April 20, 2024

Bulbuli Chorair juj History Essay in Assamese | বুলবুলি চৰাইৰ যুঁজ

Bulbuli Chorair juj in Assamese

তীৰ্থ নগৰী হাজোত ৰাজপৃষ্ঠপোষকতাত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈছিল। জনশ্রুতি অনুসৰি স্বৰ্গদেউ প্রমত্ত সিংহই এবাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ বুলবুলি চৰাইৰ যুঁজ লাগি থকা দেখিছিল। তাতেই স্বৰ্গদেৱে বৰ ৰং পাই শেন-কণুৱা যুঁজৰ পৰিৱৰ্তে বুলবুলি চৰাইৰ যুঁজৰ পৰম্পৰাৰ আৰম্ভণি কৰিলে। বিভিন্ন ঠাইৰ পৰা বুলবুলি চৰাই ধৰি আনি হাজোৰ এই যুঁজৰ বাবে চৰাইটোক সুস্থ-সবল কৰি ৰখাৰ সকলো ধৰণৰ ব্যৱস্থা হাতত লয়। এইখিনি সময়তে বুলবুলি চৰাইক যুঁজৰ বাবে প্ৰশিক্ষণ দিয়া হয়। এইবোৰৰ দায়িত্বত থকাজনক ‘ওজা’ বুলি কোৱা হয়। যিদিনা বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰা হয়, সেইদিনালৈ চৰাইবোৰক ভোকত ৰখা হয়। তাৰ আগদিনা এক প্ৰকাৰ নিচাজাতীয় দ্রব্য খুৱাই চৰাইবোৰৰ খং বঢ়াই লোৱা হয়। তেতিয়াহে বুলবুলি চৰাইৰ যুঁজখন বেছি আকর্ষণীয় হৈ উঠে। বুলবুলি চৰাইৰ যুঁজ হোৱা দিনা তাত দুজন ব্যক্তিক ‘মাচিং’ (যুঁজৰ বিচাৰককেই মাচিং বোলা হয়) হিচাপে নিযুক্ত কৰা হয়। ‘আহোম যুগৰ খেল-ধেমালি’ প্ৰবন্ধত তুলিকা চেতিয়া য়েইনে বুলবুলি চৰাই যুঁজৰ কথা আলোচনা কৰিবলৈ গৈ লিখিছে এনেদৰে— “যুদ্ধৰ বাবে সাজু কৰা মঞ্চত এই মাচিং দুজনে এটা ভীমকল ৰাখি চৰাই দুটাক লাহে লাহে ওচৰ চপাই আনে। কলডোখৰ খাবলৈ ওচৰ চপাৰ লগে লগেই চৰাই দুটাৰ মাজৰ পৰা কলডোখৰ আঁতৰাই নিয়া হয়। দুই তিনিবাৰ্মান কলডোখৰ আঁতৰাই নিয়াৰ লগে লগে বুলবুলি চৰাইকেইটাই খঙত যুঁজিবলৈ আৰম্ভ কৰে। যিটো চৰাই জিকে সিও পাৰদৰ্শিতা দেখুৱাই পৰাজিত হোৱাটোৰ বুকুত ভৰি থৈ বহে।

আনহাতে পৰাজিত চৰাইটোৰ মূৰৰ ওপৰত থকা ৰঙা পাখি কাটি দিয়া হয়। বিজয়ী চৰাইৰ ওজাক পুৰস্কৃত কৰা হয়। যুঁজৰ শেষত সকলো চৰাইক পুনৰ হাবিত মেলি দিবলৈ স্বৰ্গদেউ প্রমত্ত সিংহই আদেশ দিছিল বাবেই আজিও হাজোবাসী ৰাইজে এই আদেশৰ প্ৰতি সন্মান জনাই বুলবুলি চৰাই যুঁজৰ শেষত হাবিত এৰি দিয়ে।” অসমৰ একমাত্র হাজো অঞ্চলৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰৰ প্ৰাংগণত মাঘ বিহুৰ প্ৰথম দিনা সকলোৱে একেলগে উপভোগ কৰা একপ্ৰকাৰ অতুলনীয় ধেমালি হ’ল বুলবুলি চৰাইৰ যুঁজ। কটা ভীমকল এডোখৰ দেখুৱাই বুলবুলি চৰাইৰ এই যুঁজৰ আৰম্ভণি কৰা হয়। যুঁজত পৰাজয় বৰণ কৰা বুলবুলি চৰাইটোৱে আৰু যুঁজিব নোৱৰা হৈ পৰে। জয়ী হোৱা চৰাইটোক আকৌ আন এটা চৰাইৰ লগত যুঁজিবলৈ দিয়া হয়। এনেদৰে যুঁজখন আগবঢ়াই নি শেষত তিনিটা চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় হিচাপে ঘোষণা কৰা হয়। পুনৰ আটাইবোৰ বনৰীয়া বুলবুলি চৰাইকে হাবিত মেলি দিয়া হয়। এনেদৰেই হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ প্ৰাংগণত বুলবুলি চৰাই যুঁজ বৰ্তমানেও অনুষ্ঠিত হৈ আহিছে।

You can read also

References

  1. assam.gov.in
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *