April 20, 2024

History of Marat Longri Abhayaranya in Assamese | মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস

History of Marat Longri Abhayaranya in Assamese

মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য ইতিহাস | History of Marat Longri Wildlife Sanctuary in Assamese

কার্বিসকলৰ স্থানীয় ভাষাত নামকৰণ কৰা এখন অভয়াৰণ্য হৈছে। মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য। তেওঁলােকৰ মতে, ‘মাৰাট’ শব্দৰ অৰ্থ বন্যপ্রাণী আৰু লংৰি’ শব্দৰ অৰ্থ হৈছে ভূমি। অর্থাৎ বন্যপ্রাণীৰ ভূমি। অভয়াৰণ্যখন কাৰ্বি আংলং জিলাৰ পূব প্ৰান্তত অৱস্থিত। আপুৰুগীয়া জৈৱ-বৈচিত্ৰ আৰু বন্যপ্রাণী ৰক্ষণাবেক্ষণৰ বাবে মিকিৰ পাহাৰ জিলা বন আইনৰ জৰিয়তে কাৰ্বি আংলং জিলা পষিদে ১৯৯৭ চনত জিলাখনৰ মুঠ ৪৫১.৮৭ বর্গ কিলােমিটাৰ বনাঞ্চলক সামৰি এক বন্যপ্রাণী অভয়াৰণ্য গঢ় দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰি অসম চৰকাৰৰ মুখ্য বন সংৰক্ষকৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ ১৯৭২ চনৰ বন সুৰক্ষা আইন অনুসৰি আনুষ্ঠানিক অনুমােদনৰ বাবে প্ৰেৰণ কৰা হয়। উক্ত প্রস্তাৱ মর্মেই কার্বি পাহাৰৰ ডিচামা, কাকী সংৰক্ষিত বনাঞ্চল আৰু ইংলংকিৰি জিলা পৰিষদ সংৰক্ষিত বনাঞ্চলক লৈ মুঠ ৪৫১.৮৭ বর্গ কিলােমিটাৰ মাটিকালিৰে মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য গঠন কৰা হয়। পশ্চিম কাৰ্বি আংলং বন সংমণ্ডলৰ অন্তৰ্গত এই অভয়াৰণ্যখন ২০০৩ চনৰ ১৭ এপ্রিলত চৰকাৰীভাৱে অভয়াৰণ্য ঘােষণা কৰা হয়। অভয়াৰণ্যখনৰ মাটিকালি ৪৫১ বর্গকিলােমিটাৰ।

জীৱ-জন্তু Animals of Marat Longri Abhayaranya

 বিভিন্ন প্রজাতিৰ বন্যপ্রাণীৰ মুক্ত বিচৰণভূমি মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য। অভয়াৰণ্যখনত হাতীৰ সংখ্যাই অধিক। অসমৰ অভয়াৰণ্য * ১০০ তদুপৰি সুগৰী পহু, বনৰীয়া গাহৰি, বনৰৌ, কেটো পং, টুপামূৰীয়া বান্দৰ, হলৌ বান্দৰ, মলুৱা বান্দৰ, নাহৰফুটুকী বাঘ, টেকীয়পতীয়া বাঘ, হিমালয়ৰ ক’লাভালুক, হেপা, বিভিন্ন প্রজাতিৰ কেৰ্কেটুৱা আদি জীৱ-জন্তু কম-বেছি পৰিমাণে অভয়াৰণ্যখনত আছে। আনহাতে, ৰাজফেঁটী, কিং কোব্রা, গুই, অজগৰ আদিৰ উপৰি বহুসংখ্যক সৰীসৃপ প্রজাতিৰ প্রাণী অভয়াৰণ্যখনত যথেষ্ট পৰিমাণে পােৱা যায় । জলাশয়বােৰত মাছ আৰু বিভিন্ন জাতৰ কাছ পৰিলক্ষিত হয়। ওখ অঞ্চলবােৰত পাহাৰীয়া কাছ পােৱা যায়।

পক্ষীকুল

 মাৰাট লংৰি অভয়াৰণ্য অসংখ্য বনৰীয়া চৰাইৰ বাসস্থান। ডেওডৰিক, হাইঠা, ধনেশ, হেঁটুলুকা, সাপটা, দেওহহ আদিৰ উপৰি পাহাৰীয়া আৰু কাঠনি চৰাইৰ (hilly and woodland bird) বাসস্থান। ইয়াৰ উপৰি প্ৰতিবছৰে অভয়াৰণ্যখনলৈ জাক জাক পৰিভ্ৰমী চৰাইৰ আগমন ঘটে।

উদ্ভিদ

মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্যত চেগুন, গমাৰি, পমা, ভেলেউ আদি প্ৰজাতিৰ গছৰ উপৰি বাঁহজাতীয় উদ্ভিদো পর্যাপ্ত পৰিমাণে পােৱা যায়। আমলখি, শিলিখা, ঔ-টেঙা, ভােমােৰা আদি ঔষধি গুণযুক্ত উদ্ভিদসমূহাে যথেষ্ট পৰিমাণে এই অভয়াৰণ্যত আছে। ঔ-টেঙা হাতীৰ এবিধ উপযােগী খাদ্য হিচাপে পৰিগণিত হােৱাৰ ফলত বনবিভাগৰ তৰফৰপৰা ঔ-টেঙাকে ধৰি অন্যান্য ফলজাতীয় গছ এই অভয়াৰণ্যত ৰােপণ কৰিছে। অভয়াৰণ্যখনৰ মাজেৰে কেইবাটাও জুৰি আৰু নিজৰা বৈ গৈছে।

যাতায়াত Travail of Marat Longri Abhayaranya

কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰৰপৰা মাত্র ২৫-৩০ কিলােমিটাৰ দূৰত মাৰাট লংৰি অভয়াৰণ্য অৱস্থিত। অভয়াৰণ্যখনলৈ ডিমাপুৰ বিমানবন্দৰৰপৰা ৬০ কিলােমিটাৰ আৰু ডিফু ৰেল ষ্টেশ্যনৰপৰা ৮ কিলােমিটাৰ যাব লাগে। গুৱাহাটী বা অসমৰ যিকোনাে ঠাইৰপৰা ৰে’ল নাইবা বাছেৰে ডিফুলৈ অহাৰ সুব্যৱস্থা আছে। থকামেলাৰ বাবে ডিফু চহৰত চৰকাৰী আৱর্ত ভৱনৰ লগতে কেইবাটাও চৰকাৰী অতিথিশালা আৰু পৰিদর্শন বলা আছে। ডিফুৰপৰা মাৰাট লংৰিৰ মাজেৰে নিয়মীয়াকৈ বাছ চলাচল কৰে। তদুপৰি চহৰখনত বহু ব্যক্তিগত গাড়ী ভাৰাত পােৱা যায়। আনহাতে নগাঁও চহৰৰপৰাও মাৰাট লংৰি অভয়াৰণ্যলৈ দূৰত্ব ১৩০ কিলােমিটাৰ। নগাঁৱক কেন্দ্ৰ কৰিও এই অভয়াৰণ্য ভ্রমণ কৰা সুবিধাজনক।

অভয়াৰণ্যখন পৰিভ্ৰমণৰ বাবে গুৱাহাটীৰ ৰিহাবাৰীত থকা বনবিভাগৰ প্রধান মুখ্য বন সংৰক্ষকৰ সৈতে যােগাযােগ কৰিব পৰাৰ ব্যৱস্থা আছে।

কিদৰে যাব:

ডিমাপুৰ বিমানবন্দৰৰ পৰা এইখন কেৱল ৬০ কিলোমিটাৰ দূৰ আৰু ডিফু ৰেলৱে ষ্টেচনৰ পৰা ৮ কিলোমিটাৰৰ দূৰত্ব।

ক’ত থাকিব:

বন পৰিদর্শন বাংলো, ডিফু, যোগাযোগ – বিভাগীয় বন কর্মকর্তা, কাৰ্বি আংলং পশ্চিম বিভাগ,ডিফু, টেলি (০৩৬৭১) ২৭২২৪৭(অ), ২৭২২২১(আৰ), চাৰ্কিট হাউচ, ডিফু, যোগাযোগ – জিলা প্রশাসক, টেলি: (০৩৬৭১) ২৭২২৫৭(অ), ২৭২২৫৫(আৰ), ভূমি সংৰক্ষণ পৰিদর্শন বাংলো, ডিফু, যোগাযোগ – বিভাগীয় কর্মকর্তা, ভূমি সংৰক্ষণ বিভাগ, ডিফু, টেলি (০৩৬৭১) ২৭২২৪১ ডিফুত থকা প্রাইভেট লজবোৰ হল- সিংহাসন হোটেল, টেলি: (০৩৬৭১) ২৭৪১৫৮, লিজা হোটেল, টেলি: ০৯৪৩৫৪১৭৬০২

কাৰ সৈতে যোগাযোগ কৰিব:

বিভাগীয় বন কর্মকর্তা, কাৰ্বি আংলং পশ্চিম বিভাগ, ডিফু, টেলি .: (০৩৬৭১) ২৭২২৪৭(অ),২৭২২২১(আৰ)।

ভ্রমণৰ বাবে উত্তম বতৰ :

নৱেম্বৰৰ পৰা মাৰ্চ

You can also Read

References

  1.  Successful preservation of India’s Manas Wildlife Sanctuary enables withdrawal from the List of World Heritage in Danger at UNESCO website
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *