April 17, 2024

Borail Abhayaranya in Assamese। বৰাইল বন্যপ্রাণী অভয়াৰণ্য

Borail Abhayaranya in Assamese

বৰাইল বন্যপ্রাণী অভয়াৰণ্য ইতিহাস History of Borail Wildlife Sanctuary in Assamese

কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইলৰ ৩২৬.২৪ বর্গ কিলােমিটাৰ অঞ্চল সামৰি গঠন কৰা হৈছে বৰাইল অভয়াৰণ্য। অভয়াৰণ্যখন কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত। অভয়াৰণ্যখন সম্পূর্ণ পাহাৰীয়া আৰু ঠাইখনৰ কোনাে কোনাে অঞ্চল সাগৰপৃষ্ঠৰপৰা ১৫০০ মিটাৰতকৈ বেছি উচ্চতাত অৱস্থিত। ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা এইখনেই হ’ল অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য।

উদ্ভিদ

বনাঞ্চলখনৰ অৰণ্যৰাজিক ক্রান্তীয় চিৰসেউজ অৰণ্য আৰু উপক্রান্তীয় বহল পাতৰ অৰণ্য— এই দুটা ভাগত ভগাব পাৰি। অভয়াৰণ্যখনৰ মাজত কিছুমান পিটনি আৰু পানী জমা হৈ থকা সৰু সৰু ঠাই আছে। বৰাইল অভয়াৰণ্যৰ অঞ্চল-বিশেষে ওখ ওখ গছ, বাঁহনি, ঘাঁহনি আদিৰে পৰিপূৰ্ণ হৈ আছে। অভয়াৰণ্যখনৰ বহু ঠাই প্রচুৰ বেত, ইকৰা, নল, খাগৰি আদিয়ে ঢাকি আছে। বৃক্ষজাতীয় গছবােৰত বিভিন্ন প্রজাতিৰ অর্কিড দেখিবলৈ পােৱা যায়। অভয়াৰণ্যখনৰ পশ্চিম সীমাই মেঘালয় ৰাজ্যৰ

জীৱ-জন্তু

জয়ন্তীয়া পাহাৰ স্পৰ্শ কৰাৰ ফলত পাহাৰীয়া বহু বন্যপ্রাণীৰ বাবে অভয়াৰণ্যখন প্ৰব্ৰজনৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হৈ পৰিছে।

স্তন্যপায়ী বন্যপ্রাণীৰ ভিতৰত সােণালী মেকুৰী, বনমেকুৰী, ৰাং কুকুৰ, গােধাফুটুকী, নাহৰফুটুকী, হলৌ, গাহৰিনেজীয়া বাৰ, ভালুক, চেৰাউ (এবিধ ছাগলী), টুপীমূৰীয়া বান্দৰ, চছমাপিন্ধা বান্দৰ, সুগৰী পহু, হাতী, মাছুৱৈ মেকুৰী, নেউল, বনৰীয়া গৰু, গৌৰ ইত্যাদি দেখিবলৈ পােৱা যায়।

অভয়াৰণ্যখন সৰীসৃপ আৰু উভচৰ বন্যপ্রাণীৰাে এক সুন্দৰ বাসস্থান। এই অভয়াৰণ্যত পৃথিৱীৰ ভিতৰত বিষধৰ সাপ ‘কিং কোব্রা’ বা ৰজাফেঁটী বাস কৰে। তাৰ বাহিৰেও অজগৰ, মচোৱা গােম, গ্রিনপিত ভাইপাৰ ইত্যাদি অভয়াৰণ্যখনত দেখিবলৈ পােৱা যায়। অভয়াৰণ্যখনত ‘এছিয়ান লিফ টাৰটেইল’ আৰু ব্ৰাউন হিন্ টৰটোইজ’ নামৰ দুবিধ লুপ্তপ্রায় প্রজাতিৰ কাছ আছে।

পক্ষীকুল

নানা বৰণীয়া দেশী-বিদেশী চৰাইৰ বাবে অভয়াৰণ্যখন উপযুক্ত বাসস্থান। ডৰিক, দেওডৰিক, ধনেশ, ৰাজধনেশ, হাইঠা, ৰূপহী, বিভিন্ন জাতৰ ঈগল, কামচৰাই, কপৌ, ভাটৌ, শেন, শিলকপৌ, ম’ৰা, পাকৈটোৰা, বগলী আদি চৰাই অভয়াৰণ্যখনত দেখিবলৈ পােৱা যায়।

যাতায়াত ঃ

শিলচৰৰপৰা অভয়াৰণ্যখন নিচেই ওচৰত হােৱাৰ বাবে শিলচৰক কেন্দ্ৰ কৰি অভয়াৰণ্যখন ভ্রমণ কৰ্বি পাৰি। কৰিমগঞ্জৰপৰা অভয়াৰণ্যখনলৈ দূৰত্ব ৪০ কিলােমিটাৰ। শিলচৰত থকা হােটেল আৰু অতিথিশালাত ভ্ৰমণকাৰীয়ে থকা-মেলা কৰিব পাৰে। তদুপৰি শিলচৰ চহৰত গড়কাপ্টানি বিভাগৰ অতিথিশালা আৰু চৰকাৰী আৱর্ত ভৱনাে আছে।

কিদৰে যাব:

নিকটতম শিলচৰ (কুম্ভীৰগ্রাম) বিমানবন্দৰটো ৪০কিলোমিটাৰদূৰ। নিকটৱৰ্ত্তী চহৰবোৰৰ পৰা ৰাস্তাৰে দূৰত্ব হ’ল – শিলচৰ ৪০কিলোমিটাৰ। আৰু কৰিমগঞ্জ ৪০কিমি.।

ক’ত থাকিব:

প্রশান্তি টুৰিষ্ট লজ (এটিডিচি), শিলচৰ, যোগাযোগ কৰক-টুৰিষ্টঅফিচাৰ। চাৰ্কিট হাউচৰ বাবে, শিলচৰ ডাক বাংলো, যোগাযোগ কৰক- জিলা প্রশাসক, শিলচৰ, টেলি: (০৩৮৪২) ২৪৫০৫৬১। পৰ্যটকসকলৰ আন্তগাঠনি আৰু সুৰক্ষাৰ অভাৱত অভয়াৰণ্যৰ কাষৰ অঞ্চলত থকা বিষয়টো এৰাই চলক।

দৰ্শনৰ বাবে কাক যোগাযোগ কৰিব :

ডি.এফ.এ. কৰিমগঞ্জ বিভাগ, টেলি (০৩৮৪৩) ২৭৩৪৫৫, ৰেঞ্জ ফৰেষ্ট অফিচাৰ, কালাইন, টেলি (০৩৮৪৫) ২৮৩৫৩৫, ডিএফ.ও. কাছাৰ বিভাগ, টেলিফোন: (০৩৮৪২) ২২৬২৬৪৭,(০৩৮৪২) ২২৪৫৬৪৮, ৰেঞ্জ ফৰেষ্ট অফিচাৰ, উধৰবন্দ, টেলি (০৩৮৪২) ২২৮১৪৭২

ভ্রমণৰ বাবে উত্তম বতৰ:

অক্টোবৰৰ পৰা মার্চ

You can Also Read

References

  1. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  2. And I collected from Wikipedia
  3. assam.gov.in
  • Learning, Awareness and Education is the purpose of this Blog/Website.
  • If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *