July 27, 2024

Kakaijana Abhayarana in Assamese। কাকৈজানা অভয়াৰণ্যৰ ইতিহাস

Kakaijana Abhayarana in Assamese

কাকৈজানা অভয়াৰণ্য History of Kakaijana Wildlife Sanctuary in Assamese

অভয়াৰণ্যখন সােণালী বান্দৰৰ বাবে বিখ্যাত।

বঙাইগাঁও জিলাৰ বঙাইগাঁও নগৰৰ পৰা ১৫ কিলােমিটাৰ দূৰত্বত অৱস্থিত কাকৈজানা অভয়াৰণ্য। বনাঞ্চলখনে প্রায় ২০০০ হেক্টর ভূমি আগুৰি আছে। ১৯৬৬ চনৰ ২৯ এপ্রিলত এক চৰকাৰী জাননীৰ জৰিয়তে কাকৈজানাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষণা কৰা হয়। Kakaijana Abhayarana in Assamese

আপুৰুগীয়া বন্যপ্রাণী, মূল্যবান গছ-গছনি আদিৰে পৰিপূৰ্ণ বনাঞ্চলখনক পর্যটকৰ আকৰ্ষণৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু অধিক উন্নত কৰিবলৈ অৰণ্যক’, ‘আত্মা’আদি স্বেচ্ছাসেৱী সংগঠনে কাকৈজানা বচাও’ শ্ল’গানেৰে এক পৰিৱেশ আন্দোলনৰ সূচনা কৰে। প্রায় কুৰিতকৈ অধিক গাঁৱক সামৰি আৰু কাকৈজানাৰ, পার্শ্বৱর্তী অঞ্চলসমূহক এক কৰি তেওঁলােকে কাকৈজানা সংৰক্ষিত বনাঞ্চলক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘােষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আৱেদন জনায়। ৰাইজৰ দাবীৰ প্রতি সঁহাৰি জনাই ১৯৯৮ চনত কোকৰাঝাৰ জিলাৰ বন্যপ্রাণী অধীক্ষকৰ পৰামর্শমর্মে তদানীন্তন আই উপত্যকা বন সংমণ্ডল বিষয়া খনীন্দ্রনাথ বর্মনে অসমৰ মুখ্য বনসংৰক্ষকৰ ওচৰত কাকৈজানা সংৰক্ষিত বনাঞ্চলক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘােষণা কৰিবলৈ এক

প্রকল্প প্রস্তাৱ দাখিল কৰে। এই প্রকল্প প্রস্তাৱৰ প্রতি সন্মতি জনাই মুখ্য বনসংৰক্ষকে কাকৈজানা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘােষণা কৰিবলৈ যাৱতীয় নির্দেশ জাৰি কৰে।

চাৰিসীমা

বনাঞ্চলখনৰ উত্তৰে ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ। পূব দিশত আছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ, দক্ষিণে উত্তৰ শালমৰা আৰু পশ্চিম দিশত আছে বীৰঝৰা চাহ বাগিচা।

জীৱ-জন্তু,

অভয়াৰণ্যখন সােণালী বান্দৰৰ বাবে বিখ্যাত। সােণালী বান্দৰৰ লগতে এই বনাঞ্চলখন বিভিন্ন আপুৰুগীয়া বন্যপ্রাণী, উদ্ভিদ, চৰাইচিৰিকটি আদিৰে ভৰপূৰ হৈ আছে।

কাকৈজানা অভয়াৰণ্যত ৬০ টা মান বিৰল প্রজাতিৰ সােণালী বান্দৰ থকাৰ কথা জনা যায়। জাক পাতি বান্দৰবােৰ ঘূৰি ফুৰে। এনে বান্দৰৰ এটা জাকত ৮ ৯টালৈকে বান্দৰ থাকে। বঙাইগাঁৱৰ অগ্রণী প্রকৃতি তথা পৰিৱেশ সংৰক্ষণকাৰী গােট ‘নেচাৰ্ছ ফষ্টাৰৰ উদ্যোগত কাকৈজানা অভয়াৰণ্যৰ সােণালী বান্দৰৰ অৱস্থিতি সম্পর্কে বিস্তৃতভাৱে দেশবিদেশৰ মাজত বিয়পি পৰে।

কাকৈজানাত সােণালী বান্দৰৰ লগতে অন্যান্য বহুটো দুষ্প্রাপ্য আৰু আপুৰুগীয়া জন্তু, যেনে- নাহৰফুটুকী বাঘ, বনৰৌ, কেটেলা পহু, কেঁকোৰা খােৱা নেউল, বনৰীয়া গাহৰি, বনৰীয়া মেকুৰী, ভালুক মেকুৰী, জহামাল, উৰণীয়া কেৰ্কেটুৱা, শহাপহু, হৰিণা, হেপা, অজগৰ সাপ, গুই আদি পােৱা যায়।

পক্ষীকুল

অভয়াৰণ্যখন বন কুকুৰা, ধনেশপক্ষী, হাড়গিলা, বৰটোকোলা, মইনা, ভাটৌ, হাইঠা আদিৰ উপযুক্ত বাসস্থান।

উদ্ভিদ

কাকৈজানা বনাঞ্চল শাল, চেগুন, আজাৰ, সােণাৰু, কদম, গমাৰি, তিতাচপা, আম, পমা, ভােজ, শিমলু, বট, শিলিখা, বিবিধ বাঁহ-বেত, বনৰীয়া কলগছ আদিৰে পৰিপূর্ণ। কিন্তু চোৰাং ব্যৱসায়, চোৰাং চিকাৰ, শিলৰ খনন, বেদখল আদিয়ে বর্তমান বনাঞ্চলখন বিধ্বস্ত কৰি পেলাইছে।

সরকারি পদক্ষেপ

কাকৈজানা সংৰক্ষিত বনাঞ্চলেৰ প্রাণীসমূহ বিশেষত সোনালি বান্দৰ জন্য খাদ্য সহজলভ্য কৰাত চৰকাৰে কিছু পদক্ষেপ হাতে নিছে। ইয়াৰ জন্য জেলা প্রশাসন, আসাম চৰকাৰৰ বন বিভাগ এবং পঞ্চায়েত ও গ্রামোন্নয়ন বিভাগ মহাত্মা গান্ধী জাতীয় নিয়োগ নিশ্চিতকৰণ যোজনাৰ অধীনে ১০,৫৭৫ টা ফল গাছেৰ পুলি ৰোপণেৰ কার্যসূচী হাতে নেওয়া হয়। খাদ্য এবং সুরক্ষার জন্য এই গাছপুলি ৰোপণেৰ কাজ হাতে নেৱা হৈছে। বনাঞ্চলটিৰ জীবকুলেৰ গণনাৰ কাজ জেলা প্রশাসন চিন্তা কৰিছে। ইয়াৰ সঙ্গে স্থানীয় বাসিন্দা এবং ছাত্র-ছাত্রীসমূহকে পরিবেশ এবং পরিস্থিতি তন্ত্রের সংরক্ষণ বিশেষত সোনালি বান্দৰ সংরক্ষণের জন্য সজাগতা সৃষ্টি কৰি বিভিন্ন কার্যপন্থা গ্রহণ করা হৈছে। Kakaijana Abhayarana in Assamese

You can Read also

References

  1.  Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India” 
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *