April 14, 2024

Lakshmi Puja Festival History in Assamese | লক্ষ্মী পূজাৰ ইতিসাহ

Lakshmi Puja Festival History in Assamese

ভাৰতীয় ধর্মীয় পৰম্পৰাত ঐশ্বর্য-বিভূতি, সৌন্দর্য আৰু উৰ্বৰতাৰ অধিষ্ঠাত্রী দেৱীৰূপে লক্ষ্মীক অর্চনা কৰা হয়। শাৰদীয় দুর্গা পূজাৰ পাছৰটো পূর্ণিমা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পুৰাণত বর্ণিত মতে, লক্ষ্মী দেৱী সমুদ্র মন্থনত আৱিৰ্ভাৱ হৈছিল। প্ৰতিগৰাকী গৃহস্থী নাৰীৰ আৰাধ্যা দেৱী লক্ষ্মীৰ ধ্যানমন্ত্ৰত থকা দেৱী গৰাকীৰ ৰূপৰ বৰ্ণনা এনেধৰণৰ দেৱীৰ দক্ষিণে পাশ আৰু জপমালা, বাঁওফালে অংকুশ আৰু পদ্ম। তেওঁ পদ্মাসনত উপৱিষ্টা, ত্রিভুৱনৰ মাতা, গৌৰবর্ণা, সুৰূপা, সর্বালংকাৰ ভূষিতা। তেওঁৰ বাঁহাতত স্বর্ণপদ্ম আৰু দক্ষিণ হাত বৰদা মুদ্ৰা ৰক্ত।

Lakshmi Puja Festival History in Assamese | লক্ষ্মী পূজাৰ ইতিসাহ
Lakshmi Puja Festival History in Assamese | লক্ষ্মী পূজাৰ ইতিসাহ
পালন কৰেহিন্দু ধৰ্মাৱলম্বী সকল
প্ৰকাৰহিন্দু
তাৰিখকাৰ্তিক অমাৱস্যা
শাৰদীয় পূৰ্ণিমা (পূব ভাৰত)
উদযাপনপূজা, প্ৰাৰ্থনা, মিঠাই-উপহাৰ বিতৰণ, আতচবাজী
সম্পৰ্কিতদেৱালী
কালী পূজা
সংঘটনবাৰ্ষিক

অসমৰ উজনি আৰু নামনি উভয়তে লক্ষ্মী পূজা উদ্যাপিত হয়। লক্ষ্মী পূর্ণিমাত দেৱী মূর্তি প্রতিষ্ঠা কৰি শাস্ত্রীয় নিয়মেৰে লক্ষ্মী পূজা কৰা হয় যদিও কোনাে কোনাে ঠাইত লৌকিক ৰূপত মূর্তি পূজা নকৰাকৈ থাপনা পাতি, নামপ্রসংগ কৰি লখিমী সবাহ অনুষ্ঠিত কৰা হয়। কিছুমান লােকে লক্ষ্মী পূজা আৰু লখিমী সবাহ একে নহয় বুলি ক’ব খােজে। কিন্তু দুয়ােটা ধর্মীয় অনুষ্ঠানৰে লক্ষ্মী দেৱীৰ সৈতে পােনপটীয়া সম্পর্ক আছে।

লক্ষ্মী পূজাৰ নৈৱেদ্যৰূপে মাহ-প্ৰসাদ, পায়স আদি আগবঢ়োৱা হয়। দৰঙৰ । লক্ষ্মী পূজাত পঠা ছাগলী বা পাৰ বলি দিয়াৰ কথা জনা যায় ঠাই-বিশেষে লক্ষ্মী পূজাৰ দিনা নানা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হয়। নামনি অসমত পূজাৰ শেষত খুলীয়া ভাউৰা, ওজাপালি, নাগাৰা নাম, যাত্রা দলৰ নাটক আদি পৰিৱেশন কৰে। অসমৰ জনজাতীয় লােকসকলেও লক্ষ্মী পূজাৰ আৰ্হিত স্বকীয়ভাৱে পূজা অনুষ্ঠান পালন কৰে।

You can read also

References

  1. I collected from Wikipedia
  2. assam.gov.in
  3. sentinelassam.com

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *