰ উপযুক্ত বাসস্থান মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে মানাহ, আই, পাগলাদিয়া, বেঁকী আদি নৈ বৈ যোৱাৰ লগতে এই বনাঞ্চল অসংখ্য জান-জুৰি, বিল, জলাশয়, আদিৰে ভৰা। এই উদ্যানক ভাৰত চৰকাৰে ১৯৮৯ চনত Biosphere Reserve অৰ্থাত্ জীৱমণ্ডল সংৰক্ষিত বনাঞ্চল’ হিচাপে স্বীকৃতি দিয়ে।

ভৌগোলিক অৱস্থান

অসম-ভূটান সীমান্তত প্রায় ৩৯১ বৰ্গকিলোমিটাৰ মাটিকালিৰে আৱৰি থকা মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ ২য় খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত প্ৰাপ্ত । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনে বৰপেটা জিলা আৰু বঙাইগাঁও জিলাৰ সমীপত তথা বি টি এ ডিৰ বাক্সা আৰু চিৰাং জিলাক আগুৰি আছে

পৃথিৱীৰ মানচিত্ৰত ৯১৫১/ পূবৰপৰা ৯২00/ পূব দ্ৰাঘিমাংশ আৰু ২৬৩০/ উত্তৰৰপৰা ২৭০০/ উত্তৰ অক্ষাংশত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা উদ্যানখনৰ উচ্চতা দক্ষিণে ৪০ মিটাৰৰ পৰা উত্তৰ দিশত ২০০ মিটাৰ।

জলবায়ু

ৰাষ্ট্ৰীয় উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গড় হিচাপেত বাৰ্ষিক তাপমাত্ৰ সৰ্ব্বোচ্চ ২৯0 চেলছিয়াছ আৰু সৰ্বনিম্ন ৪0 চেলছিয়াছ । বাৰ্ষিক বৰষুণৰ পৰিমাণ গড়ে ৪,০০০ মিলিমিটাৰ আৰু আৰ্দ্ৰতা শতকৰা ৯৮ শতাংশ।

জীৱ-জন্তু

animals in manas park

উদ্যানখন প্রায় ৬০ বিধ স্তন্যপায়ী প্রাণী, ৪২ বিধ সৰীসৃপ, ৭ বিধ উভচৰ প্রাণীৰ বিচৰণস্থলী হোৱাৰ লগতে ‘ভাৰতৰ বন্যজীৱ (ৰক্ষণাবেক্ষণ) আইন’ৰ প্রথম অনুসূচীৰ অন্তর্ভুক্ত সৰ্বাধিক সংখ্যক স্তন্যপায়ী প্রাণীৰ আশ্রয়স্থল হিচাপেও বিশেষভাৱে স্বীকৃত। মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা – স্তন্যপায়ী প্ৰাণীবোৰৰ ভিতৰত আছে — সোণালী বান্দৰ, বাঘ, জহামাল, নলগাহৰি, ম’হ, গঁড়, হাতী, টুপীপিন্ধা বান্দৰ, হলৌ বান্দৰ, মলুৱা বান্দৰ, গোধাফুটুকী, খাগৰিকটা শহা বা দলখৰিয়া, সুগৰী পহু, দল হৰিণ, সোনালী মেকুৰী, নাহৰফুটুকী বাঘ, লতামাকৰি, মাটিভালুক, শৰপহু, মাছুৱা মেকুৰী, ভালুক মেকুৰী, বনৰৌ আদি। ১৯৮০ চনৰ পিয়লৰ মতে, মানাহ ব্যাঘ্ৰ মূল অংশত ১২৩ টা বাঘ আছিল যদিও ১৯৯৫ চনত এই সংখ্যা ৮০ টালৈ হ্ৰাস পায়। ভূটানৰ

animals in manas park

বনাঞ্চলীয় এলেকাৰপৰা সোণকোষ নদীলৈকে ডেৰহাজাৰতকৈ অধিক সোণালী বান্দৰে এতিয়াও বিচৰণ কৰি ফুৰে বুলি জনা যায়। স্তন্যপায়ী প্রাণীৰ উপৰি এই ৰাষ্ট্ৰীয় উদ্যানত অজগৰ, ফেঁটীসাপ; ডুৰা কাছ, শংখচূড়, ঘঁৰিয়াল, গুই আদি ভিন্ন সৰীসৃপ পোৱা যায়। উদ্যানখনৰ জলাশয়সমূহত প্রায় ৫০ তকৈ অধিক প্রজাতিৰ মাছ চিনাক্ত কৰা হৈছে। তদুপৰি উদ্যানখন অসংখ্য কীট-পতংগ আৰু নানান  জাতৰ ৰং-বিৰঙৰ পখিলাৰো বাসস্থান ।

পক্ষীকুল

Birds in manas park

বগলী, বৰটোকোলা, পেলিকান, কণুৱা, ইটাগুড়ীয়া, উলূমৰা, ধনেশ, মাছৰোকা, শেন, ফেঁচা, চিলনী, ই্গল, বালিঘোঁৰা, হঁয়কলি, সখিয়তী, ফেঁচু, কপৌ, শৰালি, চাকৈচকোৱা, দীঘলনেজী বা ৩১২ বিধৰো অধিক প্রজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই দেখিবলৈ “পোৱা যায়। ৰাষ্ট্ৰীয় উদ্যানখনৰ (Manas National Park) বীশবাৰীৰ মূল প্রৱেশদ্বাৰত ময়ূৰৰ চালি ধৰাৰ দৃশ্যই দেশী বিদেশী পৰ্যটকক সদায় আকৰ্ষিত কৰি আহিছে।

উদ্ভিদ

উদ্যানখনত উদ্ভিদ বিজ্ঞানীসকলে পাঁচশতকৈ অধিক প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰিছে। তৃণ, বৃক্ষ, গুল্ম আৰু লতা চাৰিও প্রকাৰৰ উদ্ভিদেই উদ্যানখনত বিৰাজমান। উদ্যানখনত পোৱা কেইবিধমান গছ গছনি হ’ল-শাল, চেগুন, গমাৰি, শিমলু, সোণাৰু, শিলিখা, ডিমৰু, আজাৰ, আঁহত, পলাশ, বহঁত, পমা, বগৰী, উৰিয়াম, কৰৈ, বনআম, খয়ৰ, ভাতঘিলা, মেজাংকৰি, মণিছাল, শিৰীষ, ওঁটেঙা, তেজপাত, উলূ, কীহীবন, ইকৰা, নল, খাগৰি, বিৰিণা, বাওবন, বৰতা, কঁহুৱা আদি।

যাতায়াত

বৰপেটাৰপৰা প্রায় ৪১ কিলোমিটাৰ দূৰত্বত অৱস্থিত উদ্যানলৈ স্থলপথেৰে যাব পাৰি। উদ্যানখনৰপৰা বৰপেটা ৰোড ৰে’লৱে ষ্টেশ্যনলৈ মাত্র ২০ কিলোমিটাৰ। বৰঝাৰ বিমান বন্দৰৰপৰা ১৪৫ কিলোমিটাৰ। তালৈ যাবলৈ বৰপেটাৰোডস্থিত ব্যাঘ্ৰ প্রকল্পৰ মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। এই ভড’দ্যানখনৰ অভ্যন্তৰৰ মথনগুৰিত বন বিভাগৰ অধীনত দুটা বঙলা, এটা ক’টেজ আৰু এটা ডৰমিটৰী (সমূহীয়া শয়নকক্ষ) আছে। ইয়াৰ উপৰি বীশবাৰীত বন বিভাগৰ এটা পৰিদৰ্শন বঙলা আৰু পৰ্যটন বিভাগৰ এটা পৰ্যটক নিৱাস আছে। উ’দ্যানখনৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰাৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে বনবিভাগৰ হাতী আৰু নাৱৰো বিশেষ ব্যৱস্থা আছে। । উদ্যানখন বছৰৰ অক্টোবৰ মাহৰপৰা এপ্ৰিল মাহলৈকে পৰ্যটকৰ বাবে খোলা থাকে। Manas National Park History in Assamese

কেনেকৈ যাব পাৰি:  গুৱাহাটী আন্তৰ্জাতিক বিমান বন্দৰ ১৪৫ কি: মি: আৰু বৰপেটা ৰোড ৰেলষ্টেছনৰ পৰা ২০ কি: মি: দূৰত্বত মানস অভায়ৰণ্য অৱস্থিত। অটাইতকৈ ওচৰৰ চহৰৰ পৰা পথৰ দূৰত্ব মানসলৈ হ`ব : কোকৰাঝাৰৰ পৰা ১১২ কি: মি:, নলবাৰীৰ পৰা ৬৬ কি: মি:, গুৱাহাটীৰ পৰা ১৩৭ কি: মি:, নগাঁৱৰ পৰা ২৭৪ কি: মি:।

ক`ত থাকিব:

  • মুচা জাংগল ৰিছ`ৰ্ট (যোগাযোগ.: +৯১ ৮৮১১৮৩২২৮৮ ; ইমেইল: musajungleretreat@gmail.com)
  • বাঁহবাৰী লজ (যোগাযোগ.: +৯১ ৯৪৩৫৫৫১২৯৭; ইমেইল: sales@assambengal.in)
  • শিখৰি লজ(যোগাযোগ.:act- দূৰভাষ.: +৯১ ৯৫৭৭৪৬৩৭০০)
  • এম এম ই এছ কটেজ(এম এম ই এছ, ককিলাবাৰী যোগাযোগ- দূৰভাষ.: +৯১ ৮০১১৩১১৯৩৬
  • মানস ম`টেল পৰ্যটক লজ(যোগাযোগ- দূৰভাষ.: + ৯১ ৯৯৫৪৯৫৮৭৯২; ইমেইল: manasmoteleco-society@rediffmail.com)
  • বিৰিণা লজ (যোগাযোগ-দূৰভাষ.: +৯১ ৯৬১৩০৪৯১৪১/৯৪৩৫১২০০৫১; ইমেইল: asthantt@gmail.com)
  • ফ্লৰিকেন কটেজ(যোগাযোগ-দূৰভাষ.: +৯১ ৮৮১২৮৪৪১৫৬/৭৮৯৬৬৪৮৯৪০; ইমেইল: mewssociety@yahoo.com)
  • স্মাইলিং তাস্কাৰ(যোগাযোগ-দূৰভাষ.: +৯১ ৯৪৩৫২০৬২৯৬, ইমেইল: smilingtusker2008@gmail.com)
  • মানস ভিউ জাংগল ৰিজৰ্ট(যোগাযোগ-দূৰভাষ:+৯১ ৯৯৫৭৫১৬১১৬)
  • প্ৰকৃতি নীড় (যোগাযোগ-দূৰভাষ.:+ ৯১ ৯৪৭৬৮৮৫২৭৭)

বন জিৰণি ঘৰ যোগাযোগ:  এইছ কিউ বিট কাৰ্য্যালয়, মানস, ব্যাঘ্ৰ সংৰক্ষণ, দূৰভাষ-+৯১ ০৪৩৫০২২৯২০

আন প্ৰশ্নৰ কাৰণে যোগাযোগ:  ক্ষেত্ৰ সঞ্চালক, মানস ব্যাঘ্ৰ সংৰক্ষিত এলেকা, বৰপেটাৰোড-৭৮১৩১৫, দূৰভাষ (০৩৬৬৬)২৬১৪১৩(কাঃ)২৬০৫৬০(ৰাঃ)+৯১৯৪৩৫১১১১৭২; ই-মেইল-fd.manastp@gmail.com; উপ.ক্ষেত্ৰ সঞ্চালক, মানস ব্যাঘ্ৰ সংৰক্ষিত বন, বৰপেটা ৰোড-৭৮১৩১৫, দূৰভাষ.: +৯১৯৪৩৫১০৫৫৭৯ Website http://worldheritagemanas.com/

দৰ্শনৰ কাৰণে উৎসৃষ্ট ঋতু:  নবেম্বৰৰ পৰা এপ্ৰিললৈ

You can also Read

References

  1.  Successful preservation of India’s Manas Wildlife Sanctuary enables withdrawal from the List of World Heritage in Danger at UNESCO website
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *