November 3, 2024

Jawaharlal Nehru Biography in Assamese। জৱাহৰলাল নেহৰু

Jawaharlal Nehru Biography in Assamese

জৱাহৰলাল নেহৰু Jawaharlal Nehru Biography in Assamese

বিশ্বৰ শান্তি-প্ৰয়াসী মানৱৰ আশাৰ প্ৰতিমূর্তি জৱাহৰলাল নেহৰু ভাৰতৰ জাগ্রত ন-পুৰুষসকলৰ কৰ্মপ্ৰেৰণাৰ চিৰন্তন প্রতীক। জাতিৰ জনক বাপুজীৰ অহিংসা, প্রেম আৰু বিশ্বভ্রাতৃত্বৰ মহান আদর্শ ৰূপায়ণৰ সব্যসাচী নেহৰু বিশ্বৰ এক অসম্মানী ৰাজনীতিবিশাৰদ, মানৱ-প্রেমী আৰু প্ৰগতিৰ জীৱন্ত আদর্শ। স্বাধীন ভাৰতৰ প্ৰাণ প্রতিষ্ঠাতা, শান্তি প্রগতিৰ বাটকটীয়া নেহৰুৱে বিশ্ব দৰবাৰত ভাৰতক মর্যাদাবে মহিমামণ্ডিতৰূপে প্রতিষ্ঠা কৰি থৈ গৈছে। উদাৰ, বিশাল, আৰু প্রগতিশীল দৃষ্টিভংগীৰ অধিকাৰী নেহৰু কর্মপ্রেৰণাৰাে মূর্ত প্রতীক।

Jawaharlal Nehru Biography in Assamese
প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১৫ আগষ্ট ১৯৪৭ – ২৭ মে ১৯৬৪
ৰাজশাসকGeorge VI (২৬ জানুৱাৰী ১৯৫০ লৈ)
ৰাষ্ট্ৰপতিৰাজেন্দ্ৰ প্ৰসাদ
সৰ্বপল্লী ৰাধাকৃষ্ণন
গৱৰ্ণৰ জেনেৰেলThe Earl Mountbatten of Burma
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ( ২৬ জানুৱাৰী ১৯৫০ লৈ)
সহকাৰীবল্লভভাই পেটেল
পূৰ্বসূৰীPosition established
উত্তৰসূৰীগুলজাৰিলাল নন্দা (ভাৰপ্ৰাপ্ত)
ব্যক্তিগত তথ্য
জন্ম১৪ নৱেম্বৰ, ১৮৮৯
এলাহাবাদ, North-Western Provinces, British India
মৃত্যু২৭ মে’, ১৯৬৪ (৭৪ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দলভাৰতীয় জাতীয় কংগ্ৰছ
দাম্পত্যসঙ্গীকমলা কৌল
সন্তানইন্দিৰা গান্ধী
শিক্ষানুষ্ঠানট্ৰিনিটি কলেজ, কোম্ব্ৰিজ
Inns of Court
জীৱিকাবেৰিষ্টাৰ

জন্ম আৰু বংশ  পৰিচয়

১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত নেহৰুৱে সােণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰিছিল। দেউতাক মতিলাল নেহৰু আছিল লব্ধ প্রতিষ্ঠ আইনজ্ঞ আৰু বিখ্যাত ৰাজনীতিবিদ! মাতৃ স্বৰূপৰাণী নেহৰু আছিল এগৰাকী মহাধর্মপৰায়ণা মহিলা। নেহৰুৱে পিতৃৰপৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, সত্যপৰায়ণতা আৰু দেশপ্রেম; আৰু মাতৃৰপৰা দয়া, ক্ষমা, শান্তি, স্নেহ-প্রীতি আদি সুকুমাৰ গুণৰাজি লাভ কৰিছিল। Jawaharlal Nehru Biography in Assamese

শিক্ষা

দেউতাকৰ ইচ্ছানুসৰি মাত্র ১৫ বছৰ বয়সতে উচ্চ শিক্ষা লাভৰ কাৰণে নেহৰু বিলাতলৈ যাত্রা কৰে আৰু“হেৰাে”বিদ্যালয়ত ভর্তি হয়। তাৰ পাছত ১৯০৭ চনত কেম্ব্রিজ “ট্রিনিটি”কলেজত ভর্তি হয় আৰু ১৯১০ চনত ৰসায়ন, ভূ-তত্ত্ব আৰু উদ্ভিদ বিদ্যাত অনাছসহ ডিগ্রী লাভ কৰে। সেই সময়তে তেওঁ ফ্রান্স আৰু জাৰ্মানীও ভ্ৰমণ কৰে আৰু পাছত “ইনাৰ টেস্পল”ৰ বেৰিষ্টাৰী ডিগ্রী লৈ ১৯১২ চনত সগৌৰৱে স্বদেশলৈ প্রত্যাৱর্তন কৰে।

কর্মজীৱন

স্বদেশলৈ ঘূৰি আহি সেই বছৰেই তেওঁ এলাহাবাদ হাইকোর্ট আইন ব্যৱসায় আৰম্ভ কৰে। কিন্তু যাৰ শৰীৰৰ প্রতি শিৰাই স্বাধীনতাৰ তপ্ত ৰুধিৰ চিৰ প্রৱাহমান, যাৰ হৃদয়ৰ মর্মে মর্মে স্বদেশ প্ৰেমৰ আকুল আৱেগ উচ্ছল স্রোতস্বিনীৰ দৰেই মূর্ত প্ৰৱাহিত, তেওঁক আইন ব্যৱসায়ে বন্দী কৰি ৰাখিব পাৰে কেনেকৈ? নেহৰুৱে ১৯১২ চনত বাকীপুৰ কংগ্ৰেছ অধিবেশনত আৰু পিছত উত্তৰ প্রদেশ কংগ্রেছ অধিৱেশনত যােগদান কৰি ভাৰতীয় জাতীয় সংগ্রামত প্রৱেশ কৰে। ১৯১৫ চনত ইংৰাজ চৰকাৰৰ সংবাদপত্ৰৰ ওপৰত দমননীতিৰ প্রতিবাদ কৰি এলাহাবাদৰ এক জনসভাত তেওঁ জীৱনৰ প্রথম বক্তৃতা প্রদান কৰে।

স্বাধীনতা সংগ্ৰামত

১৯১৬ চনত তেওঁ কমলা কউৰৰ সৈতে বিবাহ-পাশত আবদ্ধ হয়। সেই বছৰেই নেহৰুৰ জীৱনৰ পট-পৰিৱর্তনৰ অবিস্মৰণীয় ঘটনাটি সংঘটিত হয়। লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত গান্ধীজীৰ সৈতে প্রথম সাক্ষাতেই আছিল এক অবিস্মৰণীয় স্মৃতি। গান্ধীজীৰ শিষ্যত্ব গ্রহণ কৰি তেওঁ জীৱনৰ সর্বশক্তি স্বাধীনতাৰ বাবে প্ৰয়ােগ কৰিবলৈ দৃঢ় প্রতিজ্ঞা হ’ল। ১৯১৭ চনৰ হােমরুল আন্দোলনত তেওঁ যােগদান কৰিলে। ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ তথ্য সংগ্রহত তেওঁ দেশবন্ধু চিত্তৰঞ্জন দাসক সহায় কৰিলে। ১৯২১ চনত প্রিন্স অব্ ৱেলছৰ ভাৰত আগমনত হৰতাল পালন প্রসংগত তেওঁ প্রথমবাৰৰ বাবে কাৰাৰুদ্ধ হয়। ১৯২২ চনত বিদেশী বস্তু বর্জন আন্দোলন পৰিচালনাৰ অভিযােগত আৰু ১৯৩৩ চনত ৰাজ্য পৰিত্যাগৰ আদেশ অমান্য কৰাৰ অভিযােগত কাৰাৰুদ্ধ হয়। তেওঁ মুক্তি লাভ কৰাৰ পাছতে এলাহাবাদ মিউনিচিপেলিটিৰ সভাপতি নির্বাচিত হয়; তদুপৰি নিখিল ভাৰত কংগ্ৰেছকমিটীৰ সাধাৰণ সম্পাদকৰূপে নিযুক্ত হয়। ১৯২৮ চনত ছাইমন কমিছৰ বিৰুদ্ধে শােভাযাত্রা পৰিচালনাত পুলিচৰ লাঠিৰ আঘাতত তেওঁ আহত হয়। ইয়াৰ পাছত ১৯৩০ চনত লােণ আইন ভংগ আন্দোলনত যােগদানৰ অভিযােগত ছয় মাহ আৰু কিষাণ সন্মিলনত যােগদানৰ অভিযােগত দুবছৰ কাৰাদণ্ডে দণ্ডিত য়; ১৯৩১ চনত এলাহাবাদ পৰিত্যাগৰ আদেশ অমান্য কৰাৰ ফলত দুবছৰৰ কাৰাদণ্ডব আদেশ হয়। সেই বছৰেই তেওঁৰ পিতৃ মতিলাল নেহৰুৰ বিয়ােগ ঘটে।

১৯৩৪ চনত কলিকতা ৰাষ্ট্র বিদ্রোহী (ইংৰাজী চৰকাৰ বিৰােধী) বক্তৃতা দিয়াৰ বাবে তেওঁ কাৰাবৰণ কৰিব নাগা হয়। ১৯৩৫ চনৰ ছেপ্তেম্বৰ মাহত কাৰামুক্ত হােৱাৰ পাছতে দুহিতা ইন্দিৰাৰ সৈতে ছুইজাৰলেণ্ডত চিকিৎসাধীন হৈ থকা পত্নী মলা নেহৰুক দেখা কৰেগৈ। কেইমাহমানৰ পাছতে তেওঁৰ পত্নীৰ বিয়ােগ ঘটে। মর্মান্তিক শােকত অভিভূত নেহৰুৱে কিছুদিন ৰাজনীতিৰপৰা বিত থাকে। কিন্তু দেশৰ মাটিৰ আহ্বানে, জাতিৰ আহ্বানে পুনবায় তেওঁক টানি আনে ৰাজনীতিৰ বুকুলৈ; ১৯৩৬ চনৰ এপ্রিল মাহত লক্ষ্ণৌ কংগ্ৰেছত তেওঁ সভাপতি নির্বাচিত হয়। ১৯৩৮ চনত তেওঁৰ মাতৃৰ বিয়ােগ ঘটে। সেই বছৰেই তেওঁ স্পেইন আৰু চীন ভ্রমণ কৰে। ১৯৪০ চনত সত্যাগ্রহ আন্দোলনত যােগদানৰ কাৰণে তেওঁ ৪ বছৰৰ বাবে কাৰাদণ্ডেৰে দণ্ডিত হয়। কিন্তু এবছৰব পাছতেই মুক্তি লাভ কৰি ছাৰ ষ্টেফ’র্ড ক্ৰীচৰ সৈতে ভাৰতীয় সমস্যা সমাধানৰ আললাচনাত বহে। কিন্তু ক্রীপ আলােচনা ব্যর্থ হােৱাত ১৯৪২ চনত গান্ধীজীৰ “ভাৰত ত্যাগ” আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰি কাৰাৰুদ্ধ হয়।

১৯৪৫ চনত মুক্তি লাভ কৰিয়েই আজাদৃহিন্দ ফৌজৰ বিষয়া আৰু সৈন্যসকলৰ ঐতিহাসিক বিচাৰত তেওঁলােকৰ পক্ষ অবলম্বন কৰি আইনজ্ঞ হিচাপে ছাৰ তেজবাহাদুৰ চাপুক সহায় কৰি স্বদেশপ্রেমৰ চৰম নিদর্শন প্রদর্শন কৰে।

স্বাধীনতা লাভ আৰু  প্রধানমন্ত্রিত্ব গ্রহণ

১৯৪৬ চনত তেওঁ চতুর্থবাৰৰ বাবে কংগ্ৰেছ সভাপতি নির্বাচিত হয় আৰু সেই বছৰেই আগষ্ট মাহত ভাইচৰয়ৰ আমন্ত্রণক্রমে অন্তৱৰ্তী চৰকাৰৰ উপ-সভাপতি পদ অধিষ্ঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯ আগষ্ট তাৰিখত তেওঁ প্রধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে।

প্রধানমন্ত্রীৰ দায়িত্বত নেহৰু

বৃটিছৰ দুশ বছৰীয়া শশাষণে গৰকি ৰাজহাড় বেঁকা কৰা আৰু সাম্প্রদায়িকতাৰ মহা বিদ্বেষেৰে দ্বিখণ্ডিত হােৱা ভাৰতৰ প্ৰধানমন্ত্রী এজনৰ সন্মুখত পৰ্বত প্রমাণ হৈ থিয় হৈ থকা সমস্যাবােৰ সমাধান কৰিবলৈ নেহৰুৱে যি কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল, তাৰ তুলনা নাই। দৰিদ্ৰতা, খাদ্যাভাৱ, সাম্প্রদায়িক সংঘর্ষ, নিৰক্ষৰতা, নিবনুৱা সমস্যা, বৈদেশিক দায়িত্ব নেহৰু সমস্যা, আভ্যন্তৰীণ নানা সমস্যা আদি এশ এবুবি সমস্যাত জৰ্জৰিত ভাৰতক সুস্থিৰ অৱস্থালৈ আনিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। সুবিশাল ভাৰতৰ সহস্ৰ সমস্যাৰ সন্মুখীন হৈও অলপপ বিচলিত নহৈ প্রতি সমস্যাৰ সমাধানৰ উপায় অৱলম্বন কৰি, দেশত শান্তি প্রতিষ্ঠা কৰি প্ৰগতিৰ বিপুল আঁচনিৰে নৱ ভাৰত গঢ়াত নেহৰুৰ কৃতিত্ব অসীম। প্রতিজন ভাৰতবাসীৰ হৃদয়ৰ অনুভূতিক বিপুল প্ৰেৰণাৰে ৰঞ্জিত কবি, প্রত্যেকৰে মন-দিগন্তত শান্তি আৰু প্ৰগতিব দেদীপ্যমান জ্যোতিৰ ৰেঙণি বােলাই দি নেহৰুৱে ভাৰতত ৰচনা কৰিলে এক মহামিলনৰ বংগভূমি। তদুপৰি দেশৰ আৰু বিশ্বৰ কোটি কোটি সদ্যপ্রস্ফুটিত কমল-সদৃশ, নির্দোষ, নিটোল বিশাল প্রতিভাৰ সম্ভাৱনাময় শিশুৰ মংগলৰ কাৰণে নেহৰুৱে যি অৱদান আগবঢ়ালে, তাৰ বাবে তেওঁ চিৰকালৰ কাৰণে হৈ ৰ’ল তেওঁলােকৰ নেহৰু খুৰা।

বিশ্ব-শান্তিৰ অগ্রদূত নেহৰু

ভাৰতৰ প্ৰজ্ঞা আৰু মনীষাই অনাদি কালৰেপৰা যুগে যুগে প্ৰেম আৰু শান্তিৰ যি মহাবাণী বিশ্ব মানৱৰ সন্মুখত দাঙি ধৰি আহিছে, তাৰেই চিৰ জ্যোতিষ্মন জুৰলৈ নেহৰু বিশ্বৰ বুকুলৈ ধাবমান হৈছিল অসীম আকাশৰ মুক্ত বুকুত হাজাৰ হাজাৰ শান্তিৰ কপৌ উৰুৱাবলৈ। বাং সন্মিলনৰ পঞ্চশীল নীতিৰ প্ৰবক্তা, নিৰস্ত্রীকৰণ প্ৰস্তাৱৰ উদ্ভাৱন কর্তা নেহৰুৰ বিশ্ব শান্তি প্রচেষ্টাই বিশ্বৰ শত সহহ মুমূর্য জাতিৰ প্ৰাণত সঞ্জীৱনীৰ সঞ্চাৰ কৰিলে। স্বাধীনতা, সাম্য, মৈত্রীৰ প্ৰেৰণা যােগালে। বিশ্ব যুদ্ধৰ বিপুল সম্ভাৱনাক বিশ্বৰ বুকুৰপৰা সাময়িকভাৱে হ’লেও অন্তর্হিত কৰিলে। বিভিন্ন ৰাষ্ট্ৰই গােলামীৰ কালিমামুক্ত হৈ প্ৰগতিৰ বাটত খােজ দিলে। নেহৰুৰ বিশ্ব-শান্তিৰ গৌৰৱময় প্রচেষ্টা দেখি অতিশয় অভিভূত হৈ বিশ্বৰ শ্রেষ্ঠ, স্থিতপ্রজ্ঞ বিজ্ঞানী আইনষ্টাইনে নেহৰুক সাৱটি ধৰি কৈ উঠিছিল— “তুমিয়েই আমাৰ একমাত্ৰ ভৰসা; তােমাৰ পদচিহ্নই ভৱিষ্যতৰ পৃথিৱীৰ কক্ষপথ।” আজিৰ শান্তি প্রয়াসী পৃথিৱী সেয়েহে নেহেৰুৰ ওচৰত ঋণী।

সাহিত্যিক নেহৰু

বিশাল বাৰিধিৰ দৰেই গভীৰ অথচ কুসুম-কোমল অন্তৰৰ গৰাকী নেহৰুৰ প্ৰতিভা বহুমুখী। প্রতিভাৰ যাদুঘৰ আখ্যাৰে যদি তেওঁক অলংকৃত কৰাে অলপাে ভুল কৰা নহ’ব। এই মহান ৰাজনীতিবিদ, নৱ ভাৰতৰ বিশ্বকর্মাজন হিয়া মন্দিৰত সাহিত্য আৰু সংস্কৃতিৰ যি ধাৰা অমৃত প্ৰৱাহী মন্দাকিনী হৈ বৈ আছিল, সি কাৰাগাৰৰ বন্ধনৰ ভেদা-ভেদ কৰি অনন্ত স্রোতেৰে বৈ বৈ “এ লেটাৰ ফ্ৰম ফালৰ টু হিজি ডটাৰ”, “গ্নীচেছ অৱর্ল্ড হিষ্টৰী”, “অটো বায়’গ্রাফী”,“ডিস্কভাৰী অব্ ইণ্ডিয়া” আদি ৰূপত প্রতিভাত হৈ তেওঁক বিশ্বৰ শ্রেষ্ঠ সাহিত্যিকসকলৰ আসনত প্রতিষ্ঠা কৰিলে। Jawaharlal Nehru Biography in Assamese

নেহৰুৰ ৰচনাৱলী

  • বিশ্ব ইতিহাসৰ জিলিঙনি (Glimpses of World History)
  • দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (The Discovery of India)
  • আত্মকথা

পুৰস্কাৰ প্ৰাপ্ত বঁটা

ভাৰত ৰত্ন (১৯৫৫)

জীৱনাৱান/ মৃত্যু

জেল জীৱনৰ নিঃসংগতাই কোনােকালেই তেওঁৰ মন-দিগন্তৰ পৰিধিত ক’লাডাৱৰৰ সৃষ্টি কৰিব পৰা নাছিল; বৰঞ্চ তাৰ পৰিৱর্তে সৃষ্টি কৰিছিল বিশাল আৱেগ আৰু অনুভূতিৰ জীৱন্ত প্রকাশ। সেয়েহে তেখেতৰ সকলােখিনি গ্রন্থই জেল জীৱনতে ৰচিত হৈছিল। প্রতিখন গ্ৰন্থই এফালে সাহিত্যৰ অক্ষয় কীর্তি আৰু নেহেৰুৰ সুকুমাৰ মনৰ ভাস্বৰ প্রতিফলন; আৰু আনফালে তেওঁৰ ঐতিহাসিক চেতনা আৰু দার্শনিক গভীৰ জ্ঞানৰ জীৱন্ত নিদর্শন। ১৯৬৪ চনৰ ২৭ মে’ৰ দিনা এইজনা জাতীয় জীৱন নিৰ্মই সমগ্র বিশ্বতে শােকৰ ছাঁ পেলাই ইহলীলা সম্বৰণ কৰে।

সামৰণি

দুৰ্বাৰ সাহসী নেহৰু আছিল সম্পূর্ণ আশাবাদী আৰু সেয়েহে ভাৰতবাসীৰ জীৱনৰ প্ৰতি স্তৰত প্ৰগতিৰ আশাৰ ৰেঙণিকে ৰহণাই তুলিবলৈ তেওঁ আপ্রাণ চেষ্টা কৰিছিল। লগে লগে বিশ্বৰ দৰবাৰত ভাৰতৰ মর্যাদা উত্তৰােত্তৰ বৃদ্ধি কৰি ভাৰত মাতৃক মহিমামণ্ডিত কৰিবলৈকে তেওঁ জীৱনৰ সকলাে শক্তি প্রয়ােগ কৰিছিল। বিশ্বত আজি ভাৰতৰ যি স্থান সেয়া নেহৰুৰ অনবদ্য জীৱন নৈবেদ্যৰে জীৱন্ত সাক্ষ্য। তেওঁ জীৱন-জোৰা দুর্ধর্ষ সংগ্ৰামৰ অবিস্মৰণীয় আদর্শ, কর্মপ্রেৰণা, দেশ আৰু জাতি গঢ়াৰ আকাশলংঘী আকাংক্ষা, বিশাল হৃদয়ৰ মহান উদাৰতা, শান্তি আৰু প্ৰগতিৰ বিশ্ব-বিনন্দিত কর্মগাথাই জাতীয় জীৱনৰ মংগলমন্দিৰৰ চিৰন্তন নৈবেদ্য হৈ ৰওক।

সদৃশ ৰচনাঃ ১। স্বাধীনতাৰ যুঁজাৰু জৱাহৰলাল; ২। জৱাহৰলাল আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম; ৩। নৱ ভাৰতৰ প্রতীক জৱাহৰলাল; ৪। ভাৰত গঢ়োতা জৱাহৰলাল; ৫। বহুমুখী প্রতিভাৰ অধিকাৰী জৱাহৰলাল; ৬। নেহৰু খুৰা।

You also Read

Reference

  1. And I collected from Wikipedia
  2. Rosona Bichitra by D. shing deka you can buy this boobk

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *