March 18, 2024

History of Asom Divas in Assamese | অসম দিৱস

History of Asom Divas in Assamese

অসম দিৱসৰ ইতিহাস History of Asom Divas in Assamese

অসম দিৱস বা চাওলুং চুকাফা দিৱস  হল অসমৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ স্মৃতিত তেখেত আৰু আহোমসকল সৌমাৰত উপস্থিত হোৱা দিন ২ ডিচেম্বৰত পালন কৰা এটা দিৱস। সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।

History of Asom Divas in Assamese
অসম দিৱস
সম্পুৰ্ণ নামচাওলুং চ্যুকাফা দিৱস
পালন কৰেঅসমৰ লোকসকলে
তাৰিখ২ ডিচেম্বৰ
সম্পৰ্কিতঅসম

অসম দিৱসৰ উৎপত্তি Origin of Assam Day in Assamese

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উৎযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰে আৰু সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত এই দিৱস উৎযাপন কৰা হয়। ১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পতা হয়। ভীমকান্ত বুঢ়াগোঁহাই, শদিয়াৰ তেতিয়াৰ মৌজাদাৰ আৰু বৰঞ্জীবিদ ভবানন্দ বুঢ়াগোঁহাইৰ উদ্যোগত পতা সভাখনত শদিয়াৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ কৰে। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।

১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনাই। ১৯৮৭ চনত ড॰ লীলা গগৈ, পদ্ম বৰকটকী আৰু ড॰ ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চৰ ‘’আজিৰ সময়’’ কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায়। সেই বছৰেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘‘‘অসম দিৱস’’’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে

চ্যুকাফাৰ আদৰ্শ Ideas of Sukafar in Assamese

চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যাকালৈ যাত্ৰা কৰে আৰু প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল। তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ছশ বছৰ শাসন কৰিছিল। চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল

You can read also

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

2 thoughts on “History of Asom Divas in Assamese | অসম দিৱস

Leave a Reply

Your email address will not be published. Required fields are marked *