গৰমপানী অভয়াৰণ্য Garampani Wildlife Sanctuary in Assamese
গােলাঘাট জিলাৰপৰা ২৫ কিলােমিটাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰপৰা ৬৫ কিলােমিটাৰ দূৰত্বত কাৰ্বি আংলং জিলাৰ প্রায় ৬.৫৫ বর্গ কিলােমিটাৰ আগুৰি থকা গৰমপানী’ এখন সৰু অভয়াৰণ্য। ১৯৫২ চনৰ ১০ জুলাইত মেম’ নং AFR 199/52-ৰ যােগেদি নামবৰ বনাঞ্চলৰ এটা অংশ গৰমপানীক অসম চৰকাৰে অভয়াৰণ্যলৈ উন্নীত কৰে। এই বনাঞ্চলক গৰমপানী অভয়াৰণ্য নাম দিয়াৰ অৰ্থ হ’ল এই অভয়াৰণ্যৰ গাতে লাগি আছে পৃথিৱী বিখ্যাত গৰমপানীৰ উহ। ১৯৭৮-৭৯ চনত এই গৰমপানীৰ উহটোক কেন্দ্ৰ কৰি চাৰিওফালে এটা পুখুৰী খালি পকীবেৰা দিয়া হয়। এই গৰমপানীৰ উহটোৰ পৰা এক কিলােমিটাৰ বনাঞ্চলৰ ভিতৰলৈ বৰপুং নামৰ আৰু এটা গৰমপানীৰ উহ নামবৰ সংৰক্ষিত বনাঞ্চলত আছে Garampani Abhayarana in Assamese

গৰমপানীৰ উহটোক কেন্দ্ৰ কৰি চাৰিওফালে খণ্ডা পকীবেৰা সংলগ্ন পুখুৰীটো
গেলিং নামৰ আন এটা গৰমপানীৰ উহাে এই বনাঞ্চলতে আছে। এই তিনিটা গৰমপানীৰ উহৰ ভিতৰত গৰমপানীৰ উহটোৰ পানীৰ উষ্ণতা ৪০ ডিগ্রী চেন্ট্রিগ্রেড আৰু বৰপুং উহটোত ৬ ইঞ্চিৰ মাত্ৰাত গৰম-ঠাণ্ডা পানীৰ পার্থক্য ধৰিব পাৰি।
গৰমপানীৰ উহতােৰ সম্পৰ্কত এক লােকবিশ্বাস আছে। লােকবিশ্বাস অনুসৰি এই গৰমপানী উহটোত গা ধুলে খৰ-খজুৱতি আৰু ছালৰ ৰােগ ভাল হয়। গৰমপানী উহটোৰ কাষেৰে নামবৰ নৈখন শিলৰ মাজেৰে বনাঞ্চলৰ ভিতৰলৈ গৈ ফটাশিল নামৰ এটা জলপ্রপাতৰ সৃষ্টি কৰিছে। যি বনাঞ্চলখনক এক অনন্য সৌন্দর্য প্রদান কৰি আছে। আনহাতে ১৯৬৫-৬৬ চনৰ নামবৰ বনাঞ্চলক বন বিভাগৰ সুবিধার্থে উত্তৰ নামবৰ আৰু দক্ষিণ নামবৰ বনাঞ্চল নামেৰে নামকৰণ কৰা হয় Garampani Abhayarana in Assamese
পৃথিৱীৰ মানচিত্ৰত গৰমপানী ৯২°৫২ পূবৰপৰা ৯২°৫৩ পূর্ব দ্রাঘিমাংশ আৰু ২৬°২২ উত্তৰৰপৰা ২৬°২৪ উত্তৰ অক্ষাংশত অৱস্থিত।
Table of Contents
জলবায়ু Garampani Wildlife Sanctuary
অভয়াৰণ্যখনৰ জলবায়ু ক্রান্তীয় সেমেকা। গ্রীষ্মকালত বেছি গৰম আৰু সেমেকা হােৱাৰ বিপৰীতে শীতকালত শুকান আৰু ঠাণ্ডা হয়। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ২৮০০ মিলিমিটাৰ। গড় সর্বোচ্চ তাপমান ৩৪° চেলছিয়াছ আৰু সর্বনিম্ন ৭° চেলছিয়াছ।
জীৱ-জন্তু Garampani Wildlife Sanctuary
গৰমপানী অভয়াৰণ্য বিভিন্ন বন্যপ্রাণীৰ বাসস্থান। বিভিন্ন বন্যপ্রাণীৰ ভিতৰত নাহৰফুটুকী বাঘ, গােধাফুটুকী, লতামাকৰি, হেপা, শৰপহু, সুগৰী পহু, হাতী, বনগৰু, হলৌ বান্দৰ, হনুমান, লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, মলুৱা বান্দৰ, বনৰৌ, জহামাল, শিয়াল, নেউল আদি উল্লেখযােগ্য।
উদ্ভিদ Garampani Wildlife Sanctuary
গৰম পানীৰ অৰণ্যৰাজি মূলতঃ ক্রান্তীয় অর্ধ চিৰসেউজ অৰণ্য। সৰুডাঙৰ বিভিন্ন গছ-লতিকা, ঔষধি উদ্ভিদ, অর্কিড আদিৰে ভৰপূৰ। হলখ, খকন, এজাৰ, সােণাৰু, ভেলেউ, ঔ-টেঙা, নাহৰ, তিতাচঁপা, গমাৰি, পমা, উৰিয়াম, শিলিখা, লেটেকু, আম, পনিয়ল, থেকে, জামু, কঁঠাল আদি অভয়াৰণ্যখনৰ উল্লেখযােগ্য উদ্ভিদ। কপৌফুল, ভাটৌফুল, মাধৈমালতী আদিৰ লগতে খাগৰি, ইকৰা, নল, বাঁহ, বেত আদি তৃণজাতীয় উদ্ভিদো পােৱা যায়।
পক্ষীকুল Garampani Wildlife Sanctuary
গৰমপানী অভয়াৰণ্য বিভিন্ন প্রজাতিৰ বনৰীয়া চৰাইৰ এক নিৰ্ভৰযােগ্য বাসস্থান। বনৰীয়া কুকুৰা, ডৰিক, ধনেশ, হাইঠা, পৰঘুমা, ভীমৰাজ, শালিকা, চুটিয়া শালিকা, মইনা চৰাই, সখিয়তী, বিভিন্ন প্রজাতিৰ ভাটৌ, কপৌ, কেঁচু, বুলবুলি, ৰূপহী চৰাই, ঈগল, টুনী, মাছৰােকা, বাঢ়ৈটোকা, হেঁটুলুকা, ফেঁচা, হুদু আদি বিভিন্ন প্রজাতিৰ চৰাই অভয়াৰণ্যখনত আছে।
ইয়াৰ উপৰি গৰমপানী অভয়াৰণ্য বিভিন্ন প্রজাতিৰ সৰীসৃপ আৰু নানাবিধ কীট-পতংগৰাে বাসস্থান।
যাতায়াত
গৰমপানী অভয়াৰণ্যলৈ বাছ আৰু ৰেলেৰে অহা-যােৱা কৰিব পাৰি। গৰমপানীৰ উহ দৰ্শনৰ বাবে বছৰৰ সকলাে সময়তে যাব পাৰি যদিও বন্যপ্রাণী চাবৰ বাবে নৱেম্বৰ মাহৰপৰা মার্চ মাহ অতি উপযুক্ত।
গৰমপানীত বন বিভাগৰ এটা সৰু জিৰণিঘৰ আছে। ইয়াৰ বাদেও কাৰ্বি আংলঙত বন বিভাগৰ পৰিদৰ্শন বলা আছে। গােলাঘাট চহৰতাে বন বিভাগৰ পৰিদৰ্শন বঙলা, আৱর্ত ভৱন, ডাক বঙলা আৰু হােটেলৰ ব্যৱস্থা আছে।
যােগাযােগ ঃ Divisional Forest Officer Karbi Anglong East Division, Diphu.

গৰমপানী অভয়াৰণ্যত থকা ওলমা দলং।