March 29, 2024

Assam One Time Grant for Media Personality Scheme | অসমৰ সংবাদ কৰ্মী সকলৰ বাবে এককালীন সাহায্য প্ৰদান আঁচনি

এই আঁচনিখনে কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নথকা সংবাদ কৰ্মীক ৫০,০০০ টকাকৈ এককালীন বিত্তীয় অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল সংবাদ কৰ্মীয়ে বিগত ১২ মাহৰ ভিতৰত চৰকাৰী আঁচনি সন্দৰ্ভত ৩ টা সফল বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰিছে তেওঁলোকক এই অনুদান প্ৰদান কৰা হ’ব।

‌চৰকাৰী নিৰ্দেশনা অনুযায়ী প্ৰত্যেকজন সাংবাদিকক বছৰি ৫০,০০০ টকাৰ সাহায্য দিব। নিৰ্ভীক, নিৰপেক্ষ, সত্যনিষ্ঠ আৰু অৰাজনৈতিক বাতৰি পৰিবেশন কৰিবলৈ উৎসাহ জনোৱাই হৈছে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য।

গুৰুত্বপূৰ্ণ বিষয়

  • চৰকাৰৰ সাংবাদিকসকলৰ বাবে ৫০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা
  • আঁচনিখন তথ্য আৰু জন সংযোগ সঞ্চলকালয়ৰ অধীনস্ত
  • বছৰি চাৰিজন সংবাদ কর্মীক এই অনুদান প্রদানৰ ঘোষণা
  • অনুদান লাভ কৰিবলৈ সাংবাদিকৰ বয়স ৪০ বছৰত কৈ অধিক হ’ব নালাগিব
  • আঁচনিখনে সাংবাদিকৰ গুৰুত্ব বৃদ্ধি কৰাত সহায় কৰিব

আঁচনিৰ অন্তর্ভূক্ত হ’বলৈ হিতাধিকাৰীৰ যোগ্যতাৰ মাপ-কাঠী

Here is the eligibility criteria to become eligible for One Time Grant for Medial Personality Scheme:-

১. সাংবাদিক গৰাকী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
২. আবেদন কাৰী তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ স্বীকৃত বা ক্ষমতা যুক্ত কাৰ্ডৰ গৰাকী হোৱাটো বাঞ্চণীয়।
৩. আবেদনকাৰীৰ নূন্যতম অভিজ্ঞতা ১৫ বছৰ হ’ব লাগিব
৪. আবেদন জমা দিয়াৰ বয়স ৪০ বছৰতকৈ অধিক হ’ব নালাগিব.
৫. আবেদনকাৰীৰ বছৰি আয় ৫ লাখতকৈ অধিক কম হ’ব লাগিব
৬. আবেদনকাৰীৰ ৰাজনৈতিক দলৰ সৈতে কোনো সম্পৰ্ক থাকিব নোৱাৰিব .
সংবাদ কৰ্মী সকলৰ বাবে এককালীন সাহায্য প্ৰদান আঁচনিৰ মুখ্য হিতাধিকাৰী

প্ৰত্যেক গৰাকী চিত্ৰ সাংবাদিক আৰু ভিডিঅ’ সাংবাদিকে কোনো ঘটনা বা কাৰ্যসূচী সম্বন্ধীয় অতিকমেও তিনিখন চিত্ৰ বা তিনিটা ভিডিঅ’ বিগত ১২ মাহৰ ভিতৰত জমা দিব লাগিব। উন্নয়ন, একতা আৰু অখণ্ডতাৰ ক্ষেত্ৰত সংবাদ কৰ্মী সকল জনসাধাৰণৰ বাবে হ’ব লাগিব প্ৰভাৱশালী। ২০১১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সাংবাদিক সকলক লেপটপ্ বিতৰণ কৰিছিল। তথ্য আৰু জন সংযোগ বিভাগৰ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়াৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্দেশনাৱলী অনুযায়ী প্ৰতি বছৰে প্ৰায় ২০ গৰাকী সাংবাদিকক সাহায্য প্ৰদানৰ বাবে বাচনি কৰা হ’ব।

এই আঁচনিৰ মূল উদ্দেশ্য হৈছে সাংবাদিকৰ অসাধাৰণ কৃতকাৰ্য্যতাক অনুধাৱন কৰি তেওঁলোকক সমৰ্থন আগবঢ়োৱা। সংবাদ কৰ্মীৰ মৰ্য্যাদা উন্নত কৰাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ অনুপ্ৰাণিত আৰু উৎসাহ প্ৰদান কৰাই হ’ল উল্লেখিত আঁচনিখনৰ অন্যতম এক উদ্দেশ্য ।

২০২০-২১ চনৰ বিত্তীয় অধিবেশনত এই আঁচনি সম্পর্কে উল্লেখ কৰা হয়।

You can Read Also

Reference

  1. assam.gov.in
  2. And I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *