Bhabendra Nath Saikia Biography in Assamese | A Novelist short story writer and film director from Assam | প্রিয় সাহিত্যিক ড° ভবেন্দ্রনাথ শইকীয়া - assamintro.com
September 29, 2022

Bhabendra Nath Saikia Biography in Assamese | A Novelist short story writer and film director from Assam | প্রিয় সাহিত্যিক ড° ভবেন্দ্রনাথ শইকীয়া

Bhabendra Nath Saikia Biography in Assamese

ড° ভবেন্দ্রনাথ শইকীয়াৰ জীৱনী Bhabendra Nath Saikia Biography in Assamese

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া  অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।

ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল।

ইয়াৰ উপৰি তেখেতে ৰেডিঅ’ নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেখেতে আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেখেতে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল। তদুপৰি তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল।

জন্ম২০ ফেব্ৰুৱাৰী, ১৯৩২
নগাঁও, অসম
মৃত্যু১৩ আগষ্ট, ২০০৩ (৭১ বছৰ)
গুৱাহাটী, অসম
ছদ্মনামপ্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয় আদি
পেচাঔপন্যাসিক, গল্পকাৰ, সম্পাদক, নাট্যকাৰ, চিত্ৰ-নিৰ্মাতা, ৰিডাৰ
উল্লেখনীয় কৰ্মৰাজি‘অগ্নিস্নান’, ‘সন্ধ্যাৰাগ’ নামৰ কথাছবি,
‘অন্তৰীপ’ নামৰ উপন্যাস
‘প্ৰান্তিক’ নামৰ পষেকীয়া আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক,
ভ্ৰাম্যমাণৰ বাবে লিখা স্বৰ্ণজয়ন্তী, শতাব্দী আদি নাটক
উল্লেখযোগ্য বঁটাঅসম প্ৰকাশন পৰিষদ বঁটা,
সাহিত্য অকাডেমি বঁটা,
অসম উপত্যকা সাহিত্য বঁটা,
শ্ৰীমন্ত শংকৰদেৱ বঁটা
দাম্পত্যসংগীপ্ৰীতি শ‍ইকীয়া
সন্তানসংগীতা আৰু ৰশ্মি (জীয়েক)

জন্ম

ড° ভবেন্দ্রনাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনা,নগাঁৱৰ ফৌজাদাৰী পট্টিত। পিতৃ বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃচম্পাবালাশইকীয়া। পিতৃনগাঁও মােক্তাব স্কুলৰ শিক্ষক হােৱাৰ বিপৰীতে মাতৃ আছিল নিৰক্ষৰা।

শিক্ষা, কর্মসংস্থান

ভবেন্দ্রনাথ শইকীয়াই ১৯৪৮ চনত তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লৈ প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে প্রথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত সেই কলেজৰ পৰাই ১৯৫২ চনত পদার্থবিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ বি.এছ. ছি. ডিগ্রী লাভ কৰে। ১৯৫৫-৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্রেছিডেন্সি কলেজৰপৰা পদার্থবিজ্ঞানত দ্বিতীয় শ্রেণীসহস্নাতকোত্তর ডিগ্রীলয়। ১৯৬১ চনতলণ্ডন বিশ্ববিদ্যালয়ৰপৰা উল্লিখিত বিষয়ত গৱেষণা কৰি পি.এইচ.ডিআৰু একেবছৰতে লণ্ডনৰ ইম্পেৰিয়ল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ ডিপ্লমা লাভ কৰে।

শিক্ষা সমাপ্ত কৰি ড° ভবেন্দ্রনাথ শইকীয়াই শিৱসাগৰ কলেজত পদার্থবিজ্ঞানৰ প্ৰবক্তা হিচাপে প্রথম কর্মজীৱনৰ পাতনি মেলে। পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে যােগদান কৰে। তদুপৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিকভাষাত পাঠ্যপুথি প্রণয়নৰ সমন্বয়ৰক্ষী সমিতিৰ সচিবআৰু গুৱাহাটীৰ ৰেল সেৱা আয়ােগৰ অধ্যক্ষৰূপেও নিযুক্ত হৈছিল।

বিবাহ

১৯৬৫ চনত তেওঁ প্ৰীতি শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুটি কন্যা সন্তান সংগীতা আৰু ৰশ্মি।

সাহিত্যিক প্রতিভা

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিল বিস্তৃতভাৱে পৰিব্যাপ্ত পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত ‘পথ নিৰূপণ’ নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্রথম প্রৱেশ কৰা ভৱেন্দ্ৰনাথ শইকীয়াই পিছলৈ এগৰাকী প্রসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্রতিষ্ঠা লাভকৰে। ড° শইকীয়াই ১৯৪৭ চনৰ পৰা গল্পকাৰ হিচাপে প্রতিষ্ঠিত হােৱাৰ পৰা অর্ধ শতিকা জুৰি গল্প ৰচনাৰে স্বকীয় ধাৰা এটি প্ৰৱৰ্তিত কৰে। তেওঁৰ গল্পসমূহত প্রাত্যহিক জীৱনৰ সৰু-বৰ ঘটনাৰ সৰসবর্ণনা, চৰিত্ৰৰ নিখুঁত ৰূপায়ণ, পৰিৱেশ আৰু পৰিস্থিতিৰ যথাযথ উপস্থাপনৰ বাবে সকলাে শ্ৰেণীৰ পাঠকৰ বাবে সুখপাঠ্য হৈ পৰে।

সেন্দুৰ’‘গহবৰ’, শৃংখল’,‘এন্দুৰ’, ‘প্ৰহৰী’আদি গল্প ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰিব? ড° শইকীয়াৰ প্রথম গল্প সংকলন ‘প্ৰহৰী’ কে মুখ্য কৰি কেবাখনাে গল্প-সংকলন ইতিমধ্যে প্রকাশ পাইছে।

চুটি গল্প

তেখেতৰ চুটি গল্প সংকলন কেইখন হ’ল

প্ৰহৰী (১৯৬৩),

সেন্দূৰ (১৯৭১),

গহ্বৰ (১৯৬৯),

শৃংখল (১৯৭৫),

উপকণ্ঠ (১৯৯১),

এই বন্দৰৰ আবেলি (১৯৮৮),

বৃন্দাবন (১৯৬৫),

তৰংগ (১৯৭৯),

সান্ধ্য ভ্ৰমণ (১৯৯৮),

গল্প আৰু শিল্প,

আকাশ।

ইয়াৰে শৃংখলনামৰ গল্প সংকলনটিৰ বাবে তেওঁ ১৯৭৬ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে। হিন্দী আৰু বাংলা ভাষাত নেশ্যনেল বুক ট্রাষ্টে প্রকাশ কৰা ‘আকাশ’ আৰু ভাৰতী জ্ঞানপীঠে হিন্দী ভাষাত প্ৰকাশ কৰা ঢিলান কি বেলা’ চুটিগল্প সংকলনে সমগ্ৰ ভাৰততে সমাদৰ লাভ কৰিবলৈ সমর্থ হৈছে।

দুই-চাৰিটামান পদ্য আৰু চুটিগল্প ৰচনাৰ পিছতে ভবেন্দ্রনাথ শইকীয়াই মেট্রিক পৰীক্ষা দি উঠাৰ আজৰি সময়ছােৱাত ‘আতংকৰ শেষত’ নামৰ ডিটেক্টিভ উপন্যাস লিখি ঔপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে। ১৯৫২ চনত নগাঁও পুথিঘৰ প্ৰেছে উপন্যাসখন প্ৰকাশ কৰি উলিয়ায়। তেওঁৰ সামাজিক উপন্যাস দুখন ‘অন্তৰীপ’ আৰু ৰম্যভূমি। এই কেইখন উপন্যাসৰ জৰিয়তে অসমীয়া উপন্যাসৰ ইতিহাসত ড° শইকীয়াই নিজা এডােখৰ ঠাই উলিয়াই ল’বলৈ সক্ষম হ’ল।

উপন্যাস

অন্তৰীপ (১৯৮৬)

ৰম্যভূমি (১৯৯১)

আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভ.না. শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)

অসমীয়া শিশু-সাহিত্যলৈ ড° শইকীয়াৰ অৱদান অনস্বীকার্য। বিশেষকৈ শিশু আৰু কিশােৰৰ উপযােগী মৰমৰ দেউতা’, ‘তােমালােকৰ ভাল হওক’, শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট’, মহাদুষ্টৰ’দুষ্ট বুদ্ধি’আদি গ্রন্থৰ বাবেই তেওঁ স্মৰণীয় হৈ ৰ’ব। সঁফুৰা’ নামৰ শিশু আলােচনীখনৰ সম্পাদনা তেওঁৰ জীৱনৰ এক বিশেষ কীর্তিস্তম্ভ।

শিশুসাহিত্য

  • মৰমৰ দেউতা (১৯৯১)
  • তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮)
  • শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
  • মহাদুষ্টৰ দুষ্টবুদ্ধি
  • মৰম

অসমৰ ভ্রাম্যমাণ নাট্যজগতত ড° ভবেন্দ্রনাথ শইকীয়া আছিল মহীৰূহস্বৰূপ। ভ্রাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ ২০০১ চনলৈকে ২৬ খন নাটক ৰচনা কৰিছিল। ১৯৮১-৮২ চনত ৰামধেনু নাটকৰ জৰিয়তে ভ্রাম্যমাণ থিয়েটাৰৰ মঞ্চত প্রৱেশ কৰা ড° শইকীয়াৰ কেইখনমান মঞ্চসফল নাট‘গহ্বৰ’, ‘দীনবন্ধু’, বৃন্দাবন’, ‘আম্রপালি’, ‘বিষকুম্ভ’, জন্মভূমি’, ‘সমুদ্র মন্থন’, ৰম্যভূমি’, ‘গধূলি’, এজাক জোনাকীৰ জিলমিল’, ‘পুতলা নাচ’, বাওনা’, ‘অৱৰােধ’ আদি নাটক বিশেষভাৱে সমাদৃত।

নাটক

  • ৰম্যভূমি
  • নীলকণ্ঠ
  • মহাঅৰণ্য
  • দীনবন্ধু
  • পাণ্ডুলিপি
  • আম্ৰপালি
  • অৰণ্যত গধূলি
  • মণিকূট
  • গহ্বৰ
  • অমৃত
  • বৰ্ণমালা
  • বন্দীশাল
  • পৰমানন্দ
  • শুভ-সংবাদ
  • বিষকুম্ভ
  • অন্ধকূপ
  • দিগম্বৰ
  • স্বৰ্ণজয়ন্তী
  • স্বৰ্গৰ দুৱাৰ
  • ৰামধেনু
  • শতাব্দী
  • সমুদ্ৰ-মন্থন
  • জোনাক ৰাতি (অসম্পূৰ্ণ)
  • বৃন্দাবন
  • জন্মভূমি
  • প্ৰতিবিম্ব
  • এজাক জোনাকীৰ জিলমিল (একাংক)

ড° ভবেন্দ্রনাথ শইকীয়াই এলানি ৰেডিঅ’নাটকো লিখি থৈ গৈছে। তাৰ ভিতৰত ‘কোলাহল, দুর্ভিক্ষ’, ইতিহাস’, ‘জোনাকীৰ বিয়া’, আৰু দেউতা, শিশু উপযােগী শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট, আদি ধাৰাবাহিক আকাশবাণীৰ ৰাষ্ট্ৰীয় কার্যসূচী আৰু গুৱাহাটী কেন্দ্রযােগে প্রচাৰিত হৈছে। পিছলৈ ডিব্ৰুগড় কেন্দ্ৰৰ পৰাও তেখেতৰ নাটসমূহ প্ৰচাৰিত হয়। নাট্যকাৰ অৰুণ শৰ্মাই আকাশবাণী যােগে প্রচাৰিত আঢ়ৈকুৰি নাটকৰ সংকলন ‘অনাতাঁৰ নাট্যাৱলী’ত ড° শইকীয়াৰ জংঘল’ নাটকখনিও সন্নিবিষ্ট হৈছে৷

আত্মজীৱনী

  • জীৱন বৃত্ত
  • জীৱন ৰেখা
  • মোৰ শৈশৱ, মোৰ কৈশোৰ

শিশুসাহিত্য

  • মৰমৰ দেউতা (১৯৯১)
  • তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮)
  • শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
  • মহাদুষ্টৰ দুষ্টবুদ্ধি
  • মৰম

চিন্তামূলক গ্ৰন্থ

প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)।

চলচ্চিত্র নির্মাণ

অসমীয়া চলচ্চিত্র জগতত ড° ভবেন্দ্রনাথ শইকীয়াৰ নাম প্রাতঃস্মৰণীয় হৈ ৰ’ব। সতী বেউলা’ নামৰ ছবিৰ এটি চৰিত্ৰত অভিনয়েৰে চলচ্চিত্র জগতত ভৰি দিয়া ড° শইকীয়াই সন্ধ্যাৰাগ অনির্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আবর্তন’, ‘ইতিহাস’ আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’, নির্মাণ কৰি অসমীয়া চলচ্চিত্র জগতলৈ জোৱাৰ আনে। ‘এন্দুৰ’ গল্পৰ আধাৰত ‘কোলাহল’, ‘অন্তৰীপ’ উপন্যাসৰ চিত্রনাট্য ‘অগ্নিস্নান’, ‘ফাউণ্ডেচন’ গল্পৰ আধাৰত নির্মিত সাৰথি’ চলচ্চিত্ৰৰ কাহিনীয়ে সকলােকে মুগ্ধ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বাস্তৱধর্মিতা আৰু প্ৰকাশভংগীৰ সৰলতা, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তীয় জীৱনৰ প্ৰতিফলন হােৱাৰ বাবে আটাই কেইখন চলচ্চিত্রকে দর্শকে আগ্ৰহেৰে আঁকোৱালি লােৱাটো সাফল্যৰ বিষয়। উল্লেখযােগ্য যে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’ চলচ্চিত্রই শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা আৰু ‘সন্ধ্যাৰাগ’ ‘অনির্বাণ’, ‘কোলাহল’, ‘আৱর্তন’, ‘ইতিহাস’ আৰু সাৰথি’ চলচ্চিত্রই ৰজত কমল বঁটা লাভ কৰে।

ড’ভবেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ প্রজ্ঞা আৰু সাধনাৰ দস্তাবেজ স্বৰূপ প্রান্তিকৰ বাবে পিতামহ স্বৰূপ। আজিও প্রান্তিকৰ‘শেষ পৃষ্ঠাইড° শইকীয়াক জীয়াই ৰাখিছে। অসমৰ প্ৰতি ঘৰে ঘৰে পষেকীয়া ‘প্রান্তিক’আলােচনীয়ে সমাদৃত হােৱাৰ মূলতে হ’ল ড° ভবেন্দ্রনাথ শইকীয়া। ১৯৮৩ চনত জন্ম লাভ কৰা শিশু আলােচনী সঁফুৰাৰ সাফল্যৰ মূলতাে এইজনা পুৰােধা জড়িত। নির্ভুল আখৰ— জোটনিৰ বাবেও দুয়ােখন আলােচনী জনপ্রিয়।

ক্ৰমবৰ্ষকথাছবিভাষাতথ্য
১৯৭৭সন্ধ্যাৰাগঅসমীয়াৰজত কমল বঁটা (১৯৭৭)
১৯৭৮ চনৰ Cannes Film Festivalত প্ৰদৰ্শিত।
১৯৮১অনিৰ্বাণঅসমীয়াৰজত কমল বঁটা (১৯৮১)
১৯৮৫অগ্নিস্নানঅসমীয়াৰজত কমল বঁটা (১৯৮৫)
১৯৮৮কোলাহলঅসমীয়াৰজত কমল বঁটা (১৯৮৮)
১৯৯১সাৰথিঅসমীয়াৰজত কমল বঁটা (১৯৯২)
১৯৯৩আৱৰ্তনঅসমীয়াৰজত কমল বঁটা 1(১৯৯৪)
১৯৯৫ইতিহাসঅসমীয়াৰজত কমল বঁটা (১৯৯৬)
১৯৯৭কালসন্ধ্যাহিন্দীInternational Film Festival of India আৰু International Film Festival of India ত প্ৰদৰ্শিত।

ড° ভবেন্দ্রনাথ শইকীয়াৰ আত্মজীৱনী ‘জীৱন বৃত্ত’ত সন্নিবিষ্ট হৈছে তেওঁৰ জীৱনৰ দীঘ আৰু বাণি। কর্মই ধর্ম’ এই বাণীক সাৰােগত কৰি দুৰাৰােগ্য ব্যাধিকো হেলাৰঙে উপেক্ষা কৰি তেওঁ কেৱল সাহিত্য-সংস্কৃতিৰ নীৰৱ সাধনা কৰি গ’ল। নিপীড়িত, উপেক্ষিত, সর্বহাৰাৰ বাবে আৰােহণৰ নির্মাণ কাৰ্য্যত ৰত হৈ দেখুৱালে অন্য এক উদাৰতাৰ দৃষ্টান্ত।

গুৱাহাটীৰ বেলতলা স্থিত ‘আৰােহণ’এতিয়াও তেখতক সোঁৱৰাই দিয়ে। “আৰােহণত এটি শিশু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে গুৱাহাটীৰ বেলতলাত ‘আৰােহণ’নামৰ এটি শিশু ন্যাস প্রতিষ্ঠা কৰা হৈছে। যত শিশুৰ বাবে সকলােধৰণৰ উপযােগিতা উপলদ্ধ কৰা হৈছে।

বঁটা, সম্মান

সুযােগ্য পুৰুষে লাভ কৰা সন্মানৰ সীমা সংখ্যা নাই। এই জনা বিঘ্যৎপুৰুষেও বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে বিভূষিত হৈ আহিছিল। সংগীত নাটক একাডেমি’, সাহিত্য অকাডেমীৰ কাৰ্যকৰী আৰু সাধাৰণ পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল, পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছ ইনষ্টিটিউট সমাজ আদি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ সন্মানীয় সদস্য, জ্যোতি চিত্ৰবনৰ সভাপতি, অসম ৰাজ্যিক চলচ্চিত্র নিগম লিমিটেডৰ অধ্যক্ষ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰীমন্তশংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি ৰূপে কার্য নির্বাহ কৰি ভাৰত তথা অসমৰ কলা-সাহিত্য-সংস্কৃতিৰ মঞ্চ জীপাল কৰি তুলিছিল।

১৯৮১ চনত ড° ভবেন্দ্ৰনাথ শইকীয়াক বংগীয় সাহিত্য পৰিষদে কলকাতাৰ সাহিত্যিক হৰনাথ ঘােষ বঁটা’, ১৯৯০ চনত মেগৰ শৈক্ষিক ন্যাসে ‘অসম উপত্যকা বঁটা’, ১৯৯৮ চনত অসম চৰকাৰে অসমৰ সর্বোচ্চ সম্মান শ্ৰীমন্ত শংকৰদেৱ বঁটা’আগবঢ়ায়। ২০০১ চনত এইজনা প্রজ্ঞাৰ সাধকক পদ্মশ্রী সন্মানেৰে বিভূষিত কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলচ্চিত্র আৰু সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা হীৰামূলীয়া অৱদানৰবাবে ২০০১ চনৰ ১৮ অক্টোবৰৰ দিনা অনুষ্ঠিত অষ্টম সমাৱৰ্তনত ডি. লিট উপাধিৰে সন্মানিত কৰে।

সামৰণি

ড° ভবেন্দ্রনাথ শইকীয়া কেৱল ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান।বটবৃক্ষৰ দৰে অসমীয়া সাহিত্য সংস্কৃতিক ঘাঁ দি থকা ব্যক্তিগৰাকীৰ ব্যক্তিত্বৰে মই শৈশৱৰেপৰা প্ৰভাৱান্বিত হৈ আহিছে।কুৰি শতিকাৰ এজন শ্রেষ্ঠ অসমীয়া ড° ভবেন্দ্ৰনাথ শইকীয়াক মােৰ প্রিয় সাহিত্যিক ৰূপে ক’বলৈ পাই সঁচাকৈয়ে মইনিজকে ধন্য মানিছে। এজনজীৱন শিল্পী, প্রতিভাশালী অথচ নিৰহংকাৰী, সততা আৰুকর্মনিষ্ঠাৰ প্ৰতিভূৰূপেড° শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বর্ণিল বাট কাটিবলৈ সক্ষম হ’ল।এনে এক মহাজীৱনৰ মহাপ্রয়াণ হ’লেও তেওঁক উত্তৰ পুৰুষেসদায় মনতৰাখিব।

Leave a Reply

Your email address will not be published.