March 8, 2021

Life History of Rabindranath Tagore in Assamese

কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ Rabindranath Tagore

প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ সাহিত্যক বিশ্ব সাহিত্যত চিনাকি কৰাই দিয়া মহান ব্যক্তিগৰাকীয়েই হৈছে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ । নিজৰ কাব্য প্রতিভাৰে আজিৰ পৰা এশবছৰ পূর্বেই বিশ্বৰ সবাতােতকৈ শ্রেষ্ঠ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হ’ল কলকতাৰ ঠাকুৰ পৰিয়ালৰ চতুর্থ সন্তান ৰবীন্দ্রনাথে।

যিসময়ত ব্ৰিটিছেভাৰতবৰ্ষখন শাসন কৰি আছিল, যিসময়ত তেওঁলােকৰ পৰিয়ালে ব্রিটিছৰ আজ্ঞামতে কাম কৰি আছিল, সেই সময়তে ব্রিটিছৰ বিৰুদ্ধেও তেওঁ মহাত্মা গান্ধীৰ লগত সহমত প্ৰকাশ কৰিছিল।

Tagore London
Rabindranath Tagore in 1909
Rabindranath Tagore in 1909
জন্ম৭ মে’১৮৬১
কলিকতা, ব্ৰিটিছ ভাৰত
মৃত্যু৭ আগষ্ট ১৯৪১
[কলিকতা], ব্ৰিটিছ ভাৰত
পেছাকবি, নাট্যকাৰ, দাৰ্শনিক, সংগীত নিৰ্মাতা, চিত্ৰকৰ, গল্পকাৰ
সময়বাংলাৰ পুনৰ্জাগৰণ

সূচনা

কবিতাৰ ঝংকাৰেৰে এদিন বিশ্ববীণাৰ ভঁৰত মুখৰিত হৈ উঠিছিল, ছন্দময় জীৱনৰ গান। সুৰৰ লহৰে লহৰে উচ্ছলিত হৈ উঠিছিল প্ৰাণৰ উচ্ছ্বাস; উচ্ছল অনুভূতিৰ পাৰ ভাঙি ভাঙি বৈ আহিছিল লাস্যময়ী ভাৱ-মন্দাকিনী। সুন্দৰৰ পূজাৰ সেই মধু লগনত এজন শান্ত, সৌম্য, গুৰু-গম্ভীৰ বাণী পূজাৰীয়ে ষােড়শােপচাৰে অর্ঘ্য নিবেদন কৰিছিল বাণী মন্দিৰত অন্তৰৰ আৱেগ ঢালি। ভাৰতীয় প্রজ্ঞা আৰু মনীষাৰ পৰাকাষ্ঠাৰ প্রতিভূ সেইজন আছিল ৰবীন্দ্রনাথ ঠাকুৰ যিজনে স্বীয় প্রতিভাৰে সমগ্ৰ বিশ্বৰ সর্বশ্রেষ্ঠ মনীষীসকলৰ মাজত নিজকে “স্বে মহিম্নি” ৰূপে প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। বহুমুখী প্রতিভাৰ অধিকাৰী এই ঋষিতুল্য পুৰুষজনৰ মৃত্যুঞ্জয়ী গৌৰৱ গাথা আজি বিশ্ব বিনন্দিত। Life History of Rabindranath Tagore in Assamese

বংশ পৰিচয়, জন্ম

কলিকতাৰ জোৰাসাঁকো ঠাকুৰ পৰিয়াল এটা মহিমামণ্ডিত নাম। উনবিংশ শতিকাৰ সাহিত্য ৰচনা বিচিত্রা আৰু সংস্কৃতিৰ পীঠস্থান জোৰাসাঁকো। কাব্য কবিতা, শিল্প-সংস্কৃতিৰ চৰ্চাৰপৰা আৰম্ভ কৰি জাতীয় জাগৃতিৰ উদ্বোধনলৈকে ঠাকুৰ পৰিয়ালৰ অৱদানৰ ইতিহাস ভাৰতীয় সামাজিক  জগতৰ বুৰঞ্জীত চিৰদিন গৌৰৱােজ্জ্বল হৈ ৰ’ব। বিশেষকৈ মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ ঔপনিষদিক সাধনা, প্রাচ্য-পাশ্চাত্য সংস্কৃতিৰ অভূতপূর্ব সমন্বয় আৰু স্বদেশপ্রেমৰ নৱেন্মেষে ঠাকুৰ পৰিয়ালত সৃষ্টি কৰিছিল মহামিলনৰ এক মহান তীর্থ। সেই মহান তীর্থভূমিত মহর্ষি দেবেন্দ্রনাথ ঠাকুৰে ১৮৬১ চনৰ ৬ মে’ তাৰিখে লাভ কৰিছিল এটি দেৱ শিশু যাৰ হাঁহিত উদ্ভাসিত হৈ উঠিছিল অনির্বচনীয় গৰিমাৰ জ্যোতি। সেই শিশুটিয়েই আছিল ৰবীন্দ্রনাথ।

শৈশৱ আৰু শিক্ষা

শৈশৱতে মাতৃহাৰা হােৱা ৰবীন্দ্রনাথে পিতৃৰ অসীম স্নেহ আৰু ভ্ৰাতৃসকলৰ আদৰ-আপ্যায়নৰ মাজত বর্ধিত হৈ মাতৃৰ অভাৱ বৰকৈ অনুভৱ কৰিব নােৱাৰিলেও মাতৃহাৰা শিশুৰ সকলােখিনি শৈশৱ আৰু শিক্ষা কাৰুণ্যই তেওঁৰ জীৱনলৈ আহিছিল। পৰিয়ালৰ উন্নত শিক্ষা-দীক্ষা, পৰিমার্জিত সাংস্কৃতিক চেতনা আৰু দেবেন্দ্রনাথ ঠাকুৰৰ গভীৰ ধর্ম বিশ্বাসে ৰবীন্দ্রনাথক প্ৰৱলভাৱে প্ৰভাৱান্বিত কৰিছিল। তদুপৰি পিতৃৰ লগত নানা ঠাই ভ্ৰমণ কৰি ফুৰি প্ৰকৃতি আৰু ইয়াৰ সৌন্দৰ্যৰ প্রতি প্রৱলভাৱে আকৃষ্ট হােৱা ৰবীন্দ্ৰনাথৰ জীৱনত গভীৰভাৱে পৰিছিল প্রেম, প্রকৃতি, সৌন্দর্য আৰু স্বদেশ প্ৰেমৰ মহান অনুভূতিৰ জ্যোতির্ময় প্রভাৱ।

তেওঁ প্রথমে অৰিয়েণ্টেল ছেমিনাৰীত আৰু তাৰ পাছত নর্মাল স্কুল, বেংগল একাডেমী আৰু ছেণ্ট জেভিয়ার্চ স্কুলত শিক্ষা লাভ কৰে। কিন্তু বিদ্যালয়-জীৱনৰ সীমাবদ্ধতা আৰু নির্দিষ্ট ধৰা বন্ধা পাঠ্যক্ৰমৰ ঠেক গণ্ডীৰ মাজত তেওঁৰ মুক্ত মন আৰু মুক্ত চিন্তাই স্বাধীনতা হেৰুওৱা পিঞ্জৰাবদ্ধ পখীৰ অসহায় বেদনা অনুভৱ কৰিব ধৰিলে। গতিকে দেউতাকে গৃহ-শিক্ষকৰ যােগেদিয়েই তেওঁক নানা বিষয়ৰ শিক্ষা দিয়ায়। তেওঁ পিতৃৰপৰাই সংস্কৃত আৰু ভাৰতীয় দর্শন সাহিত্যৰ আৰু মধ্যম ভ্রাতৃ সত্যেন্দ্রনাথৰপৰা ইংৰাজী সাহিত্যৰ বিশাল ভাণ্ডাৰৰ দি দর্শন লাভ কৰে।

সােতৰ বছৰ বয়সত ৰবীন্দ্রনাথে অধ্যয়নৰ কাৰণে বিলাতলৈ যায়। বিলাতত থকা কালত পাশ্চত্য জীৱন, সাহিত্য-সংস্কৃতিৰ লগত তেওঁৰ নিবিড় পৰিচয় ঘটে। তদুপৰি পাশ্চাত্য সংগীতৰ সুৰৰ ঝংকাৰে তেওঁৰ প্রাণ বীণৰ তাঁৰত তােলে বিপুল মূচ্ছনা।

Rabindranath Tagore Mrinalini Devi 1883
১৮৮৩ চনত পত্নী মৃণালিনী দেবীৰ সৈতে ৰবীন্দ্ৰনাথ

কাব্য চৰ্চা আৰু সাহিত্যিক অৱদান

ৰবীন্দ্রনাথে ন বছৰ বয়সৰপৰাই নিৰৱচ্ছিন্নভাৱে কাব্য চর্চা কৰিবলৈ ধৰে। তেৰ বছৰ বয়সতে তেওঁৰ প্রথম কবিতা “তত্ত্ব বােধিনী”–কাকতত প্রকাশিত হয়। তাৰ পাছৰেপৰা “ভাৰতী”,“সাধনা”— আদি কাকতততা নিত্য নতুন কবিতা প্রকাশিত হ’বলৈ ধৰে আৰু লগে লগে তেওঁৰ কাব্য চর্চা আৰু স্বতঃস্ফূর্ত প্রতিভাই বিকাশৰ পথত দ্রুতগতিৰে আগ বাঢ়ে। ৰবীন্দ্ৰনাথৰ অজস্র সাহিত্যিক অৱদান কাব্যই ছন্দৰ মন্দাকিনী ধাৰা ধৰাৰ বুকুলৈ নমাই আনি অনিন্দ্যসুন্দৰ সুৰৰ ঝংকাৰেৰে ভাৰতীয় কাব্য জগতত হেন্দোলনি তােলে। প্ৰাণৰ আকুল উচ্ছাসেৰে মানুহৰ সুখ-দুখ, হাঁহি-আনন্দ, ব্যথা-বেদনাৰ গভীৰতম অনুভূতিক জীৱন্ত ৰূপত ৰূপায়িত কৰিছে তেওঁৰ বাক্যৰ মাজেদি। বনফুল কাব্যত প্রস্ফুটিত হ’বলৈ আৰম্ভ কৰা কবিতা কুসুমৰাজি সন্ধ্যা সংগীত, প্রভাত সংগীত, ছবি ও গান, কড়ি ও কোমল, ভানু সিংহ ঠাকুৰেৰ পদাৱলী, মানসী, সােণাৰ তৰী আদি কাব্যত বেদনা-বিধুৰ জীৱনৰ ছন্দ মধুৰ গান পুষ্প হৈ তাৰ সৌৰভেৰে জগৎ বিমােহিত মহুয়া, কৰি তােলে। ৰমক-জমক কাব্য-ফুলনিত আকাশ-প্রদীপ, বলাকা, পলাতকা, পূৰৱী, বন বাণী, পৰিশেষ, পুনশ্চ, শেষ সপ্তক, শ্যামলী, নৱজাতক, চানাই, জন্মদিনে, শেষ লেখা আদিৰ সৌৰভ মিশ্ৰিত হৈ সৌন্দর্য আৰু সৌৰভৰ অমৃত নিস্যন্দিনী ছন্দধাৰা সীমাহীন দিগন্তৰ কল্পলােকলৈ গতি। কৰিবলৈ ধৰে অনন্ত জ্যোতিৰে জ্যোতিষ্মন হৈ। কবিৰ মানসপটত বাজি উঠা ছন্দৰ সুৰ হৈ চিত্রা, চৈতালি, কণিকা, কল্পনা, কথা ও কাহিনী, নৈবেদ্য, খেয়া, গীতাঞ্জলি আৰু গীতালীৰ গীতিমালাৰে মানুহৰ হিয়া মন্দিৰত নিবিড় আনন্দৰ উচ্ছল জোৱাৰৰ সৃষ্টি কৰিলে। বাল্মীকি প্রতিভা, শ্যামা, চণ্ডালিকা আদি তেখেতৰ সুকুমাৰ মন-কাননত সৃষ্টি হােৱা অনবদ্য গীতিনৃত্য নাট্য। বাল্মীকি প্রতিভা তেখেতৰ প্ৰাচ্য পাশ্চাত্য সঙ্গীত সাধনাৰ শ্রেষ্ঠতম ফলশ্রুতি।

তেখেতৰ উপন্যাসৰাজিৰ ভিতৰত বৌ-ঠাকুৰাণীৰ হাট, গােৰা, যােগাযােগ, ঘৰে বাইৰে, চতুৰংগ আদি উল্লেখযোেগ্য।

ৰক্ত কৰবী, বিসর্জন, ৰাজা, মালিনী আদি শ্রেষ্ট নাট্য সাহিত্য।

সাহিত্যকৰ্ম

ৰবীন্দ্ৰনাথৰ সকলোতকৈ প্ৰভাৱশালী সাহিত্য হৈছে তেখেতৰ গান আৰু কবিতাবোৰ। চুটিগল্প, প্ৰবন্ধ, ভ্ৰমণকাহিনী আৰু নাটক ৰচনাতো তেখেত সিদ্ধহস্ত আছিল। গান আৰু কবিতাৰ পিছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হ’ল চুটিগল্প। তেখেতক বাংলা ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়। তেখেতৰ ৰচনাৰ ছান্দসিক, আশাবাদী আৰু গীতিধৰ্মী ৰূপে সহজেই সকলোকে আকৰ্ষম কৰে। সাধাৰণ বাঙালীৰ জীৱনধাৰা আছিল তেখেতৰ ৰচনাৰ প্ৰধান উপজীৱ্য।

উপন্যাস

গোৰা
ঘৰে বাইৰে
চতুৰঙ্গ
চাৰ অধ্যায়
চোখেৰ বালি
দুই বোন
শেষেৰ কবিতা
নৌকা ডুবি
প্ৰজাপতিৰ নিৰ্বন্ধ
বউ ঠাকুৰাণীৰ হাট
মালঞ্চ
যোগাযোগ
ৰাজৰ্ষি
from wikipedia

নাটক

ৰবীন্দ্ৰনাথে প্ৰথম প্ৰথম ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ অনূদিত মলিয়েৰৰ বুৰ্জোৱা (Le Bourgeois Gentilhomme) নাটৰ প্ৰধান চৰিত্ৰৰ ৰূপায়ণৰ মাজেৰে আত্মপ্ৰকাশ কৰে। ২০ বছৰ বয়ষত তেওঁ প্ৰথম নাটক “বাল্মিকী” ৰচনা কৰে। ইয়াত ডকাইত ৰত্নাকৰে কেনেকৈ নিজৰ জীৱনদৰ্শন সলনি কৰি বাল্মিকী হৈ ৰামায়ণ ৰচনা কৰে তাক প্ৰতীয়মান কৰা হৈছে। ইয়াত তেওঁ বিভিন্ন নাট্যশৈলী আৰু ভাৱৰ প্ৰকাশ ঘটাইছে, যেনে কীৰ্তনৰ ব্যৱহাৰ, মাতাল গানত ঐতিহ্যবাহী বৃটিচ আৰু আইৰিচ লোকসংগীতৰ সূৰৰ সংকলন।

১৮৯০ চনত ৰবীন্দ্ৰনাথে বিসৰ্জন ৰচনা কৰেন যাক অনেকে তেওঁৰ ৰচিত সৰ্বশ্ৰেষ্ঠ নাটক বুলি বিবেচনা কৰে।তেওঁৰ পাচৰ ফালৰ নাটকবোৰত ৰূপকে বেচি প্ৰাধান্য পাইছে। এনে এখন উল্লেখযোগ্য নাটক “ডাকঘৰ”। ইয়াত এজন সৰু ল’ৰাই নিজৰ দৈনন্দিন জীৱনৰ পৰা মুক্তি বিচাৰে আৰু অৱশেষত “শুই পৰে” (মৃত্যুৰ ৰূপক/প্ৰতীক)। সাৰ্ব জনীন আৱেদনসম্পন্ন “ডাকঘৰ”ৰ গল্পই ইউৰোপত যথেষ্ট সঁহাৰি পাইছিল। ৰবীন্দ্ৰনাথৰ ভাষাত ল’ৰাটোৰ শুই পৰাৰ ৰূপকটোৱে “শুই পৰা” ৰূপকটোৱে “জাগতিক স্তুপীকৃত সম্পদ আৰু প্ৰচলিত বিশ্বাস”ৰ পৰা “আধ্যাত্মিক মুক্তি” সূচাইছে। আন এখন উল্লেখযোগ্য নাট “চন্দালিকা” এটা প্ৰাচীন বৌদ্ধ কিংবদন্তী লৈ গঢ়ি উঠিছে। ইয়াত গৌতম বুদ্ধৰ শিষ্য আনন্দই এগৰাকী আদিবাসী ছোৱালীৰ পৰা পানী খুজি খোৱাৰ কথা বৰ্নোৱা হৈছে। ৰবীন্দ্ৰনাথৰ বিখ্যাত নাটক “ৰক্তকৰবী”ত এজন লোভী ৰজাৰ কথা কোৱা হৈছে। ধনৰ লোভত তেওঁ প্ৰজাসকলক খনিত কাম কৰিবলৈ বাধ্য কৰে। নায়িকা নন্দিনীয়ে প্ৰজাসকলক একগোট কৰে আৰু এই অত্যাচাৰৰ অন্ত ঘটায়। তেওঁৰ অন্যান্য উল্লেখযোগ্য নাটক হৈছে “চিত্ৰাংগদা”, “ৰাজা”, মায়াৰ খেলা আদি। ৰবীন্দ্ৰনাথৰ নৃত্যপ্ৰধান নাটসমূহক “ৰবীন্দ্ৰ নৃত্যনাট্য” বুলি জনা যায়। তেখেতে ৰচনা কৰা

নাটকসমূহ হ’ল-

Autumn-Festival
Chitra
Malini
Red Oleanders
Sacrifice
Sanyasi or the Ascetic
The Gardener
The King and the Queen The Trial
The Waterfall
অচলায়তন
অৰূপৰতন
ঋণশোধ
কালমৃগয়া
কালেৰ যাত্ৰা
কাহিনী গুৰু
গৃহপ্ৰবেশ
গোড়ায় গলদ
চণ্ডালিকা
চিত্ৰাঙ্গদা
চিৰকুমাৰ-সভা
ডাকঘৰ
তপতী
তাসেৰ দেশ
নটৰাজ নটীৰ পূজা
নৃত্যনাট্য চণ্ডালিকা
নৃত্যনাট্য চিত্ৰাঙ্গদা
নৃত্যনাট্য মায়াৰ খেলা
নবীন
নলিনী
প্ৰকৃতিৰ প্ৰতিশোধ
প্ৰায়শ্চিত্ত
পৰিত্ৰাণ
পৰিশোধ
ফাল্গুনী
ব্যঙ্গকৌতুক
বসন্ত
বাল্মীকিপ্ৰতিভা
বাঁশৰি
বিদায়-অভিশাপ
বিসৰ্জন বিসৰ্জন সংক্ষিপ্ত
বৈকুণ্ঠেৰ খাতা
ভগ্নহৃদয়
মুকুট
মুক্তধাৰা
মুক্তিৰ উপায়
মায়াৰ খেলা
মালঞ্চ
মালিনী
যোগাযোগ
ৰক্তকৰবী
ৰুদ্ৰচণ্ড
ৰাজা
ৰাজা ও ৰানী
শ্যামা
শ্ৰাৱণগাথা
শাপমোচন
শাৰদোৎসব
শেষ বৰ্ষণ
শেষৰক্ষা
শোধবোধ
সুন্দৰ
হাস্যকৌতুক
from wikipedia

গল্প সংকলন

English Stories
তিনসংগী
গল্পগুচ্ছ
গল্প-চল্প
লিপিকা
অন্যান্য
from wikipedia

নোবেল বটাঁ লাভ

মানৱ জীৱনৰ বিভিন্ন সমস্যা, ঘটনা, পৰিৱেশ আদিক লৈ ৰচিত তেখেতৰ গল্পসমূহ গল্প-গুচ্ছ নামেৰে কেইবা খণ্ডতে প্রকাশিত হৈছে। জীৱন-স্মৃতি তেখেতৰ আত্মজীৱনীমূলক গ্রন্থ। এই গ্ৰন্থত নােবেল বঁটা লাভ তেখেতৰ জীৱন-দর্শন বর্ণিত হৈছে। সাহিত্য জগতৰ এনে এটি দিশ নাই, যত ৰবীন্দ্ৰনাথৰ সুনিপুণ হাতৰ পৰশ পৰা নাই। ৰবীন্দ্রনাথ দার্শনিক আৰু আধ্যাত্মিক প্রতিভাৰ শ্রেষ্ঠতম নিদর্শন গীতাঞ্জলি। গীতাঞ্জলিৰ ইংৰাজী সংস্কৰণে তেওঁক বিশ্বৰ শ্ৰেষ্ঠ কবি ৰূপে প্রতিষ্ঠিত কৰে আৰু তাৰ বাবেই তেওঁ ১৯১৩ চনত সাহিত্যৰ নােবেল বঁটা লাভ কৰে। Life History of Rabindranath Tagore in Assamese

ৰবীন্দ্ৰ সন্দ্বীত

প্রাচ্য আৰু পাশ্চত্যৰ সংগীত সাধনাই ৰবীন্দ্রনাথক শ্রেষ্ঠ সংগীতজ্ঞ ৰূপেও প্রতিষ্ঠা কৰে। ৰবীন্দ্ৰ সন্দ্বীত তেওঁৰ স্বৰচিত গীতসমূহত নিজেই সুৰ সংযােজনা কৰি এক অভিনৱ ঐতিহ্যৰ সৃষ্টি কৰে আৰু সেয়ে ৰবীন্দ্রসংগীত ৰূপে অভিহিত হয়।

অভিনেতা ৰবীন্দ্ৰনাথ

আবৃত্তি আৰু অভিনয়তাে তেওঁৰ প্রতিভা আছিল বিচক্ষণ। স্বৰচিত নাটকত বিশিষ্ট ভূমিকাত অভিনেতা অৱতীৰ্ণ হৈ চমকপ্রদ অভিনয়েৰে মঞ্চ জগতত নৱ-আলােড়ন সৃষ্টি কৰিছিল। ৰবীন্দ্রনাথ বিশেষকৈ বাল্মীকি প্রতিভা’ নাটকত নাম ভূমিকাত আৰু ‘কাল মৃগয়া’ নাটকত অন্ধমুনিৰ ভাওত অৱতীৰ্ণ হৈব্বীন্দ্রনাথে নাট্য-প্রতিভাৰ যি দক্ষতা প্রদর্শন কৰিছিল তাৰ তুলনা পাবলৈ টান।

Gandhi Shantiniketan 1940
শান্তিনিকেতনত গান্ধীৰ ভ্ৰমণ। ৰবীন্দ্ৰনাথৰ স’তে মহাত্মা গান্ধী আৰু তেওঁৰ পত্নী কস্তুৰবা গান্ধী, ১৯৪০।

স্বদেশ প্রেমিক ৰবীন্দ্রনাথ

ৰবীন্দ্রনাথ যে কেৱল কালজয়ী কবি, সাহিত্যিক, নাট্যকাৰ আৰু শিল্পীয়েই আছিল, এনে নহয়, তেওঁ হাড়ে-হিমজুৱে স্বদেশ প্রেমিক। ১৯০৫ চনৰ বংগভংগ আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰা স্বদেশ প্রেমিক নাছিল যদিও কবিতা, প্রবন্ধ আৰু সংগীতৰ যােগেদিয়ে স্বদেশ প্ৰেমৰ অনুপ্ৰেৰণাৰে ৰবীন্দ্রনাথ দেশবাসীক উদ্বুদ্ধ কৰি তুলিছিল। অপূর্ব কাব্য সাধনাৰে দেশবাসীৰ স্বাধীনতাৰ আকাঙ্ক্ষাকে তেওঁ জীৱন্ত ৰূপ প্ৰদান কৰিছিল। ১৯১৭ চনৰ জালিয়ানৱালাবাগত স্বাধীনতাকামী ভাৰতীয়ৰ বুকুত গুলী বহুৱাই নৃশংস হত্যাকাণ্ডৰ সৃষ্টি কৰি ইংৰাজ চৰকাৰে যি বৰ্বৰ দমননীতি প্রদর্শন কৰিছিল, তাৰ প্ৰতিবাদত ৰবীন্দ্রনাথে “নাইট” উপাধি পৰিত্যাগ কৰি দেশপ্রেমিকতাৰ চৰম নিদর্শন প্রদর্শন কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “জনগণ মন অধিনায়ক”ৰবীন্দ্ৰনাথৰ দেশ-প্ৰেমৰ আন এক শ্রেষ্ঠ নিদর্শন। এই গৰাকী সংবেদনশীল কবি অতিশয় সমাজসচেতন আছিল আৰু য’তেই অন্যায়, অবিচাৰ শােষণ আদি দেখিছিল, তাতেই তেওঁ নির্ভীকভাৱে তাৰ বিৰুদ্ধে থিয় দিছিল।  

বিশ্ব ভ্ৰমণ

ৰবীন্দ্রনাথ চীন, জাপান, ইন্দোনেছিয়া, ৰাছিয়া, পাৰস্য, ইউৰােপ, আমেৰিকা আদি দেশ ভ্রমণ কৰি ভাৰতৰ মর্যাদ বৃদ্ধি কৰিছিল। বিশ্বৰ দেশসমূহে তেওঁৰ প্ৰতি প্রদর্শন কৰা শ্রদ্ধাই ভাৰতৰ গৰিমাকে উজ্জ্বল কৰি তােলে।

Tagore
১৯২৪ খ্ৰীষ্টাব্দত চীংহুৱা বিশ্ববিদ্যালয়ত চৈনিক শিক্ষাবিদসকলৰ সৈতে ঠাকুৰ; সোঁফালৰপৰা মাজত।
from wikipedia

সংগঠনমূলক কাম

এই গৰাকী বিশ্বৰ শ্রেষ্ঠ কবি প্রাচীন ভাৰতীয় শিক্ষাদৰ্শনৰ প্রতিভূ। মুক্ত আকাশৰ তলত, মুক্ত প্রকৃতিৰ উদাৰ পৰিৱেশত, অনুকূল মানসিক প্রবৃত্তিৰ বিকাশ সাধনাৰ যােগে লাভ কৰা শিক্ষাই, মানৱ জীৱন সর্বাংগসুন্দৰ কৰি গঢ়ি তােলাৰ একমাত্র উপায় বুলি কবিয়ে বিশ্বাস কৰে। বিদ্যালয়ৰ সংগঠনমূলক কাম সীমাবদ্ধতাৰ মাজত বাধ্যতামূলকভাৱে জাপি দিয়া শিক্ষাই শিশুৰ প্ৰবৃত্তিসমূহৰ

Tagore Gandhi
১৯৪০ চনত শান্তিনিকেতনত মহাত্মা গান্ধীৰ সৈতে সাক্ষাৎৰত ৰবীন্দ্ৰনাথ।
from wikipedia

পূর্ণ বিকাশ সাধন কৰিব নামৰ ঠাইত শান্ত, নির্জন প্রাকৃতিক পৰিৱেশত প্রতিষ্ঠা কৰে “শান্তিনিকেতন”নামৰ আদর্শ বিদ্যালয়। কালক্ৰমত সিয়ে ‘বিশ্বভাৰতী’ নামে খ্যাত বিশ্ববিদ্যালয়ত পৰিণত হয়। তাৰ ওচৰতে দেশীয় কৃষি আৰু শিল্পৰ উৎকর্ষ সাধনৰ কাৰণে “শ্রীনিকেতন”নামৰ এটি প্রতিষ্ঠান স্থাপন কৰে। এই দুটি অনুষ্ঠান কবি গৰাকীৰ সাধনা, আদর্শ আৰু জীৱন দৰ্শনৰ মূর্ত প্রতীক।বীন্দ্রনাথে নােবেল বঁটাৰ এক লাখতকৈও অধিক টকাৰ সমস্তখিনি শান্তি নিকেতনৰ উন্নয়নৰ বাবেই ব্যয় কৰিছিল।

সামৰণি

সত্য আৰু সুন্দৰৰ সাধক ৰবীন্দ্রনাথ আছিল প্রকৃতি আৰু মানৱপ্রেমী। “সুন্দৰৰ আৰাধনা জীৱনৰ খেল” এয়ে আছিল তেওঁৰ সংগীতৰ মর্মবাণী। “সত্যম্ শিবম্ সুন্দৰম”- এয়া আছিল সামৰণি তেওঁৰ দৰ্শনৰ মর্মবাণী। চিৰ সুন্দৰৰ অসীম সুন্দৰ প্ৰকৃতিৰ বুকুৰ ৰূপৰস-গন্ধ স্পৰ্শৰ মােহময়ী আকর্ষণ, সুখ-দুখ, ব্যথা-বেদনা, বিৰহ-মিলন, দয়া-ক্ষমা, কৰুণা, প্রেম-প্রীতিৰ মধুৰ বান্ধোন ছিন্ন কৰি, কেঁচা মাটিৰ চিত্তাকর্ষী গন্ধৰ টান এৰি থৈ কবিয়ে কোনাে দিনেই আঁতৰি যাব খােজা নাই। সেয়েহে আৱেগত কবিয়ে গাইছে

মৰিতে চাহি না আমি সুন্দৰ ভুবনে,

মানবেৰ মাঝে আমি বাঁচিবাৰে চাই।”

 সুন্দৰৰ সাধনাৰ সুবিমল মন্দিৰত কবিয়ে সদায় দেখিছিল বিশ্ব মানৱৰ সেৱাৰ মংগলময় থলী। সবাৰ ওপৰে মনুস্ব, তাহাৰ ওপৰে সত্য নাই।”— এই মর্মবাণী কবিয়ে মর্মে মর্মে উপলব্ধি কৰিছিল। সেই বাবে কবিয়ে গভীৰ আৱেগ আৰু অনুভূতিৰে কৈছে

“মানুষেৰ আধিকাৰে বঞ্চিত কৰেছ যাৰে,

সন্মুখে দাঁড়ায়ে ৰেখে তবু কোলে দাও নাই স্থান;

মানুষেৰ পৰশেৰে প্রতিদিন ঠেকাইয়া দূৰে

ঘৃণা কৰিয়াছ তুমি মানুষেৰ প্রাণেৰ ঠাকুৰে

বিধাতাৰ ৰুদ্ৰৰােষে দুর্ভিক্ষেৰ দ্বাৰে বসে।

ভাগ কৰে খেতে হবে সকলেৰ সাথে অন্ন পান

অপমানে হতে হবে তাহাদেৰ সবাৰ সমান।”

এই সুন্দৰৰ সাধক, মানৱপ্রেমী, দার্শনিক কবি মহা মনীষীগৰাকী ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে পৰপাৰলৈ গমন কৰে; কেৱল বংগৰ নহয়, ভাৰতৰ নহয়, বিশ্বৰ এই মনীষীগৰাকীয়ে বিশ্ব-মানৱৰ হৃদয় সুকুমাৰ অনুভূতিৰে উদ্বুদ্ধ কৰি মানৱ সমাজক সুন্দৰৰ পৰা সুন্দৰতৰলৈ, খণ্ডতাৰপৰা পূর্ণতালৈ, অন্ধকাৰৰপৰা পােহৰলৈ, মৃত্যুৰপৰা অমৃতলােকলৈ, অনিত্যতাৰপৰা চিন্তনলৈ গতি কৰাৰ জ্যোতির্ময় পথ প্রদর্শন কৰি গৈছে। ৰবীন্দ্ৰ জ্যোতিৰ মাধুৰ্যৰে মাৱন-সমাজ মাধুৰিমাময় হৈ উঠক।

  1. Rosona Bichitra by Dhormo Shing Deka
  2. Nobel Bata Bijaye Bharatiya by Bipul Kr. Dihinga
  3. Frenz, H. (editor) (1969), Rabindranath Tagore—Biography, Nobel Foundation, r কৰা হৈছে: 2009-11-26
  4. Robinson, A., “Rabindranath Tagore”, Encyclopædia Britannica, r কৰা হৈছে: 2009-11-26
  5. Abhijit Sarma Baruah …..
  6. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *