November 7, 2024

Malinithan History and Essay in Assamese | মালিনী থান ইতিহাস

Malinithan History and Essay in Assamese

মালিনী থান History of Malinithan in Assamese

মালিনী থান বর্তমান অৰুণাচলত অৱস্থিত। অসমৰ ভৌগােলিক পৰিসীমাৰ ভিতৰত নপৰিলেও ৰাজ্যখনৰ ধর্মীয়-সাংস্কৃতিক পৰিসীমাই এই স্থান আগুৰি আছে। বৰ্তমানৰ ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা প্ৰায় আঠ কিলােমিটাৰ উত্তৰে অৰুণাচলৰ চিয়াং জিলাৰ লিকাবালি মহকুমাত চিয়াং পাহাৰ আৰু ভৈয়ামৰ সীমাত পাহাৰৰ ওপৰত মালিনী থান অৱস্থিত। প্রাচীন কামৰূপৰ সীমাৰ ভিতৰত এই থান অন্তর্ভুক্ত আছিল। সপ্তম শতিকাত ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত প্রাচীন কামৰূপ ৰাজ্যৰ পূৱ সীমাই বৰ্তমানৰ মালিনী থানকে ধৰি ইয়াৰ আশে-পাশে থকা সমগ্র অঞ্চল সামৰি লৈছিল। হিউৱেন-চাঙৰ টোকাত ইয়াৰ উল্লেখ আছে। এই থান কেতিয়া কোন ৰাজবংশৰ দিনত নির্মাণ কৰা হৈছিল ঠাৱৰ কৰা টান যদিও পুৰাতাত্ত্বিক গৱেষকসকলে খ্রীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকা পর্যন্ত প্রাচীন কামৰূপত ৰাজত্ব কৰা পালবংশীয় ৰজাসকলে এই মালিনী থান নির্মাণ কৰে বুলি অনুমান কৰিছে। এটা সময়ত এই মন্দিৰটো ভাগি-ছিগি ধ্বংসস্থূপত পৰিণত হৈছিল।

মালিনী থানৰ এটি মুণ্ডহীন নাৰীমূর্তি
দেশভাৰত
ৰাজ্যঅৰুণাচল প্ৰদেশ (পূৰ্বৰ চুতীয়া ৰাজ্য)
জিলাপশ্চিম ছিয়াং জিলা
এলেকালিকাবালি

স্বাধীনােত্তৰ কালতহে পুৰাতত্ত্ববিভাগে ধ্বংসস্তুপৰ মাজৰ পৰা মূৰ্তিবােৰ উদ্ধাৰ কৰি এই থানখন পুনৰনিৰ্মাণ কৰে আৰু কিছুমান মূর্তি সংগ্রহ কৰি পুৰাতত্ব বিভাগে এটি সংগ্রহালয় নির্মাণ কৰি তাতে ৰখাৰ ব্যৱস্থা কৰে। থানখন থকা পাহাৰটোলৈ উঠা সুউচ্চ খটখটিখনৰ প্ৰতিচলা শিলতেই ফুলাম কারুকার্য কৰা আছে। অৱশ্যে এই খটখটিটো হিচাপতকৈ বেছি থিয়। এই খটখটিয়েদি উঠি গৈ মন্দিৰৰ চৌহদত প্রৱেশ কৰিয়েই এটি শিলৰ ষাড়গৰু (নন্দী)ৰ মূর্তি দেখিবলৈ পােৱা যায়। তাৰ পাছতে WAAROMA দেখা পােৱা যায় থিয় হৈ থকা এটি মুণ্ডহীন নাৰীমূর্তি। আন এটা কাষত এটি ডাঙৰ শিৱলিঙ্গ আৰু তাৰ কিছুদূৰত এটি দেৱী মূর্তি। ওপৰত উল্লেখ কৰা মুণ্ডহীন নাৰীমূর্তিটো সদাশিৱৰ প্রেমাকাঙিক্ষণী এজনী মালিনীৰ পাৰ্বতীৰ কোপত পৰি মূৰ ছিগি পৰা বুলি কথিত জনশ্রুতি এটাৰে নিদর্শন বুলি কোৱা হয়। কিন্তু ড° মহেশ্বৰ নেওগে পবিত্র অসমত এইখন থান কালিকা পুৰাণত উল্লেখ থকা সতীৰ শিৰ পতিত হােৱা কামৰূপৰ পূৱ অঞ্চলৰ পীঠস্থানখনেই বুলি অনুমান কৰিছে।

মন্দিৰটোৰ স্থাপত্য আৰু ভাস্কর্যত গুপ্তযুগৰ স্থাপত্যৰ কিছু প্রভাৱ পৰিলক্ষিত হয়। সপ্তম শতিকাত কামৰূপত ৰাজত্ব কথা বর্মন বংশৰ দিনৰ ভাস্কৰ্যৰ এটা বৈশিষ্ট্য হৈছে যে টান শিলবােৰ টুকুৰা-টুকুৰ কৰি কাটি লােৰ পতিৰে পাছত শিলবােৰক মেৰিয়াই দিয়া হয়। সেয়েহে মালিনী থানৰ স্থাপত্যতাে বর্মন বংশৰ স্থাপত্যৰ কিছু প্রভাৱ পৰা পৰিলক্ষিত হয়। পালবংশৰ আগৰ শালস্তম্ভ বংশৰ স্থাপত্যৰাে কিছু প্ৰভাৱ পৰিছে বুলি প্রত্নতাত্ত্বিকসকলে অনুমান কৰিছে।

এই মালিনী থান নামটো কেনেকৈ হ’ল তাক সঠিককৈ কোৱা টান। কেইটামান জনশ্রুতিৰ ওপৰত ভিত্তি কৰিয়েই এই নাম হ’ল বুলি কোৱা হয়। এটা কিম্বদন্তিমতে থানখনত এটা সময়ত নানাবিধ ফুলেৰে এখনি উপবন আছিল আৰু কেবাগৰাকীও মালিনী ইয়াত নিয়ােজিত হৈছিল৷ ইয়াৰে এগৰাকী মালিনী মহাদেৱ সদাশিৱৰ প্ৰেমত পৰে। অন্তর্যামী পার্বতীয়ে এইকথা জানিব পাৰি ক্রোধান্বিত হৈ পৰে আৰু পার্বতীৰ কোপত মালিনী গৰাকীৰ মুণ্ড ডিঙিৰ পৰা খহি পৰে। এই ঘটনাৰ বাবে পিছত থানখনক মালিনী থান’ নামেৰে অভিহিত কৰা হয় বুলি কোৱা হয় বর্তমানে মন্দিৰ চৌহদত থকা মুণ্ডহীন নাৰীমূর্তিটো সেই মালিনী গৰাকীৰেই বুলি কোনাে কোনােৱে ক’ব খােজে।

শদিয়াৰ কুণ্ডিল ৰাজ্যৰ লগত এই মালিনী থানৰ প্রত্যক্ষ সম্পর্ক আছিল। হৰিবংশ আৰু বিষ্ণুপুৰাণৰ মতে কুণ্ডিলৰ (বর্তমানৰ শদিয়া) ৰজা ভীষ্মকৰ পৰমাসুন্দৰী কন্যা ৰুক্মিণীক দ্বাৰকাৰ শ্ৰীকৃষ্ণই হৰণ কৰি নিয়ে। শিৱ-পার্বতীয়ে এই কথা গম পাই এই থানৰ ঠাইতে এখন পুষ্পবনত তেওঁলােকক আদৰণি জনাবৰ বাবে অপেক্ষা কৰি থাকে। শ্রীকৃষ্ণয়াে পাহাৰৰ ওপৰৰ দিব্য উপবনত হৰ-পার্বতীক দেখি ৰথ ৰখাই তেওঁলােকৰ ওচৰ চাপি আহিল। ফুলনিত মালা গাঁথি থকা পার্বতীক শ্রীকৃষ্ণই মালিনী দেৱী বুলি সম্বােধন কৰিলে। শিৱ-পাৰ্বতীৰ যত্নত কৃষ্ণৰুক্মিণীৰ বিবাহ

কার্যও ইয়াতেই সম্পন্ন হয়। বিবাহ কাৰ্যৰ আগমুহূর্তত দুয়াে বর্তমানে চৌহদটোৰ পৰা পাহাৰলৈ ছশমিটাৰমান আগবাঢ়ি গ’লে পােৱা আকাশীগঙ্গা নামৰ সৰু জলপ্রপাতটোতে স্নান কৰি আহে। এইবাবেই এই পুণ্য তান্ত্রিক পীঠখনৰ নাম ‘মালিনী থান’ নামেৰে অভিহিত হয় বুলি কোনাে কোনােৱে ক’ব খােজে।

উল্লিখিত আকাশী গঙ্গাৰ পৰাই এখন খৰস্রোতা সৰু নৈ ওলাই পাহাৰৰ মাজেদি ভৈয়ামলৈ বৈ আহি প্রথমে গাইনদীত আৰু পিছত কাণীবিলত পৰে। এই আকাশীগঙ্গা জলপ্রপাতটোৰ বিষয়ে ‘কালিকা পুৰাণত এইদৰে উল্লেখ কৰা হৈছে—

যাৱদ্ভূবং গতাে ভর্গঃ সমাদায় সতী শৱম্।

প্রাচ্যে যাজ্ঞিকো দেশস্তাৱদেৱ প্ৰকীত্তিতঃ।।

অন্যে শৰীৰাৱয়বা লৱশঃ খণ্ডিতাঃ সুৰৈঃ।

আকাশম গঙ্গা মগম পৱনেন সমীৰিতাঃ ।।

(কালিকা পুৰাণ/১৮ শ অধ্যায়/৪৫-৪৬)

মন্দিৰ দর্শনার্থীসকলে ‘আকাশী গঙ্গা’ৰ এই পবিত্র জলধাৰা দৰ্শন আৰু স্পর্শ কৰিবৰ বাবে মন্দিৰৰ পৰা প্ৰায় ছশমিটাৰ বাট খােজকাঢ়ি আহে। এই পবিত্র জলধাৰা থকা পর্বতটোৰ নাম ‘ভাৱলা পর্বত’। ইয়াত থকা এটা ওখ ইটাৰ দ’লাে পুৰাতত্ত্ববিভাগে পৰিষ্কাৰ আৰু মেৰামতি কৰি উলিয়াইছে। বিশিষ্ট বুৰঞ্জীবিদ সর্বেশ্বৰ বৰুৱাই ড° মহেশ্বৰ নেওগক দিয়া টোকাত কৈছে যে ভাৱলা পর্বতলৈ উঠি গ’লে হেনাে ৰাই নামে পৰ্বতৰ ওপৰত এখন ওখ সমতল পায়। তাত আমকঁঠালৰ গছ আৰু বনৰীয়া আলুগছ আছে। আকালৰ সময়ত মানুহে নৈয়েদি উজাই গৈ তাত আহাৰ পাই হেনাে ৰক্ষা পৰিব—‘গাইত গব (গাই নৈৰে যাব), ৰাইত ৰ’ব (ৰাই পর্বতত ৰক্ষা পাব)।

‘মালিনী থান’ৰ মূল মন্দিৰৰ উত্তৰে এশফুটমান উচ্চতাত ৰুক্মিণী মন্দিৰ নামৰ এটা সৰু মন্দিৰ আছে। শ্রীকৃষ্ণ আৰু ৰুক্মিণীয়ে হেনাে বিবাহকার্য সম্পন্ন কৰি এই ঠাইকণতে স্বামী-স্ত্রী হিচাপে এৰাতি কটাইছিল। পাছদিনা পুনৰ আকাশী গঙ্গাত স্নান কৰি দ্বাৰকালৈ যাত্ৰা কৰিছিল।

অৰুণাচল প্রদেশৰ (তেতিয়াৰ নেফা) পুৰাতাত্ত্বিক জৰীপ বিভাগে চলােৱা খনন কার্যত তিনিটা মন্দিৰৰ ধ্বংসাৱশেষ উদ্ধাৰ হয়। ইয়াৰে তৃতীয় মন্দিৰটোৰ মূল ভেটিটোৰ চালখন শিলৰ। মালিনী থানৰ মূর্তি, ভাস্কর্য আদিৰ বিষয়ে ভূপেন গগৈয়ে বিস্তৃত বর্ণনা দিছে।

শিৱ লিঙ্গ

মূলতঃ মালিনী থান যে একালত শৈৱপূজাৰেই পীঠ আছিল সেয়া ইতিমধ্যে উদ্ধাৰ হােৱা প্রত্নতাত্ত্বিকসকলৰ বৈশিষ্ট্যই তাৰ ইঙ্গিত বহন কৰে। ইয়াত কার্যতঃ মুঠ তিনিটা শিৱলিঙ্গ উদ্ধাৰ হৈছে। তাৰে এটা লিঙ্গ শিলৰ ব্লকৰ খােৰােঙত খােদিত কৰা আৰু তাৰ কাষতে এটি নাৰী মূর্তিয়ে অঞ্জলি হস্তভঙ্গীৰে লিঙ্গটোৰ ফালে মুখ কৰি আছে। বাকী দুটা শিলৰ ব্লকত সুকীয়া সুকীয়াকৈ আছে—এটাৰ

ওপৰত এটি নাৰী মূর্তিয়ে যােনিমুখ উলিয়াই সঙ্গমৰ বাবে উদ্যত অৱস্থাত আছে। মনকৰিব লগা যে একালত শৈৱ পূজাৰ পীঠ হিচাপে গঢ়ি উঠা মালিনী থানৰ গুৰুত্বলৈ চাই ইয়াত ঘাই শিৱলিঙ্গ এটা আছিল বুলি অনুমান কৰা হৈছে।

নন্দী

মালিনী থানৰ খনন কাৰ্যৰ প্রথম পর্যায়তে শিৱৰ বাহন নন্দীৰ মূর্তি এটা আৱিষ্কৃত হৈছিল। অনুমান কৰা হয় যে মূল মন্দিৰটোৰ দ্বাৰমুখত এই মূর্তিটো সজাই থােৱা হৈছিল।

কাত্যায়নী

মালিনী থানত কাত্যায়নী ৰূপত এটা দেৱীমূর্তি পােৱা গৈছে আৰু বর্তমান মন্দিৰটোত এইটো মূর্তিয়েই মালিনী দেৱী হিচাপে অভিহিত হৈ মূল বিগ্রহ হিচাপে স্থান লাভ কৰিছে। মূৰ্তিটো কিছু ধ্বংসপ্রাপ্ত অৱস্থাতহে পােৱা গৈছে। গ্রেনাইট শিলেৰে নির্মিত এই মূর্তিটোৰ জোখ হ’ল— ওখই ১৪৮ চেন্টিমিটাৰ আৰু প্রস্থই ৭৭ চেন্টিমিটাৰ। দেৱীয়ে সিংহ বাহনৰ ওপৰত ভৰি মেলি বহিছে, ভৰিৰ তলত আছে ম’হৰ কটা মূৰ যাৰ ডিঙি অংশৰ পৰা মহিষাসুৰ দৈত্যৰ আবিৰ্ভাৱ ঘটিছে।

লক্ষ্মী

কাত্যায়নীক বাদ দি মালিনী থানত কোনাে দেৱী মূর্তিকেই অকলশৰীয়াকৈ পােৱা হােৱা নাই। মালিনী থানত একেলগে থকা অৱস্থাত পাচঁটা লক্ষ্মীমূর্তি আৱিষ্কাৰ হৈছে। এটা বালিশিলত কাটি উলিওৱা পাঁচোটো মূর্তিয়েই পদ্মাসনত উপবিষ্ট আৰু তাৰে দুটা মূর্তিৰ হাতত দীঘল ঠাৰিৰে দুপাহ পদুম ফুল আছে। কেউটা মূর্তিয়েই সুসজ্জিত আৰু নাৰীদেহৰ স্বাভাৱিক আংগিকেৰে ভাসমান।

সৰস্বতী

ইয়াত সৰস্বতীৰ মূৰ্তি মাত্র এটাহে পােৱা হৈছে। বালিশিলৰ, ত্রিভঙ্গ ভঙ্গীত থিয় হৈ থকা এই মূর্তিটোৰ জোখ হ’ল ওখই ৫০ চেন্টিমিটাৰ। দুয়ােখন হাতেৰেই বিশেষ ভংগীত এখন বীণা বুকুৰ পােনত ধৰি আছে। ইয়াৰ ওপৰ অংশ কিছু ধ্বংস হৈছে।

সূর্য

বগা গ্রেনাইট শিলৰ সূর্য মূর্তিটো অতিশয় সুসজ্জিত আৰু অলংকৃত। কিন্তু মূৰ অংশটো নাই। জোখ ওখই ১১১ চেণ্টিমিটাৰ আৰু প্রস্থই ৫৩ চেণ্টিমিটাৰ। গাত থকা গহনাবােৰ মধ্যযুগৰ আৰ্হিৰ। শিলৰ পদুম ফুল আৰ্হিৰ পদস্থলত সমভঙ্গ মূর্তিটো থিয় হৈ আছে। পদস্থলত সাতটা ঘোঁৰাই টনা অৱস্থাত এখন ৰথ খােদিত কৰা হৈছে। ৰথৰ সাৰথি হিচাপে আছে অৰুণ। ইয়াৰ উপৰিও মন্দিৰৰ চৌকাঠ শিলত খােদিত কৰা অৱস্থাত সূর্য দেৱতাৰ সৰু মূর্তিটো উদ্ধাৰ হৈছে। সমভঙ্গ ভঙ্গীত থিয় হৈ থকা সূর্যদেৱতাৰ হাতত দীঘল দুটা পদুম ফুল।

গণপতি বা গণেশ

মালিনী থানত নৃত্যৰত আৰু বহি থকা অৱস্থাত কেবাটাও গণেশৰ মূর্তি পােৱা গৈছে। নৃত্যভঙ্গীত থকা মূর্তিটোৰ জোখ হ’ল ওখই ৯৬ চেণ্টিমিটাৰ আৰু প্রস্থই ৪৮ চেণ্টিমিটাৰ। ই গ্রেনাইট শিলৰ। মূর্তিটোৰ হাত চাৰিখন, ওপৰৰ সোঁহাতখনত আছে এটা লাড়ু আৰু তলৰখন হাতত আছে যুদ্ধত ব্যৱহৃত এখন কুঠাৰ। বাঁওফালৰ ওপৰৰখন হাত ধ্বংস হৈছে। তলৰখনত এডাল গদা আছে। ডিঙিত আছে বিভিন্ন মণি-মুকুতা। দেৱতাজনৰ বাহন নিগনিটো সপ্তৰথযুক্ত এখন পদস্থলত উপবিষ্ট। ইয়াৰ উপৰিও শিলৰ ব্লকত খােদিত কৰা অৱস্থাত অন্য এটা নৃত্যৰত গণপতি মূর্তিও আৱিষ্কাৰ হৈছে।

ব্রহ্মা

মালিনী থানত উদ্ধাৰ হােৱা পূর্ণব্রহ্ম দেৱতাৰ মূৰ্তিটো মটিয়াবৰণৰ বালিশিলত কাটি উলিওৱা। জোখ ওখই ৬২ চে ন্টিমিটাৰ আৰু প্ৰস্থই ৩৮ চেন্টিমিটাৰ। মূৰ্তিটোৰ মুখ তিনিখন আৰু ডাঢ়িৰে আবৃত। মূৰত জঁটা মুকুট। শিল কাটি নির্মাণ কৰা বাহন হংসৰ ওপৰত ব্রহ্মা ললিতাসনত উপবিষ্ট। মূর্তিটোৰ হাত আঠখন আছিল। বর্তমান কেইখনমান খহি পৰা অৱস্থাত পােৱা গৈছে।

ইন্দ্র

  মালিনী থানত পােৱা ঐৰাৱত হাতীক বাহন হিচাপে লৈ অৰ্দ্ধ পৰিয়াংকসনত উপবিষ্ট পূর্ণৰূপৰ ইন্দ্ৰদেৱতাৰ মূৰ্তিটোৰ জোখ হ’ল ওখই ৯৬ চেণ্টিমিটাৰ আৰু প্ৰস্থই ৪৭ চেণ্টিমিটাৰ। গ্রেনাইট শিল কাটি নির্মাণ কৰা মূর্তিটোৰ মূৰত কিৰীটি মকুত, কপালত পিন্ধা তিলক স্পষ্ট। মূৰৰ সমান ওপৰলৈ উঠা সোঁহাতখনত এপাত বর্জ।

মালিনীথানত আৱিষ্কৃত এটি নাৰী মূর্তিয়ে যােনিমুখ উলিয়াই সঙ্গমৰ বাবে উদ্যত অৱস্থাত আছে।

কার্তিকেয়

স্বতন্ত্রভাৱে থকা দেৱতা কার্তিকেয়ৰ মূৰ্তিটো গ্রেনাইট শিলৰ পৰা কাটি উলিওৱা। মূর্তিটোৰ জোখ ওখই ৯৪ চেন্টিমিটাৰ আৰু প্রস্থই ৪৮ চেণ্টিমিটাৰ। অর্ধ পৰিয়াংকসনত বাহন ময়ুৰৰ ওপৰত বহি থকা দেৱতা কার্তিকেয়ৰ মূৰ্তিটোৰ সোঁহাত আৰু মুণ্ডাংশ ভাগি পৰা।

ঋষি বা মুনি :

মালিনী থানত কেবাটাও ঋষি বা মুনিৰ মূর্তি উদ্ধাৰ হৈছে। সকলােকেইটা মূর্তিয়েই বালিশিলত কাটি উলিওৱা ভাস্কর্য। অন্যবিলাক মূর্তিৰ তুলনাত মুনিৰ মূর্তিকেইটা সৰু। ইয়াৰ উপৰিও মালিনীথানত হােৱা খনন কার্যত মন্দিৰৰ বিভিন্ন অংশত, শিলত খােদিত কৰা অৱস্থাত অনেক ভাস্কর্য উদ্ধাৰ হৈছে। তাৰ ভিতৰত গন্ধর্ব, অপ্সৰা, সূর্য আদিয়েই প্রধান।

মালিনী থানৰ চৌদিশ মনােৰম প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ। এনে মনােমােহা পৰিৱেশত অৱস্থিত মালিনী থানে শ শ বছৰীয়া সভ্যতাৰ ইঙ্গিতকে বহন কৰিছে।

১. মালিনী থানত আৱিষ্কৃত মূর্তিসমূহৰ বৰ্ণনা ২০০৩ চনৰ ১০ আগষ্ট তাৰিখে দৈনিক অগ্রদূত ‘ত প্রকাশপােৱা ভূপেন গগৈৰ প্ৰৱন্ধৰ পৰা কোনােটোৰ ত্বহ আৰু কোনােটোৰ কিয়দংশ তুলি দিয়া হৈছে।

You can read also

References

  1. I collected from Wikipedia
  2. assam.gov.in

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *