December 2, 2022

History of Kherai Festival in Assamese | খেৰাই উৎসৱৰ ইতিহাস

বড়োসকলৰ জাতীয় উৎসৱ

বড়োসকলৰ জাতীয় জীৱনক তুলি ধৰা প্ৰধান উৎসৱটো হ’ল ‘খেৰাই উৎসৱ’। ‘খেৰাই’ শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ‘হাঠু খেৰাইনা ৰাইছং’ অৰ্থাৎ আঁঠু কাঢ়ি দেৱতাৰ নাম লোৱা বা প্ৰাৰ্থনা কৰা। খেৰাই উৎসৱ বড়োসকলৰ বাবে একপ্ৰকাৰৰ শিৱ-পূজা। মূলত তিনিটা উদ্দেশ্যত বড়োসকলে খেৰাই পূজা পালন কৰে। (ক) আহুখেতি আৰু বৰ্ষাকালৰ খেতি-বাতিৰ মংগলৰ কাৰণে আহাৰ বা শাওন মাহৰ কোনো এটা অন্ধকাৰ ৰাতি খেৰাই পূজা পালন কৰা হয়। (খ) শালিখেতিৰ মংগলৰ কাৰণে কাতিমাহৰ কোনো অন্ধকাৰ ৰাতি খেৰাই পূজা পালন কৰা হয়। (গ) পৰিয়ালত অসুখ-অশান্তি নাইবা বেমাৰ-আজাৰে দেখা দিলেও খেৰাই পূজা পালন কৰা হয়। খেৰাই পূজাৰ উদ্দেশ্যৰ ভিন্নতা থাকিলেও পূজা-পালনৰ নীতি-নিয়মসমূহ মূলতঃ একে।

পৰিয়ালৰ অসুখ-অশান্তি নাইবা বেমাৰ-আজাৰ নিৰ্মূলৰ কাৰণে পালন কৰা খেৰাই পূজা সংশ্লিষ্ট মানুহঘৰৰ সমীপতেই পালন কৰা হয়। অন্যহাতে খেতি-বাতিৰ মংগল কামনাৰে পালন কৰা খেৰাই পূজা ৰাজহুৱা স্থানত ৰাজহুৱাভাৱে পালন কৰা হয়। খেৰাই পূজা উদযাপন কৰিবলৈ লোৱা ঠাই টুকুৰাত এটা নিৰ্দিষ্ট জোখৰ মাটিৰে ঢাপ তৈয়াৰ কৰা হয়। এই মূল ঢাপটোক আগুৰি বাঁহৰ কামীৰে এটা ঘেৰ দিয়া হয়। খেৰাই পূজাৰ এই বেদী সম্পূর্ণ নোহোৱা পর্যন্ত তেওঁলোকে নিজৰ লোকবিশ্বাস অনুসৰি খাম (দীঘৰ ঢোল), চিফু (বাঁহী) আদি বাদ্য বজাই জাগৰণ মন্ত্ৰ গায়। ইয়াৰ জৰিয়তে বড়োসকলৰ দ্বাৰা পূজ্য সকলো দেৱ-দেৱীক পূজা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এই মাংগলিক পৰ্বৰ পাছতেই খেৰাই পূজা আৰম্ভ হয়। তেওঁলোকে নিৰ্মাণ কৰা এই বেদীতেই প্ৰতিগৰাকী দেৱ-দেৱীৰ বাবে আসন তৈয়াৰ কৰা হয়। ইয়াৰে মূল আসনখন হ’ল তেওঁলোকৰ মূল আৰাধ্য দেৱতা বাথৌ মহাৰাজ বা শিৱ। পৰম্পৰাগত ৰীতিমতে এই পূজাৰ পূজাৰীজনে উপাস্য প্ৰতিগৰাকী দেৱ-দেৱীলৈ গাহৰি, কুকুৰা, ছাগলী, কণী, পাৰ, কল-নাৰিকল, তামোল-পাণ, চাউল, মদ আদিৰে পূজা আগবঢ়ায়। জীৱ-জন্তু বলি দিয়াৰ পৰম্পৰাও এই পূজাৰ লগত জড়িত।

এই পূজা চলি থকাৰ সময়ত বড়োসকলৰ পৰম্পৰাগত নৃত্য-গীতেৰে গোটেই পৰিৱেশটো উৎসৱমুখৰ কৰি ৰখা হয়। ভক্তি আৰু আনন্দৰ সমাহাৰেৰে পালন কৰা এই উৎসৱত মদ আৰু মাংসৰে ভোজ-ভাত খাই গাঁওবাসীয়ে আনন্দ কৰে। এই খেৰাই পূজাতে বড়োসকলে লক্ষ্মীদেৱীকো আৰাধনা কৰে, যাতে তেওঁলোকৰ লগত লক্ষ্মীদেৱী সুখে-দুখে থাকে। ইয়াতেই দেওধ্বনিয়ে লক্ষ্মীদেৱীৰ ৰূপত আত্মপ্ৰকাশ কৰি গঞা ৰাইজক আশ্বাস দিয়ে। সেই আশ্বাস পাই গাঁওবাসী আনন্দিত হয়। এনে আনন্দৰ মাজেৰেই অন্ত পৰে বড়োসকলৰ জাতীয় উৎসৱ খেৰাই পূজা।

এনেদৰেই অতীজৰে পৰা লোক-বিশ্বাস আৰু ধৰ্মীয় পৰম্পৰাৰে বড়োসকলে খেৰাই পূজা উদযাপন কৰি আহিছে। পূৰ্বৰ দৰে অৱশ্যে বলিবিধানৰ পৰম্পৰাবোৰ সময়ৰ পৰিৱৰ্তনৰ লগে-লগে কমি আহিল। এই পূজাই বড়ো জাতিৰ একতা আৰু সমন্বয়ৰ এনাজৰীডালো সুদৃঢ় কৰি ৰাখে। খেৰাই পূজাক বড়োসকলৰ আটাইতকৈ শ্ৰেষ্ঠ পূজা হিচাপে বিবেচনা কৰা হয়। প্রজনন আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে পালন কৰা এই পূজাৰ মূল বেদীক ‘বাথৌসালি’ বুলি কোৱা হয়। ইয়াত সিজুগছ আৰু তুলসী গছৰ ব্যৱহাৰ আছে। পূজা দিয়াৰ

প্ৰণালীৰ কথা আলোচনা কৰিবলৈ গৈ লিখা হৈছে এনেদৰে— “খেৰাই পূজা দুইধৰণে কৰা হয়। দৌদিনৰ সহায়ত আৰু দৌদিনৰ সহায় নোলোৱাকৈ ৷ আকৌ দৌদিনৰ সহায়ত কৰা খেৰাই দুই ধৰণে কৰা হয়। এবিধ হ’ল বলি-বিধান দি কৰা আৰু আনবিধ কেৱল ফুল-প্ৰসাদৰ দ্বাৰা ৷

প্রথমতে বাথৌসালিত এগছি ‘গাসা’ জ্বলাই খাম-সিফুং-জথাৰ সহায়ত কবিৰাজে মন্ত্ৰ মাতি দৌদিনৰ গাত দেৱত্ব লম্ভায়। দৌদিনৰ গাত দেৱতা নলম্ভালৈ বাদ্যযন্ত্ৰৰ সহায়ত কবিৰাজৰ মন্ত্ৰ গোৱা চলি থাকে। দেৱতা লম্ভাৰ পাছত বাথৌসালিত পূজা দিয়া হয়। বাদ্যৰ তালে তালে নাচি পুৱতি নিশা পূজাৰ সামৰণি মাৰে। ওঠৰতা পৰ্বৰ নৃত্যত ওঠৰজন দেৱতাৰ কাৰ্যক দেখুৱাই নৃত্য কৰা হয়। অতি সাম্প্ৰতিক কালত দৌদিন, কবিৰাজ নোহোৱাকৈও পূজা দিয়া দেখা গৈছে। বর্তমান বড়ো সমাজত তিনিধৰণে খেৰাই পূজা সম্পন্ন কৰা হয়—

(ক) পুৰণি ৰীতি-নীতিৰে বাদ্যৰে তালত দৌদিনৰ সহায়ত নাচি-বাগি বলি-বিধান দি কৰা হয়।

(খ) দৌদিনৰ সহায়ত খাম-জথা-চিফুং বজাই নাচি নাচি ফুল-প্ৰসাদেৰে কৰা পূজা দেখা যায়।

(গ) কেৱল দেউৰীৰ সহায়ত কৰা পূজা। ইয়াত নৃত্য আৰু পূজাৰ মাজত সম্বন্ধ নাথাকে। মাথোঁ খেৰায়সালিৰ চাৰিওফালে মঞ্চত নৃত্য প্ৰদৰ্শন কৰাৰ দৰে নাচি থাকে।”

খেৰাই পূজাৰ মূল উপাস্য দেৱতা হ’ল বাথৌ বাৰাই বা শিব্ৰায়। পাৰ চৰাই, ছাগলী, গাহৰি আদি এই পূজাত বলি দিয়া হয়। খাম আৰু চিফুঙৰ মৃদু সংগীতৰ গুঞ্জন, আৱাহনী মন্ত্ৰ আৰু দেওধ্বনিৰ নৃত্যই খেৰাই পূজাক আকর্ষণীয় কৰি তোলে। বাথৌ বেদীত সিজু গছৰ ডাল আৰু তুলসীৰ ডালৰ আগত সৃষ্টিৰ প্ৰতীকৰূপে ঘূৰণীয়া শিল এচটাৰ ওপৰত কণী এটা ৰখা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *