Fakhruddin Ali Ahmed Biography in Assamese | ফখৰুদ্দিন আলি আহমেদৰ জীৱনী - assamintro.com
September 30, 2022

Fakhruddin Ali Ahmed Biography in Assamese | ফখৰুদ্দিন আলি আহমেদৰ জীৱনী

ফখৰুদ্দিন আলি আহমেদৰ জীৱনী Fakhruddin Ali Ahmed Biography in Assamese

ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ বিৰল সন্মানৰ অধিকাৰী হোৱা একমাত্ৰ অসমীয়া ফখৰুদ্দিন আলি আহমেদ। আহমেদৰ জন্ম ইয়াত নহ’লেও পূৰ্বপুৰুষৰ জন্মস্থান হোৱাৰ বাবেই কর্মভূমি হিচাপে অসমকে বাছি লৈছিল তেওঁ। সম্প্ৰীতিৰ বার্তাবাহক ফখৰুদ্দিন আলি আহমেদৰ পূৰ্বপুৰুষ গোলাঘাটৰ। তেওঁৰ পিতৃ তথা অসমৰ প্ৰথম ছাৰ্জন জালনুৰ আলি আহমেদ হ’ল গোলাঘাটৰ সমীপৱৰ্তী কছাৰীহাট অঞ্চলৰ সম্ভ্রান্ত মুছলমান পৰিয়ালৰ কাজী খলিলুদ্দিন আহমেদৰ পুত্ৰ ।

প্ৰধানমন্ত্ৰীইন্দিৰা গান্ধী
উপ ৰাষ্ট্ৰপতিবাসপ্পা দানপ্পা জাট্টী
পূৰ্বসূৰীবৰাহগিৰি ভেংকট গিৰি
উত্তৰসূৰীবাসপ্পা দানপ্পা জাট্টী (কাৰ্যবাহী)
ব্যক্তিগত তথ্য
জন্ম১৩ মে’, ১৯০৫
দিল্লী, ভাৰত)
মৃত্যু১১ ফেব্ৰুৱাৰী, ১৯৭৭ (৭১ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দলভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গীবেগম আবিদা আহমেদ
সন্তান
শিক্ষানুষ্ঠানছেইণ্ট কেথেৰিনছ কলেজ, কেম্ব্ৰিজ
ছেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী
জীৱিকাঅধিবক্তা

ফখৰুদ্দিন আলি আহমেদৰ জন্ম ১৯০৫ৰ ১৩ মে’ত। দিল্লী আৰু উত্তৰ প্ৰদেশৰ ‘গোণ্ডা’ত পঢ়া-শুনা কৰি ১৯২১ত ফখৰুদ্দিন আলি আহমেদে প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পাছত দিল্লীৰ ছেণ্ট ষ্টিফেনচ্ কলেজত কিছুদিন পঢ়ি বিলাতলৈ যায় আৰু চেণ্ট কেথাৰিণ কলেজত পঢ়ি কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক ডিগ্ৰী আৰু লণ্ডনৰ ‘ইনাৰ টেম্পল’ কলেজৰ পৰা আইনৰ ডিগ্রীও লয়। শিক্ষা সমাপ্ত কৰি লণ্ডনত কিছুদিন চাকৰি কৰিছিল। লণ্ডনৰ পৰা উভতি আহি তেওঁ পঞ্জাৱ উচ্চ ন্যায়ালয়ত ওকালতি কৰিব লয় যদিও মহাত্মা গান্ধীৰ আদৰ্শত দীক্ষিত হৈ অসমলৈ আহে (১৯২৮ চন)। প্রথমে গুৱাহাটীৰ লাখটকীয়াত থকা তেওঁৰ পিতাকৰ মোমায়েকৰ ল’ৰা তথা আবকাৰী বিভাগৰ অধীক্ষক ইক্রাম ৰছুলৰ লগত থাকি আহমেদে পিতৃৰ সম্পত্তি চোৱা-চিতা কৰিবলৈ লয় আৰু ১৯৩১ত কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰে। এই সময়ত গুৱাহাটীত স্থায়ীভাবে থাকিলেও মাজে-সময়ে কলিকতা হাইক’ৰ্টত ওকালতিও কৰিছিল।

স্বাধীনতা আন্দোলন পৰিচালনা কৰাত দক্ষতা প্ৰদৰ্শন কৰা বাবে আহমেদ অতি কম দিনৰ ভিতৰতে নবীন চন্দ্ৰ বৰদলৈ, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধি আদি কংগ্ৰেছ নেতাৰ প্ৰিয়ভাজন হৈ উঠে। কংগ্ৰেছ দলৰ অহিংসা, অখণ্ডতা আৰু ঐক্যৰ নীতিবোৰৰ ঘোৰ সমৰ্থক হিচাপে আহমেদে সেই সময়ত মুছলিম লীগৰ কৰ্মসূচীৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। ১৯৩৭ত তেওঁ অসম বিধান সভালৈ নির্বাচিত হয়। ১৯৩৮ৰ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈয়ে তেওঁৰ সংযুক্ত চৰকাৰ গঠন কৰে। মন্ত্রী হিচাপে প্রথম দায়িত্ব লয় কনষ্টিটিউচনেলিষ্ট পাৰ্টিৰ অক্ষয় কুমাৰ দাস আৰু তিনিগৰাকী নির্দলীয় সদস্য ৰামানাথ দাস, ৰূপনাথ ব্ৰহ্ম আৰু কামিনী মোহন সেনে। তাৰ এমাহৰ পাছতেই আৰু তিনিজন বিধায়কক বৰদলৈয়ে মন্ত্ৰী হিচাপে অন্তর্ভূক্ত কৰে। তাৰে দুজন নির্দলীয়, মাহমুদ আলি আৰু এজন কংগ্ৰেছৰ ফখৰুদ্দিন আলি আহমেদ। অসমৰ প্ৰথম কংগ্ৰেছ নেতৃত্বাধীন মন্ত্রীসভাত বৰদলৈৰ বাহিৰে মাথোঁ এজনেই কংগ্ৰেছী আছিল, তেওঁ ফখৰুদ্দিন আলি আহমেদ। ১৯৩৯ত ইউৰোপত আৰম্ভ হোৱা দ্বিতীয় মহাসমৰত যোগ দিবলৈ ৰাইজৰ মতামত নোলোৱাকৈ ভাৰতকো অন্তৰ্ভুক্ত কৰাত তাৰ প্ৰতিবাদ জনাই ভাৰতৰ সকলো ৰাজ্যৰে কংগ্ৰেছী মন্ত্ৰীসভাই পদত্যাগ কৰে। বৰদলৈৰ এই প্রথম ১৪ মহীয়া চৰকাৰৰ বিত্ত আৰু ৰাজহ বিভাগৰ কেবিনেট মন্ত্রী হিচাপে দায়িত্ব পালন কৰিছিল ৩৩ বছৰীয়া ফখৰুদ্দিন আলি আহমেদে। সেই সময়ত তেওঁ বানপীড়িতসকলৰ খাজনা হ্ৰাস কৰি দিয়াৰ লগতে খেতিয়কৰ মঙ্গলৰ বাবে নতুন নতুন আঁচনি গ্ৰহণ লৈ অৱস্থাৰ উন্নতি ঘটাবলৈ যথাসাধ্য চেষ্টা কৰিছিল। তদুপৰি চৰকাৰৰ বিত্তীয় অৱস্থা টনকিয়াল কৰিবৰ বাবে প্ৰজাৰ হানি নোহোৱাকৈ উৎপাদিত কৃষি দ্ৰব্যৰ ওপৰত কৰৰ পৰিমাণ বৃদ্ধি কৰিছিল ৷ ১৯৪০ৰ শেষৰফালে কংগ্ৰেছে সত্যাগ্রহ আৰম্ভ কৰি সভা-সমিতিৰ যোগেদি

স্বাধীনতাৰ বাবে তীব্র জনমত গঠন কৰাত লাগে। সেই সময়ত গুৱাহাটীৰ কাছাৰীৰ সন্মুখত গোপীনাথ বৰদলৈয়ে, হাজোৰ দেৱালয়ৰ চোতালত বিষ্ণুৰাম মেধিয়ে আৰু ঘগ্ৰাপাৰত ফখৰুদ্দিন আলি আহমেদে ব্যক্তিগত সত্যাগ্রহ কৰি কাৰাবৰণ কৰে। সেইবাৰ এবছৰৰ বাবে কাৰাবাস খাটিব লগা হয় আহমেদে। তাৰ পূৰ্বতে জৱাহৰলাল নেহৰুৱে অসমৰ স্বাধীনতা আন্দোলনৰ সাৰ্থকতাৰ বিষয়ে বুজ ল’বলৈ আহিছিল। নেহৰুৱে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰা সময়ত তেওঁৰ মুখ্য সহযোগী আছিল আহমেদ। সেই সময়ৰে পৰা চোকা বুদ্ধিৰ আহমেদ জৱাহৰলালৰ প্ৰিয়পাত্ৰ হৈ উঠে, যাৰ ফলত ইন্দিৰা গান্ধীৰ স’তেও তেওঁৰ মধুৰ সম্পর্কই গঢ় লয়। সেই বাবেই পাছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হোৱাৰ সুযোগ লাভ কৰিবলৈ আহমেদ সক্ষম হৈছিল।

‘৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ আগে আগে অসমৰ কংগ্ৰেছ অর্থাভাৱত ভুগিছিল। সেই সময়ত ডাঃ হৰিকৃষ্ণ দাস, গোপীনাথ বৰদলৈ আদিৰ দৰে মুষ্টিমেয় নেতাই যি বিশাল আর্থিক বৰঙণি কংগ্ৰেছলৈ আগবঢ়াইছিল, সেইসকলৰ ভিতৰত আহমেদ আছিল আগৰণুৱা। এইবাৰ ইংৰাজ চৰকাৰে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লা আদিৰ লগতে তেওঁকো গ্ৰেপ্তাৰ কৰে। তাত এবছৰ তিনিমাহ কাৰাবাস খাটে তেওঁ। কোঁৱৰৰ ফাঁচিৰ সময়ত আহমেদ যোৰহাট জে’লতেই আছিল । ফাঁচি কাঠত ওলমিবলৈ হাঁহিমুখে আগবাঢ়ি যোৱা কোঁৱৰৰ সাহস দেখি আহমেদে মনত দুগুণে বল পাইছিল। যোৰহাট জে’লৰ পৰা মুক্তি পাই ঘৰলৈ উভতি আহিলেও ইংৰাজ চৰকাৰে তেওঁক পুনৰ জামিন বন্দী হিচাপে চাৰে তিনি বছৰ ৰাখি ১৯৪৫ চনৰ এপ্রিল মাহতহে মুক্তি দিয়ে।

গোপীনাথ বৰদলৈৰ গ্রুপিং বিৰোধী আন্দোলনৰ অন্যতম হোতা আছিল আহমেদ। পূর্ব পাকিস্তানৰ লগত অসম চামিল হোৱা বিষয়টোৰ বিৰুদ্ধে তেওঁ তীব্ৰ জনমত গঠন কৰিছিল। ১৯৪৬ ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত বিধায়ক হিচাপে পৰাজিত হোৱাৰ পাছত অসমৰ এড্‌ভোকেট জেনেৰেল হিচাপে আহমেদ মনোনীত হৈছিল। সেইবাৰ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য মনোনীত হৈ ৰাষ্ট্ৰীয় ৰাজনীতিত ভৰি দিছিল। ১৯৫২ৰ স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। তেওঁৰ ৰাজনৈতিক গুৰু গোপীনাথ বৰদলৈৰ মৃত্যু হোৱাৰ পাছত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ স’তে মনোমালিন্য হোৱাৰ বাবেই তেওঁ প্ৰতিদ্বন্দ্বিতাৰ পৰা আতৰি আছিল । অবশ্যে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰি ১৯৫৭ত পুনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু বিধানসভালৈ নির্বাচিত হৈ বিমলা প্রসাদ চলিহা মন্ত্রীসভাৰ বিত্ত, ৰাজহ, পঞ্চায়ত, সমাজ কল্যাণ, স্বায়ত্ত শাসন আদি গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হয়। ‘৬২ চনৰ নিৰ্বাচনতো জয়ী হৈ স্থানীয় স্বায়ত্ত শাসনৰ বাহিৰে পুনৰ উক্ত বিভাগকেইটাৰে মন্ত্ৰী হৈছিল। ১৯৬৮ত আহমেদ কংগ্ৰেছ পাৰ্লিয়ামেণ্ট্ৰেৰী ব’ৰ্ডৰ সদস্য নির্বাচিত হয়। তাৰ ডেৰ বছৰ মানৰ পাছত তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় মন্ত্রীসভাৰ সদস্য হিচাপে ২৯ জানুৱাৰী (‘৬৬ চন)ত শপত গ্ৰহণ কৰে। শক্তি আৰু মানৱ সম্পদ বিকাশৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ ইন্দিৰা গান্ধীৰ সহযোগী হৈছিল।

কংগ্ৰেছ নেত্ৰীৰ অন্ধ অনুগত হ’লেও নিজৰ সততা আৰু বুদ্ধিমত্তাৰ বলত কংগ্ৰেছী আদৰ্শৰ পূজাৰী আহমেদে কেন্দ্রীয় মন্ত্রী হিচাপে সমগ্র ভারতবাসীবে দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৬৭ চনত বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আহমেদ বিজয়ী হৈছিল আৰু সেই বছৰৰে ১৩ মাৰ্চত আকৌ ইন্দিৰা গান্ধী মন্ত্রীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি উদ্যোগ আৰু কোম্পানী বিভাগৰ দায়িত্ব পাইছিল। তাৰ পাছত ১৯৭০ৰ ২৭ জুনত তেওঁ ভাৰতৰ কৃষি আৰু খাদ্য বিভাগৰ মন্ত্ৰী হৈছিল। ১৯৭২ চনতো পুনৰ বৰপেটাৰ সাংসদ হিচাপে তেওঁ নির্বাচিত হৈ ইন্দিৰা গান্ধী চৰকাৰত পুনৰ কৃষি আৰু খাদ্য বিভাগৰে মন্ত্ৰিত্ব পাইছিল।

ইন্দিৰা গান্ধীৰ অতি ঘনিষ্ঠ সহযোগী আছিল ফখৰুদ্দিন আলি আহমেদ। বহু সময়ত উপদেষ্টাৰ ভূমিকা লৈ সংকটৰ মুহূৰ্তত ইন্দিৰা গান্ধীক বিভিন্ন পৰামৰ্শ দি বিপদৰ পৰা উদ্ধাৰ কৰিছিল। সেইবাবে ১৯৬৬ৰ পৰা ১৯৭৪ত ৰাষ্ট্রপতি নির্বাচিত হোৱালৈ এটা দিনৰ বাবেও তেওঁ মন্ত্ৰিত্ব ত্যাগ কৰিব লগা হোৱা নাছিল। ইন্দিৰাৰ ইমান ঘনিষ্ঠ হোৱাৰ বাবেই বোধহয় পাছত তেওঁৰ সম্পূৰ্ণ সহযোগ পোৱাৰ আশ্বাসতেই (বা পৰামৰ্শতেই?) ইন্দিৰাই সমগ্ৰ ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ দুঃসাহ কৰিছিল।

১৯৭৪ৰ এক জুলাইত কংগ্ৰেছে ফখৰুদ্দিন আলি আহমেদক ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। ১৭ আগষ্টত ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় আৰু ফলাফল অনুসৰি তেওঁ নিকটতম প্রতিদ্বন্দ্বী ত্ৰিদিৱ চৌধুৰীক বহু ভোটত পৰাজিত কৰি নিৰ্বাচিত হয় আৰু ২৪ আগষ্টত ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি হিচাপে ফখৰুদ্দিন আলি আহমেদে কার্যভাৰ লয়। ৰাষ্ট্ৰপতি হিচাপে বিশ্বশান্তিৰ বাবে, বিভিন্ন দেশৰ মাজত মৈত্রী ভাব জন্মাবৰ বাবে চেষ্টা কৰিছিল আহমেদে। সেই সময়ছোৱাত বিশ্বশান্তি-মৈত্ৰীৰ বাণী প্ৰচাৰ আৰু ভাৰতৰে সহযোগ বিচাৰি চুদান, ইন্দোনেছিয়া, হাংগেৰী, ইজিপ্ত, যুগোশ্লাভিয়া, চৌদি আৰৱ, ফিলিপাইন, ব্রহ্মদেশ, মালয়েছিয়া আদি বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত ভ্ৰমণ কৰি থকাৰ সময়তে তেওঁ অসুস্থ হৈ পৰিছিল আৰু ভ্ৰমণৰ সকলো কার্যসূচী বাতিল কৰি দিল্লীলৈ উভতি আহিবলৈ বাধ্য হৈছিল। ৰাষ্ট্ৰপতি হোৱাৰ আগতেও আহমেদে বহুবাৰ বিদেশ ভ্রমণ কৰিছিল। ১৯৫৭ চনত ৰাষ্ট্ৰসংঘৰ বিশেষ অধিৱেশন এটাত ভাগ ল’বলৈ ভাৰতৰ প্ৰতিনিধি হিচাপে গৈ আমেৰিকা ভ্ৰমণ কৰিছিল। ১৯৬৫ চনত ভাৰতীয় উকীল সন্থাৰ এটা দলৰ নেতৃত্ব লৈ তেওঁ ৰাছিয়ালৈ গৈছিল। ১৯৬৪ চনত পুনৰ পাঁচ সপ্তাহৰ বাবে আমেৰিকা ভ্ৰমণ কৰাৰ লগতে ‘৬৫ চনত মালয়েছিয়াৰ স্বাধীনতা দিৱসত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগ দিছিল। ‘৭০ চনত বিশ্ব খাদ্য আৰু কৃষি সন্মিলনত যোগ দিবলৈ আহমেদ অষ্ট্রেলিয়ালৈ গৈছিল। তাৰ পাছত ‘৭১ আৰু ‘৭৩ চনত দুবাৰকৈ একে উদ্দেশ্যেৰে ৰোমলৈ যায়। বিশ্বৰ বিভিন্ন সভাত দিয়া তেওঁৰ বক্তৃতাত ভাৰতীয় ঐতিহ্য তথা আদর্শবাদ আৰু বিশ্বভ্রাতৃত্বৰ অমোঘ বাণী ধ্বনিত হৈছিল।

মাথোঁ ৰাজনীতিবিদ তথা আইনজ্ঞ হিচাপেই ফখৰুদ্দিন আলি আহমেদৰ সুনাম নাছিল; ফুটবল, ক্রিকেট আৰু টেনিছ খেলুৱৈ হিচাপেও তেওঁ সন্মানিত হৈছিল। খেলধেমালিৰ এগৰাকী দক্ষ সংগঠক হিচাপে অনুজ খেলুৱৈসকলৰ অভাৱ অভিযোগ পূৰণ কৰি ভাৰতত সুস্থিৰ খেলৰ পৰিৱেশ গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰা আহমেদে অসম ফুটবল সংস্থা আৰু অসম ক্রিকেট এছ’চিয়েছনৰ সভাপতি হিচাপে বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ভাৰতীয় টেনিছ এছ’চিয়েছন আৰু ভাৰতীয় ক্রিকেট সংস্থাৰ সভাপতি হিচাপেও তেওঁ কৃতিত্বৰে কাৰ্যনিৰ্বাহ কৰিছিল।

বৈষ্ণৱ সাহিত্য, সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাৰো মহৎ অনুৰাগী আছিল ফখৰুদ্দিন আলি আহমেদ। মহেন্দ্ৰ মোহন চৌধুৰীৰে লগলাগি আহমেদে অসমৰ বাহিৰত থকা কিছুমান মৃতপ্রায় সত্ৰ, যেনে- মধুপুৰ, জগন্নাথ, পুৰী আদি ঠাইৰ সত্ৰক জীৱন দান কৰিছিল। তদুপৰি শংকৰী কৃষ্টি আৰু সংস্কৃতি প্ৰচাৰৰ বাবেও তেওঁ বহুখিনি কাম কৰি থৈ গৈছে। নিজৰ সংসাৰৰ দিশতো অহৰহ চকু দিয়া আহমেদ আছিল আবেদা বেগমৰ যোগ্য স্বামী আৰু দুই পুত্ৰ তথা কন্যাৰ দায়িত্বশীল পিতৃ।

ভাৰতৰ সবাতোকৈ ক্ষমতাশালী সাংবিধানিক পদমর্যাদা লাভ কৰা এইগৰাকী একমাত্ৰ অসমীয়াই ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱৰাটো আমি প্ৰতিজন অসমীয়াৰ বাবেই দুখজনক ঘটনা। জীৱনৰ শেহছোৱাত শৰীৰ-স্বাস্থ্য বিশেষ ভালে নথকা এইগৰাকী ৰাজনীতিক হঠাতে হৃদৰোগত আক্ৰান্ত হয় আৰু ১৯৭৭ৰ ১১ ফেব্ৰুৱাৰীৰ পুৱা তেওঁৰ মৃত্যু ঘটে।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published.