July 23, 2024

East Karbi Anglong Abhayaranya in Assamese। পূব কাৰ্বি আংলং অভয়াৰণ্য

East Karbi Anglong Abhayaranya in Assamese

পূব কাৰ্বি আংলং অভয়াৰণ্য East Karbi Anglong Wildlife Sanctuary in Assamese

ডিফু চহৰৰপৰা ৩৫ কিলােমিটাৰ দূৰত্বত অৱস্থিত পূব কাৰ্বি আংলং অভয়াৰণ্যইকাৰ্বি আংলং জিলাৰ বােকাজান মহকুমাৰ প্রায় ২২,১৮১হেক্টৰ (২২১.৮১ বর্গ কিঃ মিঃ) বনাঞ্চল আগুৰি আছে। ২০০০ চনৰ ২৭ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনাযােগে মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া কিছু অৰণ্য অঞ্চল সাঙুৰি লৈ এই বনাঞ্চলখনক অভয়াৰণ্যলৈ উন্নীত কৰে। বনাঞ্চলখন কাৰ্বি আংলং পূর্ব সংমণ্ডলৰ অন্তৰ্গত। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই বিশেষে ৮০ৰ পৰা ৫০০ মিটাৰ।

জলবায়ু

অভয়াৰণ্যখনৰ জলবায়ু ক্রান্তীয় সেমেকা। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ অলপ কম, গড় সর্বোচ্চ তাপমাত্রা ৩৪ ডিগ্রী চেন্টিগ্রেড আৰু সর্বনিম্ন ৬ চেণ্টিগ্রেড।

উক্তিৰাজি

বনাঞ্চলখনৰ অৰণ্যৰাজি প্ৰধানকৈ ক্রান্তীয় অর্ধ চিৰসেউজ আৰু ঠাইবিশেষে ক্রান্তীয় সেমেকা পর্ণপাতী অৰণ্য দেখিবলৈ পােৱা যায়। অভয়াৰণ্যখনত শলখ, খকন, ভেলেউ, নাহৰ, পমা, ঔটেঙা, শিলিখা, আম, চেগুন, গমাৰি, কঁঠাল আদিৰ উপৰি বিভিন্ন লতাজাতীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ আদিও উপলব্ধ।

জীৱ-জন্তু

পূব কাৰ্বি আংলং অভয়াৰণ্যখন জীৱ-জন্তুৰ ক্ষেত্ৰত অতি চহকী। বিভিন্ন বন্যপ্রাণীৰ বাবে অভয়াৰণ্যখন উপযুক্ত বাসস্থান। এই অভয়াৰণ্যখনত বাঘ, নাহৰফুটুকী, গােধাফুটুকী, লতামাকৰি, হেপা, শৰপহু, সুগৰীপহু, হাতী, বনগৰু, দেও ছাগলী, ভালুক, হলৌবান্দৰ, হনুমান বান্দৰ, লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, মলুৱা বান্দৰ, অসমীয়া মলুৱা, ৰাং কুকুৰ, জহামাল, বনৰৌ, কেটেলা পহু, নেউল, শিয়াল আদি পােৱা যায়। অভয়াৰণ্যখন বিভিন্ন প্রজাতিৰ সৰীসৃপ আৰু উভচৰ প্রাণীৰাে বাসস্থান। সৰীসৃপৰ ভিতৰত শিলকাছ, অজগৰ, ৰজাফেঁটী, গুই আদি প্রধান।

পক্ষীকুল

অভয়াৰণ্যখনত এতিয়ালৈকে প্রায় ২৫০ৰৰ অধিক চৰাইৰ প্রজাতি নথিভুক্ত হৈছে। বিভিন্ন প্রজাতিৰ চৰাইৰ ভিতৰত ধনেশ, হাইঠা, পৰঘুমা, ভীমৰাজ, মইনা চৰাই, সখিয়তী, বিভিন্ন প্রজাতিৰ ভাটৌ, কপৌ, কেঁচু, বুলবুলি, ৰূপহী চৰাই, ঈগল, বাঢ়ৈটোকা, হেঁটুলুকা, ফেঁচা, হুদু, বতাহী, তেলটুপি, কাওচৰাই, মৌখােৱা, ঘৰশালিকা, চুটিয়া শালিকা, কাণকুৰিকা, পাতিকাউৰী, ভেঁৰাকাউৰী, বুলবুলি আদি উল্লেখযােগ্য। অভয়াৰণ্যখন কাঠনি চৰাইৰ বাবে বিখ্যাত।

যাতায়াত ঃ

ডিফু চহৰখন ওচৰতে হােৱা বাবে ডিফু চহৰৰপৰা স্থলপথেৰে গাড়ীৰে যাব পাৰি। কাজিৰঙালৈ গৈ কঁহৰাৰপৰাও অভয়াৰণ্যখনলৈ যাবলৈ সুবিধা আছে। পর্যটকসকলৰ বাবে কঁহৰা বা বাগৰিত থকা বিভিন্ন চৰকাৰী বা বেচৰকাৰী অতিথি গৃহ, পর্যটন নিবাস, বন বিভাগৰ পৰিদৰ্শন বঙলা আৰু কঁহৰাত থকা কাৰ্বি আংলং জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ এটা পৰিদৰ্শন বলা আছে।

How to reach:

From Dimapur Airport the Sanctuary is 150 kms. away by road, from the LGBI Airport Guwahati it is about 190 kms. and from Rowraiah (Jorhat) Airport it is 110 Kms. away.

Where to stay:

Tourist Lodge, Diphu, Tel.: (03671)272694 (O), A small Forest Inspection Bungalow is available at Dokmoka town, only 37 kms. away from the Sanctuary. Contact – Range Forest Officer, Western Range, Dokmoka. Hotels & Lodges are available at Diphu town which is 132 Kms. away and at Nagaon town which is 127 kms. away from the sanctuary.

Whom to contact for visit:

Divisional Forest Officer, KarbiAnglong East Division, Diphu, Tel.: (03671)272237(O), 273303 (R).

Best season for visit

November to April.

You Can Read Also

References

  1. I collected from Wikipedia
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *