Table of Contents
দীপৰ বিল পক্ষী অভয়াৰণ্য Deepor Beel Bird Sanctuary
ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গুৱাহাটী মহানগৰীৰপৰা ১৮ কিলােমিটাৰ পশ্চিম কোণত অৱস্থিত দীপৰ বিল অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য। পৃথিৱীৰ মানচিত্ৰত দীপৰ বিল ২৬°০৩ উত্তৰৰপৰা ২৭°০২ উত্তৰ অক্ষাংশ আৰু ৯২°৩৯ পূবৰপৰা ৯২°৫৫ পূর্ব দ্রাঘিমাংশত অৱস্থিত। সাগৰপৃষ্ঠৰপৰা দীপৰ বিলৰ উচ্চতা ১৬৫-১৮৬ ফুট। বাৰিষা বিল, | জলাশয় আদিকে ধৰি দীপৰ বিলৰ মাটিকালি প্রায় ৬০ বর্গ কিলােমিটাৰ আৰু খৰালি মাটিকালি প্রায় ১০.১ বর্গ কিলােমিটাৰলৈ হ্রাস হয়। ১৯৮৯ চনত অসম চৰকাৰে ৪.১৪ বর্গ কিলােমিটাৰ অঞ্চল সাঙুৰি দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘােষণা কৰে।

অৱস্থান | গুৱাহাটী, কামৰূপ জিলা, অসম |
---|---|
স্থানাংক | ![]() ![]() |
Basin countries | ![]() |
Surface area | 4,014 বৰ্গ কি.মি. (1,550 বৰ্গ মাইল) |
Average depth | 1 মিটাৰ (3.3 ফুট) |
Max. depth | 4 মিটাৰ (13 ফুট) |
Surface elevation | 53 মিটাৰ (174 ফুট) |
ইতিহাসৰ
পাতত থকা অনুসৰি আহােম ৰাজত্বত আৰু মােগলৰ অধীনত থকা সময়ত দীপৰ বিলত জাহাজ মেৰামতি আৰু বস্তুবাহানি উঠানমােৱা কৰা হৈছিল। ১৯৮৯ চনৰ ১২ জানুৱাৰীত অসম চৰকাৰে এক অধিসুচনাৰ দ্বাৰা ৪ ১৪ বর্গ কিলােমিটাৰ মাটিকালি সামৰি দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘােষণা কৰে। তাৰ পাছত ২০০২ চনৰ নৱেম্বৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰামচৰ অঞ্চল‘হিচাপে চৰকাৰে ঘােষণা কৰে। এখন অতি গুৰুপূর্ণ জলাহভূমি হিচাপে দীপৰ বিল আন্তর্জাতিকভাৱে স্বীকৃত।
বর্তমান দীপৰ বিলত জাবৰ-জোঁথৰ পেলাইবিলখনলৈ সংকত নমাইঅনাৰ লগতে এচামে বিল খন পুতি অট্টালিকা সাজিবলৈ চেষ্টা কৰিও ভাবুকি কঢ়িয়াই আনিছে। তদুপৰি বিলখনত মানুহে মাছমাৰি আৰু কাষেৰে যােৱা ৰে’লেও পক্ষীবােৰক অনবৰতে ভয় লগাই আহিছে। এনেস্থলত ইহঁতৰ বংশবৃদ্ধিতে বাধাস্বৰূপ হৈছে। আনহাতে ৰে’লপথ পাৰ হৈ বিলখনলৈ অহা হাতীও ৰে’লৰ খুন্দাত মৰাটো এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। শেহতীয়াকৈ যােৱা ৭ জুলাইত ২০১৪ ত এনে ঘটনা এটাৰ (দীপৰ বিললৈ অহা হাতী ৰে’লৰ খুন্দাত মৃত্যু) আলম লৈয়ে ৰচনা কৰা দীপৰ বিলৰ পাৰে পাৰে’ শীর্ষক দৃশ্য-শ্ৰব্য গীতটো মুকলি কৰা হৈছে । গীতটোৰ ৰচনা ইবচন লাল বৰুৱাৰ আৰু কণ্ঠদান কৰিছে তেৱেঁই।
জলবায়ুঃ
দীপৰ বিলৰ বার্ষিক উষ্ণতা গড় হিচাপত সর্বোচ্চ ৩২° চেলছিয়াছ আৰু সর্বনিম্ন ১০° চেলছিয়াছ, বার্ষিক বৰষুণৰ পৰিমাণ ২৫০০-৩৫০০ মিলিমিটাৰ আৰু আদ্ৰ শতকৰা ৫০.৫ৰপৰা ৮২.৫ শতাংশ।
চাৰিসীমা
দীপৰ বিলৰ উত্তৰ দিশত অসম অভিযান্ত্রিক মহাবিদ্যালয় আৰু জালুকবাৰী, দক্ষিণ দিশত ৰাণী-গড়ভঙা সংৰক্ষিত বনাঞ্চল, পূব দিশত আছে ভৰলু নদী আৰু বশিষ্ঠ বাহিনী নদী আৰু পশ্চিম দিশত আছে আজাৰা।
পক্ষীকুল
বর্তমান দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্রায় ২৭০বিধ প্রজাতিৰ চৰাই দেখিবলৈ পােৱা যায়। ইয়াৰে ৭০বিধমান প্রবজনকাৰী চৰাই। বিভিন্ন প্রজাতিৰ চৰাইসমূহৰ ভিতৰত পানীডুবি, ভেলা, কৈলাঙি, দৈকলা, পানীকাউৰী, মণিয়ৰী, গােবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাকচৰাই, আজান, কণামুচৰি, ইটাগুড়ীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকোলা, হাড়গিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাহ, দীঘলনেজী, খন্তীয়াহহ, ৰঙামূৰী হাঁহ, বামুণীহাহ, মটীয়া চিলনী, গােধূচিলনী, শগুন, বিভিন্ন প্রজাতিৰ মাছৰােকা, ডাউক, দলপুঙা, সেঁকৰ, কামচৰাই, দলম’ৰা, বালিঘোঁৰা, গংগাচিলনী, ৰামপাৰ, কেঁচু, বালিমাহী আদি উল্লেখযােগ্য। foarcy Bird-Life International-a asta flore Important Bird Area হিচাপে চিহ্নিত কৰিছে। Deepor Beel Pokhi Abhayarana
চৰাইৰ উপৰি দীপৰ বিল ৰৌ, ভকুৱা, শ’ল, কান্ধুলি, বৰালি, পুঠি, খলিহনা, কাৱৈ, মাগুৰ আদি বিভিন্ন জাতৰ মাছেৰে পৰিপূৰ্ণ। সাপ, কাছ, ভেকুলী, পােক-পৰুৱা, শামুক, শেলুক আদিও এই অভয়াৰণ্যৰ সম্পদ। অভয়াৰণ্যখনৰ গাতে লাগি থকা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰপৰা কেতিয়াবা ৰাতি জাক পাতি হাতী নামি আহি আহাৰ গ্রহণ কৰাৰ লগতে জলকেলি কৰি থাকেহি৷ একেদৰে শৰপহু, গাহৰি, নাহৰফুটুকী বাঘ আদিও অভয়াৰণ্যখনলৈ আহে।

উদ্ভিদৰাজি
অভয়াৰণ্যখনৰ উদ্ভিদৰাজিৰ ভিতৰত ঘাইকৈ জলজ উদ্ভিদেই প্রধান। অভয়াৰণ্যখনৰ দক্ষিণ-পশ্চিমফালে কিছু পৰিমাণে অৰণ্য দেখিবলৈ পােৱা যায়। জলজ উদ্ভিদসমূহৰ ভিতৰত মেটেকা, সৰু পুণী, শিঙৰী, ভেট, হেলচী, কলমৌ আদি প্রধান।
অসম বন বিভাগে দীপৰ বিলৰ পাৰত এটা পক্ষী নিৰীক্ষণ কেন্দ্র স্থাপন কৰিছে। বর্তমান দীপৰ বিল পর্যটকৰ এক অন্যতম আকর্ষণৰ কেন্দ্ৰৰূপে গঢ় লৈ উঠিছে। Deepor Beel Pokhi Abhayarana
যাতায়াত
এই অভয়াৰণ্যৰ কাষতে থকাৰ কোনাে ব্যৱস্থা নাই। গুৱাহাটী মহানগৰীৰ নিচেই ওচৰতে অৱস্থিত হােৱাৰ বাবে ভ্ৰমণকাৰীয়ে গুৱাহাটীৰপৰা অট’ৰিক্সা, টেক্সী বা ব্যক্তিগত গাড়ীৰে দীপৰ বিললৈ যাব পাৰে।
যােগাযােগ ঃ
Divisional Forest Officer, Guwahati Wildlife Division. A.T.Road, Santipur, Guwahati.
References
- Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India”
- Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
- Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
- Something I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks