July 22, 2024

Dehing Patkai Abhayarana in Assamese। দিহিং পাটকাই অভয়াৰণ্যৰ ইতিহাস

Dehing Patkai Abhayarana in Assamese

দিহিং পাটকাই অভয়াৰণ্য Dehing Patkai Wildlife Sanctuary

২০০৪ চনৰ ১৩ জুন তাৰিখে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ-দিহিং আৰু দিক অভয়াৰণ্যক সামৰি দিহিং পাটকাই বৰ্ষাৰণ্য গঠন কৰা হয়। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গােষ্ঠী ‘নেচাৰ্ছ বেকন’-এ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ-দিহিং আৰু দিক অভয়াৰণ্যৰ ৫০০ বর্গ কিলােমিটাৰ অৰণ্য অঞ্চলক সামৰি অভয়াৰণ্য গঠনৰ বাবে প্রবল আন্দোলন গঢ়ি তুলিছিল। নেচাৰ্ছ বেকনৰ এই ৫০০ বর্গ কিলােমিটাৰ প্রস্তাৱিত অভয়াৰণ্যৰ ১১১.১৯ বর্গ কিলােমিটাৰ অঞ্চলকহে ইতিমধ্যে দিহিং পাটকাই অভয়াৰণ্য নামেৰে ঘােষণা কৰা হৈছে।

Dehing Patkai Abhayarana in Assamese

দিহিং পাটকাইৰ ভৌগােলিক অৱস্থান ২১°৫ উত্তৰৰপৰা ২১° ২৮উত্তৰ অক্ষাংশলৈ আৰু ১৫° ২ পূর্ব দ্রাঘিমাংশৰপৰা ১৫° ৩৮পূর্ব দ্রাঘিমাংশ।

চাৰিসীমা

অভয়াৰণ্যখনৰ পূবে আছে মাৰ্ঘেৰিটা, পশ্চিমে নাহৰকটীয়া আৰু জয়পুৰ, উত্তৰে ডিগবৈ আৰু দক্ষিণে নামৰূপ।

জীৱ-জন্তু

দিহিং পাটকাই অভয়াৰণ্য জৈৱ-বৈচিত্র্যত চহকী। বর্তমান সমগ্ৰ অঞ্চলটোতে ৪২টা প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্রাণী, ২৯৩টা প্রজাতিৰ বনৰীয়া চৰাই, ৪০টা প্রজাতিৰ সৰীসৃপ আৰু উভচৰ, ৩০টা প্রজাতিৰ পখিলাক চিনাক্ত কৰা হৈছে। অভয়াৰণ্যখন হলৌ বান্দৰ, হনুমান বান্দৰ, অসমীয়া বান্দৰ, হাতী, বাঘ, বনগৰু, হিমালয়ৰ কেৰ্কেটুৱা, নাহৰফুটুকী বাঘ, কেঁকোৰাখােৱা নেউল, ভালুক, সুগৰী পহু, শহাপহু, জহামাল, মেচেকা, উদ, হেপা, বনমেকুৰী আদি স্তন্যপায়ী প্রাণীৰ বাবে বিখ্যাত। এই অভয়াৰণ্য বান্দৰজাতীয় প্রাণীৰ অন্যতম সর্বোৎকৃষ্ট বাসস্থান হােৱাৰ লগতে অসমৰ ভিতৰত হাতীৰৰ প্ৰধান বসতিস্থল। ভাৰত চৰকাৰৰ হস্তী প্রকল্পত এই অভয়াৰণ্যক অন্তর্ভুক্ত কৰা হৈছে।

পক্ষীকুল

বনৰীয়া চৰাইৰ ক্ষেত্ৰত দিহিং পাটকাই অভয়াৰণ্য অতি উল্লেখযােগ্য। ইয়াত বর্তমানলৈকে ২৮৯টা প্ৰজাতিৰ চৰাই চিনাক্ত কৰা হৈছে। ইয়াৰে বহুকেইটা প্ৰজাতিৰ সংখ্যা একেবাৰে কম আৰু বর্তমান বিলুপ্ত হ’বলৈহে ধৰিছে। অভয়াৰণ্যখনৰ চৰাইৰ প্ৰজাতিৰ ওপৰত উত্তৰ পূব ভাৰতৰ পৰিবেশ সংৰক্ষণকাৰী গােষ্ঠী নেচাৰ্ছ বেকন, Bombay Natural History Society ons Bird Life International নামৰ তিনিটা সংস্থাই একত্রিতভাৱে অধ্যয়ন চলাইছিল। এই অধ্যয়নৰ পাছত অভয়াৰণ্য খনক Important Bird Area Site (IBA) বুলি প্রতিপন্ন কৰা হৈছে।

কাঠনি চৰাই (Woodland Birds)-ৰ বাবে অভয়াৰণ্যখন চহকী। বর্তমান তিনিশৰাে অধিক প্রজাতিৰ চৰাই তালিকাভুক্ত হৈছে। ইয়াৰে কিছুমান ভাৰতীয় বন্যপ্রাণী সুৰক্ষা আইনৰদ্বাৰা সংৰক্ষিত। এই চৰাইসমূহৰ ভিতৰত ৰাজধনেশকে আদি কৰি পাঁচটা প্রজাতিৰ ধনেশ পক্ষী, দেওৰাজহাঁহ, হুদু, দেওডৰিক, বাঢ়ৈটোকা, ফেঁচা, শেন, ঈগল, বিভিন্ন প্রজাতিৰ হাইঠা, বুলবুলি, কপৌ, মইনা, সখিয়তী, কাণকুৰিকা, হেঁটুলুকা, ডাউক, মৌপিয়া, ৰূপহী, বগলী, মাছৰােকা আদিৰ বসতিস্থল। এই অভয়াৰণ্যতেই বিশ্বৰ ভিতৰতে সর্বাধিক দেওহাঁহ আছে। অভয়াৰণ্যখন বিভিন্ন প্রজাতিৰ পখিলা, বিষাক্ত সাপ, জেঠী, নাইপিয়া, তেজপিয়া, পােক-পতংগ আদিৰে পৰিপূর্ণ।

উদ্ভিদৰাজি

দিহিং পাটকাই অভয়াৰণ্যখনত পাঁচটা স্তৰৰ হাবি পৰিলক্ষিত হয়। প্রথম স্তৰটো হােলােং, তিতাচ পা, দ্বিতীয় স্তৰটো নাহৰ, চাম, মেকাই, অমাৰি, কদম, ভােমােৰা, বৰহমথুৰি, বগীপমা, ভেলেউ আদিৰে, তৃতীয় স্তৰটো প্ৰধানকৈ আজাৰ, ঔ-টেঙা, বাজী-ঔ আদিৰে, চতুর্থ স্তৰটো কৌপাত, তৰা, বগীতৰা, তামােল, টকৌপাত, কুঁহিয়াৰ আদি জোপােহা গছেৰে ঢাকি আছে। মাটিৰ ওপৰভাগত বিভিন্ন প্রজাতিৰ ভেঁকীয়াজাতীয় উদ্ভিদ, কচু, পাততিতা, দীঘলতি আদি উদ্ভিদ পৰিলক্ষিত হয়। নানা তৰহৰ অর্কিডেৰেও অভয়াৰণ্যখন ভৰি আছে।

অভয়াৰণ্য হােৱাৰ বাবে বছৰৰ আটাইকেইটা ঋতুতে এই হাবি সেমেকা আৰু বৰষুণসিক্ত হৈ থাকে। অভয়াৰণ্যখনৰ মাজেৰে বুঢ়ীদিহিং নদী বৈ গৈছে। তদুপৰি নামচাং নদীখন অৰুণাচলৰপৰা বৈ আহি অভয়াৰণ্যখনৰ মাজেৰে বুঢ়ীদিহিঙত পৰিছে। নদী দুখনত নৌ-চালনা কৰাৰ সুবিধাও আছে। অভয়াৰণ্যখনত ট্রেকিং, চৰাই পর্যবেক্ষণ আদিৰ সুবিধা আছে।

যাতায়াত

উজনি অসমৰ ডিব্ৰুগড় চহৰ, তিনিচুকীয়া চহৰ, নাহৰকটীয়া, দুলীয়াজান, নামৰূপ ইত্যাদি চহৰৰপৰা বাছেৰে সহজে এই অভয়াৰণ্যলৈ যাব পাৰি। ডিব্ৰুগড়ৰ মােহনবাৰী বিমান বন্দৰৰপৰা অভয়াৰণ্যখনলৈ দুঘণ্টাৰ বাট। থকামেলাৰ বাবে তিনিচুকীয়া আৰু ডিব্ৰুগড়ত বহুতাে হােটেল আৰু অতিথিশালা আছে। জয়পুৰত বনবিভাগৰ এটা পৰিদর্শন বলা আছে। জয়পুৰতে থানা আৰু বন বিভাগৰ ৰেঞ্জ অফিচ অৱস্থিত।

Dehing Patkai Abhayarana in Assamese

ভ্ৰমণৰ উপযুক্ত সময়ঃ

অভয়াৰণ্যখন ভ্ৰমণৰ বাবে নৱেম্বৰ মাহৰপৰা. ফেব্ৰুৱাৰী মাহলৈ উত্তম সময় যদিও বানপানীৰ কবলত নপৰা বাবে বাৰিষাকালতাে অভয়াৰণ্যখনৰ সৌন্দর্য উপভােগ কৰিব পাৰি।

How to reach:

From Mohanbari (Dibrugarh) Airport the Sanctuary is about 80 kms. away. The Sanctuary is close to Digboi, Duliajan and Margherita towns.

Where to stay:

Forest Inspection Bungalow at Digboi, contact – Divisional Forest Officer, Digboi Division, Digboi, Tel.: (03751)264433. The Private Lodges are – Digboi Tourist Lodge cum Restaurant, Golai No.1, Digboi, P.O. Digboi, Tel.: 9435169247, Central Transit Accommodation, I.O.C. Digboi, Tel.: (03751)264025

Whom to contact for visit:

Divisional Forest Officer, Digboi Division, P.O. Digboi, Pin: 786171, Dist. Tinsukia, Tel.: (03751)264433, Range Forest Officer, Soraipung, P.O. Bhadoipanchali, Dist: Tinsukia, Range Forest Officer, Margherita West Range, P.O. Margherita, Dist: Tinsukia.

References

  1.  Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India” 
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. assam.gov.in
  5. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *