Table of Contents
আমচাং অভয়াৰণ্যৰ ইতিসাহ Amchang Wildlife Sanctuary
গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যই ‘আর্লি বাৰ্ডছ’ (Early Birds) নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টাত ২০০৪ চনৰ ৯ জুনত চৰকাৰীভাৱে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। খানাপাৰা দক্ষিণ আমচাং অঞ্চলৰ ২৫৪৬.১০ হেক্টৰ অৰণ্যভূমি আৰু আমচাং অঞ্চলৰ ৫৩১৮ হেক্টৰ অৰণ্যভূমিক সামৰি আমচাং অভয়াৰণ্য গঠন কৰা হৈছে। পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত এই অভয়াৰণ্যৰ মুঠ মাটিকালি ৭৮৬৪.১০ হেক্টৰ অর্থাৎ প্রায় ৭৮.৬৪ বর্গ কিলােমিটাৰ।

উক্তিৰাজি
অভয়াৰণ্যখনৰ ভূমিভাগ পাহাৰীয়া। পাহাৰীয়া হােৱাৰ ফলত এই অভয়াৰণ্যৰ ভিতৰ ভাগত কিছুমান এঢলীয়া ভূমিৰ লগে লগে সৰু সৰু ঘূলিৰ সৃষ্টি হৈছে। অভয়াৰণ্যখন প্রধানকৈ পর্ণপাতী বৃক্ষৰে পৰিপূর্ণ। তদুপৰি এই অৰণ্যত সৰু সৰু ঘাঁহনিও পৰিলক্ষিত হয়। কদম, গমাৰি, আঁহত, পমা, কৰৈ, শিমলু, অর্জুন, এজাৰ, চেগুন, ঘোঁৰানিম ইত্যাদি গছ অভয়াৰণ্যখনত পােৱা যায়।
জীৱ-জন্তু
অভয়াৰণ্যখন হাতীৰ এক উল্লেখযােগ্য বাসস্থান। হাতীৰ বাহিৰেও এই অভয়াৰণ্যত যথেষ্ট সংখ্যক নাহৰফুটুকী বাঘ আছে। অভয়াৰণ্যখনত থকা আন স্তন্যপায়ী বন্যপ্রাণীবােৰ হ’ল— বনৰৌ, লাজুকী বান্দৰ, মলুৱা বান্দৰ, বাদুলী, টুপীমূৰীয়া বান্দৰ, বনৰীয়া গাহৰি, বনগৰু বা মেঠোন, বনৰীয়া শহাপহু, সুগৰী পহু, কেৰ্কেটুৱা, হেপা ইত্যাদি Amchang Abhayarana in Assamese
পক্ষীকুলঃ
বৰটোকোলা, শগুন, ডৰিক, হাইঠা, ধনেশ, বিভিন্ন প্রজাতিৰ ভাটৌ আদি এই অভয়াৰণ্যত পােরা উল্লেখযােগ্য চৰাই।
যাতায়াত
গুৱাহাটীৰপৰা বিভিন্ন পথেৰে এই অভয়াৰণ্যলৈ যাব পাৰি। সােণাপুৰ হৈ এই অভয়াৰণ্যলৈ যােৱাৰ পথ আছে। গুৱাহাটীৰপৰা নাৰেংগী হৈও এই অভয়াৰণ্যত সােমাব পাৰি।

আমচাং অভয়াৰণ্যত বর্তমান থকা-মেলাৰ কোনাে ব্যৱস্থা নাই। গুৱাহাটী মহানগৰৰ ওচৰত হােৱাৰ বাবে গুৱাহাটীক কেন্দ্ৰ কৰিয়ে এই অভয়াৰণ্য ভ্রমণ কৰিব পাৰি। অভয়াৰণ্যখন জংঘল ট্রেকিঙৰ বাবে সুবিধাজনক Amchang Abhayarana in Assamese
ভ্ৰমণৰ সময় :
অক্টোবৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈকে এই অভয়াৰণ্য ভ্ৰমণৰ উপযুক্ত সময়।
যােগাযোেগৰ ঠিকনা
Divisional forest Officer, Guwahati Wildlife Division, A.T. Road, Santipur, Guwahati
References
- Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India”
- Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
- Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
- Something I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks